জীৱনৰ সাধনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীৱনৰ সাধনা  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী পূৰ্ণেন্দু পত্ৰী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ১৯৯৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৩৫
আই.এচ.বি.এন. 81-85905-98-3

জীৱনৰ সাধনা (ইংৰাজী: Jibonor Hadhona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ-সংকলন। গ্ৰন্থখন ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হয়। লেখকে গ্ৰন্থখন ভবানী দত্ত খৰ্কৱালৰ কৰকমলেষুত আগবঢ়াইছে।[1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখন দুটা খণ্ডত বিভক্ত। প্ৰথমটোত থকা একমাত্ৰ প্ৰবন্ধটো হৈছে একে নামৰ 'জীৱনৰ সাধনা'। দ্বিতীয় খণ্ডত ২০ টা প্ৰবন্ধ আছে। সেইকেইটা হৈছে, 'মাইকেল এঞ্জেলো', 'লিওনাৰ্ডো ডা ভিন্সি', 'ক'লৰিজ', 'আনাটোল ফ্ৰাঁ', 'টমাছ মান', 'কঠিন প্ৰহৰঃ টমাছ মান', 'আঁদ্ৰে মাল্‌ৰো', 'আৰ্ণল্ড টয়ন্‌বী', 'এইচ জি ওৱেলছৰ 'বিশ্ব সাহিত্যৰ ৰূপৰেখা','জাঁ পল ছাৰ্ত্ৰেৰ বিষয়ে কেইটামান কথা', 'নিকছ কাজানৎজাকিছ', 'হেনৰি লুই মেনকেন','ৰবাৰ্ট লীণ্ড', 'ছেমুৱেল বেকেট্‌', 'আইজাক বশ্বেভিছ ছিংগাৰ','জে. বি. এছ. হলডেন','জ্যোতিপ্ৰসাদ আগৰৱালা', 'লক্ষ্মীধৰ শৰ্মা', 'মাও জে দং' আৰু 'হো চি মিন'। [1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (ডিচেম্বৰ,১৯৯৪). জীৱনৰ সাধনা. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক[সম্পাদনা কৰক]