ভূমি লেটোৱা (ঝুমুৰা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ভূমি লেটোৱা
লিখক মাধৱদেৱ
চৰিত্ৰসমূহ কৃষ্ণ
যশোদা
মূল ভাষা ব্ৰজাৱলী ভাষা
বিষয় ধাৰ্মিক

মাধৱদেৱভূমি লেটোৱা ঝুমুৰাখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত। চৰিত পুথি মতে মাধৱদেৱে সুন্দৰীদিয়াত বাস কৰাৰ সময়ত অনুমাণিক ১৫৭৩ৰ পৰা ১৫৮০ খ্ৰীষ্টাব্দৰ ভিতৰত ভূমি লেটোৱা ঝুমুৰাখন ৰচনা কৰে। নাটকখনিৰ মূল "বিল্বমঙ্গল"ৰ 'কৃষ্ণকৰ্ণামৃত'ৰ এটা শ্লোকৰ আধাৰ হিচাপে লৈ মাধৱদেৱে এই ঝুমুৰাখনিৰ কাহিনীভাগত এটি নাটকীয় ৰূপ দিছে।[1] ভূমি লেটোৱা ঝুমুৰাখনৰ কাহিনীৰ কোনো বিকাশ নাই। শ্ৰীকৃষ্ণই মাটিত বাগৰি কন্দাৰ কথা আছে বুলিয়েই ঝুমুৰাখনিক ভূমি লেটোৱা ঝুমুৰা বোলা হৈছে। ঝুমুৰাখনিত বিভিন্ন ৰাগ তালযুক্ত পাঁচটি গীত সংযোজিত কৰা হৈছে।[2]

ভূমি লেটোৱা ঝুমুৰাৰ কাহিনী[সম্পাদনা কৰক]

এদিনাখন শিশু কৃষ্ণই ঘৰত গাখীৰ লৱণু চুৰি কৰি খাই থাকোঁতে মাতৃ যশোদাই দেখা পালে। যশোদাৰ ভয়ত কানাইয়ে মাকক ফাঁকি দিবলৈ হাতৰ বাঁহীটো লুকাই গাখীৰৰ পাত্ৰটো একাষৰীয়াকৈ থৈ মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে। তাকে দেখি মাতৃ যশোদাই স্নেহেৰে কানাইয়ে কিয় মাটিত বাগৰি কান্দিছে তাকে সুধিছে। কানাইয়ে কান্দি কান্দি মাকক সুধিছে যে ভাণ্ডত লুকাই থোৱা লৱণুবোৰ কোনে খালে বুলি। শিশু কৃষ্ণৰ অভিমান দেখি মাকৰ হৃদয় পুত্ৰস্নেহত পমি গ'ল। কৃষ্ণক সান্তনা দিবলৈ বান্দৰে সকলো লৱণু খালে বুলি কৈ পুত্ৰৰ গাৰ ধূলি পৰিষ্কাৰ কৰি কোলাত তুলি ল'লে। যশোদাৰ ঘৰত গাখীৰ লৱণুৰ কি অভাৱ, সেয়ে পুত্ৰক কৈছে যে যিমান ইচ্ছা সিমান লৱণু খাবলৈ। কৃষ্ণই যশোদাৰ ওচৰত আদৰ দেখুৱাই কৈছে যে সি বৰকৈ ভোকত কাতৰ হৈছে। মাতৃ যশোদায়ো গোৱালসকলে নতুন গাখীৰ আনিলে নতুনকৈ লৱণু মথি কৃষ্ণক দিব বুলি বুজনি দিলে। যশোদাৰ কথাত মান্তি হৈ মাকৰ কোলাত উঠি স্তনপান কৰিলে। ক্ষন্তেক পিছতেই দুষ্ট কৃষ্ণই পুনৰ মাতৃ যশোদাৰ পৰা লৱণু খুজি আমনি কৰিবলৈ ধৰিলে। উপায়হীন হৈ যশোদাই হৰিৰ পূদাৰ বাবে ৰখা নতুন লৱণু পুত্ৰ কৃষ্ণক দিছে খাবলৈ। তাকে খাই শ্ৰীকৃষ্ণই আনন্দত মতলীয়া হৈ নৃত্য কৰিবলৈ ধৰিলে।[3]

নাট্যকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]

মাধৱদেৱ আছিল মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী। ১৪৮৯ চনত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা। প্ৰথমতে শাক্ত আছিল যদিও শংকৰদেৱৰ সান্নিধ্যলৈ আহি একান্ত বৈষ্ণৱ হয়। মাধৱদেৱ আছিল এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল। শংকৰদেৱৰ পিছত মাধৱদেৱ ধৰ্মাধিকাৰীৰূপে মনোনীত হয় আৰু একাণপতীয়াকৈ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম কৰে। চিৰকুমাৰ মাধৱদেৱৰ ১৫৯৬ চনত মৃত্যু হয়।[4] "শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত" নামৰ গ্ৰন্থত মাধৱদেৱৰ ৰচনাৰাজি তলত দিয়া ধৰণৰ:-[5]

  • নামঘোষা
  • ভক্তি ৰত্নাৱলী
  • জন্ম ৰহস্য
  • ৰামায়ণ (আদি কাণ্ড)
  • নাম মালিকা
  • ৰাজসূয়
  • অৰ্জুন ভঞ্জন
  • ভোজন বিহাৰ
  • চোৰ-ধৰা
  • ভূমি লোটোৱা
  • পিম্পৰা গুচোৱা
  • বৰগীত
  • ভটিমা

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. নেওগ, ড॰ মহেশ্বৰ (সম্পাদিত) (১ম প্ৰকাশ ১৯৮৬). গুৰু চৰিত কথা. প্ৰকাশক গুৱাহাটী ১৪: গুৱাহাটী বিশ্ববিদ্যালয়. 
  2. ডেকা, ড॰ ৰামচন্দ্ৰ (জানুৱাৰী, ২০০১). মাধৱদেৱ ঃ জীৱন আৰু কৃতি. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১২০-১২১. 
  3. মাধৱদেৱ. ভূমি লেটোৱা. 
  4. বৰুৱা, শান্তনু কৌশিক (২০০১). অসম অভিধান. প্ৰকাশক গুৱাহাটী: বনলতা. পৃষ্ঠা. ১৮৪. ISBN 81-7339-317-6. 
  5. গোস্বামী, পূৰ্ণনন্দ (সম্পাদিত) (২য় প্ৰকাশ, ১৯৮০). শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত. প্ৰকাশক গোলাঘাট: জ্যোতি প্ৰকাশ. পৃষ্ঠা. ৫৬.