ভৱানন্দ দত্ত
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ভৱানন্দ দত্ত | |
---|---|
জন্ম | ২ জুন, ১৯১৯ যোৰহাট |
মৃত্যু | ৩ আগষ্ট, ১৯৫৯ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত স্নাতকোত্তৰ (১৯৪৪) |
বিষয় | সমালোচনা সাহিত্য |
ভৱানন্দ দত্ত (১৯১৯-১৯৫৯) একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্মনামেৰে তেওঁ অসমীয়া কবিতা লিখিছিল আৰু বাটকটীয়া হিচাপে পৰিগণিত হৈছিল।[1]
জন্ম
[সম্পাদনা কৰক]তেখেতৰ জন্ম হয় ১৯১৯ চনৰ জুন মাহৰ ২ তাৰিখে যোৰহাটত। পিতৃৰ নাম সৰ্বানন্দ দত্ত আৰু মাতৃৰ নাম মনোমোহিনী দত্ত।[1]
শিক্ষা
[সম্পাদনা কৰক]১৯৩৬ চনত বজালী হাইস্কুলৰপৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ। একেটা বছৰেত কটন কলেজৰ আই.এ শ্ৰেণীত নামভৰ্তি। ১৯৩৮ চনত কটন কলেজৰপৰা লজিকত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত আই.এ উত্তীৰ্ণ। ১৯৪০ চনত কটন কলেজৰপৰা দৰ্শনত অনাৰ্ছ লৈ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতক ডিগ্ৰী অৰ্জন আৰু কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে। তেখেতে ১৯৪২ চনত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে এম.এ চূড়ান্ত পৰীক্ষা দিয়াৰপৰা বিৰত থাকে। ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা দৰ্শনত প্ৰথম শ্ৰেণীৰ এম.এ. ডিগ্ৰী লাভ কৰে। একে বছৰতে ৰঘুনাথ চৌধাৰী সম্পাদিত জয়ন্তী আলোচনীত নচিকেতা নামত কবিতা লিখি আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া হিচাপে বিশেষ পৰিচিতি লাভ কৰে।[1]
কৰ্ম আৰু সামাজিক জীৱন
[সম্পাদনা কৰক]১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা দৰ্শনত প্ৰথম শ্ৰেণীৰ এম.এ. ডিগ্ৰী লাভ কৰি নলবাৰী কলেজত দৰ্শনৰ প্ৰবক্তা হিচাপে যোগদান। ১৯৪৬ চনত তেখেতে ভাৰত চৰকাৰৰ মেধা বৃত্তি লাভ কৰে। পুনৰ ১৯৪৭ লণ্ডন বিশ্ববিদ্যালয়ত শিশু মনস্তত্ত্বত গৱেষণা আৰম্ভ কৰে। ১৯৪৮ কমিউনিষ্ট দেশ চেকশ্ল’ভেকিয়াৰ প্ৰাগ চহৰত ইউনেস্কই পতা এখন আলোচনাচক্ৰত ভাগ ল'বলৈ যোৱাৰ অভিযোগত স্বদেশলৈ উভতি আহিবলৈ ভাৰত চৰকাৰৰ কঠোৰ নিৰ্দেশ তেখেতলৈ আহে। ১৯৪৯ চনত গৱেষণাৰ কাম আধৰুৱাকৈ এৰি অসমলৈ প্ৰত্যাৱৰ্তন কৰে। দৰ্শনৰ ছাত্ৰী আৰু পাছত অধ্যাপক পদত অধিষ্ঠিত হোৱা নীলিমা হাজৰিকাৰ সৈতে তেখেতৰ বিবাহ হয়। তেখেত কটন কলেজত দৰ্শনৰ প্ৰবক্তা হিচাপে যোগদান আৰু কিছুদিন এইকলেজত শিক্ষকতা কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত প্ৰবক্তা হিচাপে নিযুক্ত হয়। ১৯৫২ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয় আৰু ১৯৫৭ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে পুনৰবাৰ লোকসভাৰ নিৰ্বাচনত বৰপেটা সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয়। ১৯৫৯ চনত কেন্সাৰ ৰোগত তিনিবছৰ কাল আক্ৰান্ত হৈ থাকি আগষ্ট মাহৰ তিনি তাৰিখে তেখেতে শেষ নিঃশ্বাস ত্যাগ কৰে।[1]
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]ফিলছফি ইন ইণ্ডিয়া ভবানন্দ দত্তৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থ। বাকীকেইখন মৰণোত্তৰভাৱে প্ৰকাশিত।[1]
সমালোচনা
[সম্পাদনা কৰক]- ৰবীন্দ্ৰ প্ৰতিভা, ১৯৬০
- অসমীয়া কবিতাৰ কাহিনী, ১৯৬৯
- অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন, ১৯৮৭
দৰ্শন
[সম্পাদনা কৰক]- ফিলছফি এণ্ড ইণ্ডিয়া, ১৯৫৯
- দৃষ্টি আৰু দৰ্শন, ১৯৬৩
কমিউনিষ্ট মেনিফেষ্টোৰ অসমীয়া অনুবাদ[2]