সমললৈ যাওক

কল্পনা লাজমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কল্পনা লাজমী
জন্ম ১৯৫৪
মৃত্যু ২৩ ছেপ্টেম্বৰ, ২০১৮
মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, চিত্ৰনাট্যকাৰ,লেখিকা
আত্মীয়-স্বজন গুৰু দত্ত (খুড়া)
আত্মা ৰাম (খুড়া)

কল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী-সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী ড॰ ভূপেন হাজৰিকাৰ অত্যন্ত ঘনিষ্ঠ বান্ধৱী আছিল। [1][2][3] [4]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষছবিটোকা
১৯৭৮D.G. Movie Pioneerনিৰ্দেশিকা
১৯৭৯A Work Study in Tea Pluckingনিৰ্দেশিকা
১৯৮১Along the Brahmaputraনিৰ্দেশিকা
১৯৮৬Ek Palনিৰ্দেশিকা, প্ৰযোজিকা, লেখিকা
১৯৮৮Lohit Kinareনিৰ্দেশিকা
১৯৯৩Rudaaliনিৰ্দেশিকা, লেখিকা
১৯৯৭Darmiyaan: In Betweenনিৰ্দেশিকা, প্ৰযোজিকা
২০০১Daman: A Victim of Marital Violenceনিৰ্দেশিকা, লেখিকা
২০০৩Kyon?নিৰ্দেশিকা, প্ৰযোজিকা
২০০৬Chingaariনিৰ্দেশিকা, প্ৰযোজিকা, লেখিকা

লেখিকাৰ ৰূপত আত্মপ্ৰকাশ

[সম্পাদনা কৰক]

২০১৮ চনৰ ৩০ অক্টোবৰত [5] কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ভূপেন হাজৰিকা: এজ আই নিউ হিম (Bhupen Hazarika: As I Knew Him) প্ৰকাশিত হয়। গ্ৰন্থখন প্ৰকাশ কৰে হাৰ্পাৰ কলিন্সে ইণ্ডিয়া গোষ্ঠীয়ে। এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে। সেইসময়ত ভূপেন হাজৰিকাৰ বয়স আছিল পঞ্চলিছ।[6]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Rituparna Chatterjee's Blog : Kalpana Lajmi-Bhupen Hazarika: A 40-year-old love story". Ibnlive.in.com. 2011-11-05. Archived from the original on 2011-11-07. https://web.archive.org/web/20111107205132/http://ibnlive.in.com/blogs/rituparnachatterjee/2802/62880/kalpana-lajmibhupen-hazarika-a-40yearold-love-story.html আহৰণ কৰা হৈছে: 2012-12-25.
  2. "আৰ্কাইভ কপি". Archived from the original on 2011-11-12. https://web.archive.org/web/20111112115459/http://www.deccanchronicle.com/channels/nation/northeast/hazarika-funeral-put-fans-keep-pouring-063 আহৰণ কৰা হৈছে: 2011-11-10.
  3. "Kalpana Lajmi inconsolable after Bhupen Hazarika's death". Movies.ndtv.com. 2011-11-06. Archived from the original on 2011-12-14. https://web.archive.org/web/20111214065413/http://movies.ndtv.com/movie_story.aspx?Section=Movies&ID=ENTEN20110187485&subcatg=MOVIESINDIA&keyword=music&nid=147290 আহৰণ কৰা হৈছে: 2012-12-25.
  4. "Blog Archive » I don’t need ‘wife’ tag to prove my love for Bhupen: Kalpana". Bhupen Hazarika. 2009-02-20. Archived from the original on 2011-06-10. https://web.archive.org/web/20110610162936/http://www.bhupenhazarika.com/wordpress/?p=22#comment-6582 আহৰণ কৰা হৈছে: 2012-12-25.
  5. http://books.google.co.in/books/about/Bhupen_Hazarika_As_I_Knew_Him.html?id=yGZsDwAAQBAJ&source=kp_book_description&redir_esc=y
  6. http://www.news18.com/news/movies/bhupen-hazarika-always-felt-that-he-and-kalpana-lajmi-should-celebrate-their-love-story-1886315.html

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]