মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী সুব্ৰত চৌধুৰী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ অনুবাদ, গল্প
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ,১৯৯৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৯৯
আই.এচ.বি.এন. 81-7665-030-7

মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প (ইংৰাজী: Mur Priyo Pasta German Golpo) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন অনুবাদ গল্প-সংকলন। গ্ৰন্থখন প্ৰথম ১৯৯৯ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। গ্ৰন্থখন তেওঁ ডাঃ দৈত্যাৰি দাস আৰু ডাঃ প্ৰিয়ম্বদা দাসলৈ আগবঢ়াইছে। [1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত পাঁচটা অনুবাদ গল্প আছে। সেইকেইটা হৈছে, 'ক্ৰাম্বামবুলি'(মেৰী ফন এবনাৰ-এশ্বেনবাখ), 'এজন অবিবাহিত ভদ্ৰলোকৰ মৃত্যু'(আৰ্থাৰ স্নিৎসলাৰ), 'কবিতা আৰু প্ৰেম'(মৰিৎস ফেইনমান), 'গোপন আশ্ৰয়'(হেৰমাণ্ড কেষ্টেন) আৰু 'যুদ্ধক্ষেত্ৰত ছক্ৰেটিছ'(বেৰ্টল্ট্‌ ব্ৰেখট্‌)।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (নৱেম্বৰ,২০১০). মোৰ প্ৰিয় পাঁচটা জাৰ্মান গল্প. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক[সম্পাদনা কৰক]