যতীন্দ্ৰনাথ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(যতীন্দ্ৰ নাথ গোস্বামীৰ পৰা পুনঃনিৰ্দেশিত)
যতীন্দ্ৰনাথ গোস্বামী
জন্ম ১২ নৱেম্বৰ,১৯১৮
টীয়ক, যোৰহাট, অসম
মৃত্যু ৭ নৱেম্বৰ, ২০০৫
পেচা অভিযন্তা, শিক্ষক, প্ৰবক্তা, অধ্যাপক, লিখক, গল্পকাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

যতীন্দ্ৰনাথ গোস্বামী (ইংৰাজী: Jatindranath Goswami) ১৯১৮ চনৰ ১২ নৱেম্বৰত যোৰহাট জিলাটীয়ক নেপালী সত্ৰৰ জগন্নথীয়া গোসাঁই ঘৰত যতীন্দ্ৰনাথ গোস্বামীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম প্ৰাণকৃষ্ণ গোস্বামী আৰু মাতৃৰ নাম নৰ্মদা দেৱী। সৰুতেই মাতৃহাৰা হোৱা গোস্বামীদেৱে তিনিচুকীয়াৰ মোমায়েকৰ ঘৰত থাকি স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।[1]

চমু জীৱনী[সম্পাদনা কৰক]

শিক্ষা জীৱন[সম্পাদনা কৰক]

১৯৩৭ চনত তিনিচুকীয়া চেনাইৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা যতীন্দ্ৰনাথ গোস্বামী দেৱে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩৯ চনত যোৰহাট মহাবিদ্যালয়ৰ পৰা আই.এ. শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজৰ পৰা বি.টি আৰু ১৯৫০ চনত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

যতীন্দ্ৰনাথ গোস্বামী দেৱে ১৯৪১চনত মিলিটেৰী ইঞ্জিনীয়াৰিং চাকৰিত যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰে। শ্বিলং, যোৰহাট আৰু গুৱাহাটীত এই চাকৰি কৰি ১৯৪৫ চনত এই চাকৰি ইস্তাফা দিয়ে আৰু একে বছৰতে কলিকতাৰ চলিহা ৰলিং মিলছত সাময়িকভাবে কিছুদিনৰ বাবে চাকৰি কৰে। কিন্তু সেইবছৰতে সেই চাকৰি বাদ দি ১৯৪৬ চনত শ্বিলঙত লাবান বালক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ১৯৪৭ চনত মেঘালয়তুৰা চৰকাৰী হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি পাই যদিও ১৯৪৯ চনত ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়লৈ বদলি হৈ আহে। তেওঁ ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়তো কিছুদিন অংশকালীন প্ৰবক্তা হিচাপে কাম কৰিছিল। ১৯৫১ চনত তেওঁ যোৰহাট নৰ্মাল স্কুললৈ বদলি হৈ আহে আৰু ১৯৬১ চনলৈকে যোৰহাট নৰ্মাল স্কুলতে শিক্ষকতা কৰে। তদুপৰি তেওঁ যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপেও কাম কৰিছিল। ১৯৬১ চনত পুনৰ তেওঁ আহি কানৈ মহাবিদ্যালয়ত যোগদান কৰে আৰু ইয়াৰ পাছত ১৯৬২ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰি তাৰ পৰাই তেওঁ ১৯৮০ চনত অৱসৰ গ্ৰহণ কৰে। ১৯৯০ চনৰ পাছত তেওঁ যোৰহাট কলেজ অৱ টিচাৰ এডুকেশ্যনটো অধ্যাপক হিচাপে কাম কৰিছিল। পৰবৰ্তী কালত তেওঁ অসম সাহিত্য সভাৰ লগত জড়িত হৈ পৰে[1]

মৃত্যু[সম্পাদনা কৰক]

২০০৫ চনৰ ৭ নৱেম্বৰত টীয়কৰ ঐতিহ্যমণ্ডিত নেপালী সত্ৰত ডেকা-সত্ৰাধিকাৰ হিচাপে নিজৰ দায়িত্ব পালন কৰি থকা অৱস্থাতে তেওঁ ইহলীলা সম্বৰণ কৰে[1]

সাহ্যিত্যিক অৱদান[সম্পাদনা কৰক]

সাহিত্য সভালৈ বৰঙনি[সম্পাদনা কৰক]

যতীন্দ্ৰনাথ গোস্বামী ১৯৫৩ চনৰ পৰা অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছিল। তেওঁ ১৯৫৯ চনৰ পৰা ১৯৭৩ চনলৈকে নগাওঁ, ধিং, মাকুম আৰু ধুবুৰী অধিবেশনৰ প্ৰধান সম্পাদকৰ দায়িত্বতত থাকি অসম সাহিত্য সভালৈ বিশেষ অৱদান আগবঢ়াইছিল। ১৯৬১-৬২ চনত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, ১৯৭৪-৭৫ চনত সভাৰ উপ-সভাপতি, ১৯৭৭-৭৮ চনত শিৱসাগৰ জিলা সাহিত্য পৰিষদৰ মৰাণ অধিবেশনৰ সভাপতি আৰু ১৯৮০-৮১ চনত অসম সাহিত্য সভাৰ ৰহা অধিবেশনৰ সভাপতি[2] নিৰ্বাচিত হৈছিল[3]

যতীন্দ্ৰনাথ গোস্বামী, অসম কলেজ শিক্ষক সন্থা, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিচালনা সমিতি, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় পৰিচালনা সমিতি, দৰঙীচুক প্ৰাথমিক আৰু প্ৰাক-প্ৰাথমিক বিদ্যালয় আৰু চন্দ্ৰকান্ত-ইন্দ্ৰকান্ত ন্যাসৰ আদি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল[1]


গ্ৰন্থ সংকলন সমূহ[সম্পাদনা কৰক]

  1. কালিকা লগা চিচা (১৯৫০)
  2. দস্যু সম্ৰাট (১৯৫১)
  3. মৌচাক (১৯৫৭)
  4. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা (১৯৬৮)
  5. জগন্নাথ বৰুৱা (১৯৫১)
  6. দেশহিতৈষী জগন্নাথ বৰুৱা (১৯৯১)
  7. ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা (১৯৮৫)
  8. পঁজাৰ পৰা প্ৰসাদলৈ (১৯৮৭)
  9. অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী (১৯৫৭)
  10. সাহিত্য চিন্তা (১৯৭১)
  11. মাতৃভাষা শিক্ষণ (১৯৬৪)
  12. শিক্ষা, মনোবিজ্ঞান আভাস (১৯৬০)
  13. জাগৰণ আৰু জোনাক (১৯৮৯)
  14. নামদেব (হিন্দীৰ পৰা অনুবাদ)(১৯৮০)
  15. ৰাজ্যিক ভাষা অসমীয়া (১৯৫৯)
  16. কীৰ্তনঘোষা (১৯৬১)
  17. বলিচলন (১৯৬১)
  18. ভীমচৰিত (১৯৬১)
  19. অশ্বকৰ্ণ বধ (১৯৬১)
  20. মোৰ জীৱন সোঁৱৰণ (১৯৬১)
  21. বেজবৰুৱাৰ প্ৰবন্ধ বাছনি (১৯৬৮)
  22. অসম সাহিত্য সভাৰ ভাষণাৱলী (১৯৭৩)
  23. আনন্দৰাম ঢেকীয়াল ফুকন (১৯৫৯)
  24. অসম সাহিত্য সভাৰ প্ৰকাশনৰ বৰ্ণনামূলক তালিকা (১৯৭৭)
  25. মেম (১৯৭৮)
  26. কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা-সম্ভাৰ (১৯৮৬)
  27. ক্ষেত্ৰধৰ বৰগোহাঁই প্ৰবন্ধ সংকলন (১৯৮৫)
  28. শৰত্চন্দ্ৰ গোস্বামী ৰচনাৱলী (১৯৮৭)
  29. আনন্দচন্দ্ৰ আগৰৱালা ৰচনাৱলী (যুতীয়া ভাবে) (১৯৭৯)
  30. বেজবৰুৱা গ্ৰন্থাৱলী (১৯৭৯)
  31. চন্দ্ৰধৰ বৰুৱাৰ ৰচনাৱলী (যুতীয়া ভাবে)(১৯৭৯)
  32. প্ৰবন্ধ পাহি (১৯৭৯)
  33. পানিপথ-শৰত্চন্দ্ৰ গোস্বামী(১৯৮৭)
  34. অসমীয়া সাধু কথা - শৰত্চন্দ্ৰ গোস্বামী(১৯৮৭)
  35. নকুলচন্দ্ৰ ভূঞা ৰচনা সমগ্ৰ(১৯৯৬)
  36. বেজবৰুৱা ৰচনাৱলী (৩য় খণ্ড)
  37. কুমুদেশ্বৰ বৰঠাকুৰৰ ৰচনাৱলী

তেওঁ য-যাৰ ছদ্মানামেৰে লিখা-মেলা কৰিছিল। জীৱনৰ খলা-বমা গোস্বামীদেৱৰ আত্মজীৱনীমূলক গ্ৰন্থ। ২০০৩ চনত ৮৫তম জন্ম দিনত প্ৰকাশ হোৱা স্মৰণীয়-বৰণীয়া তেখেতৰ ২৮টা প্ৰবন্ধ সংকলন[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 গ্ৰন্থ:"পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ", লিখক: ত্ৰিদিপ গোস্বামী দেৱ, প্ৰকাশক: অনন্ত হাজৰিকা, পৃষ্ঠা নং: ১৩৯।
  2. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  3. অসম সাহিত্য সভাৰ সভাপতিসকল assam.org

বাহ্যিক সংযোগ[সম্পাদনা কৰক]