আত্ম দীপো ভৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আত্ম দীপো ভৱ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী পূৰ্ণেন্দু পত্ৰী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ১৯৯৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৪৫
আই.এচ.বি.এন. 81-86494-36-7[1]

আত্ম দীপো ভৱ (ইংৰাজী: Aatmo Dipu Bhaba) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। ইয়াত মুঠ ২০ টা প্ৰবন্ধ আছে।এইখন এইখন অৱশ্য পঠনীয় গ্ৰন্থ। ১৯৯৬ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয়। প্ৰকাশনগোষ্ঠী হৈছে ষ্টুডেণ্ট ষ্ট'ৰচ। ইয়াৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ প্ৰকাশ পায় ক্ৰমে ১৯৯৮ চনৰ আগষ্টত আৰু ২০০৪ চনৰ অক্টোবৰত। ২০১৬ চনলৈকে গ্ৰন্থখনৰ পাঁচটা সংস্কৰণৰ প্ৰকাশ হয়। গ্ৰন্থখন লেখকে ড° লক্ষ্মী গোস্বামীলৈ আগবঢ়াই লিখিছে।[1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে,‘শিষ্টাচাৰ’, ‘আত্মোৎকৰ্ষৰ সাধনা’,'আত্ম দীপো ভব',‘জীৱন জয়গান’, ‘মটৰ-চাইকেল’,‘প্ৰেৰণাৰ উৎস’,'শ্ৰদ্ধা আৰু ভালপোৱা',‘দাম আৰু মূল্য’, ‘দোষ আৰু শাস্তি’, ‘স্বাস্থ্য’, ‘কলেষ্টেৰল',‘মানসিক ব্যায়াম’,'বিজ্ঞানৰ সীমাবদ্ধতা',‘ভূগোলৰ ৰোমাঞ্চ’, ‘বাগ্মিতা’, ‘আলেকজেণ্ডাৰ আৰু ডায়োজিনিছ’, ‘পণ্ডিত বিশ্বনাথ শাস্ত্ৰী আৰু পণ্ডিত ওংকাৰনাথ ঠাকুৰ’,'খনমাত এটা দিন',‘খং নামে চণ্ডাল’ আৰু'লক্ষ্মীনাথ বেজবৰুৱাক মই নতুনকৈ আৱিষ্কাৰ কৰিলো'।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 হোমেন বৰগোহাঞি (আগষ্ট,২০১৬). আত্ম দীপো ভৱ. শ্ৰী অজয় কুমাৰ দত্ত. পৃষ্ঠা. ৫. ISBN 81-86494-36-7. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

আত্ম দীপো ভব – এখন পঠনীয় গ্ৰন্থ