সাউদৰ পুতেকে নাও মেলি যায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাউদৰ পুতেকে নাও মেলি যায়  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী পুৰ্ণেন্দু পত্ৰী
দেশ ভাৰত
ভাষা অসমীয়া
শৃংখলা প্ৰথম অধ্যায় (১০)
দ্বিতীয় অধ্যায় (১২)
সৰ্বমুঠ (২২)
প্ৰকাৰ উপন্যাস
প্ৰকাশক লয়াৰ্ছ বুক ষ্ট’ৰচ্
প্ৰকাশ ১৯৮৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১২০
আই.এচ.বি.এন. 81-85905-44-4

সাউদৰ পুতেকে নাও মেলি যায় (ইংৰাজী: Saudor Puteke Nao Meli Jay) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ শৈশৱ-কৈশোৰ জীৱন আধাৰিত প্ৰথমখন উপন্যাস। এই 'সাউদৰ পুতেকে নাও মেলি যায়' উপন্যাসখন ষ্টুডেণ্টছ ষ্টৰছ প্ৰকাশনৰ পৰা ১৯৮৭ চনত প্ৰথম প্ৰকাশ পায়।[1] উপন্যাসখন দুটা অধ্যায়ত বিভক্ত।

বিৱৰণ[সম্পাদনা কৰক]

১৯৮৭ চনত ড০ মহেন্দ্ৰ বৰাৰ সভাপতিত্বত হোৱা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল।[2] দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছিল আগষ্ট, ১৯৮৯ চনত। বাপুকণ নামৰ এক কিশোৰৰ মানসিক যাত্ৰা, উত্তৰণ, সংঘাত, আৰু দৰ্শনৰ এক ব্যতিক্ৰমী উপন্যাস সাউদৰ পুতেকে নাও মেলি যায়[3][4]

১৯৮৭ চনৰ কেইবছৰমান পূৰ্বে নৱকান্ত বৰুৱাৰ তত্ত্বাৱধানত প্ৰকাশিত সীৰলু নামৰ আলোচনীত হোমেন বৰগোহাঞিৰ 'বাপুকণ' নামৰ এটা লেখা ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। সেই লেখাটিৰ জনপ্ৰিয়তাৰ খবৰ ৰখা বিজয় কুমাৰ দত্তই নৱকান্ত বৰুৱাৰ সহায়ত বৰগোহাঞিৰ লগত ষ্টুডেণ্টছ ষ্ট'ৰছৰ হৈ জিতেন দত্তক কিতাপ প্ৰকাশৰ কথা পাতিবলৈ পঠিয়াইছিল। পোনতে "মোৰ এইয়া অপৈণত ধাৰাবাহিক লেখা..." বুলি বৰগোহাঞিয়ে 'বাপুকণ'ৰ খণ্ডসমূহক লগ কৰি কিতাপ প্ৰকাশ কৰিব বিচৰা নাছিল। পিছত জিতেন দত্তৰ অনেক অনুৰোধ-প্ৰচেষ্টাত তেখেত মান্তি হৈ ধাৰাবাহিক লেখাকেইটিত কিছু যোগ-বিয়োগ কৰি কিতাপখন সম্পূৰ্ণ কৰে। এনেকৈয়ে 'বাপুকণ' গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলায় আৰু নামটো হয় "সাউদৰ পুতেকে নাও মেলি যায়"। [2]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[5]

১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[6]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. বৰগোহাঞি, হোমেন (1987). সাউদৰ পুতেকে নাও মেলি যায়. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 81-85905-44-4. 
  2. 2.0 2.1 অজয় কুমাৰ দত্ত, মৃত্যঞ্জয় কুমাৰ দত্ত (২১ মে', ২০২১). "মহীৰূহৰ ছত্ৰছায়াত ষ্টুডেণ্টছ ষ্ট'ৰছ, সুদীৰ্ঘ ৩৪ বছৰজোৰা সান্নিধ্যৰ সোঁৱৰণ". নিয়মীয়া বাৰ্তা: পৃষ্ঠা ৭. Archived from the original on 2021-05-24. https://web.archive.org/web/20210524085909/https://niyomiyabarta.com/epaper/21052021/page7.php। আহৰণ কৰা হৈছে: 24 মে' 2021. 
  3. "সাউদৰ পুতেকে নাও মেলি যায়". Assamesebooks.wordpress.com. https://assamesebooks.wordpress.com/2011/11/15/77/amp/। আহৰণ কৰা হৈছে: 5 june 2010. 
  4. "সাউদৰ পুতেকে নাও মেলি যায়". Axomiyanabaprajanma.com. Archived from the original on 5 June 2020. https://web.archive.org/web/20200605041449/http://axomiyanabaprajanma.com/2020/03/28/book-review-2/। আহৰণ কৰা হৈছে: 5 june 2020. 
  5. Awards 1955–2007 Archived 2008-05-13 at the Wayback Machine Sahitya Akademi Official website.
  6. http://indilens.com/?s=homen+borgohain! Homen Borgohain

বাহ্যিক সংযোগ[সম্পাদনা কৰক]