কুমুদেশ্বৰ বৰঠাকুৰ
কুমুদেশ্বৰ বৰঠাকুৰ | |
---|---|
১৯৬৪-৬৫ চনৰ ছবি, যোৰহাট | |
জন্ম | ১৮৯৩ শিৱসাগৰ, অসম |
মৃত্যু | ৮ নৱেম্বৰ, ১৯৬৬ যোৰহাট |
পেচা | বিদ্যালয় পৰিদৰ্শক, লিখক |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | বিএ, বিটি, বিদ্যাবিনোদ |
উল্লেখনীয় কৰ্মৰাজি | গোলাই ছিৰিজ, শিশুসাহিত্য, জীৱনী, কবিতা, অনুবাদ ইত্যাদি। |
দাম্পত্যসংগী | পুষ্পলতা দেৱী |
সন্তান | লাৱণ্যময়ী দেৱী, সৌজন্যময়ী ভট্টাচাৰ্য্য, হিৰণ্যময়ী দেৱী, জিতেন্দ্ৰ কুমাৰ বৰঠাকুৰ, হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰ, ধীৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ |
কুমুদেশ্বৰ বৰঠাকুৰ ঊনবিংশ শতিকাৰ শেষৰফালে অসমীয়া ভাষা-সাহিত্যলৈ বিশেষ বৰঙণি যোগোৱা এজন সাহিত্যিক। তেওঁৰ জন্ম হয় শিৱসাগৰত ১৮৯৩ চনত। তেওঁৰ পিতৃ আছিল খগেশ্বৰ বৰঠাকুৰ আৰু মাতৃ গোলাপী দেৱী। ইংৰাজে বৰঠাকুৰৰ ঘৰখনক "নগৰ মহল মৌজাদাৰ" পাতিছিল যদিও পৰৱৰ্তী কালত তেওঁলোকে মৌজা লাভ কৰা নাছিল। গোলাপী দেৱীও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ খুড়াকৰ দুহিতা আছিল। খগেশ্বৰ বৰঠাকুৰৰ দুজন পুত্ৰৰ ভিতৰত কুমুদেশ্বৰ জ্যেষ্ঠ আছিল।
শিক্ষা আৰু কৰ্মজীৱন
[সম্পাদনা কৰক]কুমুদেশ্বৰ বৰঠাকুৰে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা শেষ কৰে। মেট্ৰিক পৰীক্ষা দিয়াৰ আগে আগে তেওঁৰ মাতৃবিয়োগ ঘটে। পাছত বহু কষ্টেৰে তেওঁ কটন মহাবিদ্যালয়ৰপৰা আইএ আৰু বিএ (সংস্কৃতত সন্মান) পৰীক্ষাত উত্তীৰ্ণ হয়। পৰীক্ষাৰ ফলাফল নোলাওতেই তেওঁ শিৱসাগৰত বিদ্যালয়ৰ সহকাৰী পৰিদৰ্শক হিচাপে চাকৰিত যোগদান কৰে আৰু পৰৱৰ্তী কালত উপ-পৰিদৰ্শকৰ পদলৈ প্ৰমোচন পায়। তেওঁ কিছুকাল প্ৰধান শিক্ষকৰ দায়িত্বতো আছিল। সেই সময়ত বহুতে তেওঁক কুমুদ ডেপুটী বুলিও মাতিছিল। সমসাময়িকভাৱে তেওঁৰ হাতীগড়ৰ চাহ খেতিয়ক গোলাপ চন্দ্ৰ বৰুৱাৰ কন্যা পুষ্পলতা দেৱীৰ লগত বিবাহ হয়। সময়ত তেওঁ তিনিগৰাকী পুত্ৰ আৰু তিনিগৰাকী কন্যাৰ পিতৃত্ব অৰ্জন কৰে। তেওঁলোক হ'ল প্ৰয়াত লাৱণ্যময়ী দেৱী, শিশু সাহিত্যিক আৰু নাট্যকাৰ সৌজন্যময়ী ভট্টাচাৰ্য্য, শিশু সাহিত্যিক আৰু ঔপন্যাসিক প্ৰয়াত হিৰণ্যময়ী দেৱী, ভাৰতীয় সীমান্ত প্ৰশাসন সেৱাৰ প্ৰাক্তন অধিকাৰী আৰু প্ৰবন্ধকাৰ দিল্লী নিৱাসী জিতেন্দ্ৰ কুমাৰ বৰঠাকুৰ, ষ্ট্ৰাকচাৰেল অভিযন্তা আৰু নাট্যকাৰ আমেৰিকা নিৱাসী হিমেন্দ্ৰ কুমাৰ বৰঠাকুৰ আৰু বিদ্যুৎ অভিযন্তা তথা বাঈ চাহেবাৰ লিখক প্ৰয়াত ধীৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ।
সাহিত্যচৰ্চা
[সম্পাদনা কৰক]নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰ তেওঁৰ বৰদেউতাক দুৰ্গেশ্বৰ বৰঠাকুৰৰ পুত্ৰ আছিল। তেওঁৰ প্ৰভাৱতে কুমুদেশ্বৰ বৰঠাকুৰ এজন সুদক্ষ অভিনেতা হৈ পৰিছিল। শিক্ষাজীৱনৰ শেষৰ ফালে তেওঁ হাস্য ৰসাত্মক কবিতা লিখিবলৈ লৈছিল আৰু সেইবোৰে জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াতে উৎসাহিত হৈয়েই তেওঁ সাহিত্য ৰচনাত হাত দিয়ে। বৰঠাকুৰদেৱে বিচিত্ৰ বিষয়ৰ সাহিত্য ৰচনাত হাত দিছিল। কবিতা, উপন্যাস, জীৱনী, নাটক, অনুবাদ আদি বিভিন্ন বিষয়ৰ সাহিত্য তেওঁৰ ৰচনাত পোৱা যায়। কিন্তু তেওঁ প্ৰখ্যাত হৈ পৰে ৰহস্য কাহিনী ৰচনাৰ মাজেদিহে। প্ৰধানকৈ অৰ্থভাৱতহে তেওঁ ৰহস্য উপন্যাসত হাত দিছিল বুলি উল্লেখ কৰি গৈছে। অসমীয়া পঢ়ুৱৈক কিতাপৰ প্ৰতি একৰ্দন বঢ়োৱাটোও তেওঁৰ আন এটি উদ্দেশ্য আছিল। প্ৰায় ৭০খন এনে উপন্যাস তেওঁ ৰচনা কৰি গৈছে। যদিও তেওঁ এইবোৰ গোলাই ছিৰিজ, অসমীয়া মৌলিক ডিটেকটিভ কাহিনী, অসমীয়া সামাজিক ডিটেকটিভ কাহিনী, অসমীয়া মৌলিক দেশসেৱা ডিটেকটিভ কথা আৰু ৰহস্য কথাৱলী --- এই পাঁচ ভাগত ভাগ কৰি গৈছে সকলোৰে মূল নায়ক গোলাই চোৰ। গোলাইৰ লগৰীয়া হ'ল ফাকিদাস, নিংনা, বৃহস্পতীয়া, হৰনাথ আৰু গহীন। গোলাইৰ বিপৰীতে আছে জগত দাৰোগা, সহযোগী গজ আৰু কুকুৰ জেলী। ১৯৪৫ চনমানৰপৰা প্ৰকাশ পোৱা এই চিৰিজত গোলাইৰ দেশপ্ৰেম, সাহস, বুদ্ধি আদি ফুটাই তোলাৰ বিপৰীতে জগত দাৰোগাৰ কৰ্তব্যপৰায়ণতা ফুটি উঠিছে।
অন্যান্য কৰ্মৰাজি
[সম্পাদনা কৰক]১৯৩৯ চনত বৰঠাকুৰদেৱে কলিকতালৈ গৈ চেনোলা মিউজিকেল প্ৰডাক্টছ কোম্পানীত কন্যা সৌজন্যময়ী আৰু হিৰণ্যময়ীৰ সৈতে বিয়ানাম, আইনাম আৰু কমলা কুঁৱৰী নামৰ তিনিখন গীতিনাট্য বাণীবদ্ধ (কিউ এছ ১৫৭) কৰায়।
O, I, C এই তিনিটা চিনেৰে বৰ্ণমালা আৰু ভাষা শিকোৱা পদ্ধতি তেওঁৰ এক অভিনৱ আবিষ্কাৰ। যদিও ১৯৩৫ চনমানত কৰা এই অবিষ্কাৰে সেই সময়ত আলোড়নৰ সৃষ্টি কৰিছিল। নাগপুৰ, মেদিনীপুৰ, কলকাতা আদি ঠাইত অনুষ্ঠিত হোৱা কেইবাখনো সন্মিলনত তেওঁ এই পদ্ধতি প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰে। পৰৱৰ্তী কালত তেওঁ কলকাতালৈ গৈ পদ্ধতিটো নিজৰ নামত পেটেণ্ট কৰায় যদিও ই পিছৰ কালত বিলুপ্ত হৈ পৰে।
অসমীয়া মানুহৰ কিতাপ পঢ়াৰ প্ৰতি ধাউতি বঢ়াবলৈ তেওঁ অসমৰ গাঁৱে-ভূঞে পুথিভঁৰাল স্থাপন কৰি এক পুথিভঁৰাল আন্দোলন গঢ়ি তোলে। এটা চকা লগোৱা আলমাৰীৰে তেওঁ পৰমানন্দ পুথিভঁড়াল আৰম্ভ কৰিছিল। সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। কুমুদেশ্বৰ বৰঠাকুৰ বৰদলৈদেৱৰ পৰম বন্ধু আছিল। তেওঁৰ এই পুথিভঁৰাল আন্দোলনৰ প্ৰতি সঁহাৰি জনাই বৰদলৈদেৱে প্ৰতিখন গাঁৱতে পুথিভঁৰাল আৰু যুৱসঙ্ঘ স্থাপন কৰিবলৈ নিৰ্দেশ জাৰি কৰে। তেওঁৰ এই পুথিভঁৰাল আন্দোলনত সহায় কৰিছিল ছাত্ৰ আৰু উৎসাহী ডেকাসকলে।
কুমুদেশ্বৰ বৰঠাকুৰে "পাহাৰ ভৈয়াম মিতিৰ সংঘ" স্থাপন কৰি অসমৰ পাহাৰ আৰু ভৈয়ামৰ মাজত সম্প্ৰীতি বঢ়াবলৈ যত্ন কৰিছিল। "সদৌ অসম পেঞ্চনাৰ সংস্থা"ৰো তেওঁ এজন গুৰি ধৰোঁতা আছিল। ১৯৫৭ চনৰপৰা ১৯৫৯ চনলৈ তেওঁ ইয়াৰে সম্পাদকো আছিল।
এই বিচিত্ৰ কৰ্মৰাজিৰে এক বৰ্ণাঢ্য জীৱন যাপন কৰি ১৯৬৬ চনৰ ৮ নৱেম্বৰত যোৰহাটত তেওঁ ইহলীলা সম্বৰণ কৰে। তেওঁৰ ৰচনাৰাজিৰ ১ম খণ্ড প্ৰকাশ পাইছে।
ৰচনাসমগ্ৰ
[সম্পাদনা কৰক]- প্ৰিয়ে
- পুতুমাইৰ বিয়া
- ৰূপহী
- কেৰপাই
- এটম বোমা
- ইনজেকছন
- হত্যাকাণ্ড
- ভাকৌ
- লাওচা
- ব্লেক মাৰ্কেট
- সাগৰতলি
- খুনী কোন
- মাইকা
- কোদোৰ বাহ
- তেজপিয়া
- পাটমাদৈ
- দাৰোগা আৰু দাৰোগা/দুই দাৰোগা
অনুবাদ সাহিত্য
- মেঘদূতম্
- বেদৱাণী
- শ্বেইক্সপীয়েৰ
- পাৰশ্য প্ৰদীপ
গৱেষণা সাহিত্য
- কোঁৱৰ ভৰত
- ঝাঁসীৰ ৰাণী লক্ষ্মীবাই
- পছিমীয়া শিক্ষাত খাপ নোখোৱা আদৰ্শ
- হেমলেট আৰু ভৰত
- বীৰ আৰিমত্ত
- বাঁহী
শিশু সাহিত্য
- ভকতৰ ভগৱান
- ওহালি
- সাধুৰ ভঁড়াল
- লাবইনৰ আদিপাঠ (দ্বিতীয় ভাগ)
জীৱনীমূলক সাহিত্য
- ৰত্ন কৌমুদী (প্ৰথম খণ্ড)
- প্ৰসন্নকুমাৰ ঘোষ
- মোৰ কথা
- ল'ৰাকাল
বিবিধ ৰচনা
- পদ্য
- যুঁজঁ মোৰ তয়া-ময়া
- আই মই ৰণলৈ যাম
- লেখ যে ল'বৰ হল
- দেশদ্ৰোহী তুমি
- গীত
- আহুকাল
- গদ্য
- মজাৰ কথা
- উপাধিৰ উপদ্ৰৱ
- কালিদাস
- জয়মতীৰ কাহিনী
- ঢোৰোক পণ্ডিত (ধেমেলীয়া নাটক)
প্ৰসংগ
[সম্পাদনা কৰক]- কুমুদেশ্বৰ বৰঠাকুৰ ৰচনা সংগ্ৰহ (১ম খণ্ড), সম্পাদক:যতীন্দ্ৰ নাথ গোস্বামী, কুমুদ বুকছ, যোৰহাট, ১৯৯৭
- প্ৰথম অসমীয়া ৰহস্য লেখক কুমুদেশ্বৰ বৰঠাকুৰ, বন্দীতা ফুকন, "সাতসৰী", ৯ম বছৰ ৭ম সংখ্যা, ফেব্ৰুৱাৰী ২০১৪
- অসমীয়া ৰহস্য সাহিত্য:এটা উপেক্ষিত বিষয়, জয়ন্ত কুমাৰ শৰ্মা, "প্ৰান্তিক", ১৪শ বছৰ ৬ষ্ঠ সংখ্যা, ১৬-২৮ ফেব্ৰুৱাৰী ১৯৯৫
- অসমীয়া ৰহস্য উপন্যাসৰ চমু ইতিবৃত্ত, কৃষ্ণা দাস, "সাতসৰী", ৯ম বছৰ ৭ম সংখ্যা, ফেব্ৰুৱাৰী ২০১৪