মুনীন বৰকটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মুনীন বৰকটকী
জন্ম ১৯১৫
যোৰহাট
মৃত্যু ৬ নৱেম্বৰ, ১৯৯৩
গুৱাহাটী
বাসগৃহ পঞ্চৱতী, গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
পেচা লেখক, সমালোচক
জনা যায় সমালোচক
গৃহস্থান তৰাজান, যোৰহাট
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী ৰেণুকা দেৱী বৰকটকী
পিতৃ-মাতৃ ৰায়চাহেব দুৰ্গাধৰ বৰকটকী, কমলিনী দেৱী
সন্তান মিনাক্ষী বৰকটকী

মুনীন বৰকটকী (১৯১৫-১৯৯৩) বিংশ শতাব্দীৰ অসমৰ এগৰাকী লেখক, সমালোচক। তেখেতে যথেষ্ট সংখ্যক উচ্চমানৰ গল্প, কবিতা লিখিছে যদিও তেখেতৰ পৰিচয় এজন কৃতী সমালোচক হিচাবেহে।[1] তেখেতে অসমৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় কাকতত নিয়মীয়া কলম লিখিছিল। বৰকটকী কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু অঁনাতাৰ বিভাগৰ উৰ্দ্ধতন বিষয়া হিচাবে কৰ্মৰত আছিল আৰু ১৯৬৫ চনৰপৰা ১৯৭০ চনলৈ তেখেতে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' আৰু আকাশবাণীৰ বাৰ্তাবাহক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চৰকাৰী চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰি মুনীন বৰকটকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অধ্যাপনা কৰিছিল। বি এ পৰীক্ষাত ডিষ্টিংচনসহ প্ৰথম বিভাগত উৰ্ত্তীন হৈ তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰপৰা স্বৰ্ণপদক অৰ্জন কৰিছিল।[2] নলিনীধৰ ভট্টাচাৰ্যই মুনীন বৰকটকী প্ৰসংগত কৈছে যে বৰকটকীৰ জ্ঞান অৰ্জনৰ হেঁপাহ যিমান আছিল তাতকৈ লেখা-মেলাৰ প্ৰতি স্পৃহা আছিল কম, যি হাৰত তেখেতে লিখিছিল তাতকৈ অধিক লিখাহ'লে এই লেখাসমূহেৰে অসমীয়া সাহিত্যৰ ভঁৰাল অধিক সমৃদ্ধ হ'লহেঁতেন।[3] বৰকটকী আছিল তেনেই প্ৰচাৰবিমুখ। জীৱনকালত তেখেতৰ এখনহে কিতাপ প্ৰকাশ হৈছিল। তেখেতেৰ মৃত্যুৰ পিছত পত্নী ৰেণুকা দেৱী বৰকটকীয়ে মুনীন বৰকটকী স্মাৰক ন্যাস গঠন কৰি তেখেতেৰ অন্যান্য কিতাপ আৰু লেখা-মেলাবোৰ ছপা কৰিছিল।[2]

জন্ম, পৰিয়াল[সম্পাদনা কৰক]

মুনীন বৰকটকীৰ দেউতাক আছিল ৰায়চাহাব দুৰ্গাধৰ বৰকটকী আৰু আনন্দৰাম ঢেকিয়াল ফুকন আছিল তেখেতৰ আজোককাক। দেউতাক আছিল বিট্ৰিছৰ ৰাজত্বকালত অসমৰ বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শক। দেউতাকে গোৱালপাৰাৰ বিদ্যালয়সমূহত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে বহুখিনি কৰিছিল। বৰকটকীৰ মাতৃ কমলিনী দেৱী আছিল পদ্মাৱতী দেৱী ফুকননীৰ দুহিতা। ১৯১৫ চনৰ কাতি বিহুৰ দিনা যোৰহাট জিলাৰ তৰাজানত বৰকটকীৰ জন্ম হৈছিল। সাহিত্যিক তথা নামজ্বলা প্ৰশাসনিক বিষয়া সত্যেন বৰকটকী আছিল মুনীন বৰকটকীৰ জেষ্ঠ ভাতৃ। দুগৰাকী ভগ্নী ক্ৰমে প্ৰেমলতা আৰু প্ৰীতিলতা।[2] ১৯৫৯ চনত তেখেত ৰেণুকা দেৱী বৰকটকীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। মীনাক্ষী দেৱী বৰকটকী তেখেতসকলৰ কন্যা।[4]

শিক্ষা[সম্পাদনা কৰক]

তেখেতৰ শিক্ষাৰম্ভ হয় যোৰহাট প্ৰেকটিচিং স্কুলত। তাৰপিছত তেখেত দেউতাকৰ সৈতে কলিকতালৈ যায় আৰু তাত থাকি সপ্তমমানলৈকে পঢ়ে। অষ্টমমানৰপৰা যোৰহাট চৰকাৰী হাইস্কুলত পঢ়ি প্ৰৱেশিকা পৰীক্ষা দি প্ৰথম বিভাগত উৰ্ত্তীন হয়। প্ৰৱেশিকা পৰীক্ষা পাছ কৰি তেখেতে সেইসময়ত যোৰহাটত নতুনকৈ প্ৰতিষ্ঠা হোৱা জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰে আৰু এই মহাবিদ্যালয়ৰপৰাই সু-খ্যাতিৰে ইণ্টাৰমেডিয়েট পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৩৮ চনত ডিষ্টিংচনসহ প্ৰথম হৈ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰভাত কুমাৰ স্বৰ্ণপদক লাভ কৰে। ঢাকা বিশ্ববিদ্যালয়ত তেখেতে এম এ পাঠ্যক্ৰমত নাম অন্তৰ্ভুক্তি কৰে যদিও এম এ পাঠ্যক্ৰম অসম্পূৰ্ণকৈ এৰে।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

তেখেতে কৰ্মজীৱনৰ পাতনি মেলে শিক্ষকতাৰে। যোৰহাটৰ তিনিখন উচ্চ ইংৰাজী বিদ্যালয়ত তেখেতে প্ৰায় দুবছৰ শিক্ষকতা কৰিছিল। নাগালেণ্ডৰ মোককচাঙতো তেখেতে শিক্ষকতা কৰিছিল। কবি অমূল্য বৰুৱা, অজিতকুমাৰ শৰ্মা, পদুম বৰুৱা আদি বৰণ্য লোকসকলক তেখেতে ছাত্ৰ হিচাবে পাইছিল। শিক্ষকতাৰ পিছতে তেখেত জড়িত হৈ পৰিছিল সংবাদপত্ৰৰ লগত। সাহিত্যিক আৰু সাংবাদিকৰূপে তেখেতে নাম কৰিছিল। ১৯৩৫ চনত যোৰহাটৰপৰা প্ৰকাশিত 'দৈনিক বাতৰি' কাকতখনৰ সৈতে তেখেত জড়িত আছিল। ১৯৩৯ চনত তেখেতে মাধৱ বেজবৰুৱা সম্পাদিত 'বাঁহী'ৰ সহযোগী সম্পাদক ৰূপে যোগদান কৰে। ১৯৮৮-৮৬ চনত শ্বিলঙৰ কেন্দ্ৰীয় সামৰিক বিভাগৰ ত্ৰিভাষিক সাপ্তাহিক এখনৰ সহকাৰী সম্পাদক ৰূপে যোগ দিয়ে। 'দৈনিক অসমীয়া' আৰু 'আসাম ট্ৰিবিউন' কাকতৰো তেখেত সহকাৰী সম্পাদক আছিল।[2] নাট্যসমালোচক হিচাবেও তেখেতৰ নাম আছিল। ভ্ৰাম্যমাণ নাট্য গোষ্ঠীৰ দ্বাৰা আয়োজিত নাটকৰ উপৰি তেখেতে শৌভিক, প্ৰগতিশীল শিল্পী সংঘ, কামৰূপ নাট্যসংঘ আদি নাট্য গোষ্ঠীৰ নাট্যাভিনয়ৰ সাৰ্থক সমালোচনা কৰিছিল। তেখেতে জাহ্নু বৰুৱাৰ চিনেমা আৰু এখন বিশেষ তথ্যচিত্ৰ সম্পৰ্কটো সমীক্ষা আগবঢ়াইছিল।[3] সাংবাদিক আৰু নিয়মীয়া কলম লিখোঁতা হিচাবে তেখেতে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমলৈ বিশেষ অৰিহণা যোগাইছিল। অসম চৰকাৰৰ গাঁও উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ প্ৰচাৰ বিষয়া হিচাপে তেখেতে কাম কৰিছিল। ১৯৪৮ চনৰপৰা ৫৫ চনলৈকে তেখেত অসম চৰকাৰৰ প্ৰচাৰ বিভাগৰ ক্ৰমে সম্পাদক আৰু উপ-সঞ্চালক পদত নিয়োজিত আছিল আৰু পিছলৈ ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য অধিকাৰী হিচাবে কৰ্মৰত আছিল। ১৯৭০ চনত তেখেতে অল ইণ্ডিয়া ৰেডিঅ'ৰ বাৰ্তা সম্পাদক হিচাবে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত কেইবাবছৰো শিক্ষাদান কৰিছিল।[4]

গ্ৰন্থ[5][সম্পাদনা কৰক]

"ইমান বছৰে কিমান ভাবিলোঁ, কিমান পাঙিলোঁ, কিমান পঢ়িলোঁ। ক'তা, একোটোকেই কৰিব নোৱাৰিলোঁ দেখোন। "

—মৃত্যুৰ কিছুদিন পূৰ্বে উপেন্দ্ৰ বৰকটকীলৈ পত্ৰ লিখি মুনীন বৰকটকীয়ে এনেদৰে খেদ কৰিছিল।[2]
  1. বিস্মৃত ব্যতিক্ৰম (১৯৮১)
  2. বন্দীত বৰণ্য (সম্পাদনা-ড॰ শিৱনাথ বৰ্মন, ১৯৯৫)
  3. প্ৰসংগ সমালোচনা (সম্পাদনা-নলিনীধৰ ভট্টাচাৰ্য, ১৯৯৬)
  4. সৃষ্টি ত্ৰিবিধা (সম্পাদনা-ড॰ যোগেন্দ্ৰ নাৰায়ণ ভূঞা, ১৯৯৬)
  5. অন্তৰ আৰু অন্তৰীক্ষ (সম্পাদনা-ড॰ হীৰেন গোহাঁই, ১৯৯৮)
  6. A Munin Barkotoky Miscellany (সম্পাদক- ৰঞ্জিত কুমাৰ দেৱ গোস্বামী, ১৯৯৮)
  7. মুনীন বৰকটকীৰ ৰচনাৱলী

স্বীকৃতি[সম্পাদনা কৰক]

সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ১৯৮৩ চনত তেখেতক অসম প্ৰকাশন পৰিষদ বঁটা প্ৰদান কৰা হয়। [5]

মৃত্যু[সম্পাদনা কৰক]

১৯৯৩ চনৰ ৬ নৱেম্বৰ তাৰিখে বৰকটকী স্বৰ্গগামী হয়। তেখেতৰ মৃত্যুৰ পিছত ১৯৯৪ চনত গঠিত হোৱা মুনীন বৰকটকী স্মাৰক ন্যাসে ১৯৯৫ চনৰপৰা অসমীয়া সাহিত্যত নকৈ লিখা মেলা কৰিবলৈ লোৱা চল্লিশ বছৰৰ তলৰ প্ৰতিভাশালী লেখকলৈ প্ৰতিবছৰে মুনীন বৰকটকী বঁটা আগবঢ়াই আহিছে।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

http://www.muninbarkoktoky.org/

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. পাতনি: হীৰেন গোহাঁই (প্ৰথম সংস্কৰণ, ২০১৪). প্ৰজ্ঞাৰ সাধক মুনীন বৰকটকী. হেমাংগ কিশোৰ শৰ্মা, আই এ এছ. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 উপেন্দ্ৰ বৰকটকী (৬ নবেম্বৰ, ১৯৯৪). সংকলয়িতা-সম্পাদকৰ নিবেদন. মুনীন বৰকটকী স্মাৰক ন্যাস. 
  3. 3.0 3.1 নলিনীধৰ ভট্টাচাৰ্য (জুন, ২০১২). মুনীন বৰকটকীঃ এজন প্ৰাণৱান ৰসিক. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪৫৩-৪৫৮. 
  4. 4.0 4.1 ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী (১৯৯৮). A Munin Barkotoki Miscellany. বুক হাইভ, গুৱাহাটী. 
  5. 5.0 5.1 "মুনীন বৰকটকী ডট অৰ্গ". http://www.muninbarkoktoky.org/। আহৰণ কৰা হৈছে: 13 May 2020.