সমললৈ যাওক

সুনীতা উইলিয়ামছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুনীতা উইলিয়ামছ
নাছা মহাকাশচাৰী
পদমৰ্যাদা সক্ৰিয়
জন্ম ১৯ ছেপ্টেম্বৰ, ১৯৬৫ (৫৯ বছৰ)
ইউক্লিড, ওহিঅ’, যুক্তৰাষ্ট্ৰ
অন্য পেছা টেষ্ট পাইলট
স্থান কেপ্টেইন
নিৰ্বাচন নাছা মহাকাশচাৰী দল-১৭
অভিযানৰ প্ৰতীক STS-116 ISS Expedition 14 ISS Expedition 15 STS-117 Expedition 32 Expedition 33

সুনীতা লীন উইলিয়ামছ (ইংৰাজী: Sunita Lyn Williams ; জন্ম ১৯ ছেপ্টেম্বৰ ১৯৬৫) এগৰাকী আমেৰিকান মহাকাশচাৰী আৰু যুক্তৰাষ্ট্ৰৰ নৌসেনা বিষয়া। এগৰাকী মহিলা হিচাপে তেওঁ বেছি সংখ্যক আৰু বেছি সময় মহাকাশ ভ্ৰমণ ৰেকৰ্ডৰ অধিকাৰী। তেওঁ সাতবাৰকৈ মুঠ ৫০ ঘণ্টা ৪০ মিনিট মহাকাশ ভ্ৰমণ কৰিছিল। উইলিয়ামছক এক্সপিডিচন-১৪ আৰু এক্সপিডিচন-১৫ ৰ সদস্য হিচাপে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত নিযুক্তি দিয়া হৈছিল। 2012 চনত, তেওঁ এক্সপিডিচন-৩২ত ফ্লাইট ইঞ্জিনিয়াৰ আৰু তাৰ পিছত এক্সপিডিচন-33ত কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1][2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মাছাচুচেটছৰ নিধামৰ বাসিন্দা সুনীতা উইলিয়ামছৰ অ’হিওৰ ইউক্লিডত মুম্বাই মূলৰ ভাৰতীয়-আমেৰিকান নিউৰোএনাটমীষ্ট বিশেষজ্ঞ দীপক পাণ্ডিয়া আৰু স্লোভেনিয়ান-আমেৰিকান উৰ্চুলিন বনি (জালোকাৰ) পাণ্ডিয়াৰ ঘৰত জন্ম হৈছিল। তিনিটা সন্তানৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু। তেওঁৰ ভাতৃ জে থমাছ তেওতকৈ চাৰি বছৰ আৰু বায়েক দীনা আন্নাড তিনি বছৰ ডাঙৰ। উইলিয়ামছৰ পিতৃৰ ফালৰ পৰিয়ালটো ভাৰতৰ গুজৰাটৰ মেহছানা জিলাৰ ঝুলাছানৰ। আনহাতে মাতৃপক্ষীয় আজো আইতাক মেৰী বহিঞ্চৰ জন্ম হৈছিল স্লোভেনিয়াত।[4][5]

১৯৮৩ চনত উইলিয়ামছে নিধাম হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৭ চনত আমেৰিকাৰ নৌসেনা একাডেমীৰ পৰা ভৌতিক বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ১৯৯৫ চনত ফ্ল'ৰিডা ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা অভিযান্ত্ৰিক ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6]

নাছাৰ কৰ্মজীৱন

[সম্পাদনা কৰক]

উইলিয়ামছে ১৯৯৮ চনৰ আগষ্ট মাহত জনছন মহাকাশ কেন্দ্ৰত মহাকাশচাৰীৰ প্ৰশিক্ষণ আৰম্ভ কৰে।[4] ২০০৬ চনৰ ৯ ডিচেম্বৰত অভিযান ১৪ৰ দলত যোগদান কৰিবলৈ তেওঁক এছটিএছ-১১৬ৰ স্পেচ শ্বাটল ডিচকভাৰীত যোগেদি আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ (ISS) প্ৰেৰণ কৰা হয়। ২০০৭ চনৰ এপ্ৰিল মাহত অভিযাত্ৰী দলৰ ৰাছিয়ান সদস্যসকল অভিযান ১৫লৈ স্থানান্তৰ হয়।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

উইলিয়ামছৰ বিবাহ টেক্সাছৰ ফেডাৰেল আৰক্ষী বিষয়া মাইকেল জে উইলিয়ামছৰ সৈতে সম্পন্ন হয়। কৰ্মজীৱনৰ আৰম্ভণিৰ দিনবোৰত দুয়ো হেলিকপ্টাৰ উৰুৱাইছিল। টেক্সাছৰ উপনগৰ হিউষ্টনত তেওঁলোকে একেলগে বাস কৰে। ২০১২ চনত উইলিয়ামছে আহমেদাবাদৰ এগৰাকী ছোৱালী দত্তক লোৱাৰ ইচ্ছা প্ৰকাশ কৰে।[7]

২০০৭ চনৰ ছেপ্টেম্বৰ মাহত উইলিয়ামছে ভাৰতৰ গুজৰাটসবৰমতী আশ্ৰম আৰু তেওঁৰ পূৰ্বপুৰুষৰ গাঁও ঝুলাছান ভ্ৰমণ কৰে। ৱৰ্ল্ড গুজৰাটী ছ'চাইটিয়ে তেওঁক চৰ্দাৰ বল্লভভাই পেটেল বিশ্ব প্ৰতিভা বঁটা প্ৰদান কৰে।[8] এই বঁটা লাভ কৰা তেৱেঁ প্ৰথম ভাৰতীয় বংশোদ্ভূত, যি ভাৰতীয় নাগৰিক নাছিল। ২০০৭ চনৰ ৪ অক্টোবৰত উইলিয়ামছে আমেৰিকান এম্বেচি স্কুলত ভাষণ দিয়ে আৰু তাৰ পিছত ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙক লগ পায়।[9]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১) নেভী কমেণ্ডেছন মেডেল
২) মেভী এণ্ড মেৰাইন ক’ৰ মেডেল
৩) হিউমেনেটেৰিয়ান চাৰ্ভিচ মেডেল
৪) নাছা স্পেছফ্লাইট মেডেল
৫) মেডেল ফৰ মেৰিট ইন স্পেচ এক্সপ্লোৰেছন, ৰুচ চৰকাৰ (২০১১)
৬) পদ্মভূষণ, ভাৰত চৰকাৰ (২০০৮)[10]
৭) সন্মানীয় ডক্টৰেট, গুজৰাট টেকনোলজীকেন বিশ্ববিদ্যলয় (২০১৩)[11]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Astronaut Biography: Sunita Williams". SpaceFacts.de. http://www.spacefacts.de/bios/astronauts/english/williams_sunita.htm। আহৰণ কৰা হৈছে: March 17, 2013. 
  2. "Astronaut Biography". প্ৰকাশক Houston, Texas: National Aeronautics and Space AdministrationNational Aeronautics and Space Administration. August 2018. https://www.nasa.gov/sites/default/files/atoms/files/williams-s.pdf. 
  3. Garcia, Mark. "Peggy Whitson Breaks Spacewalking Record". NASANASA blog. Archived from the original on May 21, 2017. https://web.archive.org/web/20170521112509/https://blogs.nasa.gov/spacestation/2017/03/30/peggy-whitson-breaks-spacewalking-record/। আহৰণ কৰা হৈছে: March 30, 2017. 
  4. Hanc, Marjana (March 26, 2013). "Sunita Williams spet v svoji pradomovini" (sl ভাষাত). Delo. https://old.delo.si/novice/slovenija/sunita-williams-spet-v-svoji-pradomovini.html. 
  5. Sunita Williams to start her India trip from April 1, The Times of India, March 31, 2013.
  6. NASA (2007). "Sunita L. Williams (Commander, USN)". National Aeronautics and Space Administration. https://www.nasa.gov/sites/default/files/atoms/files/williams-s.pdf। আহৰণ কৰা হৈছে: December 19, 2007. 
  7. "Astronaut Sunita Williams to adopt Gujarati girl". The Times of India. June 27, 2012. Archived from the original on 2013-01-26. https://archive.today/20130126165056/http://articles.timesofindia.indiatimes.com/2012-06-27/ahmedabad/32440687_1_sunita-williams-deepak-pandya-girl-child-campaign. 
  8. "Sunita Williams". Archived from the original on January 22, 2013. https://archive.ph/20130122173955/http://www.expressindia.com/latest-news/sunita-gets-vishwa-pratibha-award/219791/। আহৰণ কৰা হৈছে: May 24, 2012. 
  9. American Embassy School (October 5, 2007). "Astronaut Sunita Williams Visits AES". American Embassy School. Archived from the original on October 11, 2007. https://web.archive.org/web/20071011163333/http://202.54.248.150/aesnews/?p=10। আহৰণ কৰা হৈছে: October 7, 2007. 
  10. "Sunita Williams receives Padma Bhushan". http://www.rediff.com/news/2008/jul/05sunita.htm। আহৰণ কৰা হৈছে: July 5, 2008. 
  11. "Sunita Williams to get her honorary doctorate at GTU - Indian Express". The Indian Express. http://archive.indianexpress.com/news/sunita-williams-to-get-her-honorary-doctorate-at-gtu/1095560.