পৰাণ নিগৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰাণ নিগৰে  

পৰাণ নিগৰেৰ বেটুপাত
লেখক শৰ্মিষ্ঠা প্ৰীতম
প্ৰচ্ছদ শিল্পী বিষ্ণু তামুলী
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক বনফুল প্ৰকাশন
প্ৰকাশ নৱেম্বৰ, ২০১৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ২১৬

পৰাণ নিগৰে হ’ল অসমৰ নৱপ্ৰজন্মৰ সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ এখন উপন্যাস।[1][2] নিভাঁজ গাঁৱলীয়া পৰিৱেশৰ বৰ্ণনা সম্বলিত[3] উপন্যাসখন বনফুল প্ৰকাশনৰ পৰা প্ৰকাশিত। ২০১৯ চনৰ নৱেম্বৰ মাহত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছে। মুঠ ২১৬ পৃষ্ঠাৰ উপন্যাসখনৰ মূল্য ২২৫ টকা। [3] লেখিকাই গ্ৰন্থখন "সৰুৰ মাকৰ হাতত" অৰ্পণ কৰিছে। সৰু হৈছে উপন্যাস পৰাণ নিগৰেৰ কেন্দ্ৰীয় চৰিত্ৰ।[4]

বিৱৰণ[সম্পাদনা কৰক]

গ্ৰাম্য জীৱনৰ ভিত্তিত ৰচিত পৰাণ নিগৰে উপন্যাসখনত মূলতঃ সৰু নামৰ শিশুচৰিত্ৰটিক লৈয়ে কাহিনী আগবাঢ়িছে। উপন্যাসখনত গ্ৰাম্য-প্ৰকৃতিক কাব্যময় বিৱৰণত পোৱা যায়।[3] উপন্যাসখনে পঢ়ুৱৈক চৰিত্ৰবোৰৰ সৈতে একাত্ম কৰাৰ লগতে শৈশৱৰ দিনলৈ মনত পেলায় দিয়ে বুলি পঢ়ুৱৈ সমাজে কয়।[1]উপন্যাস খনৰ প্ৰধান চৰিত্ৰ হৈছে সৰু। পঢ়ুৱৈৰ মত অনুসৰি, "সৰুৰ বাবে পৃথিৱীখন বিচিত্ৰ। মায়ালগা। অলেখ প্ৰশ্নই সৰুক জুমুৰি দি থাকে। সৰুৰ শিশু মনটোক ভাতৰ চিন্তাই আকুল কৰিলেও নিৰাশ কৰিব নোৱাৰে।" [2]

উপন্যাসখনত গ্ৰাম্য সমাজৰ নিভাঁজ ছবি ৰোমন্থন আৰু শৈশৱৰ বিস্ময়কৰ কাহিনী বৰ্ণিত হৈছে। সৰু নামৰ শিশু চৰিত্ৰটিৰ সহায় লৈ নষ্টালজিক চেতনাৰ অন্তৰ্স্থলীত প্ৰোথিত কৰি তাৰ সমান্তৰালভাৱে পঢ়ুৱৈক অতীত আৰু বৰ্তমানৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ দেখুৱাব পাৰিছে বুলিও পঢ়ুৱৈয়ে মন্তব্য দিয়া দেখা যায়। উপন্যাসখনত সৰু-ডাঙৰ, ভিন্ন মনস্তত্ত্বৰ, ভিন্ন বৈশিষ্ট্যৰ অনেক চৰিত্ৰৰ সমাগম ঘটিছে। সৰুৰ মাক, ককায়েক মইনা, জানেকী জেঠাই, বুঢ়ীবাই, খোপাডাঙৰী বাই, নামতী আই, যমুনা আই ইত্যাদি। [3]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

নগাঁও জিলাৰ ফুলগুৰিত জন্ম লাভ কৰা শৰ্মিষ্ঠা প্ৰীতম পিতৃৰ নাম অভয় বৰুৱা আৰু মাতৃ ৰেণু বৰুৱা। ফুলগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰি ফুলগুৰি হাইস্কুলৰ পৰা মেট্ৰিকৰ দেওনা পাৰ কৰে। তেওঁ ৰহা হাইস্কুলৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰহা মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে।[5] সৰুৰে পৰা সাহিত্যত ৰাপ থকা শৰ্মিষ্ঠাৰ নানা প্ৰবন্ধ অসমৰ কেইবাখনো বাতৰি কাকতত প্ৰকাশ হৈছে। তেওঁৰ প্ৰথম গ্ৰন্থ আছিল "ডাৱৰীয়া আকাশৰ বেলি" নামৰ এখন প্ৰবন্ধ সংকলন[6]। "দোকমোকালি" তেওঁৰ প্ৰথম কবিতা পুথি[6]। "আলফুলৰ সপোন" তেওঁৰ শিশু উপন্যাস। শৰ্মিষ্ঠা প্ৰীতম সৰুৰে পৰা "স্পাইনেল মাছ্‌কুলাৰ এট্ৰ'ফী" (Spinal muscular Atrophy) নামৰ ৰোগত আক্ৰান্ত[6]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 ভাৰতী পাঠক (১৬ মে', ২০২০). "শৰ্মিষ্ঠা প্ৰীতমৰ দুখন কিতাপ পঢ়ি, আত্মকথা, পৰাণ নিগৰে". নিয়মীয়া বাৰ্তা. 
  2. 2.0 2.1 ড° উৰ্বশী মহন্ত (১১ জুলাই, ২০২০). "পৰাণ নিগৰে". নিয়মীয়া বাৰ্তা. 
  3. 3.0 3.1 3.2 3.3 ঈশান জ্যোতি বৰা (১২ জানুৱাৰী, ২০২০). "সাধাৰণ পাঠকৰ দৃষ্টিৰে শৰ্মিষ্ঠা প্ৰীতমৰ নৱতম উপন্যাস". প্ৰতিদিন. 
  4. শৰ্মিষ্ঠা প্ৰীতম (নৱেম্বৰ, ২০১৯). পৰাণ নিগৰে. বনফুল. ISBN 978-93-81710-78-4. 
  5. "লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ সৈতে এখন্তেক". আমি অসমীয়া ডট কম. http://www.amiasomiya.org/interview/feb13-interviews। আহৰণ কৰা হৈছে: ২১ ফেব্ৰুৱাৰী, ২০১৩. [সংযোগবিহীন উৎস]
  6. 6.0 6.1 6.2 উপেন্দ্ৰ বৰকটকী. "শাৰীৰিক প্ৰত্যাহ্বানযুক্ত লেখিকাৰ সৃষ্টি প্ৰতিভা". assameseonline.com. Archived from the original on September 26, 2022. https://web.archive.org/web/20220926165426/http://assameseonline.com/full_text.php?recordID=17। আহৰণ কৰা হৈছে: March 28, 2013.