টমাছ হাৰ্ডি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টমাছ হাৰ্ডি

১৯১০-১৯১৫ চনত সময়ত হাৰ্ডি
জন্ম ২ জুন, ১৮৪০
Stinsford, Dorset, ইংলেণ্ড
মৃত্যু ১১ জানুৱাৰী, ১৯২৮ (৮৭ বছৰ)
Dorchester, Dorset, England
সমাধিস্থল
পেচা Novelist, কবি, ঔপন্যাসিক, স্থপতিবিদ
মাতৃশিক্ষায়তন King's College London
সাহিত্যিক বিপ্লৱ Naturalism, Victorian literature
উল্লেখনীয় কৰ্মৰাজি Far from the Madding Crowd
The Mayor of Casterbridge
Collected Poems
Jude the Obscure
দাম্পত্যসংগী

স্বাক্ষৰ
৭০ বছৰ বয়সত টমাছ হাৰ্ডি, উইলিয়াম ষ্ট্ৰাং এ অঁকা ছবি

টমাছ হাৰ্ডি (ইংৰাজী: Thomas Hardy, ২ জুন ১৮৪০ - ১১ জানুৱাৰী ১৯২৮)ভিক্টোৰিয়ান যুগৰ এজন প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ। ৰমন্যাসিক কবি আৰু ঔপন্যাসিক উইলিয়াম ওৱৰ্ডছৱৰ্থচাৰ্লস ডিকেন্স ৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।[1] হাৰ্ডিৰ লেখাত তৎকালিন ক্ষয়িষ্ণু গ্ৰাম্য সমাজৰ দিশটোত বেছিকৈ আলোকপাত কৰিছিল। টমাছ হাৰ্ডি প্ৰথম অৱস্থাত নিজেকে এজন কবি হিচাপে প্ৰতিষ্ঠিত কৰিছল। অৱশ্যে এজন ঔপন্যাসিক হিচাপেহে তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে।[2]

জন্ম আৰু প্ৰাৰম্ভিক কাল[সম্পাদনা কৰক]

টমাছ হাৰ্ডিৰ জন্ম হয় ১৮৪০ খ্ৰিষ্টাব্দৰ ২ জুন তাৰিখে। জন্মস্থান ডৰছেটশ্বায়াৰ। হাৰ্ডিৰ পিতৃ বৃত্তিত এজন শিলাকুটি আৰু স্থপতিবিদ আছিল যদিও তেওঁ হাৰ্ডিক গিৰ্জাৰ যাজক কৰিবলৈ মন মেলিছিল। কিন্তু হাৰ্ডি তেওঁৰ পিতৃৰ বৃত্তিৰ প্ৰতিহে আকৰ্ষিত হৈছিল। ১৮৪৮ চনৰপৰা ১৮৫৪ চনৰ ভিতৰত তেওঁ প্ৰাথমিক স্কুলীয়া শিক্ষা সাং কৰে। ১৮৫৬ চনত তেওঁ মি. হিক্‌ছ নামৰ এজন স্থপতিবিদৰ লগত গিৰ্জাৰ নক্সা তৈয়াৰ কৰা কামত মনোনিৱেশ কৰে। এই কামত দিহিঙে-দিপাঙে ঘূৰি ফুৰাৰ সময়ত তেওঁ প্ৰকৃতিৰ নিসৰ্গ সুন্দৰ জগতখনত বিচৰণ কৰাৰ বিৰল সুবিধা লাভ কৰে। ১৮৫৯ চন মানৰপৰা তেওঁ তেওঁৰ প্ৰিয় বিষয় কবিতাত মন দিয়ে যদিও তাৰ মাজতে তেওঁ লণ্ডনলৈ যায় আৰু তাত স্থাপত্যবিদ্যাত কেইবাটাও পুৰস্কাৰ লাভ কৰে।

সাহিত্য চৰ্চা[সম্পাদনা কৰক]

১৮৬৭ চনত সেই কালৰ প্ৰখ্যাত সাহিত্যিক জৰ্জ মেৰেডিথৰ লগত তেওঁৰ বন্ধুত্ব হয়। এইজন সাহিত্যিকৰ প্ৰেৰণাৰে উদ্বুদ্ধ হৈ সেই বছৰতেই হাৰ্ডিয়ে স্থাপত্যবিদ্যা ত্যাগ কৰি সাহিত্য সাধনাত লাগে। ১৮৭১ চনত তেওঁৰ প্ৰথম উপন্যাস 'Desperate Remedies' প্ৰকাশ পায়। এইখন উপন্যাসে অৱশ্যে পঢ়ুৱৈতকৈও সমালোচকসকলকহে সৰৱ কৰি তুলিছিল। ইয়াৰ পাছত ‘Under the Greenwood Tree' (১৮৭২), 'A Pair of Blue Eyes' (১৮৭৩), 'Far From Madding Crowd' (১৮৭৪) এই তিনিখন উপন্যাসে তেওঁক যশ আৰু খ্যাতিৰ শিখৰলৈ লৈ যায়। ১৮৭৭ চনত তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ উপন্যাস 'Return of the Native' প্ৰকাশ হয়। ইয়াৰ পাছত ১৮৮০ চনৰপৰা ১৮৯১ চনৰ ভিতৰত তেওঁ “The Trumpet-Major', 'A Laodicean', 'Two on a Tower', 'The Mayor of Casterbridge', 'The Woodlanders', আৰু ‘The Wessex Tales'—এই ছখন উপন্যাস ৰচনা কৰি ইউৰোপৰ পঢ়ুৱৈৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। ১৮৯১ চনত 'A Group of Noble Dames' আৰু 'Tess of the D'Urbervilles' ৰচনা কৰি পঢ়ুৱৈ আৰু সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰে। 'Jude the Obscure' (১৮৯৬) আৰু 'The Well-Beloved' (১৮৯৭) তেওঁৰ দুখন শেষ উপন্যাস। [3]

পঁচপন্ন বছৰ বয়সত হাৰ্ডিয়ে তেওঁৰ প্ৰিয় কবিতাৰ জগতখনলৈ ঘূৰি যায় আৰু ১৯০৩ চনত তেওঁৰ 'The Dynasts' নামৰ মহাকাব্যধৰ্মী সুদীৰ্ঘ কাব্যগ্ৰন্থখনি প্ৰকাশ হয় (তিনিটা খণ্ডত)। যুদ্ধৰ বিভীষিকা, হতাশা আৰু আতংকৰ পৰিশীলিত বৰ্ণনাৰে এই বিশাল কাব্যনাট্যই (epic drama) সমগ্ৰ ইউৰোপৰ আকাশ-বতাহ মুখৰিত কৰিলে। ১৯০৯ চনত তেওঁৰ ‘Time's Laughing Stocks and Other Verses', ১৯১৪ চনত 'Satire of Circumstances', আৰু ১৯১৭ চনত 'His Moments of Vision' প্ৰকাশিত হয়। ১৯২২ চনত তেওঁৰ 'Late Lyrics and Earlier' প্ৰকাশিত হয়। ইয়াৰ পাছত পঁচাশী বছৰ বয়সত হাৰ্ডিয়ে নাটক ৰচনাত হাত দিয়ে। ১৯২৩ চনত তেওঁ প্ৰখ্যাত বিয়োগাত্মক নাটক “The Queen of Cornwall', ১৯২৫ চনত ‘Human Shows', আৰু ১৯২৮ চনত ‘Winter Words in Various Moods and Metres' প্ৰকাশ কৰি সাহিত্য জগতলৈ অমূল্য অৱদান আগ বঢ়ায়। ১৯২৮ চনত এইজন প্ৰসিদ্ধ ঔপন্যাসিক-কবিৰ মৃত্যু হয়।[3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Dennis Taylor, "Hardy and Wordsworth". Victorian Poetry, vol.24, no.4, Winter, 1986.
  2. https://www.oxford-royale.co.uk/articles/guide-britains-famous-writers-history.html
  3. 3.0 3.1 বন্দিতা গোস্বামী শইকীয়া (অনুবাদ) (২০০৬). কেষ্টাৰব্ৰিজৰ মেয়ৰ. প্ৰকাশক গুৱাহাটী: শৰাইঘাট প্ৰকাশন. পৃষ্ঠা. পাতনি. ISBN 81-87611-95-2.