সমললৈ যাওক

শ্ৰীধৰ কন্দলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীধৰ কন্দলি
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

শ্ৰীধৰ কন্দলি (ইংৰাজী: Shridhor kandali)মধ্যযুগৰ এগৰাকী বিশিষ্ট অসমীয়া কবি আৰু বৈষ্ণৱ সাহিত্যৰ লেখক। তেওঁ মুখ্যতঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিত আছিল। তেওঁক ১৫ শতিকাৰ শেষভাগৰ পৰা ১৬ শতিকাৰ মাজভাগলৈকে (শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালৰ সময়ছোৱাত) সক্ৰিয় আছিল বুলি ধৰা হয়। তেওঁৰ ৰচনা 'ঘুনুচা কীৰ্ত্তন' শংকৰদেৱৰ 'কীৰ্তন ঘোষা'ত সন্নিৱিষ্ট কৰা হৈছিল। শংকৰদেৱৰ জীৱনকাল (১৪৪৯-১৫৬৮) ১৫শ আৰু ১৬শ শতিকাৰ মাজত আছিল। সেয়েহে,তেওঁ ১৭ শতিকাৰ কবি হোৱাৰ সম্ভাৱনা কম। তেওঁ মুখ্যতঃ শংকৰদেৱৰ সময়ৰ বা তাৰ পাছৰ অতি নিকটৱৰ্তী কবি।

ৰচনাৰাজি

[সম্পাদনা কৰক]

শ্ৰীধৰ কন্দলিৰ দুখন গ্ৰন্থ হৈছে 'কাণখোৱা' আৰু কীৰ্তন-ঘোষাৰ অন্তৰ্গত 'ঘুনুচা-কীৰ্তন'। মহাভাৰতৰ “অশ্বমেধ পৰ্ব’’ও তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল৷ তদুপৰি “কানাই ধেমেলীয়া’’ নামৰ এখন হাস্য-ৰসাত্মক পুথিৰ ৰচক বুলিও জনা যায়৷[1] কাণখোৱাৰ বিষয়বস্তু শিশু কৃষ্ণ আৰু তেওঁক নিচুকাবলৈ মাতৃ যশোদাই কৰা কাৰ্য৷ নিচুকণি গীতৰ আৰ্হিত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সৰল প্ৰাঞ্জল আৰু অভিনৱ ৰূপত কবিয়ে 'কাণখোৱা'ত প্ৰকাশ কৰিছে।[2] ঘুনুচা কীৰ্তনৰ বিষয়বস্তু, কৃষ্ণৰ ইন্দ্ৰদ্যুম্নৰ পত্নী গুণ্ডিচাৰ(ঘুনুচা)ঘৰলৈ যাত্ৰা আৰু সেই কথাত ৰুক্মিণীৰ ঈৰ্ষা আৰু কৃষ্ণৰ ওপৰত খং আৰু অভিমান৷ 'ঘুনুচা-কীৰ্তন'ৰ কাহিনী 'স্কন্দপুৰাণ'ৰ উৎকলখণ্ডৰ কাহিনীৰ আলম লৈ ৰচনা কৰিছে।[2]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. বৰ্মন, শিৱনাথ (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ২৪৮. ISBN 978-81-7339-428-7. 
  2. 2.0 2.1 শৰ্মা, ড° সত্যেন্দ্ৰনাথ (সম্পা:) (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. পৃষ্ঠা. ১৫৭.