সমললৈ যাওক

ঋতুপৰ্ণা সেনগুপ্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Rituparna Senguptaৰ পৰা পুনঃনিৰ্দেশিত)
ঋতুপৰ্ণা সেনগুপ্ত

ঋতুপৰ্ণা সেনগুপ্ত ২০২০ চনত
জন্ম ঋতুপৰ্ণা সেনগুপ্ত
৭ নৱেম্বৰ, ১৯৭০ (৫৫ বছৰ)[1]
কলকাতা, পশ্চিমবঙ্গ
শিক্ষানুষ্ঠান কলকাতা বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৮৯ চনৰ পৰা বৰ্তমানলৈ
সংস্থা ভাৱনা আজ ও কাল[2]
দাম্পত্যসঙ্গী সঞ্জয় চক্ৰৱৰ্তী (বিবাহ.১৯৯৯)
সন্তান
ৱেবছাইট
www.rituparna.com

ঋতুপৰ্ণা সেনগুপ্ত (ইংৰাজী: Rituparna Sengupta; জন্ম ৭ নবেম্বৰ, ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।[3][4] বঙালী চলচ্চিত্ৰৰ এগৰাকী সফল অভিনেত্ৰী হিচাপে তেওঁ ১৯৯০ৰ দশকত বক্স অফিচৰ শিখৰত আৰোহণ কৰিছিল।[5] তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দুটা ফিল্মফেয়াৰ বঁটা আৰু চাৰিটা ‘বেংগল ফিল্ম জাৰ্ণেলিষ্ট্‌ছ এছ’চিয়েশ্যন বঁটা’ (BFJA) আৰু চাৰিটা ‘আনন্দলোক বঁটা’ লাভ কৰিছে।[6][7][8]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ঋতুপৰ্ণাৰ সৰুৰে পৰা শিল্পকলা, যেনে― চিত্ৰাংকণ, গীত-নৃত্য, হস্তকলা আদিৰ প্ৰতি আগ্ৰহ আছিল। তেওঁ কাৰ্মেল হাইস্কুলত পঢ়া-শুনা কৰে। তাৰপিছত লেডী ব্ৰেবোৰ্ণ কলেজৰ পৰা ইতিহাসত স্নাতক উপাধি লয়। আধুনিত ইতিহাস বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত কলকাতা বিশ্ববিদ্যালয়ত নাম লগায় যদিও অভিনয়ত মনোযোগ দিয়াত পঢ়া আধৰুৱা হৈ ৰয়।[9][10]

কৰ্মজীৱন

[সম্পাদনা কৰক]

অভিনেতা কুশল চক্ৰৱৰ্তীৰ ভনীয়েক অনিন্দিতা আছিল ঋতুপৰ্ণা সেনগুপ্তৰ সহপাঠী। তাৰ সুবাদতে তেওঁ বঙালী টেলিভিচন ধাৰাবাহিক ‘শ্বেত কপোত’ত (১৯৮৯) কুশল চক্ৰৱৰ্তীৰ বিপৰীতে অভিনয়ৰ সুযোগ পায়। কলকাতাৰ সৰু পৰ্দাত তেতিয়া লাৱণী সৰকাৰ আৰু ইন্দ্ৰানী হালদাৰৰ দপদপনি। সেইবাবেই কিছু ধাৰাবাহিকত অভিনয়ৰ প্ৰস্তাৱ আহিলেও জনপ্ৰিয়তা আধৰুৱা হৈয়ে থাকি যায়।[11]

১৯৯০ চনত শিশিৰ মজুমদাৰৰ ‘শেষ চিঠি’ ছবিত কুশল চক্ৰৱৰ্তীৰ বিপৰীতে অভিনয়ৰ প্ৰস্তাৱ আহে। এই ছবিত অভিনয় কৰি থকা সময়তে প্ৰভাত ৰায়ৰ ‘শ্বেত পাথৰেৰ থালা’ত অভিনয় কৰাৰ আমন্ত্ৰণ আহে। তেওঁ তেতিয়া স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰী। ‘শ্বেত পাথৰেৰ থালা’ৰ বিপুল সাফল্যৰ পিছত তেওঁ আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই। ১৯৮৪ চনত তেওঁ প্ৰসেনজিৎ চট্টোপাধ্যায়ৰ বিপৰীতে ‘নাগপঞ্চমী’ত আৰু চিৰঞ্জিত চক্ৰৱৰ্তীৰ বিপৰীতে ‘লাল পান বিবি’ত অভিনয় কৰে। কুশল চক্ৰৱৰ্তীৰ সৈতে অভিনয় কৰা ‘শেষ চিঠি’ নামৰ ছবিখনো সেই বছৰো মুক্তি পায়। ‘সুজন সখী’, ‘নাগপঞ্চমী’, ‘মনেৰ মানুষ’, ‘সংসাৰ সংগ্ৰাম’ আদি ছবিয়ে প্ৰভুত জনপ্ৰিয়তা পায়। মুম্বাইত তেওঁ হেমা মালিনীৰ সৈতে ‘মোহিনী’ নামে টেলিফিল্ম এখনতো অভিনয় কৰে। ইয়াৰোপৰি ‘তিচৰা কৌন’ (১৯৯৪) নামৰ এখন হিন্দী ছবি এখনতো নায়িকাৰ ভূমিকাত অভিনয় কৰে।[12]

ঋতুপৰ্ণ ঘোষৰ ‘দহন’ (১৯৯৭), ‘উৎসৱ’ (২০০০), অপৰ্ণা সেনৰ ‘পাৰমিতাৰ একদিন’ (২০০০) আৰু বুদ্ধদেৱ দাশগুপ্তৰ ‘মন্দ মেয়েৰ উপাখ্যান’ত কৰা তেওঁৰ কামে বিদ্বৎ মহলৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। ‘দহন’ ছবিত ধৰ্ষণৰ চিকাৰ এক নৱবিবাহিতা মহিলা ৰোমিতাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[11]

বাংলাদেশৰ ছবিত অভিনয় কৰি সেই দেশতো তেওঁ সমানে জনপ্ৰিয়তা আৰু খ্যাতি লাভ কৰিছে। কিন্তু ‘সাগৰিকা’ ছবিৰ বাবে তেওঁ ব্যপক সমালোচনাৰ সন্মুখীন হয়। তেওঁ ওড়িছী আৰু মণিপুৰী নৃত্য উভয়তে পাৰ্গত। তেওঁৰ ভাৱনা আজ ও কাল নামেৰে এটা নাচৰ দলো আছে। এই দলটোৱে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘চিত্ৰাঙ্গদা’, ‘চণ্ডালিকা’, ‘শ্যামা’, ‘মায়াৰ খেলা’ আদি নৃত্য-নাটিকা আৰু অন্যান্য আধুনিক নৃত্যানুষ্ঠান পৰিবেশন কৰি খ্যাতি লাভ কৰিছে। তেওঁৰ ‘প্ৰিজম এণ্টাৰটেইনমেণ্ট’ নামৰ এটা প্ৰযোজনা সংস্থাও আছে।[13]

আনন্দলোক আৰু বাংলাদেশৰ হৃদয় পত্ৰিকাৰ তেওঁ নিয়মিত স্তম্ভলেখক। ২০১৬ চনত প্ৰাক্তন নামৰ ছবিখনত পুনৰায় তেওঁক প্ৰসেনজিতৰ সৈতে জুটি বন্ধা দেখা যায়।[13]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Did you know acting wasn’t the first choice for Rituparna?". The Times of India. https://www.timesofindia.com/entertainment/bengali/movies/did-you-know/did-you-know-acting-wasnt-the-first-choice-for-rituparna/articleshow/76355801.cms আহৰণ কৰা হৈছে: 1 November 2020.
  2. "ED questions Rituparna Sengupta over Rose Valley scam - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/ed-questions-rituparna-sengupta-over-rose-valley-scam/articleshow/70288827.cms আহৰণ কৰা হৈছে: 2019-08-08.
  3. "She's bold & beautiful". The Telegraph (Calcutta, India). 3 November 2012. http://www.telegraphindia.com/1121103/jsp/entertainment/story_16152170.jsp#.UoJjenDPVV4.
  4. Bindloss, Joe (2009). Northeast India. Lonely Planet. পৃষ্ঠা. 59. ISBN 9781741793192. https://books.google.com/books?id=D_bYWjJOe9cC&pg=PA59.
  5. "Why Rituparna Sengupta is the queen of versatility" (en-US ভাষাত). Outlook Business Wow. Archived from the original on 6 November 2019. https://web.archive.org/web/20191106020430/https://wow.outlookbusiness.com/rituparna-sengupta/ আহৰণ কৰা হৈছে: 6 November 2019.
  6. "Bold & beautiful". 19 February 2013. http://www.newindianexpress.com/entertainment/2013/feb/19/bold--beautiful-451983.html.
  7. "I don't want to lose grip on Tollywood: Rituparna Sengupta". 24 August 2010. https://www.deccanherald.com/content/91010/i-dont-want-lose-grip.html.
  8. "Interview with Prosenjit and Rituparna". ABP AnandaYouTube. 14 May 2016. https://www.youtube.com/watch?feature=youtu.be&v=gotsW2zKUuU.
  9. "An interview with Rituparna Sengupta". Rediff.com. https://www.rediff.com/movies/1999/aug/05ritu.htm আহৰণ কৰা হৈছে: 2018-12-27.
  10. "Rituparna Sengupta Full Biography". Gomolo.com. http://www.gomolo.in/People/PeopleBiographyUser.aspx?pplid=11837&bioID=696398.[সংযোগবিহীন উৎস]
  11. 1 2 "হাফসেঞ্চুৰি হলেও তাৰ আবেদনময়ী ৰূপে এখন ঘুম হয় না ভক্তদেৰ". Bangla Express. 26-1-2021. Archived from the original on 20 February 2021. https://web.archive.org/web/20210220205922/https://www.banglaexpress.in/2021/01/26/59589.html আহৰণ কৰা হৈছে: 20 February 2021.
  12. "Bold & beautiful". The New Indian Express. 19-2-2013. https://www.newindianexpress.com/entertainment/2013/feb/19/bold--beautiful-451983.html আহৰণ কৰা হৈছে: 20 February 2021.
  13. 1 2 Shoma A Chatterji. "Bright 'n' beautiful". https://www.rediff.com/. https://www.rediff.com/entertai/1999/aug/05ritu.htm আহৰণ কৰা হৈছে: 20 February 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]