ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
Dibrugarh Govt. Boys' Higher Secondary School
মূলমন্ত্ৰ বিদ্যাই জ্ঞান , জ্ঞানেই অমৃত
স্থাপিত ১৮৪০
ধৰণ চৰকাৰী বিদ্যালয়
স্থান মিলন নগৰ, ডিব্ৰুগড়, অসম,  ভাৰত
27°27′51″N 94°54′45″E / 27.464167°N 94.912500°E / 27.464167; 94.912500স্থানাংক: 27°27′51″N 94°54′45″E / 27.464167°N 94.912500°E / 27.464167; 94.912500
চৌহদ চহৰীয়া
ভুক্তি অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Dibrugarh Govt. Boys' Higher Secondary School) ব্ৰিটিছৰ ৰাজত্ব কালত ১৮৪০ চনত উজনি অসমৰ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এইখনে উজনি অসমৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়। ১৮৯৭ আৰু ১৯৫০ চনৰ অসমৰ ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰা বাবে বিদ্যালয়খন স্থান কেইবাবাৰো সলনি কৰা হৈছিল। বৰ্তমান বিদ্যালয়খন পূব ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত। ডিব্ৰুগড় জিলা পুথিভঁৰাল আৰু সংগ্ৰাহালয় ইয়াৰ কাষতে অৱস্থিত। বিদ্যালয় খনত বৰ্তমান প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদানৰ ব্যৱস্থা আছে। প্ৰতি বছৰে বিদ্যালয় খনে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অতি ভাল ফলাফল কৰি আহিছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]