সমললৈ যাওক

মাদাগাস্কাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাদাগাস্কাৰ গণৰাজ্য
  • Repoblikan'i Madagasikara  (Script error: The function "name_from_code" does not exist.)
  • République de Madagascar  (Script error: The function "name_from_code" does not exist.)
Flag of মাদাগাস্কাৰ
Flag
মোহৰ of মাদাগাস্কাৰ
মোহৰ
Motto: 
  • "Fitiavana, Tanindrazana, Fandrosoana" (language?)
  • "Amour, Patrie, Progrès" (French)
  • "প্ৰেম, পিতৃভূমি, আগুৱাই যোৱা"[1]
Anthem: Ry Tanindrazanay malala ô!
অ' আমাৰ পূৰ্বপুৰুষৰ মৰমৰ ভূমি!
 মাদাগাস্কাৰৰ অৱস্থান  (গাঢ় নীলা)– আফ্ৰিকাৰ মেপত  (পাতল নীলা & গাঢ় ধোঁৱা-বৰণ)– in আফ্ৰিকান ইউনিয়ন  (পাতল নীলা)
 মাদাগাস্কাৰৰ অৱস্থান  (গাঢ় নীলা)

 আফ্ৰিকাৰ মেপত  (পাতল নীলা & গাঢ় ধোঁৱা-বৰণ)
 in আফ্ৰিকান ইউনিয়ন  (পাতল নীলা)

Location of মাদাগাস্কাৰ
ৰাজধানী
and largest city
এণ্টানানাৰিভ'
18°55′S 47°31′E / 18.917°S 47.517°E / -18.917; 47.517
Official languages
Demonymমালাগাছি[2][3]
Governmentএকক অৰ্ধ-ৰাষ্ট্ৰপতি সাংবিধানিক গণৰাজ্য
Legislatureসংসদ
চেনেট
ৰাষ্ট্ৰীয় এচেম্বলী
স্বাধীনতা
 ফ্ৰান্সৰ পৰা
২৬ জুন ১৯৬০
 বৰ্তমানৰ সংবিধান
১৭ নৱেম্বৰ ২০১০
Area
 Total
5,87,041 বৰ্গ কি.মি. (২,২৬,৬৫৮ বৰ্গ মাইল) (৪৬তম)
 Water
5,501 বৰ্গ কি.মি. (২,১২৪ বৰ্গ মাইল)
 Water (%)
0.9
Population
 2018 estimate
26,262,313[4][5] (52nd)
 Density
35.2 /কিমি (৯১.২ /বৰ্গ মাইল) (174th)
GDP (PPP)2019 estimate
 Total
$45.948 billion[6]
 Per capita
$1,697[6]
GDP (nominal)2019 estimate
 Total
$12.734 billion[6]
 Per capita
$471[6]
Gini (2010)44.1[7]
medium inequality
HDI (2018)বৃদ্ধি 0.521[8]
low (162nd)
CurrencyMalagasy ariary (MGA)
Time zoneUTC+3 (EAT)
 Summer (DST)
UTC+3 (not observed[9])
Calling code261[9]
Internet TLD.mg

মাদাগাস্কাৰ (ইংৰাজী: Madagascar), আনুষ্ঠানিক নাম মাদাগাস্কাৰ গণৰাজ্য, ভাৰত মহাসাগৰত অৱস্থিত এক দ্বীপ ৰাষ্ট্ৰ। ই আফ্ৰিকাৰ পূৱ উপকূলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ (২৫০ মাইল) দূৰত অৱস্থিত। ৫,৯২,৮০০ বৰ্গ কিলোমিটাৰ (২,২৮,৯০০ বৰ্গ মাইল) মাটিকালিৰে মাদাগাস্কাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দ্বীপ ৰাষ্ট্ৰ।[10] এই দ্বীপ ৰাষ্ট্ৰখন মাদাগাস্কাৰ নামৰ মূল দ্বীপ আৰু অসংখ্য সৰু সৰু দাঁতিকাষৰীয়া দ্বীপেৰে গঠিত। প্ৰাক-ঐতিহাসিক কালৰ গণ্ডৱানা মহাদেশৰ বিচ্ছেদৰ সময়ত, মাদাগাস্কাৰ প্ৰায় ৮.৮ কোটি বছৰ পূৰ্বে ভাৰতীয় উপমহাদেশৰ পৰা বিভক্ত হয়, যাৰ ফলত দেশখনৰ থলুৱা উদ্ভিদ আৰু প্ৰাণীসমূহ আপেক্ষিকভাৱে আন অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ বিকশিত হয় আৰু মাদাগাস্কাৰক এক জৈৱবৈচিত্ৰৰ ৰম্যভূমিত পৰিণত কৰে। মাদাগাস্কাৰৰ ৯০%-ৰো অধিক বন্যজীৱন পৃথিৱীতে আন ক'তো পোৱা নাযায়। দ্ৰুত বৰ্ধমান মানুহৰ জনসংখ্যা আৰু অন্যান্য পৰিৱেশজনিত ভাবুকিৰ ফলত বৰ্তমানে ৰাষ্ট্ৰখনৰ পৰিৱেশ তন্ত্ৰ আৰু বন্যজীৱন সংকতৰ সম্মুখীন হৈছে।

প্ৰত্নতাত্ত্বিক প্ৰমাণৰ অনুসৰি মাদাগাস্কাৰত প্ৰাচীনতম মানুহৰ বিচৰণ ১০,০০০ বছৰ পূৰ্বে হয় বুলি অনুমান কৰা হয়।[11] মাদাগাস্কাৰত মানুহ বসতি স্থাপন হয় খ্ৰিষ্টপূৰ্ব ৩৫০-ৰ পৰা ৫৫০ খ্ৰিষ্টাব্দৰ মাজত ইণ্ডোনেছিয়াৰ পৰা নাৱেৰে অহা অষ্ট্ৰোনেছিয়ান লোকৰ দ্বাৰা। সেই সময়ত ইণ্ডোনেছিয়াৰ সামাজিক তথা ধৰ্মীয় পৰিস্থিতি আছিল স্থানীয় ইণ্ডোনেছিয়ান সংস্কৃতি সহ হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ। এওঁলোকক খ্ৰিষ্টীয় নৱম শতিকাৰ আশেপাশে যোগদান কৰে পূব আফ্ৰিকাৰ পৰা মোজাম্বিক চেনেল অতিক্ৰম কৰি অহা বাণ্টু জনগোষ্ঠীৰ লোকসকলে। অন্যান্য জনগোষ্ঠীসমূহে সময়ে সময়ে মাদাগাস্কাৰত আহি বসতি স্থাপন কৰে আৰু এই সকলোবোৰ জনগোষ্ঠীৰ অৱদান আৰু প্ৰভাৱ মাদাগাস্কাৰৰ সাংস্কৃতিক জীৱনত দেখা যায়। মাদাগাস্কাৰৰ লোক মালাগাছি নৃগোষ্ঠীক প্ৰায় ১৮ বা ততোধিক উপগোষ্ঠীত বিভক্ত কৰা হয় যাৰ মাজত বৃহত্তম হ'ল কেন্দ্ৰীয় উচ্চভূমিৰ মেৰিনা জনগোষ্ঠী।

১৮ শতিকাৰ শেষৰ ফাললৈকে মাদাগাস্কাৰ দ্বীপটো পৰিবৰ্তনশীল সামাজিক-ৰাজনৈতিক গোটৰ দ্বাৰা শাসিত হৈ আছিল। ১৯ শতিকাৰ আৰম্ভণিৰ পৰা দ্বীপটোৰ অধিকাংশ অঞ্চলক একলগ কৰি মাদাগাস্কাৰ সাম্ৰাজ্য (Kingdom of Madagascar) নামেৰে মেৰিনা জনগোষ্ঠীৰ শাসকসকলে শাসন চলাইছিল। ১৮৯৭ চনত এই শাসনৰ অন্ত পৰে যেতিয়া দ্বীপটোক ফৰাছি ঔপনিবেশিক সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়। এই ফৰাছি ঔপনিবেশৰ পৰা দ্বীপটোৱে স্বাধীনতা লাভ কৰে ১৯৬০ চনত। মাদাগাস্কাৰ স্বায়ত্তশাসিত ৰাষ্ট্ৰখন তেতিয়াৰে পৰা চাৰিটা প্ৰধান সাংবিধানিক সময়কালৰ মাজৰে পাৰ হয়, যাক গণৰাজ্য আখ্যা কৰা হয়। ১৯৯২ চনৰে পৰা দেশখন আনুষ্ঠানিকভাবে সাংবিধানিক গণতন্ত্ৰ হিচাপে পৰিচালনা হৈ আহিছে। ইয়াৰ ৰাজধানী এণ্টানানাৰিভ'। ২০০৯ চনৰ জনগণৰ এক অভ্যুত্থানৰ পাছত ৰাষ্ট্ৰপতি মাৰ্ক ৰভালোমনানাক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয় আৰু ২০০৯ চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰপতিৰ ক্ষমতা এণ্ড্ৰি ৰাজোয়েলিনাৰ হাতলৈ স্থানান্তৰিত হয়। সাংবিধানিক শাসন ব্যৱস্থা ২০১৪ চনৰ জানুৱাৰীত পুনৰুদ্ধাৰ কৰা হয় বুলি বিবেচনা কৰা হয় যেতিয়া ২০১৩ চনৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় সুষ্ঠু আৰু স্বচ্ছ বুলি গণ্য কৰা নিৰ্বাচনত বিজয়ী হৈ হেৰী ৰাজাওনাৰিমাপিয়ানিনাই ৰাষ্ট্ৰপতিৰ পদভাৰ গ্ৰহণ কৰে। মাদাগাস্কাৰ ৰাষ্ট্ৰসংঘ, আফ্ৰিকান ইউনিয়ন (এইউ), দক্ষিণ আফ্ৰিকাৰ উন্নয়ন সম্প্ৰদায় (এচএডিচি) আৰু ফ্ৰাঙ্কোফোনিৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সদস্য।

ৰাষ্ট্ৰসংঘৰ মতে মাদাগাস্কাৰ পৃথিৱীৰ সকলোতকৈ কম উন্নত দেশসমূহৰ ভিতৰত এখন।[12] মালাগাছি আৰু ফৰাছি দু্য়ো হৈছে ৰাষ্ট্ৰখনৰ চৰকাৰী ভাষা। দেশখনৰ নাগৰিকৰ বেছিভাগেই পৰম্পৰাগত ধৰ্মবিশ্বাস, খ্ৰীষ্টান ধৰ্ম বা উভয়ৰ সমন্বয়ক মানি চলে। ইক'-টুৰিজম আৰু কৃষিৰ লগতে শিক্ষা, স্বাস্থ্য আৰু বেচৰকাৰী উদ্যোগত বৃহত্তৰ বিনিয়োগ হৈছে মাদাগাস্কাৰৰ উন্নয়নৰ কৌশলৰ মূল উপাদান। ৰভালোমনানাৰ অধীনত এই বিনিয়োগসমূহে যথেষ্ট পৰিমাণে অৰ্থনৈতিক বৃদ্ধি অৰ্জন কৰিছিল, কিন্তু সুবিধাসমূহ সমভাবে জনগণৰ মাজত বিতৰণ নোহোৱাৰ বাবে, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ কিছু অংশৰ মাজত জীৱন-যাপনৰ ব্যয় বৃদ্ধি আৰু হ্ৰাসমান জীবন-যাপনৰ মানদণ্ডৰ বাবে উদ্বিগ্নতাৰ সৃষ্টি হৈছে। ২০১৭ চনৰ তথ্য অনুসৰি, দেশখনৰ অৰ্থনীতি ২০০৯-২০১৩-ৰ ৰাজনৈতিক সংকটৰ ফলত দুৰ্বল হৈ পৰে আৰু বেছিভাগ মালাগাছি জনগোষ্ঠীৰ জীবন-যাপনৰ মানদণ্ড নিম্নমানৰে হৈ আছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Le Comité Consultatif Constitutionnel (1 October 2010). "Projet de Constitution de la Quatrième République de Madagascar" (fr ভাষাত). Madagascar Tribune. Archived from the original on 28 June 2011. https://web.archive.org/web/20110628042414/http://madagascar-tribune.com/IMG/pdf/constitution.pdf আহৰণ কৰা হৈছে: 24 August 2011.
  2. "Demonyms – Names of Nationalities". Geography.about.com. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225061024/http://geography.about.com/library/weekly/aa030900a.htm%20 আহৰণ কৰা হৈছে: 15 July 2013.
  3. "Malagasy – National Geographic Style Manual". http://stylemanual.natgeo.com আহৰণ কৰা হৈছে: 27 February 2017.
  4. ""World Population prospects – Population division"". United Nations Department of Economic and Social Affairs, Population Divisionpopulation.un.org. https://population.un.org/wpp/ আহৰণ কৰা হৈছে: November 9, 2019.
  5. ""Overall total population" – World Population Prospects: The 2019 Revision" (xslx). United Nations Department of Economic and Social Affairs, Population Divisionpopulation.un.org. https://population.un.org/wpp/Download/Files/1_Indicators%20(Standard)/EXCEL_FILES/1_Population/WPP2019_POP_F01_1_TOTAL_POPULATION_BOTH_SEXES.xlsx আহৰণ কৰা হৈছে: November 9, 2019.
  6. 1 2 3 4 "Madagascar". International Monetary Fund. https://www.imf.org/external/pubs/ft/weo/2019/01/weodata/weorept.aspx?sy=2018&ey=2020&scsm=1&ssd=1&sort=country&ds=.&br=1&pr1.x=27&pr1.y=17&c=674&s=NGDP_RPCH%2CNGDPD%2CPPPGDP%2CNGDPDPC%2CPPPPC&grp=0&a=.
  7. "Gini Index". World Bank. http://data.worldbank.org/indicator/SI.POV.GINI/ আহৰণ কৰা হৈছে: 2 March 2011.
  8. "Human Development Report 2019" (en ভাষাত) (PDF). United Nations Development Programme. 10 December 2019. http://hdr.undp.org/en/content/2019-human-development-index-ranking আহৰণ কৰা হৈছে: 10 December 2019.
  9. 1 2 Bradt (2011), p. 2.
  10. "Island Countries of the World". WorldAtlas.com. Archived from the original on 7 December 2017. https://web.archive.org/web/20171207094959/http://www.worldatlas.com/articles/which-are-the-island-countries-of-the-world.html আহৰণ কৰা হৈছে: 10 August 2019.
  11. "For Thousands of Years, Humans Coexisted with the Largest Birds That Ever Lived". 13 September 2018. https://www.livescience.com/63568-humans-killed-elephant-birds-madagascar.html.
  12. "About LDCs". UN-OHRLLS. Archived from the original on 8 October 2014. https://web.archive.org/web/20141008095327/http://unohrlls.org/about-ldcs/ আহৰণ কৰা হৈছে: 22 February 2017.