ৰাম সৰস্বতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ৰাম সৰস্বতী
জন্ম ষোড়শ শতিকা
মৃত্যু সপ্তদশ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজী বধ কাব্য

ৰাম সৰস্বতী ষোড়শ শতিকাৰ এগৰাকী অসমীয়া কবি । তেওঁ প্ৰাচীন অসমীয়া কবিসকলৰ ভিতৰত সৰ্বাধিক পদ ৰচনা কৰিছিল বুলি কোৱা হয় ।[1] ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথাবস্তুলৈ দৃষ্টি ৰাখি ৰাম সৰস্বতীক ড° সত্যেন্দ্ৰনাথ শৰ্মা"অসমীয়া ব্যাস" আখ্যা দিছে ৷[2] মহাৰজা নৰনাৰায়ণৰ অনুৰোধত শতসহস্ৰী মহাভাৰতৰ প্ৰায় ত্ৰিশ হাজাৰ শ্লোক তেওঁ অসমীয়ালৈ অনুবাদ কৰে ।[3] তেওঁ বধ কাব্য নামৰ জনপ্ৰিয় একশ্ৰেণীৰ কাব্য সৃষ্টি কৰে ৷[2] তেওঁৰ প্ৰকৃত নাম আছিল অনিৰুদ্ধ। "ৰাম সৰস্বতী" ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি ।[1] মহাভাৰতৰ ভাঙনিৰ বাবে তেওঁক "ভাৰতভূষণ" উপাধি প্ৰদান কৰা হৈছিল।[3]

আত্ম পৰিচয়[সম্পাদনা কৰক]

মহাৰাজ নৰনাৰায়নৰ নিৰ্দেশত মহাভাৰতৰ ভাঙনি কৰোঁতে ৰাম সৰস্বতীয়ে আত্মপৰিচয়সূচক কেইটামান বাক্য লিখিছিল- "গ্ৰাম মধ্যে সাৰোদ্ধাৰ পচৰিয়া নাম যাৰ/কলি যুগে শ্ৰেষ্ঠ লিখে যাক/ব্ৰাহ্মণসকলে নিত ভাগৱত অবিশ্ৰাম/চৰ্চা কৰে পাতিয়া সভাক"।[1] ইয়াৰ পৰা অনুমান কৰা হয় যে তেওঁ অবিভক্ত উত্তৰ কামৰূপৰ পচৰিয়া (চমৰীয়া) নামৰ গাঁৱত জন্মলাভ কৰিছিল । ৰাম সৰস্বতীৰ পুত্ৰ গোপীনাথ পাঠকৰ লেখাৰ পৰা জানিব পাৰি যে তেওঁ আছিল ভীমসেন দ্বিজ চূড়ামণিৰ দ্বিতীয় বা কণিষ্ঠ পুত্ৰ ৷ তেওঁৰ মূল নাম আছিল অনিৰুদ্ধ ৷ পণ্ডিত বংশত জন্মলাভ কৰা অনিৰুদ্ধই পাণ্ডিত্যৰ বলত নৰনাৰায়ণৰ ৰাজসভাত 'পাঠক'ৰ বাব লাভ কৰে ৷ ৰাম সৰস্বতীয়ে শিক্ষা লাভ কৰে ককায়েক কবিচন্দ্ৰ ওচৰত ৷[2] পাছত তেওঁ গুৰু মুকুন্দদেৱৰ ওচৰত শিক্ষা লাভ কৰে।

ৰচনাৱলী[সম্পাদনা কৰক]

ৰাম সৰস্বতীৰ ৰচনাৱলীক দুটা ভাগত ভগাব পাৰি ৷ ১) মহাভাৰতৰ পৰ্বসমূহৰ অনুবাদ বা মূল মহাভাৰতত থকা আখ্যানসমূহৰ অসমীয়া ৰূপান্তৰ ৷ ২) মূল মহাভাৰতৰ লগত বিশেষ সম্পৰ্ক নথকা অথচ 'যামল সংহিতা', 'শিৱ ৰহস্য' আদি উপপুৰাণৰ ভিত্তিত মহাভাৰতৰ কিছুমান চৰিত্ৰক কেন্দ্ৰ কৰি ৰচনা কৰা বধকাব্য আৰু আখ্যানসমূহ ৷[2][4] বধকাব্যসমূহে সাধাৰণ ৰাইজক কিংবদন্তীমূলক আখ্যানৰ আধাৰত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছিল।[3] মহাভাৰতৰ অনুবাদত তেওঁ সকলো শ্লোক ভাঙনি কৰা নাছিল। বাহুল্য পৰিহাৰ কৰি প্ৰয়োজনীয় শ্লোকসমূহহে ভাঙনি কৰিছিল।[3] মহাভাৰত অনুবাদত তেওঁক তেওঁৰ পুত্ৰ গোপীনাথ পাঠক, বিদ্যাপঞ্চৰণ, কামচাৰী কায়স্থ, দামোদৰ দাস আৰু আন কোনো কোনো কবিয়ে সহায় কৰিছিল।[3]

মহাভাৰতৰ ৰচনাৰ ভিতৰত হ'ল-[2]

  1. আদি পৰ্ব
  2. সভা পৰ্বৰ এক বুজন অংশ
  3. বন পৰ্ব
  4. বিৰাট পৰ্বৰ কীচক বধ পৰ্যন্ত
  5. উদ্যোগ পৰ্ব
  6. ভীষ্ম পৰ্বৰ বেছিভাগ অংশ
  7. দ্ৰোণ পৰ্ব (পুত্ৰ গোপীনাথ পাঠকৰ সহযোগত)
  8. কৰ্ণ পৰ্ব
  9. গদা পৰ্ব আৰু
  10. শান্তি পৰ্বৰ সাৱিত্ৰী আখ্যান ৷

বধকাব্যৰ ভিতৰত-[2]

  1. বিজয় পৰ্ব
  2. মণিচন্দ্ৰ ঘোষ পৰ্ব
  3. পুষ্পহৰণ পৰ্ব
  4. কালকুব্জ শোষক পৰ্ব
  5. ভীম চৰিত
  6. বকাসুৰ বধ
  7. কুলাচল বধ
  8. জঙঘাসুৰ বধ
  9. জটাসুৰ বধ
  10. পাঞ্চালী বিবাহ
  11. সিন্ধুৰা পৰ্ব
  12. ব্যাসাশ্ৰম
  13. অশ্বকৰ্ণৰ যুদ্ধ
  14. খটাসুৰ বধ
  15. ব্যঞ্জন পৰ্ব, ইত্যাদি ৷

"ভীম চৰিত" ৰাম সৰস্বতীৰ এখন জনপ্ৰিয় কাব্য । ইয়াত ভীমৰ শৈশৱকালৰ দুষ্টালিৰ লগতে দুই পুত্ৰসহ শিৱ-পাৰ্বতীৰ দৰিদ্ৰতাৰে সংগ্ৰাম বৰ্ণনা কৰা হৈছে।[3] হাস্যৰসপ্ৰধান এই পুথিখনত দেৱতাসকলক সাধাৰণ মানৱৰ দৰে ফুটাই তোলা হৈছে। জয়দেৱগীত গোবিন্দ তেওঁ প্ৰথমবাৰৰ বাবে অসমীয়ালৈ অনুবাদ কৰে ।[4]

ৰাম সৰস্বতীয়ে নৰনাৰায়ণৰ পাছত তেওঁ পৰীক্ষিতনাৰায়ণ আৰু বলিনাৰায়ণৰ (ধৰ্মনাৰায়ণ) ৰাজত্ব কালতো ৰাজ অনুগ্ৰহ লাভ কৰি নানা পুথি ৰচনা কৰিছিল ৷ ধৰ্মনাৰায়ণৰ পাছৰ ৰজা সুন্দৰনাৰায়ণৰ ৰাজত্বকালতো তেওঁ কিছুদিন জীৱিত আছিল ৷ সেইদৰে নৰনাৰায়ণৰ (১৫৪০-১৫৮০) পৰা আৰম্ভ কৰি ক্ৰমে ৰঘুদেৱ, পৰীক্ষিতনাৰায়ণ, ধৰ্মনাৰায়ণ আৰু সুন্দৰনাৰায়ণলৈকে কেইবাজনো ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি বিৰাট মহাভাৰতৰ উপৰিও বধকাব্যসমূহ ৰচনা কৰি খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ চতুৰ্থ দশকলৈকে জীৱিত আছিল ৷[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 হেমন্ত কুমাৰ ভৰালী (২০০০). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্‌চ. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 ড: সত্যেন্দ্ৰনাথ শৰ্মা (১৯৯৬). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: প্ৰতিমা দেৱী. পৃষ্ঠা. ১৩৮-১৪৯. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 Satyendranath Sarma (1976). "Assamese literature". Otto Harrassowitz, Wiesbaden. pp. 61-62. http://books.google.co.in/books?id=bMsGmbALl5sC&pg=PA61&lpg=PA61&dq=ananta+kandali&source=bl&ots=WaCQ_34SXu&sig=A1Z9yD0UBJl7KC740zuaaD3lG_A&hl=en&sa=X&ei=oEqMT-fzG4yfiAfj0pHZCQ&ved=0CEoQ6AEwBw#v=onepage&q=ananta%20kandali&f=false। আহৰণ কৰা হৈছে: April 16, 2012. 
  4. 4.0 4.1 "Rama Saraswati, Vaishnava Literature in Assam". IndiaNetzone. March 10, 2011. http://www.indianetzone.com/53/rama_saraswati.htm। আহৰণ কৰা হৈছে: April 16, 2012.