সমললৈ যাওক

তালাত মেহমুদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তালাত মেহমুদ
জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯২৪
লক্ষ্ণ‍ৌ, যুক্তপ্ৰদেশ, বৃটিছ ভাৰত (বৰ্তমানৰ উত্তৰপ্ৰদেশ, ভাৰত)
মৃত্যু ৯ মে', ১৯৯৮ (৭৪ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
অন্য নাম কিং অৱ গজল
শ্বাহেনশ্বাহ ই গজল
পেচা
  • গায়ক
  • অভিনেতা
সক্ৰিয় হৈ থকা সময় ১৯৩৯–১৯৮৬
জনা যায় বলিউড গজল
পাৰ্শ্ব গায়ক
ৱেবছাইট
সাঁচ:Officialsite

তালাত মেহমুদ (২৪ ফেব্ৰুৱাৰী ১৯২৪ – মৃত্যু: ৯ মে’ ১৯৯৮) বলিউডৰ এজন বিখ্যাত পাৰ্শ্ব গায়ক আৰু গজল গায়ক।[1] ১৯৪১ চনত তেওঁৰ প্ৰথমটো গীত বাণীবদ্ধ হৈছিল আৰু ভিন ভিন বাৰটা ভাষাত তেওঁৰ কণ্ঠত প্ৰায় ৭৫০টা গীত বাণীবদ্ধ হৈছিল।[2] পাৰ্শ্ব গায়ক হ’লেও তেওঁ চলচ্চিত্ৰতো অভিনয় কৰিছিল, অৱশ্যে অভিনয়ত তেওঁ বিশেষ সফলতা লাভ কৰা নাছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

অবিভক্ত ভাৰতৰ লক্ষ্ণৌৰ মঞ্জুৰ মেহমুদৰ ঘৰত ষষ্ঠ সন্তান হিচাপে তালাত মেহমুদৰ জন্ম।[3] তেওঁ আছিল এনে এক ৰক্ষণশীল মুছলমান পৰিয়ালৰ সন্তান য’ত সংগীত-চৰ্চাক উৎসাহিত কৰা নহৈছিল।[1] সৰুৰে পৰাই তেওঁৰ সংগীতৰ প্ৰতি থকা আগ্ৰহ আছিল আৰু নিশা উজাগৰে থাকি তেওঁ সেই সময়ৰ সাংস্কৃতিক অনুষ্ঠানবোৰত উপস্থিত গায়কসকলৰ গীত উপভোগ কৰিছিল।[1] সঙ্গীতৰ প্ৰতি থকা তেওঁৰ আগ্ৰহক পৰিয়ালে অগাহ্য কৰিছিল। চলচ্চিত্ৰ জগতত সম্মানজনক স্বীকৃতি লাভ কৰাৰ পিছত তেওঁৰ পৰিয়ালে তেওঁৰ আগ্ৰহক স্বীকাৰ কৰি লৈছিল।[1]

সঙ্গীত যাত্ৰা

[সম্পাদনা কৰক]

১৯৩০ চনত লক্ষ্ণৌৰ মৰিছ সংগীত মহাবিদ্যালয়ত (বৰ্তমান ভাতখাণ্ডে সংস্কৃতি বিশ্ববিদ্যালয় নামেৰে জনাজাত)[4] পণ্ডিত এছ.চি.আৰ. ভাটৰ অধীনত তেওঁৰ সংগীতৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ।[1] মাত্ৰ ষোল্ল বছৰ বয়সত অল ইণ্ডিয়া ৰেডিঅ’ লক্ষ্ণৌ কেন্দ্ৰৰ যোগেদি গীত পৰিৱেশন কৰি‍ তেওঁৰ সংগীত জীৱন আৰম্ভ।[5] এইচ এম ভি-ৰ তৰফৰ পৰা ১৯৩৯ চনত তেওঁক প্ৰথম গজল বাণীবন্ধনৰ সুযোগ দিয়া হৈছিল আৰু তেওঁ বাণীবন্ধন কৰিছিল সব দিন এক সামান নেহি ডিক্সখন।[4][5] [1] ১৯৪৪ চনত তেওঁৰ তছভীৰ তেৰি দিল মেৰা বেহলা না চেকেগি গজলৰ ডিস্কখন বেষ্ট চেলাৰ হিচাপে পৰিগণিত হয় আৰু প্ৰায় এক লাখ ডিস্ক বিক্ৰীৰে সমগ্ৰ ভাৰতবৰ্ষতে তেওঁৰ খ্যাতি বিয়পি পৰে।[5] [1] ১৯৬৬ চনত দেৱৰ ভাবি‍ চলচ্চিত্ৰখনৰ বাবে তছভীৰ তেৰি দিল মেৰা বেহলা না চেকেগি গজলটি পুনৰ ৰেকৰ্ড কৰা হয়।[4] ইয়াৰ পিছত তেওঁ কলিকতালৈ আহি প্ৰেমেন্দ্ৰ মিত্ৰ পৰিচালিত ৰাজলক্ষ্মী (১৯৪৫)[6] [7], অপূৰ্ব মিত্ৰ পৰিচালিত তুম আৰ মে (১৯৪৭)[6][8] আৰু অমৰ মল্লিক পৰিচালিত সমাপ্তি‍ (১৯৪৯)[6] [9] বোলছবিত অভিনয় কৰে। তপন কুমাৰ ছদ্মনামেৰে তালাত মেহমুদে বহুকেইটা বাংলা গীতো গাইছিল।[1] কলিকতাত তপনকুমাৰ নামেৰে‍ কমল দাশগুপ্ত, পৱি‍ত্ৰ মিত্ৰ, শ্যামল মিত্ৰ, শ্যামল গুপ্ত, কানু ঘোষ, সুধীন দাশগুপ্ত, ভি. বালছাৰা, ৰবীন চট্টোপাধ্যায়, গৌৰীপ্ৰসন্ন মজুমদাৰ, পুলক বন্দ্যোপাধ্যায় আদিৰ কথা আৰু সুৰেৰে‍ গাইছিল - দুটি পাখি দুটি তীৰে‍, আলোতে ছায়াতে, চাঁদেৰ এত আলো, ঘুমেৰও ছায়া, এই তো বেশ এই নদীৰ তীৰে‍, যেথা ৰামধনু ওঠে, সে কোন শাওনি মেঘ, অনেক সন্ধ্যাতাৰা, তুমি সুন্দৰ যদি নাহি হও, শোনো গো সোণাৰ মেয়ে, আধো ৰাতে যদি ঘুম ভেঙে যায়, এই ৰি‍মঝিম ঝিম বৰষায় আদি গীত; আনহাতে‍ হেমন্ত মুখোপাধ্যায়ৰ সুৰত তেওঁ গোৱা এ যদি আকাশ হয়, তোমায় কী বলে আমি ডাকব বল গানটিও এটি মিঠা গীত আৰু এই গীতটিৰ সৈতে‍ থকা সংলাপ অভিনেত্ৰী ৰাখিৰ কণ্ঠৰ।[10]

১৯৪৯ চনত হিন্দী বোলছবিত গীত গাবলৈ কলিকতাৰ পৰা তেওঁ বম্বেলৈ গুচি যায়।[1] অনিল বিশ্বাসৰ পৰিচালনাত ‘আৰ্জু’ নাম চলচ্চিত্ৰখনত গোৱা ‘এই দিল মুঝে এইছি জাগাহ্ লে চল যাঁহা কয়ি না হো’ গীতটিয়ে তেওঁলৈ কঢ়িয়াই আনিলে‍ বিপুল সফলতা।[5] [4] হিন্দি বোলছবিৰ ট্ৰ্যজিক হিৰ' দিলীপকুমাৰৰ ওঁঠত তালাত মে‍হমুদৰ গীতে‍ অন্য এক মাত্ৰা পাইছিল। দীলিপকুমাৰৰ বাহিৰেও দেৱানন্দ, ৰাজকাপুৰ, সুনীল দত্ত, ভাৰতভূষণ, গুৰুদত্তৰ লগতে‍ আন বহু জনপ্ৰিয় নায়কৰ ওঁঠত তালাত মে‍হমুদৰ গীত শুনিবলৈ পোৱা যায়।[10]

অভিনেতা হিচাপে‍ তালাত মে‍হমুদ

[সম্পাদনা কৰক]

তালাত মে‍হমুদে মুঠ ১৬খন বোলছবিত অভিনয় কৰিছিল।[10] সেইবোৰৰ ভিতৰৰ কেইখনমান হ্'ল -

ছবিৰ নামবছৰঅভিনেত্ৰী
ৰাজলক্ষ্মী [11]১৯৪৫কাননবালা
তুম অউৰ মেঁ [11]১৯৪৭কানন দেৱী
সমাপ্তি‍[11]১৯৪৯ভাৰতী দেৱী
আৰাম[11]১৯৫১মধুবালা, দেৱ আনন্দ
ঠোকৰ১৯৫৩স্বামী কাপুৰ
দিল-ই-নাদান[11]শ্যামা, শান্তি কানৱাল
ডাক বাবু১৯৫৪নাদিৰা
ৱাৰিচSuraiya, নাদিৰা
ৰাফতাৰ১৯৫৫নাদিৰা
দিৱালী কে ৰাত১৯৫৬ৰূপমালা, শশীকলা
এক গাঁও কি কাহানী১৯৫৭মালা সিনহা
লালা ৰুখ[11]১৯৫৮শ্যামা
মালিক[11]১৯৫৮সুৰইয়া
সোণে কি চিডি়য়া[11]১৯৫৮নূতন

দাম্পত্য জীৱন

[সম্পাদনা কৰক]

তালাত মেহমুদে‍ জীৱনসঙ্গিনী হিচাপে এগৰাকী বাঙালী খ্ৰীষ্টান গাভৰুক নিৰ্বাচন কৰিছিল; যাৰ নাম আছিল লতিকা মল্লিক। ১৯৫১ চনত বিবাহৰ পিছত লতিকা মল্লিক জনাজাত হৈছিল নাচৰিণ নামেৰে।[4] [10]

১৯৯২ চনত চলচ্চিত্ৰ জগতলৈ‍ এজন পাৰ্শ্ব গায়ক আৰু গজল গায়ক হিচাপে‍ আগবঢে়াৱা অৱদানৰ স্বীকৃতি হিচাপে‍ ভাৰত চৰকাৰে‍ তেওঁক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে।[12]

১৯৯৮ চনৰ ৯ মে তাৰিখে মুম্বাইৰ বান্দ্ৰাত ভাৰতৰ এক পৰিচিত কণ্ঠ চিৰকালৰ বাবে স্তব্ধ হৈ পৰে।[10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 9 10 "BIOGRAPHY OF TALAT MAHMOOD (MEHMOOD)". https://chandrakantha.com/biodata/talat_mehmood.html আহৰণ কৰা হৈছে: 15 October 2024.
  2. "Remembering Talat Mahmood". https://timesofindia.indiatimes.com/india/Remembering-Talat-Mahmood/articleshow/3023417.cms আহৰণ কৰা হৈছে: 15 October 2024.
  3. "Family". Archived from the original on 27 July 2017. https://web.archive.org/web/20170727142538/http://www.talatmahmood.net/family_album.htm আহৰণ কৰা হৈছে: 15 October 2024.
  4. 1 2 3 4 5 "Remembering Talat Mahmood – The Shahanshah-e-Ghazal". https://garhwalpost.in/remembering-talat-mahmood-the-shahanshah-e-ghazal/ আহৰণ কৰা হৈছে: 15 October 2024.
  5. 1 2 3 4 "Talat Mahmood – Part 1". Archived from the original on 21 August 2014. https://web.archive.org/web/20140821211834/http://cineplot.com/music/talat-mahmood-part-1/ আহৰণ কৰা হৈছে: 15 October 2024.
  6. 1 2 3 "Talat Mahmood". https://upperstall.com/profile/talat-mahmood/ আহৰণ কৰা হৈছে: 15 October 2024.
  7. "Flim Rajlaxmi". https://www.imdb.com/title/tt0243515/ আহৰণ কৰা হৈছে: 15 October 2024.
  8. "Flim Tum Aur Main". https://myswar.co/album/tum-aur-main-1947 আহৰণ কৰা হৈছে: 15 October 2024.
  9. "Flim Sampatti". https://myswar.co/album/sampatti-1949 আহৰণ কৰা হৈছে: 15 October 2024.
  10. 1 2 3 4 5 "মোৰ কথা মোৰ গানে". https://banglalive.com/talat-mahmood-indian-singer/ আহৰণ কৰা হৈছে: 15 October 2024.
  11. 1 2 3 4 5 6 7 8 "Talat Mahmood's Filmography". Cineplot.com website. 13 July 2010. Archived from the original on 14 June 2022. https://web.archive.org/web/20220614222520/http://cineplot.com/talat-mahmoods-filmography/ আহৰণ কৰা হৈছে: 14 June 2022.
  12. "Padma Awards Directory (1954-2013)". Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf আহৰণ কৰা হৈছে: 16 October 2024.