ৰেবা ফুকন
অৱয়ব
ৰেবা ফুকন | |
---|---|
জন্ম | ২৩ জুন কঁহৰা গাঁও, গোলাঘাট জিলা, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
ৰেবা ফুকন (ইংৰাজী: Reba Phukan) অসমৰ এগৰাকী অভিনেত্ৰী। বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু ছুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে ৷ ইয়াৰ উপৰিও অসমৰ ভ্ৰাম্যমান থিয়েটাৰসমূহত তেখেতে বহু নাটকত অভিনয় কৰিছে ৷ অসমৰ গোলাঘাট জিলাৰ কঁহৰা গাঁৱত ২৩ জুন তাৰিখে তেখেতৰ জন্ম হৈছিল ৷ তেখেতৰ পিতৃৰ নাম হৰেণ ফুকন আৰু মাতৃৰ নাম অৰুণি ফুকন ৷ অসমৰ এজন উদীয়মান অভিনেতা পল ফুকন তেখেতৰেই সন্তান ৷
অসমীয়া চলচ্চিত্ৰত ৰেবা ফুকন
[সম্পাদনা কৰক]- এণ্টনী মোৰ নাম
- ধোৱা
- দেৱতা
- প্ৰিয়া অ’ প্ৰিয়া
- ৰেলৰ আলিৰ দুবৰিবন
- ত্যাগ
- জখম
- প্ৰিয়া মিলন
- ৰেলৰ আলিৰ দুবৰিবন
- জীৱন নদীৰ দুটি পাৰ
- এয়াই জোনাক বিহীন জীৱন
- কণিকাৰ ৰামধেনু
- মাঘত মামণিৰ বিয়া
- মা তুমি অনন্যা
- প্ৰিয়া মিলন
- উজনিৰ দুজনী গাভৰু
- সোণৰ খাৰু নালাগে মোক আদি [1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Welcome to". Rupaliparda.com. http://www.rupaliparda.com/english/who%27s-who/rebaphukan.htm। আহৰণ কৰা হৈছে: 2013-02-03.
|