সমললৈ যাওক

জৰ্জ বেকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৰ্জ বেকাৰ
Member of Parliament ইঙ্গ-ভাৰতীয় সংৰক্ষিত আসনৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৩/৭/২০১৫
ব্যক্তিগত তথ্য
জন্ম ২৮ অক্টোবৰ, ১৯৪৬ (৭৯ বছৰ)
তেজপুৰ, অসম, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী অৰ্পিতা বেকাৰ
বাসস্থান কলকাতা, পশ্চিমবংগ, ভাৰত
শিক্ষানুষ্ঠান লা মাৰ্টিনিয়েৰ কলেজ
পেচা অভিনেতা, ৰাজনৈতিক নেতা
প্ৰখ্যাত বঙালী চলচ্চিত্ৰ, অসমৰ চলচ্চিত্ৰ, ভাৰতীয় জনতা পাৰ্টি

জৰ্জ বেকাৰ (ইংৰাজী: George Baker, জন্মː ২৮ অক্টোবৰ ১৯৪৬) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনৈতিক নেতা। তেওঁক মূলতঃ অসমীয়া আৰু বঙালী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়। তেওঁ ২০১৪ত ভাৰতীয় জনতা পাৰ্টীত ভৰ্তি হয় আৰু হাওৰা লোকসভা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে। ইয়াৰ পিছত সংবিধানৰ ৩৩১ ধাৰা অনুসৰি ইংগ-ভাৰতীয় সদস্যৰ বাবে সংৰক্ষিত লোকসভা আসনৰ সদস্যৰূপে ৰাষ্ট্ৰপতিয়ে তেওঁক মনোনীত কৰে।[1]

জীৱন পৰিক্ৰমা

[সম্পাদনা কৰক]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৪৫ চনৰ ২৮ অক্টোবৰত অসমৰ তেজপুৰত এটা গ্ৰীক পৰিয়ালত বেকাৰৰ জন্ম হৈছিল। তেওঁ লক্ষ্ণৌৰ লা মাৰ্টিনিয়েৰ কলেজত শিক্ষাগ্ৰহণ কৰিছিল। তেওঁ পিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰে যদিও দেউতাকৰ মৃত্যু হোৱাত আধাতে এৰি দিয়ে। তেওঁ ৰেলৱেৰ পাৰ্মানেণ্ট ৱে ইঞ্জিনিয়াৰিঙৰ এটা দুবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰি উত্তৰ পূব সীমান্ত ৰেলৰ অভিযান্ত্ৰিক বিভাগত চাকৰিত সোমায়। তেওঁ ৰেলত দুবছৰ আছিল আৰু তাৰপিছত নিজৰ ব্যৱসায় আৰম্ভ কৰে।

অভিনয় জীৱন

[সম্পাদনা কৰক]

বেকাৰে ১৯৭৪ চনত অসমীয়া ছবি চামেলি মেমচা'বৰ মূল চৰিত্ৰ বাৰ্কলে চাহাবৰ অভিনয়ৰ যোগেদি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। ২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা পাইছিল। ইয়াক বঙালী আৰু হিন্দী ভাষাতো ৰিমেক কৰা হৈছিল। বঙালী সংস্কৰণটোত এই একেটা চৰিত্ৰতে বেকাৰে অভিনয় কৰিছিল।[2]

তেওঁ অসমীয়া, বঙালী, ইংৰাজী, হিন্দী আৰু চাঁওতালী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও অসংখ্য বঙালী যাত্ৰা, টেলিফিল্ম, ধাৰাবাহিক আদিত বিশেষকৈ ব্ৰিটিছ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ সৈতেও জড়িত আছিল।

শেহতীয়াকৈ তেওঁ পৰিণীতাত (২০০৫ হিন্দী চলচ্চিত্ৰ) চাৰ উইলিয়াম একহাৰ্ট আৰু ভুতেৰ ভৱিষ্যতত (২০১২ বঙালী চলচ্চিত্ৰ) মিষ্টাৰ ৰামচেৰ চৰিত্ৰত অভিনয় কৰিছিল।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০১৪ চনত বেকাৰে ভাৰতীয় জনতা পাৰ্টিৰ টিকটত হাওৰা লোকসভা আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ ওচৰত হাৰে।

২০১৫ৰ ২৩ জুলাইত ষোড়শ লোকসভাৰ ইঙ্গ-ভাৰতীয় সদস্যৰ বাবে সংৰক্ষিত দুখন আসনৰ এখনত ৰিচাৰ্ড হে আৰু আনখন অসনত তেওঁক মনোনীত কৰা হয়।[3]

২০১৭ চনৰ ২৪ জুনত সংঘটিত হোৱা এক আক্ৰমণত তেওঁক হাস্পাতালত ভৰ্তি কৰাবলগীয়া হয়। এই আক্ৰমণ তৃণমূল কংগ্ৰেছৰ সদস্যই কৰা বুলি অভিযোগ উঠিছিল।[4]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষছবিভূমিকাভাষাপৰিচালকটোকা
১৯৭৫চামেলি মেমচা'ববাৰ্কলেঅসমীয়াআব্দুল মজিদ
১৯৭৬আদালতঅসমীয়াদিলীপ ডেকা
১৯৭৯চামেলী মেমচাহেববাৰ্কলেবঙালীইন্দৰ সেন
১৯৮২ অমৃত কুম্ভেৰ সন্ধানেবঙালীদিলীপ ৰয়
১৯৮৩অমৰ গীতি বঙালীতৰুণ মজুমদাৰ
১৯৮৪দেৱীঅসমীয়াশম্ভু গুপ্তা, দাৰা আহমেদ
১৯৮৮প্ৰতিপক্ষবঙালীৰথিস দে চৰকাৰ
১৯৮৮বোবা সানাইবঙালীআজিত গাঙ্গুলী
১৯৮৮অঞ্জলিবঙালীঅঞ্জন চৌধুৰী
১৯৯৩প্ৰিয়জনঅসমীয়াৱাইচকুৰ্ণী বৰা
২০০২দেশবঙালীৰাজা সেন
২০০৪Bow Barracks Foreverইংৰাজীঅঞ্জন দত্ত
২০০৫পৰিণীতাচাৰ উইলিয়াম একহাৰ্টহিন্দীপ্ৰদীপ চৰকাৰ
২০০৭মিনিষ্টাৰ ফাটাকেষ্ট'বঙালীস্বপন সাহা
২০০৮লভবঙালীৰিঙ্গো বেনাৰ্জী
২০১২ভুতেৰ ভৱিষ্যতমিঃ ৰামচেবঙালীঅনিক দত্ত
২০১৩স্বভূমিবঙালীউজ্জ্বল চেতাৰ্জী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]