জাহানাৰা বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
জাহানাৰা বেগম
মোগল সাম্ৰাজ্যৰ চাহজাদী

পাটশাহ বেগম
১৬৩১-১৬৫৮
পূৰ্বসূৰী মমতাজ মহল
উত্তৰসূৰী ৰোচনাৰা বেগম
১৯৬৯-১৬৮১
পূৰ্বসূৰী ৰোচনাৰা বেগম
উত্তৰসূৰী জিনত-উন-নিচা
বাসগৃহ টাইমূৰ সাম্ৰাজ্য
মাতৃ মমতাজ মহল
পিতৃ শাহ জাহান
ধৰ্ম ইছলাম

জাহানাৰা বেগম (ফাৰ্চী: جہان آرا بیگم; ইংৰাজী: Jahanara Begum ; ২৩ মাৰ্চ ১৬১৪ – ১৬ চেপ্তেম্বৰ ১৬৮১) এগৰাকী মোগল ৰাজকুমাৰী আৰু ১৬৩১ চনৰ পৰা ১৬৮১ চনলৈ পাটশাহ বেগম আছিল। তেওঁ সম্ৰাট শাহ জাহান আৰু মমতাজ মহলৰ জ্যেষ্ঠ সন্তান আছিল।[1] সাধাৰণতে বেগম চাহিব বুলি উল্লিখিত বেগম জাহানাৰা দাৰা চিকো আৰু ঔৰংজেৱৰ বায়েক আছিল।[2]

পাটশাহ বেগম[সম্পাদনা কৰক]

মমতাজ মহলৰ ১৬৩১ চনত মৃত্যু হোৱাৰ পিছত, মাত্ৰ সোতৰ বছৰ বয়সত জাহানাৰাই মাকে এৰি থৈ যোৱা পাটশাহ বেগমৰ অৰ্থাৎ মোগল সাম্ৰাজ্যৰ ‘প্ৰথম নাৰী’ৰ আসনত উপবিষ্ট হৈছিল। যদিও সম্ৰাট শাহ জাহানৰ আৰু তিনিগৰাকী পত্নী আছিল, সকলোকে চেৰাই সম্ৰাটৰ আটাইতকৈ মৰমৰ জীয়ৰী জাহানাৰাই পাটশাহ বেগম হৈছিল। দেউতাকৰ শাসনকালত ৰাজনৈতিক বিষয়ত তেওঁ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেই সময়ৰ মোগল সাম্ৰাজ্যৰ আটাইতকৈ "ক্ষমতাশালী মহিলা" বুলি পৰিগণিত হৈছিল।[3]

জাহানাৰা আছিল শাহ জাহানে মোগল সাম্ৰাজ্যৰ উত্তৰাধিকাৰ হিচাপে বিচৰা দাৰা চিকোৰ উগ্ৰ সমৰ্থক। ১৬৫৭ চনত শাহ জাহান অসুখত পৰাত মোগল সাম্ৰাজ্যৰ উত্তৰাধিকাৰক লৈ কন্দল হওঁতে তেওঁ দাৰা চিকোৰ পক্ষ লৈছিল আৰু অৱশেষত যেতিয়া ঔৰংজেৱে দেউতাকক শাহ জাহানক আগ্ৰা দুৰ্গত বন্দী কৰি থৈ নিজে সম্ৰাট হ’ল, তেতিয়া জাহানাৰাই শাহ জাহানক লগ কৰিবলৈ আগ্ৰা দুৰ্গলৈ গৈছিল। দেউতাকৰ প্ৰতি সমৰ্পিত প্ৰাণ জাহানাৰাই ১৬৬৬ চনত দেউতাকৰ মৃ্ত্যু হোৱালৈকে যতন লৈছিল। পিছলৈ ঔৰংজেৱৰ সৈতে তেওঁৰ সম্পৰ্ক মধুৰ হৈছিল আৰু ইতিমধ্যে ভনীয়েক ৰোচনাৰা বেগমে উপবিষ্ট হোৱা মোগল সাম্ৰাজ্যৰ প্ৰথম নাৰী পাটশাহ বেগমৰ আসনত তেওঁ পুনৰ বহিছিল। জাহানাৰা অবিবাহিত আছিল আৰু ঔৰংজেৱৰ শাসন কালতে তেওঁৰ মৃত্যু হৈছিল।[4]

চুফীবাদৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]

ভায়েক দাৰা চিকোৰ সৈতে জাহানাৰাই ১৬৪১ চনত গুৰু মোল্লা শাহৰ ওচৰত চুফী পন্থত দীক্ষিত হয়। জাহানাৰা এগৰাকী লেখক আছিল। তেওঁ সন্ত ময়নুদ্দিন চিষ্টিৰ বিষয়ে মুনিচ অল-আৰৱা নামেৰে, এখন জীৱনী গ্ৰন্থ লিখিছিল। লগতে মোল্লা শাহৰো ৰিচালাহ-উ-সাহিবা নামৰে জীৱনী এখন লিখিছিল, য’ত মোল্লা শাহৰ ওচৰত তেওঁ দীক্ষা লোৱাৰ উল্লেখ আছে।[5] ময়নুদ্দিন চিষ্টিৰ জীৱনীখন ইয়াৰ বিচাৰ আৰু সাহিত্যিক মানদণ্ডৰ ক্ষেত্ৰত অতি উচ্চখাপৰ বুলি গণ্য কৰা হয়। মৃত্যুৰ চাৰি শতিকা পিছতো চিষ্টিয়ে জাহানাৰাক আধ্যাত্মিকতাৰ দীক্ষা দিয়া বুলি তথা সন্তগৰাকীৰ দৰগাহ আজমেৰ ভ্ৰমণ কৰাৰ উল্লেখ গ্ৰন্থখনত কৰা হৈছে। জাহানাৰাই নিজকে ফকীৰা (মহিলা চুফী অনুগামী) আখ্যা দিছে।[6]

জাহানাৰৰ মতে ভায়েক দাৰা আৰু তেৱেঁ টাইমূৰ বংশৰৰ একমাত্ৰ চুফীবাদৰ অনুগামী।[7] যদিও ঔৰংজেৱেও চুফীবাদৰ এজন অনুগামীৰূপে প্ৰশিক্ষিত আছিল। চুফী সাহিত্যৰ পৃষ্ঠপোষক ৰূপে জাহানানাৰ বহুতো ধ্ৰুপদী সাহিত্যৰ অনুবাদ আৰু টীকা-ভাষ্য ৰচনা কৰাইছিল।[8]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Begum, Jahan Ara (1613-1683)". 10 April 2009. http://nrcw.nic.in/shared/sublinkimages/90.htm. 
  2. Sana Mir (30 June 2019). "Jehan Ara's Chauburji". The News International (newspaper). https://www.thenews.com.pk/tns/detail/568025-princess-jehan-aras-chauburji. 
  3. ASHER, CATHERINE; Asher, Catherine Ella Blanshard; Asher, Catherine Blanshard; Asher, Catherine B. (1992) (en ভাষাত). Architecture of Mughal India. Cambridge University Press. পৃষ্ঠা. 265. ISBN 9780521267281. https://books.google.com/books?id=3ctLNvx68hIC&q=jahanara+death&pg=PA265. 
  4. Preston, page 285.
  5. Rizvi, Saiyid Athar Abbas (1983). A History of Sufism in India. 2. প্ৰকাশক New Delhi: Mushiram Manoharlal. পৃষ্ঠা. 481. ISBN 81-215-0038-9. 
  6. Helminski, Camille Adams (2003). Women of Sufism: A Hidden Treasure. প্ৰকাশক Boston: Shambhala. পৃষ্ঠা. 129. ISBN 1-57062-967-6. 
  7. Hasrat, Bikrama Jit (1982). Dārā Shikūh: Life and Works (second সম্পাদনা). প্ৰকাশক New Delhi: Munshiram Manoharlal. পৃষ্ঠা. 64. 
  8. Schimmel, Annemarie (1997). My Soul Is a Woman: The Feminine in Islam. প্ৰকাশক Nw York: Continuum. পৃষ্ঠা. 51. ISBN 0-8264-1014-6.