মমতাজ মহল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মমতাজ মহল
মমতাজ মহলৰ এখন প্ৰতিকৃতি
পাটশাহ বেগম
ৰাজত্ব ১৯ জানুৱাৰী ১৬২৮-১৭ জুন ১৬৩১
পূৰ্বসূৰী নুৰ জাহান
উত্তৰসূৰী জাহানাৰা বেগম
দাম্পত্য সঙ্গী শাহ জাহান (বি. ১৬১২)
সন্তান
  • জাহানাৰা বেগম
  • দাৰা চিকো
  • শাহ চুজা
  • ৰোচনাৰা বেগম
  • ঔৰংজেৱ
  • মুৰাদ বক্স
  • গৌহৰ আৰা বেগম
বাসগৃহ টাইমূৰ সাম্ৰাজ্য
মাতৃ দিৱানজী বেগম
পিতৃ আবুল হাচান আচফ খান

মমতাজ মহল (ফাৰ্চী: ممتاز محل; ; ইংৰাজী: Mumtaz Mahal; জন্ম আৰ্জুমন্দ বানু বেগম; ২৭ এপ্ৰিল ১৯৫৩- ১৭ জুন ১৬৩১)[1] ১৯ জানুৱাৰী ১৬২৮-ৰ পৰা মৃত্যুৰ দিনলৈকে মোগল সম্ৰাট শাহ জাহানৰ বেগম আছিল।[2] তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিৰ ওপৰত সম্ৰাট শাহজাহানে বিশ্বৰ এক আশ্চৰ্য্য বুলি গণ্য কৰা আগ্ৰাতাজমহল নিৰ্মাণ কৰাইছিল।[3][4]

পৰিবাৰ আৰু প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

এক বিশ্ব ঐতিহ্যবাহী স্থান তাজমহল: মমতাজ আৰু শাহ জাহানৰ অন্তিম বিশ্ৰাম স্থান

১৫৯৩ চনৰ ২৭ এপ্ৰিলত আগ্ৰাত মমতাজৰ জন্ম হৈছিল। তেওঁৰ মাক-দেউতাকৰ নাম আছিল আবুল হাচান আচফ খান আৰু দিৱানজী বেগম। মাক দিৱানজী এজন ফাৰ্চী ৰান্ধনীৰ জীয়ৰী আছিল। দেউতাক মোগল সাম্ৰাজ্যৰ এক উচ্চ পদত অধিষ্ঠিত বিত্তশালী ব্যক্তি আছিল। ১৫৭৭ চনত তেওঁলোক পৰিয়াল ভাৰতলৈ আহে। আচফ খান মোগল সম্ৰাজ্ঞী নুৰ জাহানৰ ডাঙৰ ভায়েক আছিল।[5]

বিবাহ[সম্পাদনা কৰক]

শাহ জাহানে ১৬০৭ চনত মমতাজক বাকদান কৰিছিল, যেতিয়া মমতাজ চৈধ্য বছৰ বয়সীয়া শাহ জাহান পোন্ধৰ বছৰীয়া আছিল। ইয়াৰ পাঁচ বছৰ পিছত ৩০ এপ্ৰিল ১৬১২ত আগ্ৰাত তেওঁলোকৰ মাজত বিবাহ সম্পন্ন হৈছিল।[6][6] এইখন এখন প্ৰেমবিবাহ আছিল।[7] বিয়াৰ পিছত শাহ জাহানে তেওঁক "মমতাজ মহল" বেগম উপাধি [8][9] তেওঁলোকৰ বাকদান আৰু বিবাহৰ মাজৰ সময়চোৱাত শাহ জাহানে ১৯০৯ চনত প্ৰথম পত্নী ৰাজকুমাৰী কান্দাহাৰী বেগমক বিয়া কৰায়। মমতাজক বিয়া কৰোঁৱাৰ পিছতো তেওঁ আৰু এগৰাকী ইজ-উন-নিচা বেগমক বিয়া কৰায়।[10] ইজ-উন-নিচা-বেগম এজন শীৰ্ষস্থানীয় মোগল দৰবাৰীৰ জীয়ৰী আছিল।[11][12]

মৃত্যু[সম্পাদনা কৰক]

পৰিচাৰিকাৰ সৈতে মমতাজ

বুৰহানপুৰত ১৭ জুন ১৬৩১ত চতুৰ্দশ সন্তানটো জন্ম দিবলৈ গৈ প্ৰসৱোত্তোৰ ৰক্তক্ষৰণত মমতাজৰ মৃত্যু হয়।[13] প্ৰায় ত্ৰিশ ঘণ্টা জোৰা প্ৰসৱ বেদনাত তেওঁ ভুগিছিল। দাক্ষিণাত্য মালভূমিলৈ অভিযানত যোৱা স্বামীক তেওঁ সঙ্গ দিছিল। তেওঁৰ দেহ অস্থায়ীভাবে বুৰহানপুৰত শাহ জাহানৰ খুৰাক ৰাজকুমাৰ ডেনিয়েলে নিৰ্মাণ কৰা তাপ্তী নদীৰ পাৰৰ জৈনাবাদ নামৰ বাগিছা এখনত অস্থায়ীভাবে কবৰ দিয়া হৈছিল।[14][15] তেওঁৰ মৃত্যুৰ পিছত সম্ৰাট পাই এবছৰৰ বাবে শোকাকুল হৈ নিজকে নিৰ্জনতাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। এবছৰ পাছত তেওঁ যেতিয়া জন-সন্মুখলৈ আহিল, তেতিয়া তেওঁৰ চুলিয়ে শুকুলা বৰণ ধাৰণ কৰিছিল; ৰাজহাড বেঁকা হৈ গৈছিল আৰু মুখ শোতোৰা পৰিছিল।[15][16] মমতাজৰ আটাইতকৈ ডাঙৰ জীয়েক জাহানাৰা বেগমে দেউতাক শোক-সাগৰৰ পৰা উলিয়াই আনিছিল।[17]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Pickthall, Marmaduke William; Asad, Muhammad (1 January 1975) (en ভাষাত). Islamic Culture. 49. Islamic Culture Board. p. 196. https://books.google.com/books?id=839CAAAAYAAJ&q=17+april+1593। আহৰণ কৰা হৈছে: 13 April 2017. 
  2. Lach, Donald F.; Kley, Edwin J. Van (1998) (en ভাষাত). Asia in the Making of Europe, Volume III: A Century of Advance. Book 2, South Asia. University of Chicago Press. পৃষ্ঠা. 689. ISBN 9780226466972. 
  3. Tillotson, Giles (2008). Taj Mahal. প্ৰকাশক London: Profile Books. পৃষ্ঠা. 11. ISBN 9781847652478. 
  4. Phillips, Rhonda; Roberts, Sherma, eds (2013). Tourism, Planning, and Community Development Community Development – Current Issues Series. Routledge. পৃষ্ঠা. 128. ISBN 9781135711887. 
  5. Events that formed the modern world: from the European Renaissance through the War on Terror. প্ৰকাশক Santa Barbara, CA: ABC-CLIO. 2012. পৃষ্ঠা. 254. ISBN 9781598849011. 
  6. 6.0 6.1 Findly 1993, পৃষ্ঠা. 39.
  7. Findly 1993, পৃষ্ঠা. 164.
  8. Pant, Chandra (1978) (en ভাষাত). Nur Jahan and Her Family. Dandewal Publishing House. পৃষ্ঠা. 112. 
  9. Koch, p. 18.
  10. Sarker, Kobita (2007). Shah Jahan and his paradise on earth : the story of Shah Jahan's creations in Agra and Shahjahanabad in the golden days of the Mughals (1. publ. সম্পাদনা). প্ৰকাশক Kolkata: K.P. Bagchi & Co.. পৃষ্ঠা. 38. ISBN 9788170743002. 
  11. Tillotson 2012, পৃষ্ঠা. 21.
  12. Findly 1993, পৃষ্ঠা. 308.
  13. Khan, 'Inayat; Begley, Wayne Edison (1990) (en ভাষাত). The Shah Jahan nama of 'Inayat Khan: an abridged history of the Mughal Emperor Shah Jahan, compiled by his royal librarian : the nineteenth-century manuscript translation of A.R. Fuller (British Library, add. 30,777). Oxford University Press. পৃষ্ঠা. 647. ISBN 9780195624892. https://books.google.com/books?id=n_BtAAAAMAAJ&q=mumtaz+mahal+17+june+1631. 
  14. Preston, p. 171.
  15. 15.0 15.1 Koch, p. 20.
  16. Begley, Wayne E.. "The Myth of the Taj Mahal and a New Theory of Its Symbolic Meaning". The Art Bulletin খণ্ড 61. http://www.collegeart.org/pdf/artbulletin/Art%20Bulletin%20Vol%2061%20No%201%20Begley.pdf. 
  17. Annemarie Schimmel (2005). The empire of the Great Mughals : history, art and culture. translated by Corinne Attwood; edited by Burzine K. Waghmar; with a foreword by Francis Robinson (Revised সম্পাদনা). প্ৰকাশক Lahore: Sang-E-Meel Pub.. পৃষ্ঠা. 151. ISBN 9781861891853. https://archive.org/details/empireofgreatmug00anne/page/151. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]