নিঃসঙ্গতা (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিঃসঙ্গতা  
লেখক হোমেন বৰগোহাঞি
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় সামাজিক
প্ৰকাৰ উপন্যাস
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ২০০০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

নিঃসঙ্গতা (ইংৰাজী: Nisongota) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। ২০০০ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ ২০০৮ চনলৈকে পাঁচটা সংস্কৰণ প্ৰকাশ পায়। লেখক বৰগোহাঞিয়ে এই ১২২ পৃষ্ঠাৰ গ্ৰন্থখন জয়ন্তী চুতীয়ালৈ আগবঢ়াইছে।[1]

কাহিনী[সম্পাদনা কৰক]

এগৰাকী বড়ো মহিলা, অনুপমা বসুমতাৰীৰ জীৱন গাঁথা বৰ্ণিত নিঃসঙ্গতা কিতাপখনৰ সমগ্ৰ চিত্ৰপট লেখক আৰু অনুপমাৰ মাজতেই অংকিত। অনুপমাৰ কবিতাবোৰত লেখকে এক জীৱন দৰ্শন অনুভৱ কৰি অনুপমাৰ জীৱনক লৈ এখন উপন্যাস লিখাৰ মানসেৰে অনুপমাৰ সৈতে কথা পাতে। এই কথোপকথনতে এখন কিতাপ লিখাৰ আগত লেখকে কৰিবলগীয়া পৰিকল্পনা, সংগ্ৰাম তথা আনৰ জীৱন কাহিনী লিখিবলৈ গৈ লেখকৰ উদ্ভৱ হোৱা বিব্ৰতবোধ, অসুবিধাৰো প্ৰতিফলন ঘটিছে। কিতাপখনত গদ্যৰ মাজে মাজে আছে অনুপমাৰ কবিতাসমূহ, যিসমূহত প্ৰতিফলিত হৈছে কবিৰ জীৱন দৰ্শন। জীৱন নামৰ দৈত্যটোৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ কৌশল নিজৰ বুদ্ধিৰেই উলিওৱা অনুপমাৰ ব্যক্তিত্বৰ নিদৰ্শনেই কিতাপখনৰ সাৰ।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (জুলাই,২০০৮). নিঃসঙ্গতা. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]