স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী উৎপল বৰা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক, স্বাস্থ্য-বিধান
প্ৰকাৰ গদ্য
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ২০০৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৪৪
আই.এচ.বি.এন. 81-7665-359-4

স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (ইংৰাজী: Swasthya Rakhyar Hohoj Niom) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন স্বাস্থ্য-বিষয়ক প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৭ চনলৈকে সপ্তম সংস্কৰণ প্ৰকাশ পাইছে। এই গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ তিনিজন প্ৰিয় সহকৰ্মী গীতিমালিকা নেওগ,নন্দন প্ৰতিম শৰ্মা বৰদলৈ আৰু অনমিত্ৰ গগৈলৈ আগবঢ়াইছে।[1]


বিৱৰণ[সম্পাদনা কৰক]

কিতাপখন প্ৰধান তিনিটা অধ্যায়ত বিভক্ত। প্ৰথম অধ্যায়ত সাতটা, দ্বিতীয় অধ্যায়ত ষোল্লটা আৰু তৃতীয় অধ্যায়ত এটা প্ৰবন্ধ আছে। তাৰ পিছত পৰিশিষ্ট হিচাপে সংযোগ কৰিছে বাৰটা প্ৰাসংগিক প্ৰবন্ধ। প্ৰথম অধ্যায়ত থকা প্ৰবন্ধকেইটা হৈছে,'স্বাস্থ্য কি','স্বাস্থ্যৰ বিষয়ে লিখিবলৈ মোৰ নিজৰ যোগ্যতা কি?','স্বাস্থ্য কিয় লাগে', 'স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব লাগে (১)','স্বাস্থ্যৰ যত্ন কেনেকৈ ল'ব লাগে (২)','স্বাস্থ্য-পৰীক্ষাৰ দৰকাৰ' আৰু 'অভিজ্ঞ ডাক্তৰে কি কয়?'। দ্বিতীয় অধ্যায়ত আছে, 'আপুনি এতিয়া স্বাস্থ্য গঢ়াৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে','চাৰিটা প্ৰধান উপায়','আহাৰ','ধনী মানুহৰ আহাৰ, দুখীয়া মানুহৰ আহাৰ','কি কি বস্তু কেতিয়াও নাখাব','কেনেকুৱা খাদ্য খাব','পনীৰ কথা','আহাৰ কেনেকৈ খাব?','স্বাস্থ্যৰ কাৰণে ব্যায়াম অপৰিহাৰ্য','গভীৰ উশাহ-নিশাহৰ উপকাৰিতা','টোপনিৰ বিষয়ে','নিদ্ৰাহীনতাৰ প্ৰতিকাৰ কি','স্বাস্থ্য আৰু যৌনতা','অধিক মাছত বগলী-কণা','বেমাৰ হ'লে কি কৰিব?' আৰু 'কেইটামান সাধাৰণ ৰোগ'। তৃতীয় অধ্যায়ত লিখিছে 'স্বাস্থ্যৰ বিষয়ে সততে মনত ৰাখিবলগীয়া কেইটামান সাধাৰণ কথা' শীৰ্ষক প্ৰবন্ধ। আনহাতে 'স্বাস্থ্য'ৰ সম্পাদক কেনেকৈ হ'লো,এটা জটিল ৰোগৰ সহজ চিকিৎসা,মদ আৰু স্বাস্থ্য,ষ্ট্ৰেছ নহ'লেও জীৱন চলে, পৰিষ্কাৰ হৈ থকাৰ প্ৰয়োজনীয়তা, স্বাস্থ্যৱান মানুহ, অৱসাদ জয় কৰাৰ উপায়,কলেষ্টেৰল,এলাৰ্জিৰ কথা, খোজ কঢ়াৰ বিষয়ে কিছু কথা, ডাক্তৰৰ কথা, আৰু চাবোনৰ কথা হৈছে পৰিশিষ্টত সংযোগ কৰা বাৰটা প্ৰবন্ধ। [1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (জুন,২০১৭). স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক[সম্পাদনা কৰক]