বীৰেন্দ্ৰ কুমাৰ ফুকন
| বীৰেন্দ্ৰ কুমাৰ ফুকন | |
|---|---|
| জন্ম | ২৭ ছেপ্টেম্বৰ, ১৯২২ ডিব্ৰুগড় |
| মৃত্যু | ২২ নৱেম্বৰ, ১৯৯২ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | সংগীতজ্ঞ |
বীৰেন্দ্ৰ কুমাৰ ফুকন (ইংৰাজী: Birendra Kumar Phukan) অসমৰ এজন শাস্ত্ৰীয় সংগীতজ্ঞ। ১৯২২ চনৰ ২৭ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা ফুকন শৈশৱৰ পৰাই সংগীতৰ প্ৰতি অনুৰাগ আছিল। যোৰহাটত স্কুলীয়া শিক্ষা শেষ কৰি উচ্চশিক্ষাৰ বাবে তেখেত কলকাতালৈ গৈছিল। তাতেই তেওঁ সংগীতৰ এক বহল ক্ষেত্ৰ লাভ কৰিছিল। তেওঁ উচ্চাংগ সংগীতৰ শিল্পী তাৰকপদ চক্ৰৱৰ্তীৰ শিষ্যত্ব গ্ৰহণ কৰি কিছুদিন তেখেতৰ ওচৰত সংগীতৰ শিক্ষা লৈছিল যদিও ৰাগ সংগীত প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে শিকিবলৈ লক্ষ্ণৌলৈ যায়। তাতেই সুদীৰ্ঘ ৭ বছৰ মৰিছ কলেজ অব্ মিউজিকত শিক্ষা গ্ৰহণ কৰি ১৯৪৪ চনত ফুকনে প্ৰি পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ভাট খাণ্ডে মেম'ৰিয়েল স্বৰ্ণপদক লাভ কৰে। কলকাতা আৰু লক্ষ্ণৌত থাকোঁতেই তেওঁ আকাশবাণীৰ যোগেদি নিয়মিতভাৱে উচ্চাংগ আৰু লঘু সংগীত পৰিবেশন কৰিছিল। ১৯৪৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত বীৰেন্দ্ৰ কুমাৰ ফুকনে ইয়াৰ সংগীত বিভাগৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৭৪ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কেন্দ্ৰ সঞ্চালকৰূপে দায়িত্ব গ্ৰহণ কৰি ভাৰতীয় আৰু অসমীয়া থলুৱা সংগীতক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰভুত অৰিহণা যোগায়। এইগৰাকী বিশিষ্ট অনাতাঁৰ সম্প্ৰসাৰকে ১৯৭৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰূপে কাৰ্যভাৰ গ্ৰহণ কৰি ১৯৮০ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1]
বীৰেন্দ্ৰ কুমাৰ ফুকনৰ সংগীত বিষয়ক কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল— ৰাগ সংগীত, স্ব-ৰেখাত বৰগীত, তাক ধিনাধিন তবলা বজাও, সাংগীতিকী, গাও অহা সাৰেগামা ইত্যাদি। ফুকনৰ জীৱনাৱসান ঘটে ১৯৯২ চনৰ ২২ নৱেম্বৰত।[1]