অমৰ প্ৰেম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অমৰ প্ৰেম
পৰিচালক শক্তি সামন্ত
চিত্ৰনাট্য অৰবিন্দ মুখাৰ্জী
ৰমেশ পণ্ট (সংলাপ)
ভিত্তি হিঙেৰ কছুৰী
লেখক: বিভূতিভূষণ বন্দ্যোপাধ্যায়
নিশি পদ্ম (বাংলা চলচ্চিত্ৰ)
প্ৰযোজক শক্তি সামন্ত
অভিনয়ত শৰ্মিলা ঠাকুৰ
ৰাজেশ খান্না
বিনোদ মেহৰা
অভি ভট্টাচাৰ্য্য
মদন পুৰী
চিত্ৰগ্ৰহণকাৰী আলোক দাশগুপ্ত
সম্পাদনা গোৱিন্দ ডালৱাদী
সংগীত পৰিচালক আৰ ডি বৰ্মণ
মুক্তি
২৮ জানুৱাৰী, ১৯৭২
দৈৰ্ঘ্য
১৪৬ মিনিট[1]
দেশ ভাৰত
ভাষা হিন্দী

অমৰ প্ৰেম (ইংৰাজী: Amar Prem) শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ১৯৭২ চনৰ ২৮ জানুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখন ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অৰবিন্দ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত নিশি পদ্ম শীৰ্ষক বঙালী চিনেমাখনৰ পুনৰ্নিমাণ।[2] বিভূতিভূষণ বন্দ্যোপাধ্যায়হিঙেৰ কছুৰী নামৰ বঙালী চুটিগল্পটোৰ আধাৰত দুয়োখন চলচ্চিত্ৰৰে চিত্ৰনাট্য লিখিছে অৰবিন্দ মুখাৰ্জীয়ে। চলচ্চিত্ৰখনে মানৱীয় মূল্যবোধ আৰু সম্পৰ্কৰ অৱনতি চিত্ৰিত কৰিছে আৰু এজন ল'ৰাৰ এগৰাকী বেশ্যাৰ প্ৰতি থকা নিষ্পাপ প্ৰেমৰ এক সুন্দৰ উদাহৰণ উপস্থাপন কৰি ইয়াৰ বিপৰীত প্ৰতিচ্ছবি দেখুৱাইছে।[3] চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ, ৰাজেশ খান্না আৰু বিনোদ মেহৰাই। চলচ্চিত্ৰখনক সংগীতে এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। সংগীত পৰিচালনা কৰিছে ৰাহুল দেৱ বৰ্মনে আৰু গীতৰ কথা আছিল আনন্দ বক্সীৰ। গীতসমূহত কণ্ঠদান কৰিছে ৰাহুল দেৱ বৰ্মনৰ পিতৃ শচীন দেৱ বৰ্মন, কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰে

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

পুষ্পা (শৰ্মিলা ঠাকুৰ) নিজৰ স্বামী আৰু তেওঁৰ নৱ বিবাহিত ঘৈণীয়েকৰ দ্বাৰা বহিস্কৃত হয়। যেতিয়া তাই ঘৰ এৰি যাবলৈ অমান্তি হয়, তেতিয়া গিৰীয়েকে তাইক মাৰি বাহিৰলৈ ওলাই দিয়ে। সহায় বিচাৰি পুষ্পাই মাকৰ ঘৰলৈ যায়, কিন্তু মাকেও তাইক আকোঁৱালি ল'বলৈ অস্বীকাৰ কৰে। এদিন যেতিয়া তাই আত্মহত্যা হত্যা কৰিবলৈ ওলাই, তেতিয়াই গাঁৱৰে খুৰাক এজনে তাইক কলিকতাৰ এখান বেশ্যালয়লৈ বিক্ৰী কৰি দিয়ে। বেশ্যালয়ত প্ৰথম দিনাই পুষ্পাৰ কণ্ঠই ব্যৱসায়ী আনন্দ বাবুক (ৰাজেশ খান্না) আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আনন্দ বাবুৰ বৈবাহিক জীৱন সুখময় নাছিল আৰু তেওঁ প্ৰায়েই অকলশৰীয়া অনুভৱ কৰিছিল। পুষ্পাৰ লগত সাক্ষাৎ হোৱাৰে পৰা প্ৰেমৰ প্ৰয়োজনত তেওঁ নিয়মীয়াকৈ পুষ্পাৰ ওচৰলৈ আহিবলৈ ধৰে।

পাছলৈ, পুষ্পাৰ গাঁৱৰে মানুহ এজন তেওঁৰ পৰিয়ালৰ সৈতে পুষ্পা থকা ঠাইৰ ওচৰতে থাকিবলৈ লয়। পুষ্পাৰ নতুন চুবুৰীয়াৰ ল'ৰা নন্দুৱে ঘৰত অকণো মৰম নাপায় কিয়নো তাৰ দেউতাক (সুজিত কুমাৰ) দিনৰ দিনটো কামৰ বাবে বাহিৰতে থাকে আৰু তাৰ সতীয়া মাকে (বিন্দু) তাক অকণো গুৰুত্ব নিদিয়ে। নন্দুৰ দেউতাকে পুষ্পাৰ নতুন জীৱনৰ বিষয়ে গম পাই তাইক তেওঁলোকৰ লগত কথাবাৰ্তা কৰিবলৈ মানা কৰে। মানুহে কি ক'ব তাইক সাক্ষাৎ কৰিলে! এই ভয়তেই নন্দুৰ দেউতাকে তাইক মানা কৰিছিল। তথাপিও, পুষ্পাই নন্দুক নিজৰ সন্তানৰ দৰেই মৰম কৰিবলৈ লয় যিহেতু তাক তাৰ সতীয়া মাকে অকণো মৰম নকৰে আৰু প্ৰায়েই সি ঘৰত ভোকত থাকিবলগীয়া হয়। নন্দুইও পুষ্পাক বৰ মৰম কৰে আৰু তাইক নিজৰ মাক বুলিয়ে মানিবলৈ ধৰে। নন্দুই সদায় পুষ্পাক লগ ধৰিবলৈ আহে। এনেতে এদিন আনন্দ বাবুৰ নন্দুৰ লগত সাক্ষাৎ হয়। পুষ্পাৰ নন্দুৰ প্ৰতি থকা প্ৰেম দেখি আনন্দ বাবুই নন্দুক পুষ্পাৰ ল'ৰা বুলি মাতে।

এদিনাখন আনন্দ বাবুৰ পত্নীৰ ভায়েক পুষ্পাক লগ ধৰিবলৈ আহে আৰু কয় যে আনন্দ বাবুৰ পত্নীয়ে তেওঁ ইয়ালৈ অহাতো নিবিচাৰে, গতিকে তাই আনন্দ বাবুক ইয়ালৈ আহিবলৈ মানা কৰিব লাগে। পুষ্পায়ো বিনাদ্বিধাই এই কথাত মান্তি হয় আৰু আনন্দ বাবুই যেতিয়া তাইক লগ ধৰিবলৈ আহে, তেতিয়া তাই তেওঁক লগ ধৰিবলৈ অমান্তি হয় আৰু তেওঁক ঘূৰাই পঠায়। সেইসময়তে আনন্দ বাবুই উপলব্ধি কৰে যে তেওঁ পুষ্পাৰ প্ৰেমত পৰিছে। এদিন যেতিয়া নন্দু জ্বৰত আক্ৰান্ত হয় আৰু তাৰ চিকিৎসাৰ খৰচ বহু বেছি, তেতিয়া পুষ্পাই আনন্দ বাবুৰ সহায় লয়। আনন্দ বাবুই গোপনে নন্দুৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰে যাতে কোনেও এই বিষয়ে একো গম নাপায়। যেতিয়া ডাক্টৰজনে (অভি ভট্টাচাৰ্য) আনন্দ বাবুক সোধে কিয় তেওঁ নন্দুক সহায় কৰিবলৈ ইমান আগ্ৰহী, তেতিয়া আনন্দ বাবুই প্ৰত্যুত্তৰ দিয়ে যে কিছুমান সম্পৰ্কৰ কোনো নাম নাই। তথাপিও, যেতিয়া নন্দুৰ দেউতাকে ডাক্টৰজনক সোধে যে কোনে চিকিৎসাৰ খৰচ বহন কৰিছে, তেতিয়া ডাক্টৰজনে কয় যে পুষ্পাৰ মাকে কৰিছে। তেতিয়াই নন্দুৰ দেউতাকে আৱিষ্কাৰ কৰে যে পুষ্পাইহে তাৰ ল'ৰাৰ জীৱন ৰক্ষা কৰিছে। তেওঁ পুষ্পাক ইয়াৰ বাবে ধন্যবাদ জনায় আৰু ঘৈণীয়েকৰ বাবে কিনি অনা শাৰী এখন পুষ্পাক উপহাৰ দিয়ে আৰু কয় যে এজনী ভনীয়েকৰ বাবে এজন ভায়েকে দিয়া উপহাৰ এয়া। পুষ্পায়ো উপহাৰটো গ্ৰহণ কৰে।

নন্দুৰ পৰিয়ালটো গাঁৱলৈ আকৌ উভতি যাব, গতিকে নন্দুৱে পুষ্পাৰ ঘৰত পাৰিজাত ফুলৰ এটা গছপুলি ৰোপণ কৰে আৰু পুষ্পাক এই গছপুলিটোৰ যতন ল'বলৈ কয়। অশ্ৰুশিক্ত পুষ্পাই নন্দুৰ কথা মানি লয়।

কেইবাবছৰৰ পিছত, নন্দু (বিনোদ মেহৰা) ডাঙৰ হৈ একেখন চহৰতে চৰকাৰী অভিযন্তা হিচাপে নিযুক্ত হয়। এদিন আনন্দ বাবুয়ে পুষ্পাক লগ পায় আৰু দেখে যে তাই এতিয়া এগৰাকী দাসী হিচাপে কাম কৰে। নন্দুইও পুষ্পাক বিচাৰি বিচাৰি এটা সময়ত হাৰ মানিবলৈ বাধ্য হয়। এদিনাখন নন্দুৰ নিজ পুত্ৰৰ অসুখ হোৱাত সি তাক সেই একেজন ডাক্টৰৰ ওচৰলৈ লৈ যায় যিয়ে এদিন নন্দুকো চিকিৎসা কৰিছিল। ইফালে, পুষ্পাক লগ পোৱাৰ পিছত, আনন্দ বাবুয়ে তেওঁৰ সকলো পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰাৰ সিদ্ধান্ত লয় আৰু ডাক্টৰজনকো লগ কৰে। কথা প্ৰসংগত তেওঁ প্ৰকাশ কৰে যে পুষ্পা এৰি যোৱাৰ পিছত তেওঁ সুৰাপান আৰু পতিতালয়লৈ যোৱাতো বন্ধ কৰিছে। তেওঁ লগতে কয় যে তেওঁৰ পত্নীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছে। কিন্তু অৱশেষত তেওঁ শান্তিত আছে আৰু নিজৰ হৃদয়ত পুষ্পাৰ প্ৰেম আৰু মৰম লৈ তেওঁ বহুত সুখত আছে। কথোপকথনৰ মাজতে নন্দুৰ কথা ওলোৱাত ডাক্টৰজনে তেওঁক কয় যে নন্দু ইয়াতেই আছে। যেতিয়া নন্দুই ডাক্টৰজনক ঔষধৰ বিষয়ে সুধিবলৈ আহে, তেতিয়া তাৰ আনন্দ বাবুৰ সৈতে সাক্ষাৎ হয়। আনন্দ বাবুই তাক পুষ্পাক লগ ধৰিবলৈ লৈ যায়। পুষ্পাক কিছু সংখ্যক লোকে দুৰ্ব্যৱহাৰ কৰা দেখি দুয়ো তাইৰ হকে মাত মাতে আৰু শেষত নন্দুৱে পুষ্পাক তাৰ লগত ঘৰলৈ লৈ যায়। আৰু আনন্দ বাবুই আনন্দৰে চকুপানী টুকি টুকি সিহঁতৰ ফালে একেথৰে চাই ৰয়।

অভিনয় শিল্পী[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]