মোৰ টোকাবহীৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোৰ টোকাবহীৰ পৰা  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী উৎপল দত্ত, ধনজিৎ দাস
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশ ডিচেম্বৰ, ২০১৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা প্ৰথম খণ্ড - ২৬৮

মোৰ টোকাবহীৰ পৰা (ইংৰাজী: Mur Tukabohir Pora) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিয়ে নিজৰ টোকাবহীত লিখি যোৱা বিভিন্ন গদ্য-ৰচনাৰ সংকলন।[1] এই ৰচনাসমূহ প্ৰথমে এখন এখনকৈ নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশ হৈছিল। পিছলৈ সেইসমূহ গোট খুৱাই গ্ৰন্থৰূপ দিয়া হয়। এইখন সংকলন আৰু সম্পাদনা কৰিছে কুন্তল মণি শৰ্মা বৰদলৈ আৰু জয়া চৌধুৰীয়ে।[1] গ্ৰন্থখন মুঠ তিনিটা খণ্ডত বিভক্ত।

২০১৬ চনৰ ২২ ডিচেম্বৰত প্ৰথম খণ্ড প্ৰকাশ পায়।[1] এই খণ্ডৰ আগকথাত সম্পাদকদ্বয়ে গ্ৰন্থখন প্ৰকাশ কৰাৰ মুখ্য উদ্দেশ্য বেকত কৰি এনেদৰে লিখিছে, “বাতৰি কাকতৰ পাতত যেতিয়া বৰগোহাঞিদেৱৰ টোকাবহীৰ পৃষ্ঠাবোৰ এটা এটাকৈ সদৰি হ’ল- পাঠকসকল মুগ্ধ হ’ল, অবাক বিস্ময়ত অভিভূত হ’ল আৰু অনিৰ্বচনীয় অনুভূতিত চঞ্চল হ’ল। কিন্তু পিছ মুহূৰ্ততে হতাশো হ’ল এই কথা ভাবি যে বাতৰি কাকতৰ আয়ুস কেৱল এদিন।… বৰগোহাঞিদেৱৰ টোকাসমূহ ক্ষণস্থায়ী বাতৰি কাকতৰ পৰা তুলি আনি চিৰস্থায়ী কিতাপৰ মাজত স্থায়ী ৰূপত সংৰক্ষণ কৰাটোৱেই এই সংকলনৰ তৃতীয় তথা অন্তিম উদ্দেশ্য।” কিতাপখন প্ৰকাশ কৰাৰ প্ৰথম উদ্দেশ্য হিচাপে “অহৰহ আত্মানুসন্ধানত ব্ৰতী কথাশিল্পীজনৰ টোকাবোৰৰ মাজত লেখকৰ এক অভিব্যক্তি বিচাৰি পোৱা যাব পাৰে, ঠিক এনে এটা সন্ধানী অভিযানৰেই ফল এই সংকলনটো” বুলি উল্লেখ কৰাৰ লগতে দ্বিতীয় উদ্দেশ্যত ব্যক্ত কৰিছে এনেদৰে, ” জীৱন হৈছে বিচিত্ৰ বিষয়ৰ, ভিন্ন ৰঙৰ এক বৰ্ণিল চিত্ৰপট। তদুপৰি জীৱনটো গভীৰতম ধ্যান আৰু অনুভৱৰ বিষয়। বৰগোহাঞিদেৱৰ টোকাবহীৰ বিচিত্ৰ ৰচনাৰাজিয়ে বাৰম্বাৰ সেই উপলব্ধি জাগ্ৰত কৰে। সেই মহত্তৰ উপলব্ধিৰ স্নিগ্ধ আবেগ পাঠকৰ মনলৈ সঞ্চাৰিত কৰাও এই সংকলনৰ আন এটা উদ্দেশ্য।”[1]

বিৱৰণ[সম্পাদনা কৰক]

প্ৰথম খণ্ড[সম্পাদনা কৰক]

দীপাঞ্জলি আৰু নন্দন প্ৰতীম বৰদলৈলৈ আগবঢ়োৱা প্ৰথম খণ্ডত আছে ৫৫টা প্ৰবন্ধ। সেই প্ৰবন্ধসমূহ হৈছে, গভীৰ স্পৰ্শ; বাৰ্ট্ৰাণ্ড ৰাছেল; এটা উত্তৰ বিহীন প্ৰশ্ন; সৰল জীৱন; মেৰিলিন মন্‌ৰোৰ জীৱন আৰু মৃত্যু; পৃথিৱীখন যদি এবছৰৰ ভিতৰত ধ্বংস হৈ যায়; আগাথা ক্ৰিস্তি; আপুনি কোনজন মানুহ হ'ব খোজে; সুখৰ দিনবোৰ; এটা পাহৰিব নোৱৰা গল্প; এৰিক হবছবমৰ শেষ উপদেশ; প্ৰকৃত শুভাকাংক্ষী কোন; আজিৰ পৃথিৱীয়ে শ্বেইক্সপীয়েৰ জন্ম দিব নোৱাৰে কিয়; 'মোৰ মুখখন বন্ধ, কাৰণ মই ঘোচ লৈছোঁ'; নিৰ্জনতাৰ সন্ধানত; বালজাকৰ এটা গল্প; বসুধৈৱ কুটুম্বকম; বিমল আনন্দ; মোৰ মনত দকৈ দাগ কটা এটা গল্প; ৰবাৰ্ট ফেলকন স্কটৰ ধৰ্মসংকট; সাহস; কৌতূহল; পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ভাস্কৰ্য কলা; আত্ম-সংযম; ওখ হৈ গৈ থাকে কেৱল মানুহ; আদৰ্শ শিক্ষক; পুলিচ আৰু দাৰ্শনিক; মহৎ গ্ৰন্থ; আমবাৰী; কাৰ্টুনিষ্ট; হীৰেন্দ্ৰনাথ দত্ত; মানুহে আপোনাক কি হিচাপে মনত ৰখাটো আপুনি বিচাৰে; আধুনিক সাংবাদিকতাৰ নতুন ভূমিকা; বুদ্ধিজীৱী; উইল ডুৰাণ্টৰ বিচাৰত সৰ্বকালৰ দহজন সৰ্বশ্ৰেষ্ঠ ভাবুক; পশু-পক্ষীৰ প্ৰতি মানুহৰ নিষ্ঠুৰতা; বিবেকৰ দংশন; কিতাপে মানুহক কেনেকৈ সহায় কৰিব পাৰে; 'নমৰালৈকে জীয়াই থাকিম'; অনিৰ্বচনীয়; 'নিমজ, পৰিষ্কাৰ আৰু সতেজ গদ্য'; 'ইউলিছিছ আৰু ফাউষ্ট; মুক্তি; হৃদয়ত শিহৰণ জগোৱা শব্দ; বিয়া খোৱাৰ কাহিনী; অট'লিন ম'ৰেল আৰু বাৰ্ট্ৰাণ্ড ৰাছেলৰ প্ৰেম; প্ৰাৰ্থনাৰত হাত দুখন; প্ৰকৃত অৰ্থত শিক্ষিত হ'বলৈ পঢ়িবলগীয়া এশখন কিতাপ; ছেইণ্ট টেৰেছা; গন্ধ- বিলাস; জয়কান্ত অধ্যাপক; টমাছ মান; যুক্তি আৰু আৱেগ; এটা অসমীয়া নেপালী পৰিয়াল আৰু মানৱ অধিকাৰ।[1]

দ্বিতীয় খণ্ড[সম্পাদনা কৰক]

জয়া চৌধুৰী আৰু কুন্তল মণি শৰ্মা বৰদলৈৰ দ্বাৰা সংকলিত আৰু সম্পাদিত হোমেন বৰগোহাঞিৰ "মোৰ টোকাবহীৰ পৰা" দ্বিতীয় খণ্ডত মুঠ ৪৯টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে। প্ৰবন্ধকেইটা ক্ৰমান্নয়ে- চিত্ৰকৰ ইৰশ্বাদ আ‍লী, প্ৰেমৰ স্পৰ্শ, মৰমৰ মাত, নীৰৱতাৰ ধ্যান আৰু ধ্যানৰ নীৰৱতা, সুপ্ত প্ৰতিভাক জাগ্ৰত কৰাৰ উপায়, প্ৰেম, ভেকুলীৰ কাৰণে, লিখিবলৈ কেনেকৈ সময় উলিয়াব পাৰি, ঈৰ্ষা, বক্তৃতাৰ কাৰণে এক মিনিট, ডোভাৰ বীচ, সত্যযুগৰ এটা প্ৰেম কাহিনী, 'মৎস্যগন্ধাৰ' গাঁওখন, কিতাপৰ বিষয়ে, উত্তৰ বিচাৰি পালোঁ এমাৰ্ছনৰ এটা কবিতাত, মানুহৰ পক্ষে সুখী হোৱাটো কেতিয়াও সম্ভৱ নহয়, কুমাৰে জীৱনৰ বিষয়ে আমাক কি শিক্ষা দিব পাৰে, অবিস্মৰণীয় বন্ধুত্ব, 'আমাক এখন বুৰঞ্জী লাগে', ট্ৰেজিক আশাবাদ, অৰুণ শৰ্মা, ডেভিদ হিউমৰ জীৱন আৰু মৃত্যু, সহজতে সন্তুষ্ট হোৱা লেখক, ক্ৰোধ, গদ্যৰ বিষয়ে কেইটামান কথা, অনুতাপ, মোৰ চকু দুটাৰ বিষয়ে, অৱসাদ, অসমতো এনে এটা সমীক্ষা চলাব নোৱাৰিনে?, নিকছ কাজানৎজাকিছ, সুখাদ্যৰ মধুৰ স্মৃতি, দিহিং নৈৰ পাৰত এদিন, প্ৰশংসাৰ, মন্ত্ৰশক্তি, আপুনি কবিতা পঢ়েনে?, 'অনন্ততকৈ বেছি সত্য আৰু গভীৰ', যন্ত্ৰণাৰ উৎস, ৰাম মনোহৰ লোহিয়া, মোৰ জৰাজীৰ্ণ কিতাপবোৰ, বিদ্যাৱতী বাইদেউ ঃ মোৰ গদ্যৰ প্ৰথম সমালোচক, ড॰ জেকিল এণ্ড মিঃ হাইড, যোগ, দুষ্টামি, গণিতৰ গুৰুত্ব, জীৱনটো যদি আকৌ এবাৰ আৰম্ভণিৰ পৰা যাপন কৰিবলৈ সুযোগ পাওঁ, সাজিদ আলী বেগ, ধুতি নীতি, গণিতৰ কথা, চৰৈবতি চৰৈবতি, বৃদ্ধ বয়সত জীয়াই থকাৰ আনন্দ।

তৃতীয় খণ্ড[সম্পাদনা কৰক]

হোমেন বৰগোহাঞিৰ "মোৰ টোকাবহীৰ পৰা"ৰ তৃতীয় খণ্ডত মুঠ ৫০টা প্ৰবন্ধ আছে। কুন্তল মণি শৰ্মা বৰদলৈ আৰু জয়া চৌধুৰীৰ দ্বাৰা সংকলিত আৰু সম্পাদিত তৃতীয় খণ্ডত থকা প্ৰবন্ধ সমূহ হ'ল - মোক মণ্টেইনৰ ছবি উপহাৰ দিয়া ল'ৰাজন, কিতাপে মোৰ কি উপকাৰ কৰিছে, চৰাইবোৰ কেনি গ'ল, প্ৰেম, তগৰ ফুলৰ সুবাস, মানুহৰ মহত্ত্বৰ কাহিনী, মৃত্যুৰ অৰ্থ, যৌৱন, সুখ, কেৱল আয়ুস বাঢ়িলেই নহ'ব, ডাৰউইনৰ সন্মুখত নতুন প্ৰত্যাহ্বান, নামঘোষা পঢ়োঁ, যেতিয়া লেখা স্বত্বঃস্ফূৰ্তভাৱে ওলাই নাহে, গেটিছবাৰ্গ বক্তৃতা, যেতিয়া যিকোনো দুটা বস্তুৰ মাজত এটাক বাছি লবলগীয়া হয়, ডাৰউইনে তেওঁৰ যুগান্তকাৰী কিতাপখন প্ৰকাশ নকৰাকৈ..., ঈশ্বৰৰ সন্ধানত, বিজ্ঞান যত থমকি ৰয়, কমা, কোনো লেখা অৰ্থহীন আৰু মূল্যহীন নহয়, জীৱন যাপন, প্ৰমা, আঁড্ৰে জিদৰ জাৰ্নাল, চকু নে কাণ?ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ মাতৃ ভগৱতী দেৱী, মোৰ হৃদয় আলোড়িত কৰি‌ ৰখা‌ এটা সত্য কাহিনী, ধৰ্ম সংকট, সময়ৰ সন্ধানত, চলন্ত পুথিভঁৰাল, পৰোপকাৰ, সততাৰ শাস্তি, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু ৰামকৃষ্ণ পৰমহংস, জোনাকী নীৰৱতা, শান্তিপূৰ্ণ জীৱনৰ কাৰণে, একমাত্ৰ প্ৰতিবন্ধকতা, ঈশ্বৰ, মদৰ বিষয়ে, অংফিউ নিংখি, আজৰি সময়ৰ সদ্ব্যৱহাৰ, মই শিক্ষক হবলৈ বিচাৰিছিলোঁ, লীলাকান্ত দাসৰ চকুপানী, বাৰ্ধক্য আৰু প্ৰাৰ্থনা, আদৰ বিষয়ে, মই মোৰ কৰ্তব্য কৰিলোঁ, এটা গল্প, আদৰ্শ, যেতিয়া আৰব হৈছিল ইউৰোপৰ গুৰু, নমৰালৈকে জীয়াই থাকিম, ডেভিদ হিউমৰ আত্মজীৱনী, প্ৰমা।

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 হোমেন বৰগোহাঞি (ডিচেম্বৰ, ২০১৬). মোৰ টোকাবহীৰ পৰা প্ৰথম খণ্ড. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]