ঋতুপৰ্ণ ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঋতুপৰ্ণ ঘোষ

২০১০ চনত ঋতুপৰ্ণ ঘোষ
জন্ম ৩১ আগষ্ট, ১৯৬৩
কলকাতা, পশ্চিমবংগ, ভাৰত
মৃত্যু ৩০ মে', ২০১৩ (৪৯ বছৰ)
কলকাতা, পশ্চিমবংগ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম ঋতু
পেচা পৰিচালক, অভিনেতা, লেখক, গীতিকাৰ
সক্ৰিয় হৈ থকা সময় ১৯৯২–২০১৩

ঋতুপৰ্ণ ঘোষ (ইংৰাজী: Rituparno Ghosh; ৩১ আগষ্ট ১৯৬৩ – ৩০ মে' ২০১৩) আছিল ভাৰতৰ এক চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ।[1] ঋতুপূৰ্ণ ঘোষৰ জন্ম হয় ৩১ আগষ্ট ১৯৬৩ চনত কলকাতাত। ১২খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰা ঋতুপৰ্ণ ঘোষৰ জীৱন ইমান সহজ নাছিল। ঊনিশে এপ্ৰিল, হিৰেৰ আংটি, দহন, অন্তহীন অপেক্ষা ইত্যাদি ঋতুপৰ্ণ ঘোষে পৰিচালনা কৰা বোলছবিৰ ভিতৰত অন্যতম। যাদবপুৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি বিজ্ঞাপন কোম্পানীৰ ক্ৰিয়েটিভ্ আৰ্টিষ্ট হিচাপত কৰ্মজীৱনৰ আৰম্ভণি কৰে। তেওঁৰ প্ৰথম ছবি 'ঊনিশে এপ্ৰিল' ১৯৯৪ চনত মুক্তি লাভ কৰে। তেওঁৰ ছবিৰ বিষয়বস্তু আছিল বৈধব্য, লৈঙ্গিক অসমতা আৰু অবিচাৰ, বৈকল্পিক যৌন আকাংক্ষা আদি। তেওঁৰ বোলছবি 'চিত্ৰাঙ্গদা: দ্য ক্ৰাউনিং উইছ'-ক আংশিকৰূপত তেওঁৰ আত্মজীৱনী বুলি কোৱা হয়।[2][3] ঋতুপৰ্ণ ঘোষৰ ৩০ মে' ২০১৩ তাৰিখে দেহাৱসান ঘটে।[4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৬৩ চনৰ ৩১ আগষ্টত ঋতুপৰ্ণ ঘোষৰ জন্ম হয়। তেওঁৰ মাক-দেউতাক উভয়ে চলচ্চিত্ৰ জগতেৰ সৈতে জড়িত আছিল। দেউতাক সুনীল ঘোষ এজন তথ্যচিত্ৰ নিৰ্মাতা তথা চিত্ৰকৰ আছিল।[5] তেওঁ চাউথ পইণ্ট হাইস্কুলৰ ছাত্ৰ আছিল। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতিৰ স্নাতক উপাধি লৈছিল।[6] সেই একে বিশ্ববিদ্যালয়ৰ পৰা তেওঁ একে বিষয়ত স্নাতকোত্তৰ উপাধি লৈছিল।[7]

ঘোষ আছিল ভাৰতৰ এলজিবিটি সমাজৰ এক বিশিষ্ট ব্যক্তিত্ব। জীৱনৰ শেষ সময়খিনিত তেওঁ ৰূপান্তৰকামী জীৱনযাত্ৰাৰ বিষয়ে নানা পৰীক্ষা-নিৰিক্ষা কৰিছিল। তেওঁ নিজৰ সমকামী সত্তাটোক মুকলিভাবে স্বীকাৰ কৰিছিল, যিটো ভাৰতীয় চলচ্চিত্ৰ জগতত তেনেই বিৰল নিদৰ্শন।[8][9][10]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

বৰ্ষ শিৰোনাম ভাষা ভূমিকা টোকা উৎস
পৰিচালনা চিত্ৰনাট্য অভিনয়
1992 হীৰেৰ আঙটি বঙালী হয় হয় Directorial debut, based on Shirshendu Mukhopadhyay's novel
1994 ঊনিশে এপ্ৰিল বঙালী হয় হয়
1997 বাহান্ন এপিচ'ড বঙালী হয় হয় TV series
দহন বঙালী হয় হয়
1999 বাড়ীৱালী বঙালী হয় হয়
অসুখ বঙালী হয় হয় National Film Award for Best Feature Film in Bengali
2000 ঊৎসৱ বঙালী হয় হয় National Film Award for Best Direction
2001 অভিনয় বঙালী হয় হয় Telefilm [11]
2002 টিটলি বঙালী হয় হয়
2003 শুভ মুহূৰত বঙালী হয় হয়
চোখেৰ বালি বঙালী হয় হয় National Film Award for Best Feature Film in Bengali
ৰেইনকোট হিন্দী হয় হয় National Film Award for Best Feature Film in Hindi
2005 অন্তৰমহল বঙালী হয় হয়
2006 দোসৰ বঙালী হয় হয় National Film Awards – Special Jury AwardProsenjit Chatterjee
? এক নম্বৰ মালতীবালা লেন বঙালী হয়
2007 The Last Lear ইংৰাজী হয় হয়
2008 খেলাা বঙালী হয় হয়
সব চৰিত্ৰ কাল্পনিক বঙালী হয় হয় National Film Award for Best Feature Film in Bengali
2010 আবহমান বঙালী হয় হয়
আৰেকটি প্ৰেমেৰ গল্প বঙালী হয় Directed by Kaushik Ganguly, dealt with queer relationship
Memories in March ইংৰাজী হয় হয় National Film Award for Best Feature Film in English
মুম্বই কাটিং হিন্দী হয় [12]
2010-11 গানেৰ ওপাৰে বঙালী হয় Television series aired by Star Jalsha; aired 251 episodes.
2011 নৌকাডুবি বঙালী হয় হয় He dubbed for Amu Chatterjee
2012 চিত্ৰঙ্গদা বঙালী হয় হয় হয় National Film Awards – Special Jury Award
2013 তাহাৰ নামটি ৰঞ্জনা বঙালী হয় হয় Unfinished 13-episodic television series reviving Ranga Pishima's character from Shubho Mahurat. Star Jalsha telecasted the only finished episode posthumously.
জীৱন স্মৃতি বঙালী হয় হয় হয় Documentary on Rabindranath Tagore's life, produced by the Ministry of Culture.[13] Telecasted posthumously by Doordarshan.[14]
সত্যান্বেষী বঙালী হয় হয় Released posthumously.
চানগ্লাচ হিন্দী হয় হয় Released posthumously at the 19th Kolkata International Film Festival inauguration in 2013.

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Rituparno Ghosh: Indian film director dies age 49". The Guardian. 30 May 2013. https://www.theguardian.com/film/2013/may/30/rituparno-ghosh-indian-film-director-dies. 
  2. "Rituparno, tender as night: Raja Sen salutes the talent". Rediff. 30 May 2013. http://www.rediff.com/movies/column/rituparno-tender-as-night-raja-sen-salutes-the-talent/20130530.htm. 
  3. "Rituparno Ghosh, trailblazer of new wave Bengali cinema, dies". The Times of India. 30 May 2013. Archived from the original on 8 June 2013. https://web.archive.org/web/20130608082614/http://articles.timesofindia.indiatimes.com/2013-05-30/news-interviews/39627997_1_rituparno-ghosh-chokher-bali-national-film-award. 
  4. "Rituparno Ghosh's canvas was both intimate and profoundly cinematic". https://caravanmagazine.in/reviews-and-essays/home-and-world। আহৰণ কৰা হৈছে: 15 June 2019. 
  5. "Rituparno Ghosh biography". Calcutta Web. Archived from the original on 9 June 2013. https://web.archive.org/web/20130609050638/http://www.calcuttaweb.com/cinema/rituparnoghosh.shtml। আহৰণ কৰা হৈছে: 30 May 2013. 
  6. "Rituparno Ghosh: Bengal's brave, young director". NDTV. 30 May 2013. http://www.ndtv.com/article/people/rituparno-ghosh-bengal-s-brave-young-director-373126. 
  7. Ghosh, Palash (30 May 2013). "Renowned Indian Filmmaker And Gay Icon Rituparno Ghosh Dies at 49". International Business Times. http://www.ibtimes.com/renowned-indian-filmmaker-gay-icon-rituparno-ghosh-dies-49-1284615। আহৰণ কৰা হৈছে: 1 June 2013. 
  8. Ghosh, Palash (30 May 2013). "Renowned Indian Filmmaker And Gay Icon Rituparno Ghosh Dies at 49". International Business Times. http://www.ibtimes.com/renowned-indian-filmmaker-gay-icon-rituparno-ghosh-dies-49-1284615। আহৰণ কৰা হৈছে: 1 June 2013. 
  9. "Rituparno Ghosh's passing away a great loss to Lesbian, Gay, Bisexual community: Onir". The Indian Express. 30 May 2013. http://www.indianexpress.com/news/rituparno-ghoshs-passing-away-a-great-loss-to-lesbian-gay-bisexual-community-onir/1122764/। আহৰণ কৰা হৈছে: 1 June 2013. 
  10. Moitra, Sumit (31 May 2013). "Rituparno Ghosh, an icon for LGBT community". DNA India. http://www.dnaindia.com/india/1841763/report-rituparno-ghosh-an-icon-for-lgbt-community। আহৰণ কৰা হৈছে: 1 June 2013. 
  11. "Rituparno Ghosh on His First Telefilm" (en ভাষাত). www.youtube.com. https://www.youtube.com/watch?v=JC9TSFKi8mI। আহৰণ কৰা হৈছে: 29 December 2019. 
  12. "Mumbai Cutting (2011)" (en ভাষাত). www.filmaffinity.com. https://www.filmaffinity.com/ca/film661107.html। আহৰণ কৰা হৈছে: 7 March 2020. 
  13. "Rituparno Ghosh's last film on DD". Indian Express. 16 August 2013. http://archive.indianexpress.com/news/rituparno-ghosh-s-last-film-on-dd/1155427/. 
  14. "Celebrating Tagore". The Hindu. 7 August 2013. https://www.pressreader.com/india/the-hindu/20130807/282346857440878.