মালী
| মালী | |
|---|---|
| ৰামায়ণৰ চৰিত্ৰ | |
| তথ্য | |
| দাম্পত্যসঙ্গী | বসুদা |
| আত্মীয় | সুকেশ (পিতৃ) দেৱৱতী (মাতৃ) সুমালী (ভাই) মাল্যবান (ভাই) |
মালী (ইংৰাজী: Mali) ৰাক্ষস ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ সন্তান আছিল৷[1] তেওঁৰ দুজন ভাই আছিল মাল্যবান আৰু সুমালী। মালী বসুদা বিবাহ কৰাইছিল। তেওঁৰ ৪গৰাকী পুত্ৰৰ নাম আছিল ক্ৰমে- অনল, অনিল, হৰ আৰু সম্পাতী; যি পিছলৈ বিভীষণৰ মন্ত্ৰী হৈছিল৷
মালীৰ পত্নী বসুদা আছিল গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ জীয়ৰী৷ বসুদাৰ ভনী দুগৰাকীৰ নাম আছিল কেতুমতী আৰু সুন্দৰী,[2] যাক সুমালী আৰু মাল্যবানে বিবাহ কৰাইছিল৷
শিৱৰ পৰা বৰ প্ৰাপ্ত কৰি সুকেশৰ তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালী অহংকাৰী হৈ পৰিছিল আৰু দেৱতা, ঋষি-মুনিসকলক অত্যাচাৰ কৰিবলৈ লৈছিল৷ অত্যাচাৰ সহিব নোৱাৰি গন্ধৰ্ব, দেৱতাসকলে শিৱৰ ওচৰত গৈ সুকেশৰ তিনি পুত্ৰক বধ কৰিবলৈ কয় যদিও শিৱই সুকেশক লালনপালন কৰা হেতু সিহঁতক বধ কৰিবলৈ অস্বীকাৰ কৰে আৰু ভগৱান বিষ্ণুৰ ওচৰলৈহে যাবলৈ কয়৷
দেৱতাসকলে মালীৰ ৰাজ্য আক্ৰমণ কৰাৰ আগতে গোপন সূত্ৰে মালীয়ে এই খবৰ পায় আৰু সিঁহতেও দেৱতাসকল আক্ৰমণ কৰিবলৈ সাজু হৈ যায়৷ পিছত ভগৱান বিষ্ণু আৰু ৰাক্ষসসকলৰ মাজত এক ভয়ানক যুদ্ধ আৰম্ভ হয়৷ অৱশেষত বিষ্ণুৱে সুদৰ্শন চক্ৰৰে মালীক বধ কৰে৷ মালীৰ মৃত্যু হোৱা দেখি মালীৰ দুই ভাই মাল্যবান আৰু সুমালী যুদ্ধ ক্ষেত্ৰৰ পৰা পলাই যায়৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ http://ancientvoice.wikidot.com/src-vrm:ram7-5.
- ↑ "Ketumati wife sumali.". Indianetzone.com. Archived from the original on 19 July 2021. https://web.archive.org/web/20210719101649/https://www.indianetzone.com/34/ketumati_wife_sumali.htm। আহৰণ কৰা হৈছে: 19 July 2021.