সমললৈ যাওক

মোৰ জীৱন সোঁৱৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোৰ জীৱন সোঁৱৰণ  
লেখক লক্ষ্মীনাথ বেজবৰুৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশ ১৯৯৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১২৬

মোৰ জীৱন সোঁৱৰণ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী৷ “অসমীয়া সাহিত্যৰ প্ৰত্যেক কোঠালিতে প্ৰতিভাৰ বন্তি জ্বলাওঁতা, অসমীয়াক জাতীয়তাৰে অনুপ্ৰাণিত কৰোঁতা, অসমীয়া সাহিত্যৰ প্ৰধান ওজা শক্তিমন্ত্ৰ যুঁজাৰু অসমীয়া সহিত্যৰ মেধাস্বৰূপ, প্ৰাণস্বৰূপ এটি যুগৰ বতৰা কওঁতা লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কৈও অন্ত পাবলৈ নাই, লিখি শেষ কৰিবলৈয়ো ভাগৰ লাগে৷’’[1] এনে এগৰাকী সাহিত্যিকৰ এই আত্মজীৱনীখনৰ প্ৰথম তাঙৰণ উলিয়াইছিল, ১৯৪৪ চনত, মাধব চন্দ্ৰ বেজবৰুৱাই৷ আত্মজীৱনীখন উছৰ্গা কৰিছে মাতৃ ঠানেশ্বৰী দেৱীৰ কৰকমলত আৰু এইখন তেওঁৰ পিতাকৰ জীৱন চৰিত বুলিছে৷ উছৰ্গাত এনেদৰে আছে,

“পৰম পূজনীয় আই, শ্ৰীমতী ঠানেশ্বৰী দেৱীৰ কৰকমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীৱন চৰিত অৰ্পন কৰিলোঁ৷ লক্ষ্মীনাথ৷’’[2] বেজবৰুৱাৰ আত্মজীৱনীখনৰ প্ৰথম ভাগটোত আঠোটা অধ্যায়, দ্বিতীয় ভাগত দহটা অধ্যায় আৰু পৰিশিষ্টত সন্নিৱিষ্ট “মোৰ মৃগয়া’’ আৰু “মোৰ মাতৃমুখ দৰ্শন’’ত ছটাকৈ অধ্যায় আছে৷

বিষয়বস্তুৰ সংক্ষিপ্ত বিৱৰণ

[সম্পাদনা কৰক]

“মোৰ জীৱন সোঁৱৰণ’’ কিতাপখন দুটা ভাগত বিভক্ত আৰু পৰিশিষ্টত দুটা ভাগ পিছত সংযোগ কৰা আছে৷ “বাঁহী’’ আলোচনীত তেখেতৰ চৌৱন্ন বছৰ বয়সত জীৱন সোঁৱৰণী লিখিবলৈ লয় আৰু দুবছৰ খণ্ড খণ্ডকৈ লিখি পিছত বন্ধ কৰি আকৌ বন্ধুমহলৰ অনুৰোধত লিখিবলৈ লয় যদিও শেষৰ ডেৰকুৰি বছৰৰ কথা ইয়াত লিপিবদ্ধ হোৱা নাই৷[3] এই আত্মজীৱনীখন কলেৱৰত সৰু যদিও সেই সময়ছোৱাৰ দলিলস্বৰূপ৷ আত্মজীৱনীখনৰ প্ৰথম ভাগত থকা আঠটা অধ্যায়ৰ প্ৰথমটো অধ্যায়ৰ আৰম্ভণি কৰা হৈছে তেওঁৰ স্বভাৱসুলভ লেখন শৈলীৰে এনেদৰে,

“কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল, মোৰ মনত নাই পিতৃ-মাতৃৰ মুখৰ পৰা সেইটো শুনিছিলোঁ যদিও পাহৰিলোঁ৷........কাৰোবাক লাগিলে এই শক তাৰিখটোকে এইখিনিতে দিব পাৰোঁ, যথা -- ১৮৬৮ খৃষ্টাব্দ’’

বুলি তেওঁ জন্ম চন-তাৰিখৰ অসাৰতা বুজাই তেওঁ লিখিছিল, তেওঁ ঘৰত জন্ম-পত্ৰিকা বা সোঁৱৰণী কৰাৰ নিয়ম পূৰ্বাপৰ চলি আছিল যদিও অতি যতনেৰে টোপোলা কৰি ৰখা সোঁৱৰণীবোৰ চুবলৈ নাপাইছিল, কাৰণ, পিতাকৰ বাধা-নিৰ্দেশ আছিল৷ পিতাকে বাধা দিয়া কোনো কামকে তেওঁলোকে নকৰিছিল৷ পিছত সেই টোপোলাটো পূৰ্বপুৰুষৰ আন অনেক পুৰণি পুথিৰে সৈতে ক’ৰবাত হেৰাই থাকিল৷ এইবিষয়ে লেখক অজ্ঞ৷ তাৰ পৰিৱৰ্তে লেখকে তেওঁৰ জন্মস্থান সম্পৰ্কে বিশদ বিৱৰণ দি লিখিছে,

৺পিতৃদেৱতা মুন্সেফ কামত নগাঁৱৰ পৰা বৰপেটালৈ নাৱেৰে গৈছিল৷ সেইকালত আসামত আজিকালিৰ নিচিনা জাহাজ চলাচল যে নাছিল, সেইটো কোৱাই বাহুল্য৷ আঁহতগুৰি নামে এডোখৰ ঠাইৰ বালিত গধূলি নাও বন্ধা হ’ল৷ ৺মাতৃদেৱীয়ে বালিত আঁৰকাপোৰৰ ভিতৰত ভাত ৰান্ধিবলৈ সোমাইছিল, এনেতে তেওঁৰ গা বেয়া কৰাত, তেওঁ ভাত ৰান্ধিবলৈ এৰি নাৱৰ কুন্ধিলৈ আহিল, আৰু আজিৰ এই জীৱন সোঁৱৰণ-লেখক তেতিয়াৰ কোনো এক শুভ-মুহূৰ্তত ভূমিষ্ঠ নহৈ নৌকাস্থ হ’ল৷ শুনিছিলোঁ, সেইদিনা হেনো পূৰ্ণিমা আৰু লক্ষ্মীপূজা আছিল’ সেইদেখিয়েই এই লেখকৰ নাম পিছত লক্ষ্মীনাথ ৰখা হৈছিল৷.......[4]

এইখিনিৰ পিছতে লেখকৰ দেউতাক বৰপেটাৰ পৰা তেজপুৰলৈ বদলি হৈ যায়৷ শিশু লক্ষ্মীনাথৰ স্মৃতিত বৰপেটাৰ মাথোঁ চাৰিটা কথা ধঁৱলি-কুঁৱলিকৈ মনত আছিল আৰু তাকে তেওঁ ব্যক্ত কৰিছে৷ বানপানী, বানপানীত ম’হ সাঁতুৰি যোৱা, কীৰ্তনঘৰ আৰু আতৈৰ বহাত হাতীখুজীয়া বাটিত বোকা-চাউলৰ জলপান খোৱা-- এইকেইটাই আছিল লক্ষ্মীনাথৰ শৈশৱত পোৱা বৰপেটাৰ স্মৃতি৷ ইয়াৰ পিছত তেজপুৰত কঠোৱা মধুৰ সময়ৰ বৰ্ণনাৰে তেওঁ প্ৰথম আধ্যা সম্পূৰ্ণ কৰিছে৷

’’মোৰ জীৱন সোঁৱৰণ’’ৰ দ্বিতীয় অধ্যায়ত লক্ষীমপুৰত কটোৱা শৈশৱ আৰু বিদ্যাৰম্ভৰ কথাৰ লগতে লগুৱা ধনীৰ নানা কথা আত্মিকতাৰে বৰ্ণনা কৰিছে৷ সিদ্ধেশ্বৰ সোণাৰিৰ সোণাৰিশাললৈ যোৱাৰ কথা, দুৰ্গেশ্বৰ খনিকৰে মাটিৰ প্ৰতিমা সজা চাই চাই অভিভূত লক্ষ্মীনাথক খনিকৰে মাটিৰ সুতুলি সাজি দিয়া আৰু তাৰ মাত উলিয়াই আপ্লুত হৈ পৰা লেখকে মনৰ ভাৱ কলসুলভ বৰ্ণনা কৰিছে৷

গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নাৱেৰে যোৱা আৰু ব্ৰহ্মপুত্ৰৰ অপাৰ সৌন্দৰ্য্যৰ লগতে পশ্চিমৰ পৰা হঠাতে অহা ধুমুহাৰ ভয়ানক পৰিস্থিতি বৰ্ণাই শেষত কমলাবাৰী সত্ৰত আঁঠু লোৱাৰ কথা সবিস্তাৰে তৃতীয় অধ্যায়ত বৰ্ণনা কৰিছে৷ তেওঁৰ বৰ্ণনাত আছে,

“দুখন ডাঙৰ শুৱালকুচীয়া হোলোং নাৱেৰে আমি গুৱাহাটীৰ পৰ শিৱসাগৰলৈ যাত্ৰা কৰিলোঁহক৷ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ উজাই আহোঁতে আমাৰ ২২/২৪ দিন লাগিছিল৷ ব্ৰহ্মপুত্ৰইদি উজাই অহা এই কালডোখৰ মোৰ পক্ষে অপাৰ আনন্দৰ কাল৷....... ধৌতময় শুভ্ৰ বালিৰে দুকাষে দুটা তিৰবিৰোৱা পাৰি দিয়া নিৰ্মল ব্ৰহ্মপুত্ৰখন মোৰ মনত ফটিকৰ সূতাৰে বোৱা এখন ডাঙৰ চেলেং কাপোৰ যেন লাগিছিল৷ আৰু তৰি থোৱা সেই বগা চেলেংখনত দুটা ক’লা টোকাপৰুৱা বগাই যোৱাৰ নিচিনাকৈ আমাৰ নাও দুখন চৰিৰ ঠেলিত যোৱা যেন লাগিছিল৷ ....’’[5]

আন এঠাইত সুন্দৰ ব্ৰহ্মপুত্ৰৰ ভয়াবহতাৰ কথাও লিপিবদ্ধ কৰিছে৷ লেখকে খাই বৈ ৰাতি শুই থাকোঁতে নাৱৰীয়াহঁতৰ সতৰ্কবাণী শুনি দেউতাকে ধুমুহাৰ পৰা বাচিবলৈ যৎপৰোনাস্তি সতৰ্কতা লোৱাৰ পিছৰ বৰ্ণনা,

“পোন্ধৰ মিনিটমান পিছতে গোটেইখন আকাশ ক’লা মেঘে চাটি পেলালে, হুৰ হুৰ, গিৰ গিৰ শবদ হ’ল; বিজুলী মাৰিবলৈ ধৰিলে আৰু লগে লগে ভয়ানক ধুমুহা আৰম্ভ হ’ল আৰু আমাৰ নাও দুখনক ধুমুহাই পানীত পেলাই বোন্দা থেকেচা দিবলৈ ধৰিলে৷৷ যাত্ৰা কৰি গুৱাহাটীৰ ঘাটত নাৱত উঠাৰ দিনাৰ দৰে সেইদিনাও দেউতাই নাৱৰীয়াহঁত আৰু চাকৰ-নাকৰবোৰেৰে সৈতে ৰাতি পানীত পৰি কান্ধ পাতি নাওদুখন কোনোমতে ৰক্ষা কৰিছিল৷ পিছদিনা উজাই যাওঁতে এঠাইত দেখিলোঁ, আমাৰ নাৱৰে নিচিনা নাও এখন উবুৰি হৈ এটা ডাঙৰ জাঁজীত লাগি আছে৷পিছত শুনিলোঁ বোলে সেই নাৱৰ সকলোকেইটা আৰোহী গ’ল ৰাতিৰসেই ধুমুহাত নাও বুৰি নৈৰ গৰ্ভত চিৰকাললৈ বিলুপ্তি হ’ল৷ কৰাল কালে কোন দুৰ্ভগীয়াক সপৰিবাৰে এইদৰে পানীৰ মৈদামত দিলে কোনে ক’ব৷’’ [6]

লেখকে চতুৰ্থ অধ্যায়ত শিৱসাগৰত পাৰ কৰা ৰোমাঞ্চকৰ শৈশৱৰ কথা, বিদ্যাৰম্ভণিৰ কথা, নিজৰ লগুণ-দিয়নিৰ কথা আৰু কমলাবৰীয়া ভকতৰ কথাৰ সৰস বৰ্ণনা দিছে৷ শিৱসাগৰত সমনীয়াৰ সৈতে খেলা হৈ গুদু, টাংগুটি, কচুগুটি, বাঘ-গৰু, লুকাভাকু আদি খেল খেলাৰ লগতে বৰশী বাই, গছত উঠি শৈশৱ উপভোগ কৰাৰ কথা ৰোমন্থন কৰিছে৷ এই সময়তে লেখকৰ বিদ্যাৰম্ভ হয়, “আদৰ্শ বঙ্গ বিদ্যালয়’’ত; যি তেওঁৰ বাবে সুখদায়ক নাছিল৷ এবছৰ পিছত তেওঁক ইংৰাজী স্কুলত নাম লগাই দিয়া হৈছিল৷ বাকী শিক্ষকসকলে লেখকৰ মনত সাঁচ বহুৱাব নোৱাৰিলেও হেডমাষ্টৰ চন্দ্ৰ মোহন গোস্বামীৰ কথা তেওঁ শ্ৰদ্ধাসহকাৰে উল্লেখ কৰিছে৷

পঞ্চম অধ্যায়ত নিজৰ পৰিয়ালৰ বিভিন্নজনৰ বিয়া, মৃত্যু আৰু দেউতাক দীননাথ বেজবৰুৱাৰ স্থিতপ্ৰজ্ঞ চৰিত্ৰৰ বিষয়ে কোৱাৰ লগতে অসমৰ সত্ৰীয়া পৰম্পৰাৰ “চৰিত তোলা’’ প্ৰথাৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰিছে, যি তেওঁলোকৰ ঘৰত দেউতাকে কৰিছিল আৰু লেখকৰ লগতে পৰিয়ালৰ সকলোৱে শুনিছিল৷ ৰাসপূজা, ফাকুৱা উৎসৱ আদিও সত্ৰীয়া ৰীতি-নীতিৰে পালিত হৈছিল৷

ষষ্ঠ অধ্যায়ত ৰামকুমাৰ বিদ্যাৰত্নৰ ব্ৰাহ্মধৰ্ম প্ৰচাৰৰ চেষ্টা আৰু “বৰুৱা ফুকন ব্ৰাদাৰ্চ’’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলি অসমত পশ্চিমৰ আৰ্হিত ব্যৱসায়ৰ শুভাৰম্ভণি ঘটাৰ বিষয়ে বৰ্ণনা কৰিছে৷ এই প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাতে “আসাম নিউচ’’ আৰু “আসাম বন্ধু’’ কাকতদুখন ওলায়৷ এই অধ্যায়তে তেওঁ স্কুলীয়া জীৱনৰ কথা লিখিছে৷ স্কুলীয়া জীৱনৰ ৰুটিনমাফিক কাম কৰি তেওঁ তৃপ্তি নাপাইছিল৷ এইখিনিতে তেওঁ তেওঁৰ ১৪ দফীয়া দৈনন্দিন কামৰ তালিকা এখন প্ৰকাশ কৰিছে, য’ৰ পৰা আমি তেওঁৰ লগতে পৰিয়ালৰ নিত্য-নৈমিত্তিক কামকাজৰ উমান পোৱাৰ লগতে পৰিয়ালটোৰ ঐতিহ্য সম্পৰ্কে এটা ধাৰণা পাব পাৰোঁ৷

প্ৰথম ভাগৰ সপ্তম অধ্যায়টো অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ এইটি অধ্যায়ত কলিকতালৈ পঢ়িবলৈ গৈ লটিঘটি হোৱা আৰু ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহি কেইদিনমান টিঘিলঘিলাই থাকি পুনৰ “বান্ধিলোঁ মন শিলৰ খুটি, মেলিলোঁ মন ঘোঁৰাৰ ছুটি’’ বুলি কলিকতালৈ যাবলৈ সংকল্পবদ্ধ হৈ কলিকতাৰ চিটি কলেজত নাম লগাই, অবাবত কটোৱা ছমাহৰ ক্ষতিপূৰণ কৰিবলৈ তেওঁ মনপুতি পঢ়াত লাগিল৷ এইসময়তে তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী আদি কৰি অনেক ছাত্ৰৰ সৈতে পৰিচয় হয় আৰু “অসমীয়া ভাষা উন্নতি সাধিনী সভা’’কে ধৰি “জোনাকী’’ৰ জন্মলগ্নৰে পৰা কলিকতাৰ পৰ ওলোৱা চতুৰ্থ বছৰৰ “জোনাকী’’ৰ কথা সবিস্তাৰে বৰ্ণনা কৰে৷

অষ্টম অধ্যায়ত লেখকে তেওঁৰ ৰোমাণ্টিক, কবি-জীৱনৰ আৰম্ভণিৰ কথা বৰ্ণনা কৰিছে৷ আৰম্ভণিতে সেইবোৰ কবিতা হ’লনে নাই সেই সম্পৰ্কে সন্দিহান লেখকে তেওঁৰ কবিতা বিভিন্ন কাকত আলোচনীলৈ পঠিয়াই সম্পাদকৰ ভৰ্ৎসনাসহিত চিঠি পোৱাৰ বিষয়ে মুকলিকৈ লিখিছে৷ সেইছোৱা কালত লেখকে প্ৰচুৰ পাশ্চাত্য সাহিত্য অধ্যয়ন কৰিছিল আৰু পাশ্চাত্য সাহিত্যৰ ৰোমাণ্টিচিজিমৰ ধাৰা অসমীয়া সাহিত্যলৈ বোঁৱাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ নানা ঘাত-প্ৰতিঘাতৰ মাজতো কলেজীয়া জীৱনৰ শেষ পৰ্যায়লৈ লেখকে পিতৃপ্ৰদত্ত নীতি আৰু ধৰ্মশিক্ষাৰ বান্ধোনে তেওঁক “উলামূলা পছোৱা কুৰুৱাই লৰাব নোৱৰা’’ কৰি ৰাখিছিল৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে, “মোৰ জীৱন সোঁৱৰণ’’ লেখকে একেধাৰে নিলিখি কিছুবছৰ থমকি ৰৈছিল৷ পিছত বন্ধুবৰ্গৰ অনুৰোধত পুনৰ লিখিবলৈ বাধ্য হ’ল৷ এইকথা তেওঁ দ্বিতীয় ভাগৰ আৰম্ভণিতে উনুকিয়াই গৈছে৷ [7]

দ্বিতীয় ভাগৰ প্ৰথম অধ্যায়ত ঘৰত থাকোতেই বিএ পাছ কৰাৰ খবৰ পায়৷ পুত্ৰৰ সফলতাৰ খবৰ শুনামাত্ৰেই পিতাকে গোঁসাই ঘৰত সোমাই সাষ্টাংগে সেৱা কৰি বৰকাঁহ কোবাইছিল আৰু বাহিৰলৈ আহি পুত্ৰৰ মূৰত হাত থৈ আশীৰ্বাদ দিছিল৷ তাৰপাছত লেখকক আসাম গৱৰ্ণমেণ্টে দুবাৰকৈ একষ্ট্ৰা এছিষ্টেণ্টৰ পদ যাচিছিল যদিও স্বাধীনচিতীয়া লেখকে সেয়া গ্ৰহণ নকৰি কলিকতালৈ গৈ ৰিপন কলেজত বি এল আৰু কলিকতা ইউনিভাৰ্চিটিত ইংৰাজীত এম এ পঢ়িবলৈ লয়৷

দ্বিতীয় ভাগৰ দ্বিতীয় অধ্যায়ত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত বিয়া হয়৷ পিতৃমাতৃৰ অনুমোদন অবিহনে পতা এই বিয়াত চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী দুয়ো যথেষ্ট সহযোগ কৰাৰ কথা আত্মজীৱনীত শ্ৰদ্ধাৰে উল্লেখ কৰিছে৷ এই অধ্যায়ত ৰবি ঠাকুৰৰ পৰিয়ালত বিবাহকাৰ্যৰ সাংস্কৃতিক বিৱৰণ দিয়াক লগতে অসমীয়া বঙালীৰ চিৰন্তন টনাটনিৰ কথাও সৰসভাৱে উপস্থাপন কৰিছে৷ বিবাহৰ দুমাহৰ পিছত আপোন ঘৰলৈ অহা লেখকক গুণী জ্ঞানী পিতৃয়ে সকলো অসন্তুষ্টি আঁতৰাই আকোঁৱালি লোৱাৰ কথা শ্ৰদ্ধাৰে বৰ্ণনা কৰিছে৷

তৃতীয় অধ্যায়ত চন্দ্ৰকুমাৰ পাটনালৈ যোৱা আৰু তাৰ ঠাইত থাকিবলৈ অহা ভোলানাথ বৰুৱাৰ লগত চিনাকি হৈ সম্বন্ধ ঘনিষ্ঠ হোৱাৰ কথা লিখিছে আৰু চতুৰ্থ অধ্যায়ত বি এল পৰীক্ষাত ফেল হোৱাৰ খবৰ আৰু কিয় ফেল হ’ল তাৰ কাৰণ বৰ্ণনা কৰা আছে৷

গুণাভিৰাম বৰুৱাৰ পৰিয়ালৰ কৰুণ কাহিনীৰে লেখকে পঞ্চম অধ্যায়টো লিখিছে৷ ১৮৯৪ চনৰ মাৰ্চ মাহৰ ২৫ তাৰিখে গুণাভিৰামৰ মৃত্যু হয়৷ তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালটোলৈ নামি অহা দুৰ্যোগৰ কথা সবিস্তাৰে আলোচনা কৰিছে৷

ষষ্ঠ অধ্যায়ৰ আৰম্ভণিতে গুণাভিৰাম বৰুৱাৰ পৰিয়ালটোৰ দুৰ্দশাৰ কথা বৰ্ণাই লিখকে লিখিছে, ,

“মই গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে এইদৰে বহলাই লিখাৰ অভিপ্ৰায় এয়ে যে কেনেকৈ বিধিৰ বিড়ম্বনাত এনে এটা শ্ৰেষ্ঠ আৰু সুন্দৰ অসমীয়া পৰিয়াল অলপ কালৰ ভিতৰতে ভাগিছিগি গ’ল, সেইটো সকলোকে জনাব লাগে৷’’ [8]

তাৰপাছত সেই অধয়ায়ত ভোলানাথ বৰুৱাৰ সৈতে কাঠৰ কাৰবাৰ কৰাৰ কথা আৰু উৎফুল্লিত লেখকে তেওঁলোকৰ বন্ধুত্ব আৰু ব্যৱসায়ৰ জয়জয়ময়ময় অৱস্থাৰ কথা এনেদৰে লিখিছে,

“কলিকতাত আমাৰ ব্যৱসায়ৰ সম্পৰ্কত মোৰ গৃহিণী সূপকাৰ, আৰু ময়েই ছোট চাহাব, ময়েই মেনেজাৰ, ময়েই একাউণ্টেণ্ট, ময়েই কেৰাণী ইত্যাদি৷ অৰ্থাৎ বঙলা ভাষাত ক’বৰ দৰে “জুতো সেলাই থেকে চণ্ডীপাঠ পৰ্য্যন্ত’’৷ এদিনলৈকে তেনে কাৰ্য্যত মোৰ আৰু গৃহিণীৰ মনত বিৰক্তিৰ ভাব নুপজিছিল৷ তাৰ কাৰণ, বি বৰুৱা আমাৰ নিৰহনিপানী ভাই, তেওঁৰ ব্যৱসায়েই আমাৰ ব্যৱসায়, তেওঁৰ মঙ্গলেই আমাৰ মঙ্গল৷ মুঠতে ভোলানাথ আৰু লক্ষ্মীনাথ হৰিহৰ আত্মা’’৷ [9]

সপ্তম অধ্যায়ত পিতাকৰ মৃত্যু, সুৰভিৰ জন্ম আৰু অতি কম বয়সতে সুৰভিৰ মৃত্যুৱে লেখকক উপৰ্যুপৰি মনোকষ্ট দিয়াৰ কথা লিখিছে৷

অষ্টম অধ্যায়ত যেন সপ্তম অধ্যায়ৰ দুখৰ লানিহে বৈ আহিল৷ হৰিহৰ আত্মা ভোলানাথ বৰুৱাৰ সৈতে মনোমালিন্য আৰম্ভ হয়৷

নৱম অধ্যায়ত দ্বিতীয়া কন্যা অৰুণাৰ জন্ম৷ ইয়াৰ মাজতে ভোলানাথ বৰুৱাৰ লগত হোৱা মনোমালিন্যৰ বাবেই তেওঁৰ দিনলিপি কিছুমান ৰাজহুৱা কৰিছিল৷ সেই দিনলিপিবোৰে লক্ষ্মীনাথৰ কৰ্মময় জীৱন আৰু সততাক ডাঙি ধৰিব পাৰিছিল৷

দশম অধ্যায়ত সেই দিনলিপি “ব্যৱসায় জীৱনত কেনে আছিল’’ তাৰ প্ৰমাণস্বৰূপে পুনৰ প্ৰকাশ কৰিছিল৷ ভোলানাথ বৰুৱাৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত লেখকে আত্মজীৱনীৰ সামৰণি মাৰিছে এইদৰে,

“১৯০৩ খ্ৰীষ্টাব্দতো এনেদৰেই কাম কৰি আছিলোঁ, আৰু আমাৰ ব্যৱসায় আৰু ডাঙৰ হৈছিল৷ কিন্তু এই বছৰৰ শেহৰ ফালে বি বৰুৱা আৰু মোৰ মাজত কলি প্ৰৱেশ কৰিলে৷ ভূঁইকঁপৰ গুমগুমনি এৰি এই ১৯০৩ চনৰ শেহৰ ডোখৰত শুনিলোঁ আৰু ১৯৯৪ খ্ৰীষ্টাব্দত তাৰ জোঁকাৰত ইমান দিনৰে পৰা মই মনে-পতা ঘৰটো ভাগি পৰিল৷ অৱশ্যে তেতিয়াও মই কাম এইদৰেই শেহলৈকে কৰি আছিলোঁ৷ ১৯৯৪ খ্ৰীষ্টাব্দত লেখা মোৰ ডায়েৰীৰ পাত ইংৰাজীত ক’বৰ নিচিনা dismal reading অৰ্থাৎ শোকাবহ ’’[10]

ইয়াৰ পিছত গ্ৰন্থখনিত পৰিশিষ্ট হিচাপে দুটা ভাগ সংযোগ কৰা আছে৷ প্ৰথমটো “মোৰ মৃগয়া’’ আৰু দ্বিতীয়টো “মোৰ মাতৃমুখ দৰ্শন’’৷

“মোৰ মৃগয়া’’ত সম্বলপুৰত চেগুন কাঠৰ ব্যৱসায় কৰি থকা সময়ত, জীৱনৰ আগডোখৰ কালত অতি বেয়া পোৱা মৃগয়া বাধ্যত পৰি কৰিবলগীয়া হৈছিল, তাৰে বৰ্ণনা আছে৷ জীৱনৰ আগডোখৰ সময়ত তেওঁ জীয়া মাছো থেতালি মৰা চাব নোৱাৰিছিল, কিন্তু বাধ্যত পৰি চিকাৰী হ’বলগীয়া হৈছিল৷ “মোৰ মাতৃ মুখ দৰ্শন’’ত ডেৰকুৰি দুকুৰি বছৰ জীৱিকাৰ তাড়নাত দেশৰ বাহিৰত থকা লেখকে নিজ দেশলৈ উভতি অহাকে মাতৃ মুখ দৰ্শন কৰা বুলিছে৷ অসমৰ বিভিন্ন ঠাইৰ লগতে শিৱসাগৰৰ আপোন গাঁৱলৈ গৈ শিশুকালৰ লগ সমনীয়াক স্মৰণ কৰিছে৷ আৰু পিছত পুনৰ উলটি কলিকতালৈ গৈছে৷

“মোৰ মৃগয়া’’ আৱাহনৰ ২য় বছৰৰ পঞ্চম সংখ্যাত প্ৰকাশ পাইছিল৷[11] আৰু মোৰ মাতৃমুখ দৰ্শন’’ বাঁহীৰ ২০ বছৰ ২য় সংখ্যাত প্ৰকাশিত৷[12]

মোৰ জীৱন সোঁৱৰণৰ চমু মূল্যায়ন

[সম্পাদনা কৰক]

লক্ষ্মীনাথ বেজবৰুৱাৰ ’মোৰ জীৱন সোঁৱৰণ’ নামৰ আত্মজীৱনীখন যেনিবা সেই সময়ছোৱা চাব পৰা এখন আইনাহে৷ এই আত্মজীৱনীখনত নিৰ্ভেজালৰূপত প্ৰকাশ পাইছে সেই সময়খিনিৰ সামাজিক প্ৰতিচ্ছবি৷ “সেই সময়ৰ সামাজিক আচাৰ বিচাৰ বাল্য-বিবাহৰ নিষ্ঠুৰ প্ৰথা, চুৱা-গোজা, জাত-পাতৰ বিচাৰ, ধৰ্ম-সংস্কাৰৰ নামত সামাজিক অবিচাৰ-অনাচাৰৰ ছবি ইয়াত ফুটি উঠিছে৷ লগতে দেখা গৈছে লক্ষ্মীনাথৰ স্বদেশানুৰাগ, প্ৰকৃতি-প্ৰীতি, বন্ধু-বৎসলতা, ৰসবোধ, সাহিত্য চৰ্চা, মাতৃভাষাৰ প্ৰতি অবিচল আনুগত্য আদিকে ধৰি তেওঁৰ ব্যক্তিত্বৰ বিভিন্ন দিশ ’মোৰ জীৱন সোঁৱৰণ’ত স্পষ্ট৷[13]স্বদেশীয় সংস্কৃতি বেজবৰুৱাৰ প্ৰিয়৷ বিয়াৰ পিছত শহুৰেকৰ ঘৰৰ লোকসকলে কামনা কৰিছিল, বেজবৰুৱাই অসমীয়া ভাষাৰ হকে চেষ্টা চৰিত্ৰ ত্যাগ কৰি বঙ্গ ভাষাৰ উন্নতি কামনাত লাগি যাওক; কিন্তু তেওঁ সেইটো হ’বলৈ নিদি তেওঁলোকক নিৰাশ কৰিছিল৷ [14] এইদৰে, স্বভাৱসুলভ ৰসাল বাক্যৰে তেওঁ জন্মকালৰে পৰা জীৱনৰ সংঘাতময় সময়কো যিদৰে বৰ্ণনা কৰিছে, সিয়ে গ্ৰন্থখনৰ সাহিত্যিক মৰ্যাদা যথেষ্ট বৃদ্ধি কৰিছে৷ মোৰ জীৱন সোঁৱৰণত সমাজৰ লোকাচাৰ, ধৰ্মীয় আচাৰ-নীতি, খাদ্যাভাস, লোকশিল্প, লোকবিশ্বাস, পাৰিবাৰিক সম্পৰ্ক, খেল-ধেমালি, অন্ধবিশ্বাস-কুসংস্কাৰ, দেশপ্ৰেম, ভাষাপ্ৰেম সকলো পৱা যায়; বিশেষকৈ প্ৰথম অধ্যায়ৰ পৰা ষষ্ঠ অধ্যায়লৈ গোটেই অসমৰ সকলো দিশ স্পষ্টকৈ ধৰা দিছে৷

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. বেজবৰুৱাৰ সাহিত্য প্ৰতিভা, জ্যোতিপ্ৰসাদ আগৰৱালা, বাঁহীৰ পাতত চিন্তাৰ ৰেঙনি, সম্পাদনা; ড নমিতা ডেকা, বনলতা, ১৯৯৪
  2. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, “উছৰ্গা’’, প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  3. লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ জীৱন সোঁৱৰণ, অসমীয়া সাহিত্যৰ অধ্যয়ন, লক্ষ্মীকান্ত মহন্ত, বনলতা, ১৯৯৩, পৃ;নং;২২২, ISBN-81-7339-021-5
  4. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃ:নং;৩ প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  5. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃ:নং; ২৫প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  6. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, পৃ:নং; ২৭ প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  7. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, দ্বিতীয় ভাগ, পৃ:নং; ১ প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  8. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, দ্বিতীয় ভাগ, পৃ:নং; ৩৫ প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  9. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, দ্বিতীয় ভাগ, পৃ:নং; ৪২ প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  10. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, দ্বিতীয় ভাগ, পৃ:নং; ৬৭ প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  11. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, দ্বিতীয় ভাগ, পৃ:নং; ৯৩ প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  12. মোৰ জীৱন সোঁৱৰণ, লক্ষ্মীনাথ বেজবৰুৱা, দ্বিতীয় ভাগ, পৃ:নং; ১২৩ প্ৰকাশক: প্ৰদ্যুৎ হাজৰিকা, বনলতা, ২০০৮
  13. সাহিত্যৰথী, ড° প্ৰফুল্ল কটকী, পৃ:নং; ২২৩, প্ৰকাশক: ইলা শৰ্মা, জ্যোতি প্ৰকাশন, ২০০৬
  14. অসমীয়া সাহিত্যিকৰ ফেশ্বন, দিগন্ত ওজা, সাতসৰী, ছেপ্তেম্বৰ, ২০১০, পৃ:নং; ৩১

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]