সমললৈ যাওক

অসম ৰত্ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম ৰত্ন
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী সাধাৰণ
প্ৰতিষ্ঠা ২০০৯
অন্তিমবাৰ প্ৰদান ২০১৫
মুঠ প্ৰদানৰ সংখ্যা
প্ৰদানকৰ্তা অসম চৰকাৰ
প্ৰথম প্ৰাপক ড॰ ভূপেন হাজৰিকা
অন্তিম প্ৰাপক ড॰ জিতেন্দ্ৰনাথ গোস্বামী

অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান৷ সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়৷ অসমৰ জাতীয় জীৱনৰ সৃষ্টি ধৰ্মী, বিকাশমুখী চেতনাৰ লগত নিজকে নিবিড় ভাৱে জড়িত কৰি নিজ কৰ্ম দক্ষতাৰে প্ৰভূত বৰঙণি যোগাই অহা ব্যক্তিৰ সাধনালব্ধ প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ২০০৯ চনৰ পৰা অসম ৰত্ন বঁটা প্ৰৱৰ্তন কৰিছে। এই বঁটাত আছে এখনি অংগ বস্ত্ৰ, এটি স্মৃতি চিহ্ন আৰু নগদ তিনি লাখ টকা। ২০০৯ বৰ্ষৰ বাবে ড॰ ভূপেন হাজৰিকাই প্ৰথমবাৰ এই বঁটা লাভ কৰে। শেহতীয়াকৈ বিশিষ্ট অসমীয়া বিজ্ঞানী ড॰ জিতেন্দ্ৰনাথ গোস্বামীক ২০১৫ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে।[1]

বঁটা বিজয়ীসকলৰ তালিকা

[সম্পাদনা কৰক]
নংনামচনক্ষেত্ৰ
ড॰ ভূপেন হাজৰিকা[2]২০০৯কলা
ড॰ মামণি ৰয়ছম গোস্বামী[3]২০১০সাহিত্য
ড॰ জিতেন্দ্ৰনাথ গোস্বামী[4]২০১৫বিজ্ঞান আৰু প্ৰযুক্তি

তথ্যউৎস

[সম্পাদনা কৰক]