বিশেষ এৰাতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশেষ এৰাতি

বিশেষ এৰাতিৰ এটা দৃশ্যত বিজু ফুকন
পৰিচালক উপেন কাকতি
কাহিনী লক্ষ্মীনন্দন বৰা
অভিনয়ত বিজু ফুকন
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক উপেন কাকতি
মুক্তি
১৯৭৯
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বিশেষ এৰাতি (ইংৰাজী: Bisesh Erati) ১৯৭৯ চনত মুক্তি পোৱা এখন অসমীয়া ভৌতিক চলচ্চিত্ৰ। ভৌতিক শৈলীৰ এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছিল বহু কেইখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক তথা বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা উপেন কাকতি। সংগীত পৰিচালনাও উপেন কাকতিৰে।[1] মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকনেলক্ষ্মীনন্দন বৰাৰ একে নামৰ গল্পৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল। ছবিৰ উপযোগীকৈ বৰাই কাহিনীটো নতুনকৈ সজাই দিছিল।[2]

উপেন কাকতিৰ উদ্যোগত বিশেষ এৰাতি ৰাইজৰ দান-বৰঙনিৰে নিৰ্মাণ কৰা হৈছিল। এই সংক্ৰান্তত লক্ষ্মীনন্দন বৰাই লিখিছে:[2]

"বিশেষ এৰাতিৰ পূঁজিৰ বাবে নাটক কৰাৰ পৰা আৰম্ভ কৰি মটৰ চাইকেলেৰে তেওঁ (উপেন কাকতি) জাৰ-জহ কাটি কৰি থৈ দূৰ-দূৰণি ঘূৰি ফুৰা কথাবোৰ মনত পেলাই ভাবো- উপেনে নিজৰ এটা শিল্পীৰ সপোন দিঠকলৈ আনিবলৈ অতিশয় অধ্যাৱসায় আৰু ধৈৰ্যৰ পৰিচয় দিব পাৰে।"

সংগীত[সম্পাদনা কৰক]

ছবিৰ সংগীত পৰিচালনা, গীত ৰচনা আৰু সুৰ উপেন কাকতিৰ। কণ্ঠদান কৰিছে ভূপেন হাজৰিকা, কুল বৰুৱা, অনিমা ভট্টাচাৰ্য আৰু ৰীণা শৰ্মাই।[3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "দেহাই আমনি কৰিছে, মনত অগনি জ্বলিছে"  উপেন কাকতিভূপেন হাজৰিকা  
2. "কেতেকী নহওঁ মই, মালতী নহওঁ মই, নিশাৰ তগৰ পাহি"  উপেন কাকতিঅনিমা ভট্টাচাৰ্য  
3. "প্ৰস্তৰ পাহাৰ, প্ৰস্তৰ পাহাৰে সাবতিলে যাৰ প্ৰান্ত"  উপেন কাকতিকুল বৰুৱা  
4. "মই সৈনিক ৰখীয়া বৰলুইতৰ কাৰণে"  উপেন কাকতিৰীণা শৰ্মা  

তথ্য উৎস[সম্পাদনা কৰক]

  1. "অসমীয়া চিনেমাৰ তথ্যকোষ". cinekatha.com. Archived from the original on 2 December 2022. https://web.archive.org/web/20221202122548/https://cinekatha.com/cinema-database/5/। আহৰণ কৰা হৈছে: 26 December 2022. 
  2. 2.0 2.1 Trinayan Borah (Feb-2013). "ডাঃ উপেন কাকতি". xahity.org. https://xahitya.org/ডাঃ-উপেন-কাকতি/। আহৰণ কৰা হৈছে: 26 December 2022. 
  3. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 305. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]