ইণ্টাৰনেট আৰ্কাইভ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইণ্টাৰনেট আৰ্কাইভ
soft2i
ইউ আৰ এল archive.org
ভাষা ইংৰাজী es-us
অৱস্থান ৰিচমণ্ড জিলা, ছান ফ্ৰান্সিস্কো
ছান ফ্ৰান্সিস্কো, কেলিফৰ্ণিয়া
37°46′56″N 122°28′18″W / 37.782321°N 122.47161137°W / 37.782321; -122.47161137স্থানাংক: 37°46′56″N 122°28′18″W / 37.782321°N 122.47161137°W / 37.782321; -122.47161137
স্থাপিত ১০ মে' ১৯৯৬; ২৭ বছৰ আগত (1996-05-10)[notes 1][1]
কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি 169 (2019)
মুকলি ১৯৯৬ (1996)
ৰাজহ বৃদ্ধি $৩৬.৭ মিলিয়ন (২০১৯)[2]
বৰ্তমান স্থিতি সক্ৰিয়

ইণ্টাৰনেট আৰ্কাইভ (ইংৰাজী: Internet Archive) হৈছে "সকলো জ্ঞানৰ সৰ্বজনীন প্ৰৱেশ"ৰ উল্লিখিত মিছন থকা এটা আমেৰিকান ডিজিটেল লাইব্ৰেৰী।[notes 2][notes 3] ই ৱেবছাইট, চফ্টৱেৰ এপ্লিকেচন/খেল, সংগীত, চলচ্চিত্ৰ/ভিডিঅ', চলন্ত ছবি, আৰু লাখ লাখ কিতাপৰ বাবে বিনামূলীয়া প্ৰৱেশৰ সেৱা আগবঢ়ায়। আৰ্কাইভিং কাৰ্য্যৰ উপৰিও আৰ্কাইভ হৈছে এটা সক্ৰিয় সংস্থা, যিয়ে বিনামূলীয়া আৰু মুক্ত ইণ্টাৰনেটৰ পোষকতা কৰে। ২০২২ চনৰ ৭ মে'লৈকে ইণ্টাৰনেট আৰ্কাইভত ৩৫ মিলিয়নতকৈ অধিক কিতাপ আৰু গ্ৰন্থ, ৭৯ লাখ চিনেমা, ভিডিঅ' আৰু টিভি শ্ব', ৮৪২ হাজাৰ চফ্টৱেৰ প্ৰগ্ৰেম, ১৪ মিলিয়ন অডিঅ' ফাইল, ৪ মিলিয়ন ছবি, ২৪ লাখ টিভি ক্লিপ, ২৩৭ হাজাৰ কনচাৰ্ট, আৰু ৱেবেক মেচিনত ৬৮২ বিলিয়নতকৈ অধিক ৱেব পৃষ্ঠা আছে। ইণ্টাৰনেট আৰ্কাইভে জনসাধাৰণক ইয়াৰ ডাটা ক্লাষ্টাৰত ডিজিটেল সামগ্ৰী আপলোড আৰু ডাউনলোড কৰাৰ অনুমতি দিয়ে, কিন্তু ইয়াৰ ডাটাৰ বেছিভাগেই ইয়াৰ ৱেব ক্ৰ’লাৰসমূহে স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ কৰে, যিয়ে ৰাজহুৱা ৱেবৰ যিমান পাৰি সংৰক্ষণ কৰাৰ কাম কৰে। ইয়াৰ ৱেব আৰ্কাইভ, ৱেইবেক মেচিনত শ শ বিলিয়ন ৱেব কেপচাৰ আছে।[3] আৰ্কাইভে বিশ্বৰ অন্যতম বৃহৎ কিতাপ ডিজিটাইজেচন প্ৰকল্পৰ তদাৰক কৰে।

ইতিহাস[সম্পাদনা কৰক]

২০০৮ চনত ছান ফ্ৰান্সিস্কোৰ প্ৰেচিডিঅ'ৰ ১১৬ নং বিল্ডিঙত থকা মুখ্য কাৰ্যালয়

ব্ৰুষ্টাৰ কাহলে ১৯৯৬ চনৰ মে' মাহত তেওঁৰ লাভজনক ৱেব ক্ৰলিং কোম্পানী এলেক্সা ইণ্টাৰনেট আৰম্ভ কৰাৰ লগতে এই আৰ্কাইভটোৰো প্ৰতিষ্ঠা কৰে।[notes 4] সেই বছৰৰ অক্টোবৰ মাহত ইণ্টাৰনেট আৰ্কাইভে ৱৰ্ল্ড ৱাইড ৱেবক বৃহৎ পৰিমাণে আৰ্কাইভ আৰু সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল[notes 5] যদিও ই সংৰক্ষণ কৰা আটাইতকৈ প্ৰাচীন জ্ঞাত পৃষ্ঠাটো সংৰক্ষণ হৈছিল ১০ মে', ১৯৯৬ চনৰ বিয়লি ২:৪২ বজাত।[4][5][6][7] ৱেবেক যন্ত্ৰ প্ৰস্তুত হোৱাৰ পিছত আৰ্কাইভ কৰা বিষয়বস্তু প্ৰথমবাৰৰ বাবে সাধাৰণ জনতাৰ বাবে উপলব্ধ হয় ২০০১ চনত। ১৯৯৯ চনৰ শেষৰ ফালে আৰ্কাইভে প্ৰেলিংগাৰ আৰ্কাইভৰ পৰা আৰম্ভ কৰি ৱেব আৰ্কাইভৰ বাহিৰলৈকো নিজৰ সংগ্ৰহসমূহ সম্প্ৰসাৰণ কৰে। বৰ্তমান ইণ্টাৰনেট আৰ্কাইভত লেখা, অডিঅ’, চলন্ত ছবি, আৰু চফ্টৱেৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত আন কেইবাটাও প্ৰকল্পৰ আয়োজন কৰা হৈছে: নাছা ইমেজ আৰ্কাইভ, চুক্তি ক্ৰলিং সেৱা আৰ্কাইভ-ইট, আৰু ৱিকি-সম্পাদনাযোগ্য লাইব্ৰেৰী কেটেলগ আৰু কিতাপৰ ডাটা ছাইট মুক্ত লাইব্ৰেৰী। ইয়াৰ পিছতে আৰ্কাইভে প্ৰিণ্ট-অক্ষমসকলৰ তথ্য প্ৰৱেশৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত বিশেষ সেৱা প্ৰদানৰ বাবে কাম আৰম্ভ কৰে; ৰাজহুৱাভাৱে সুলভ কিতাপসমূহ সুৰক্ষিত ডিজিটেল অভিগম্য তথ্য ব্যৱস্থা (DAISY) আৰ্হিত উপলব্ধ কৰা হৈছিল।[notes 6]

পৰিচালনা[সম্পাদনা কৰক]

আৰ্কাইভ হৈছে আমেৰিকাত চলি থকা ৫০১(গ)(৩) এটি অলাভজনক সংস্থা। ইয়াৰ বাৰ্ষিক বাজেট ১ কোটি ডলাৰ, আৰু এই অৰ্থ ইয়াৰ ৱেব ক্ৰলিং সেৱা, বিভিন্ন অংশীদাৰিত্ব, অনুদান, বৰঙণি আৰু কাহলে-অষ্টিন ফাউণ্ডেশ্যনৰ পৰা পোৱা ৰাজহৰ পৰা আহৰণ কৰা হয়।[8] ইণ্টাৰনেট আৰ্কাইভে সময়ে সময়ে পুঁজিৰ অভিযানো পৰিচালনা কৰে। উদাহৰণস্বৰূপে, ২০১৯ চনৰ ডিচেম্বৰ মাহৰ এটা অভিযানত ৬ মিলিয়ন ডলাৰ অনুদান লাভ কৰাৰ লক্ষ্য আছিল।[উদ্ধৃতিৰ প্ৰয়োজন] আৰ্কাইভৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত। ১৯৯৬ চনৰ পৰা ২০০৯ চনলৈকে ইয়াৰ মুখ্য কাৰ্যালয় আছিল ছান ফ্ৰান্সিস্কোৰ প্ৰেচিডিঅ’ত, যিটো পূৰ্বৰ আমেৰিকাৰ সামৰিক ঘাটি আছিল। ২০০৯ চনৰ পৰা ইয়াৰ মুখ্য কাৰ্যালয়টো আছে ছান ফ্ৰান্সিস্কোৰ ৩০০ ফানষ্টন এভিনিউত। এইটো পূৰ্বতে খ্ৰীষ্টান বিজ্ঞান গীৰ্জা আছিল। এটা সময়ত ইয়াৰ বেছিভাগ কৰ্মচাৰীয়ে ইয়াৰ কিতাপ স্কেনিং কেন্দ্ৰত কাম কৰিছিল; ২০১৯ চনলৈকে বিশ্বজুৰি ১০০জন পেইড অপাৰেটৰে স্কেনিং কৰে।[9] আৰ্কাইভৰ কেলিফৰ্ণিয়াৰ তিনিখন চহৰত ডাটা চেণ্টাৰো আছে: ছান ফ্ৰান্সিস্কো, ৰেডউড চিটি, আৰু ৰিচমণ্ড। তথ্য হেৰুৱাৰ আশংকা হ্ৰাস কৰিবলৈ আৰ্কাইভে ইয়াৰ সংগ্ৰহৰ কিছু অংশৰ কপি অধিক দূৰৈৰ স্থানত সৃষ্টি কৰে, য'ত ইজিপ্তৰ বিব্লিঅ'থেকা আলেকজেণ্ড্ৰিনা[notes 7] আৰু আমষ্টাৰডামৰ এটা সুবিধাও অন্তৰ্ভুক্ত।[10]

এই আৰ্কাইভটো আন্তৰ্জাতিক ইণ্টাৰনেট সংৰক্ষণ কনচৰ্টিয়ামৰ সদস্য[11] আৰু ২০০৭ চনত কেলিফৰ্ণিয়া ৰাজ্যই ইয়াক আনুষ্ঠানিকভাৱে পুথিভঁৰাল হিচাপে নিৰ্ধাৰণ কৰিছিল।[notes 8][12]

টোকা[সম্পাদনা কৰক]

  1. "Internet Archive: About the Archive". Wayback Machine. April 8, 2000. https://archive.org/about/index.html। আহৰণ কৰা হৈছে: March 13, 2016. 
  2. "Internet Archive Frequently Asked Questions". Internet Archive. https://archive.org/about/faqs.php#296। আহৰণ কৰা হৈছে: April 13, 2013. 
  3. "Internet Archive: Universal Access to all Knowledge". Internet Archive. https://archive.org/details/SDForumBK। আহৰণ কৰা হৈছে: April 13, 2013. 
  4. "Brewster Kahle . In Scientific American". Internet Archive. November 4, 1997. https://archive.org/sciam_article.html। আহৰণ কৰা হৈছে: April 1, 2016. 
  5. "Internet Archive: In the Collections". Wayback Machine. June 6, 2000. https://archive.org/collections/index.html। আহৰণ কৰা হৈছে: March 15, 2016. 
  6. "Daisy Books for the Print Disabled" Archived January 4, 2013, at the Wayback Machine, February 25, 2013. Internet Archive.
  7. "Donation to the new Library of Alexandria in Egypt" Archived January 25, 2014, at the Wayback Machine; Alexandria, Egypt; April 20, 2002. Bibliotheca Alexandrina Archived September 2, 2014, at the Wayback Machine. Internet Archive.
  8. "Internet Archive officially a library" Archived February 4, 2010, at the Wayback Machine, May 2, 2007. Internet Archive

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "archive.org WHOIS, DNS, & Domain Info – DomainTools". WHOIS. http://whois.domaintools.com/archive.org। আহৰণ কৰা হৈছে: March 13, 2016. 
  2. "Internet Archive - Full text of "Full Filing" for fiscal year ending Dec. 2019". May 9, 2013. https://projects.propublica.org/nonprofits/organizations/943242767/202013219349323056/full। আহৰণ কৰা হৈছে: October 30, 2021. 
  3. Grotke, A. (December 2011). "Web Archiving at the Library of Congress" Archived December 15, 2013, at the Wayback Machine. Computers In Libraries, v.31 n.10, pp. 15–19. Information Today.
  4. "Microsoft Internet Explorer for Windows 95 Download". Internet Archive/Wayback Machine. 1996-05-10. http://www.microsoft.com/ie/IE.HTM। আহৰণ কৰা হৈছে: 2022-06-05. 
  5. "Internet Archive Forums: What is the oldest page on the Wayback Machine?". archive.org. https://archive.org/post/60275/what-is-the-oldest-page-on-the-wayback-machine। আহৰণ কৰা হৈছে: October 6, 2019. 
  6. "MTV Online: Main Page – Wayback Machine". Wayback Machine. May 12, 1996. http://www.mtv.com। আহৰণ কৰা হৈছে: December 16, 2016. 
  7. "Infoseek Guide – Wayback Machine". Wayback Machine. May 12, 1996. http://www.infoseek.com/। আহৰণ কৰা হৈছে: December 16, 2016. 
  8. Womack, David (Spring 2003). "Who Owns History?". Cabinet Magazine (10). http://www.cabinetmagazine.org/issues/10/womack.php. 
  9. Whitney Kimball. "The Internet Archive Fights Wiki Citation Wars With Books". Gizmodo. https://gizmodo.com/the-internet-archive-fights-wiki-citation-wars-with-boo-1839609540। আহৰণ কৰা হৈছে: November 5, 2019. 
  10. "Brewster Kahle: Universal Access to All Knowledge – The Long Now". longnow.org. 45'47". http://longnow.org/seminars/02011/nov/30/universal-access-all-knowledge/। আহৰণ কৰা হৈছে: October 18, 2016. 
  11. "Members". Archived from the original on June 13, 2010. https://web.archive.org/web/20100613021711/http://netpreserve.org/about/memberList.php। আহৰণ কৰা হৈছে: April 24, 2011.  International Internet Preservation Consortium. Netpreserve.org
  12. McCoy, Adrian (June 24, 2007). "The Internet gives birth to an 'official' online library". Pittsburgh Post-Gazette. Archived from the original on January 27, 2021. https://web.archive.org/web/20210127142633/https://old.post-gazette.com/pg/07175/796164-96.stm। আহৰণ কৰা হৈছে: 2021-01-05.