ড° ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
ড° ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান
.-
ভৌগলিক
অৱস্থান গুৱাহাটী, উত্তৰ-পূব ভাৰত, অসম, ভাৰত
সংস্থান
চিকিৎসালয়ৰ প্ৰকাৰ কৰ্কট ৰোগ
সেৱাসমূহ
বিচনা ২০০ খন
ইতিহাস
প্ৰতিষ্ঠা ড° বি বৰুৱা কেঞ্চাৰ চোচাইটি ন্যাস
সংযোগসমূহ
ৱেবছাইট [1]
তালিকা

ড° ভূৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (ইংৰাজী: Dr. Bhubaneswar Borooah Cancer Institute), চমুকৈ BBCI অসমৰ মুখ্য নগৰ গুৱাহাটীৰ গোপীনাথ বৰদলৈ নগৰ অঞ্চলত অৱস্থিত এটা স্বায়ত্ব-শাসিত কৰ্কট ৰোগৰ চিকিত্সা প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰ। এগৰাকী মহান চিকিত্সক আৰু স্বাধীনতা সংগ্ৰামী ড° ভূৱনেশ্বৰ বৰুৱাৰ নামেৰ নামাঙ্কিত আৰু এটা স্বেচ্ছাসেৱী সংস্থা 'ড° বি বৰুৱা কেঞ্চাৰ চোচাইটি ন্যাস'ৰ দ্বাৰা প্ৰতিষ্ঠিত এই চিকিত্সা প্ৰতিষ্ঠানটো ১৯৭৩ চনৰ ১৮ নৱেম্বৰৰ দিনা আনুষ্ঠানিকভাবে উদ্বোধন কৰা হৈছিল। পিছে প্ৰতিষ্ঠানটোৰ চিকিত্সা-সম্পৰ্কীয় কাম-কাজ ১৯৭৪ চনৰ পৰাহে আৰম্ভ হৈছিল।[1] ড° এ চি কাকতি বৰ্তমান ইয়াৰ সঞ্চালক।[2]

ইতিহাস[সম্পাদনা কৰক]

১৯৫৮ চনত এখন ৰাজহুৱা সভাত গুৱাহাটীত এগৰাকী মহান চিকিত্সক আৰু স্বাধীনতা সংগ্ৰামী ড° ভূৱনেশ্বৰ বৰুৱাৰ (৪ চেপ্তেম্বৰ ১৮৯৩- ২৫ চেপ্তেম্বৰ ১৯৫৬) সোঁৱৰণত এখন কৰ্কট ৰোগৰ চিকিত্সালয় স্থাপন কৰাৰ প্ৰস্থাৱ লোৱা হয়। প্ৰতিষ্ঠানটো নিৰ্মাণ আৰু পৰিচালনা কৰিবলৈ 'ড° বি বৰুৱা কেঞ্চাৰ চোচাইটি' নামেৰে এটা ন্যাস গঠন কৰা হয়। ন্যাসৰ প্ৰতিষ্ঠাপক সচিব আছিল ড° ভূৱনেশ্বৰ বৰুৱাৰ সুযোগ্য ভাতৃ ড° কণক চন্দ্ৰ বৰুৱা। ১৯৭৩ চনৰ ১৮ নৱেম্বৰৰ দিনা গুৱাহাটীৰ গোপীনাথ বৰদলৈ নগৰত স্থাপন কৰা ড° ভূৱনেশ্বৰ বৰুৱা কৰ্কট চিকিত্সা প্ৰতিষ্ঠানৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয় যদিও চিকিত্সা-সম্পৰ্কীয় কাম-কাজ ১৯৭৪ চনৰ পৰাহে আৰম্ভ হয়। বিভিন্ন সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহা তিনিগৰাকীকৈ ব্যক্তি- বিষ্ণুৰাম মেধি, মহেন্দ্ৰ মোহন চৌধুৰী আৰু বিমলা প্ৰসাদ চলিহাকে ধৰি দেবেন্দ্ৰনাথ শৰ্মা, ড° ঘনশ্যাম দাস, ড° বীৰেন্দ্ৰ নাথ চৌধুৰী আদি বহু ব্যক্তিয়ে কৰ্কট প্ৰতিষ্ঠানটোৰ উন্নয়নৰ বাবে কাম কৰি গৈছে।-[3]

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৮০ চনত প্ৰতিষ্ঠানটোক আঞ্চলিক কৰ্কট কেন্দ্ৰ ৰূপে অনুমোদন জনায়। ১৯৮৬ চনৰ ৬ আগষ্টত 'ড° বি বৰুৱা কেঞ্চাৰ চোচাইটি' ন্যাসে প্ৰতিষ্ঠানটোৰ স্বায়ত্ব-শাসন অক্ষুন্ন ৰাখিবলৈ ইয়াক অসম চৰকাৰলৈ হস্তান্তৰ কৰে। প্ৰতিষ্ঠানটোক বিত্তীয় পৰিপোষণ কৰিবলৈ অসম চৰকাৰ, উত্তৰ-পূব পৰিষদ আৰু ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগৰ মাজত চাৰিখনকৈ ত্ৰিপক্ষীয় চুক্তি সম্পাদন কৰা হৈছে। এই চুক্তিকেইখনৰ কাৰ্যকাল এনেধৰণৰ-[4][5][6]

১ম চুক্তি- ১৯৮৯ চনৰ নৱেম্বৰৰ পৰা
২য় চুক্তি- ১ এপ্ৰিল ১৯৯৮ৰ পৰা ৩১ মাৰ্চ ২০০৪লৈ
৩য় চুক্তি- ১ এপ্ৰিল ২০০৪ৰ পৰা ৩১ মাৰ্চ ২০১২লৈ
৪ৰ্থ চুক্তি- ১ এপ্ৰিল ২০১২ৰ পৰা ৩১ মাৰ্চ ২০১৭লৈ

পৰিগাঁথনি[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.bbcionline.org/aboutus.htm ড°বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
  2. http://www.bbcionline.org/staff.htm ড° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰী
  3. http://www.bbcionline.org/aboutus.htm ড°বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
  4. http://www.bbcionline.org/aboutus.htm ড°বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
  5. http://www.assamtribune.com/scripts/detailsnew.asp?id=apr2012/city06 বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰকল্প
  6. http://necouncil.nic.in/index3.asp?sslid=117&subsublinkid=193 উত্তৰ-পূব পৰিষদ

বহি:সংযোগ[সম্পাদনা কৰক]