শ্ৰীধৰ কন্দলি
![]() | এই প্ৰবন্ধটোৰ পৰিচিতি খণ্ডটো ইয়াৰ তথ্যসমূহৰ সৈতে সংগতি ৰাখি অলপ বিস্তাৰ কৰাৰ প্ৰয়োজন আছে। ৱিকিপিডিয়াৰ পৰিচিতি অংশ লিখাৰ নিয়ম অনুসৰি, এই অংশটোক এটা বিস্তৃত পৰিচিতি প্ৰদানেৰে প্ৰবন্ধটো সুন্দৰ কৰি তোলক। (আলোচনা) |
শ্ৰীধৰ কন্দলি | |
---|---|
জন্ম | অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শ্ৰীধৰ কন্দলি (ইংৰাজী: Shridhor kandali) এগৰাকী প্ৰসিদ্ধ গ্ৰন্থকাৰ।
জন্ম[সম্পাদনা কৰক]
শ্ৰীধৰ কন্দলি মহাপুৰুষৰ সমসাময়িক নহ'লেও বেছি পিছৰ নাছিল।
ৰচনাৰাজি[সম্পাদনা কৰক]
শ্ৰীধৰ কন্দলিৰ দুখন গ্ৰন্থ হৈছে 'কাণখোৱা' আৰু 'ঘুনুচা-কীৰ্তন'।
নিচুকণি গীতৰ আৰ্হিত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সৰল প্ৰাঞ্জল আৰু অভিনৱ ৰূপত কবিয়ে 'কাণখোৱা'ত প্ৰকাশ কৰিছে।[1]শিশুকৃষ্ণক কাণখোৱা আহিব বুলি মাক যশোদাই ভয় খোৱাই শুৱাবলৈ চেষ্টা কৰোঁতে শিশুৰূপী পৰমেশ্বৰ কৃষ্ণই বিভিন্ন অৱতাৰৰ কথা সুঁৱৰি ক'তো কাণখোৱাক লগ পোৱাৰ কথা মনত পেলাব নোৱাৰি কৃত্ৰিম ভয়ত মাকক সাৱটি ধৰিছে। কৃষ্ণৰ ঈশ্বৰত্ব আৰু শিশুত্ব - এই দুটা দিশ পুথিখনত ফুটাই তুলিছে। মাকৰ বুকুত সোমাই ভয়াৰ্ত শিশুৰ দৰে কৃষ্ণই কাণখোৱাৰ নাম শুনি টেপা মাৰিছে আৰু বিভিন্ন অৱতাৰত বধ কৰা অসুৰ-ৰাক্ষসবোৰৰ নাম সুঁৱৰি কাণখোৱাৰ বীৰ উৱাদিহ উলিয়াব নোৱাৰি বিহ্বল হৈ পৰিছে।[2]
আনহাতে,কৃষ্ণৰ ইন্দ্ৰদ্যুম্নৰ পত্নী গুণ্ডিচাৰ(ঘুনুচা)ঘৰলৈ যাত্ৰা আৰু সেই কথাত ৰুক্মিণীৰ ঈৰ্ষা আৰু কৃষ্ণৰ ওপৰত খং আৰু অভিমান - এইবোৰ কথাই আমোদজনকভাৱে 'ঘুনুচা-কীৰ্তন'ত উল্লেখ আছে। 'ঘুনুচা-কীৰ্তন'ৰ কাহিনী জগন্নাথৰ ৰথযাত্ৰা উৎসৱৰ ভিত্তিত 'স্কন্দপুৰাণ'ৰ উৎকলখণ্ডৰ কাহিনীৰ আলম লৈ ৰচনা কৰিছে। [3] দুয়োখন কাব্যৰ মাজেদি শ্ৰীধৰ কন্দলিৰ ৰসিকতাৰ পৰিচয় পোৱা যায়।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ ২০১৮,পৃষ্ঠা নং:১৫৭
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা,দশম সংস্কৰণ ২০১৮,পৃষ্ঠা নং:১৫৭
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ২০১৮, পৃষ্ঠা নং:১৫৮