সমললৈ যাওক

বাল্মীকি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাল্মিকীৰ পৰা পুনঃনিৰ্দেশিত)
বাল্মীকি

ৰামায়ণ ৰচনা কৰাৰ সময়ত বাল্মীকি
উপাধি/সন্মান আদি কবি
মহৰ্ষি
দৰ্শন বাল্মীকিৰ ৰচনাসমূহৰ ভিত্তিত বাল্মীকিবাদ
ৰামায়ণ আৰু যোগ বশিষ্ঠৰ ৰচয়িতা

বাল্মীকি সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল।[1][2] ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়।[3] তেওঁক আদিকবি বুলিও জনা যায়।

বাল্মীকিৰ মূল ৰামায়ণত মুঠ ২৩০০০টা শ্লোক আৰু উত্তৰাকাণ্ডকে ধৰি ৭টা কাণ্ড আছিল। ৰামায়ণত প্ৰায় ৪৮০,০০২টা শব্দ আছে, আৰু ই মহাভাৰতৰ প্ৰায় চাৰিভাগৰ এভাগ, আৰু আনহাতে গ্ৰীক মাহকাব্য ইলিয়াডৰ চাৰিগুণ। ৰামায়ণত মূলতঃ অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ কাহিনী বৰ্ণোৱা হৈছে, তেওঁৰ পত্নী সীতাক লংকাৰ ৰাক্ষস ৰাজ ৰাৱণে চলনাৰে হৰণ কৰি নিয়ে। বাল্মীকি ৰামায়ণৰ ৰচনা কাল সম্পৰ্কে মতভেদ থাকিলেও খ্ৰীষ্টপূৰ্ব ৫০০ ৰ পৰা ১০০ ৰ ভিতৰত বুলি পণ্ডিত সকলে নিশ্চিত কৰিছে।[4] অৰ্থাৎ ই মহাভাৰতৰ প্ৰথম সংস্কৰণ বিলাকৰ সমসাময়িক।[5] আন প্ৰাচীন মহাকাব্য বিলাকৰ দৰেই ৰামায়ণো সুদীৰ্ঘ সময়ত বহু যোগ-বিয়োগ, নিজস্ব ধাৰণা, পৰিবৰ্তন আদিৰ মাজেৰে পাৰ কৰিব লগা হৈছে। সেয়ে ৰামায়ণ ৰচনাৰ সঠিক সময় নিৰ্দেশ কৰা বৰ কঠিন।

বাল্মীকিক ৰামৰ সমসাময়িক বুলিও উল্লেখ কৰা পোৱা যায়। বনবাসৰ কালচোৱাত ৰামে বাল্মীকিক লগ পাইছিল আৰু তেওঁলোকৰ বাৰ্তালাপো হৈছিল। ৰামে সীতাক পৰিত্যাগ কৰাৰ পাছত বাল্মীকিয়ে তেওঁক নিজৰ আশ্ৰমত আশ্ৰয় দিছিল। বাল্মীকিৰ আশ্ৰমতেই সীতাৰ দুই পুত্ৰ লৱ আৰু কুশৰ জন্ম হৈছিল। বাল্মীকিয়ে লৱ আৰু কুশক ৰামায়ণৰ কাহিনী শুনাইছিল। পাছত দুয়োৱে সেই কাহিনী-গীতি বিলাক অযোধ্যাৰ অশ্বমেধ যজ্ঞত গাই শুনাওতেই ৰামে তেওঁলোকক চিনি পায় আৰু নিজৰ ৰাজকাৰেঙলৈ লৈ আনে।

ৰত্নাকৰ ৰূপ

[সম্পাদনা কৰক]

জীৱনৰ আগৰ কালচোৱাত বাল্মীকি আছিল এজন দস্যু আৰু ব্যাধ, তেওঁ হাবিৰ মাজত জীৱ জন্তু নিধন কৰি আৰু বাটৰুৱাক লুট-পাট কৰি জীৱন নিৰ্বাহ কৰিছিল। এদিন তেওঁ নাৰদক লগ পায় আৰু নাৰদে তেওঁক কেইটিমান প্ৰশ্নৰে জীৱনৰ সঠিক পথ নিদৰ্শন কৰে। নাৰদৰ কথা মতে তেওঁ বহু বছৰ ধৰি কঠোৰ ধ্যান কৰে আৰু সাধনাত সিদ্ধিলাভ কৰাৰ পাছত নাৰদে তেওঁক ব্ৰাহ্মণত্ব প্ৰদান কৰি বাল্মীকিলৈ পৰিবৰ্তন কৰে।

পৃথিৱীৰ প্ৰথম শ্লোক

[সম্পাদনা কৰক]
বগা-দাড়ীয়া বাল্মীকিৰ আশ্ৰমত দেৱৰ্ষি নাৰদ

এদিন বাল্মীকি তেওঁৰ প্ৰিয় শিষ্য ভৰদ্বাজৰ সৈতে গংগাৰ প্ৰাতঃস্নান কৰিবলৈ গৈছিল। বাটত তেওঁলোকে তমস নামৰ সৰু নদী এখন পায়। অপৰূপ সুন্দৰ নদীখনতে তেওঁলোকে এহাল প্ৰেমমগ্ন কৰ্চন পখীক দেখা পাই মন্ত্ৰমুগ্ধ হৈ পৰে। তেনেতে এজন ব্যাধে মতা কৰ্চনটোক ধণুকাড়েৰে হত্যা কৰে আৰু মাইকী কৰ্চন জনীয়ে সেইদুখতে নিজৰ প্ৰাণত্যাগ কৰে। এই ঘটনাত ব্যথিত হৈ পৰা বাল্মীকিৰ মুখৰ পৰা নিজে নিজে এই বাক্য কেইশাৰী ওলাই আহে।

मां निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौंचमिथुनादेकम् अवधीः काममोहितम्॥'
mā niṣāda pratiṣṭhā tvamagamaḥ śāśvatīḥ samāḥ
yat krauñcamithunādekam avadhīḥ kāmamohitam[6]
” হে ব্যাধ, তোমাৰ জীৱনত কেতিয়াও শান্তি লাভ নহয়,

কাৰণ তুমি প্ৰেমমোহিত হৈ থকা অৱস্থাত এটা কৰ্চন পখীক হত্যা কৰিলা”[7]

খং আৰু দুখত বাল্মীকিৰ মুখৰ পৰা নিজে নিজে ওলোৱা এই বাক্যশাৰীকে সংস্কৃতৰ প্ৰথম কবিতা বুলি জনা যায়। পিছত বাল্মীকিয়ে ব্ৰহ্মাৰ আশীৰ্বাদ লৈ, এই শ্লোকটোৰ ধাৰাতেই সম্পূৰ্ণ ৰামায়ণ লিখি উলিয়ায়। এইবাবেই এই শ্লোকটোক হিন্দু ধৰ্মৰ প্ৰথম শ্লোক আৰু ৰামায়ণক প্ৰথম পুস্তক বুলি মান্যতা দিয়া হয়। এইবাবেই বাল্মীকিয়ে ‘আদিকবি’ নামো লাভ কৰে। ৰাম–সীতাৰ পুত্ৰ ‘লৱ’ আৰু ‘কুশ’ই আছিল বাল্মীকিৰ প্ৰথম শিষ্য, যাক তেওঁ ৰামায়ণৰ শিক্ষা প্ৰদান কৰিছিল।

বাল্মীকিৰ আশ্ৰমত সীতা

“বিষ্ণুধৰ্মত্তৰ পুৰাণ”ৰ মতে ত্ৰেতা যুগত বিষ্ণুৰ এটা ৰূপ হিচাপেই বাল্মীকিৰ জন্ম হৈছিল। যি লোকে জীৱনত প্ৰকৃত জ্ঞান লাভ কৰিব বিচাৰে, তেওঁলোকে বাল্মীকিক উপাসনা কৰিব লাগে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "All Indian life is here". The Guardian. 23 August 2008. http://www.theguardian.com/artanddesign/2008/aug/23/art.ramayana। আহৰণ কৰা হৈছে: 27 April 2015. ""Read 5th Paragraph"" 
  2. "Sri Aurobindo on the Indian Epic Ramayana" (PDF). University of West Floridauwf.edu. পৃষ্ঠা: 2. http://uwf.edu/lgoel/documents/asriaurobindoonindianepicramayana.pdf। আহৰণ কৰা হৈছে: 27 April 2015. "read end paragraph of page 2" 
  3. Valmiki, Robert P. Goldman (1990). The Ramayana of Valmiki: An Epic of Ancient India. 1. Princeton University Press. পৃষ্ঠা. 14–15. ISBN 0-691-01485-X. 
  4. "harking back : Myths and facts of the beginnings of Lahore". http://www.dawn.com/news/1111338. 
  5. Goldman, Robert P., The Ramayana of Valmiki: An Epic of Ancient India pp. 23
  6. Sacred-Texts.com IAST encoded transliteration (modified from original source to accurately reflect sandhi rules)
  7. Buck, William and van Nooten, B. A. Ramayana. 2000, page 7
  8. Mythology of Vishnu and His Incarnations by Manohar Laxman Varadpande (2009), p. 166.