উপেন কাকতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
উপেন কাকতি
জন্ম ১৯৪২
দেৰগাঁও, গোলাঘাট, অসম
মৃত্যু ১৪ ডিচেম্বৰ, ১৯৮০ (৩৮ বছৰ)
যোৰহাট, অসম
মৃত্যুৰ কাৰণ মটৰ চাইকেল দূৰ্ঘটনা
ৰাষ্ট্ৰীয়তা  ভাৰত
অন্য নাম ফাচু
শিক্ষা এম.বি.বি.এছ.
পেচা চিকিৎসক
দাম্পত্যসঙ্গী অঞ্জলি কাকতি
সন্তান ডাঃ অভিজিৎ কাকতি
পিতৃ-মাতৃ দূৰ্গানাথ কাকতি (পিতৃ )
নলিনীপ্ৰভা কাকতি (মাতৃ)

উপেন কাকতি (ইংৰাজী: Upen Kakati) (১৯৪২ - ১৯৮০) এগৰাকী সংগীত শিল্পী, নাট্যকাৰ আৰু ঔপন্যাসিক। এইগৰাকী শিল্পীয়ে চাৰিখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল। দেৰগাঁৱ অঞ্চলত 'ফাচু' নামেৰ জনপ্ৰিয় এইগৰাকী শিল্পী পেছাত চিকিৎসক আছিল। সংগীতৰ কামৰ মাজতে তেখেতে পূৰ্ণাংগ আৰু একাংকিকা নাটক আৰু উপন্যাস ৰচনা কৰিছিল। ৩৮ বছৰ বয়সতে দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰা এইগৰাকী শিল্পীয়ে সুৰ দিয়া কেবাটাও গান বৰ্তমানেও জনপ্ৰিয়।

চমু জীৱনী[সম্পাদনা কৰক]

উপেন কাকতিৰ জন্ম হয় গোলাঘাটৰ দেৰগাঁৱত ১৯৪২ চনত। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম দূৰ্গানাথ কাকতি আৰু নলিনীপ্ৰভা কাকতি। দূৰ্গানাথ কাকতি দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৈছিল। কাকতিৰ জেষ্ঠ্য ভাতৃ খনীন্দ্ৰনাথ কাকতি আছিল নাট্যকাৰ আৰু অভিনেতা। মৃদুলা হাজৰিকা উপেন কাকতিৰ ভগ্নী। ১৯৫৮ চনত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উপেন কাকতিয়ে যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্ত্তি কৰে আৰু তাৰেপৰা এই.এছচি. পৰীক্ষাত উত্তীৰ্ণ হয়। ইবাৰ পাছত তেখেতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞান পঢ়িবলৈ লয়। ১৯৬৭ চনত এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰি তেখেত চিকিৎসা সেৱাত ব্ৰতী হয়[1]

উপেন কাকতিৰ পত্নী অঞ্জলি কাকতি দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী আছিল। তেখেতসকলৰ একমাত্ৰ পুত্ৰ ডাঃ অভিজিৎ কাকতি এগৰাকী পশু চিকিৎসক, লগতে কংগো বাদক আৰু ঢুলীয়া।

মাজুলীৰ জেংৰাইমুখলৈ চলচ্চিত্ৰৰ কামৰ বাবে যাওঁতে উপেন কাকতি মটৰ চাইকেল দূৰ্ঘটনাত পতিত হয়। চিকিৎসাৰ বাবে তেখেতক যোৰহাট অসামৰিক চিকিৎসালয়ত (বৰ্তমানৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়) ভৰ্তি কৰা হৈছিল। তাতেই ১৯৮০ চনৰ ১৪ ডিচেম্বৰত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৩৮ বছৰ[2]

সাংস্কৃতিক জীৱন[সম্পাদনা কৰক]

সংগীত জগতত[সম্পাদনা কৰক]

উপেন কাকতিৰ সাংস্কৃতিক জীৱনৰ মূল প্ৰেৰণা আছিল তেখেতৰ ঘৰখন। তেখেতে সংগীতৰ প্ৰাথমিক শিক্ষা পাইছিল মাক নলিনীপ্ৰভা কাকতিৰপৰা। পাছৰ জীৱনত তেখেতে চিকিৎসক হিচাপে কৰ্মব্যস্ত হৈ থকাৰ মাজতে সংগীত, সাহিত্যিক কৰ্মৰাজী কৰি গৈছিল। ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ সময়ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ অৱস্থাতে উপেন কাকতিয়ে ৰচনা কৰা 'ই যে ৰণাঙ্গনৰ কাহিনী' গীতটি প্ৰচাৰ হৈছিল। ইয়াৰ লগে লগেই সংগীত শিল্পী হিচাপে তেখেতৰ খ্যাতি বিয়াপিবলৈ আৰম্ভ কৰে। এই গীতটো পাছত তেখেতৰদ্বাৰা সংগীত পৰিচলিত 'বোৱাৰী' চলচ্চিত্ৰত সন্নিবিষ্ট কৰা হয়। বোলছবিত গীতটোত কণ্ঠদান কৰিছিল সমৰ হাজৰিকা[1]

উপেন কাকতিয়ে সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে তেখেতৰ ভাতৃ খনীন কাকতি ৰচিত 'চেনেহ লুইতৰ সুঁতি' নাটকখনৰ সংগীত পৰিচালনা কৰি। বোলছবিৰ সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে 'ৰশ্মিৰেখা'ৰ যোগেদি। 'ৰশ্মিৰেখা'ৰ এটা গীত ৰচনা কৰিছিল নিৰ্ম্মলপ্ৰভা বৰদলৈয়ে। ইয়াৰ বাহিৰে আন কেউটা গানৰে গীতিকাৰ আৰু সুৰকাৰ আছিল উপেন কাকতি। এই বোলছবিৰ 'মন ক্ষণে ক্ষণে বিনায়' গীতটোৰ কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই।

‘ৰশ্মিৰেখা’ৰ উপৰিও উপেন কাকতিয়ে সংগীত পৰিচালনা কৰা আন চাৰিখন অসমীয়া বোলছবি হৈছে ‘বিশেষ এৰাতি’, ‘প্ৰাণ-গঙ্গা’, ‘ফাগুনী’ আৰু ‘বোৱাৰী’।

বোলছবি আৰু নাটকৰ বাহিৰেও উপেন কাকতিয়ে আন বহুতো গীত ৰচনা কৰি সুৰ দিছিল। সেইবোৰৰ আটাইখিনি বাণীবন্ধন হোৱা নাই। দেৰগাঁৱৰ আশে-পাশে বা অসমৰ বিভিন্ন ঠাইৰ কিছু সংখ্যক শিল্পীৰ মুখত সেইবোৰ গীতবোৰ জীয়াই আছে।

বোলছবি পৰিচালনা[সম্পাদনা কৰক]

১৯৭৯ চনত উপেন কাকতিয়ে ড° লক্ষ্মীনন্দন বৰাৰ গল্প 'বিশেষ এৰাতি'ক চলচ্চিত্ৰ ৰূপ দিছিল। ৰাইজৰ দান-বৰঙনিৰে এই ছবিখন নিৰ্মাণ কৰা হৈছিল। ছবিখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা কৰিছিল উপেন কাকতিয়ে।

মঞ্চ-জগতত[সম্পাদনা কৰক]

ডাঃ কাকতিয়ে মঞ্চ-নাট ৰচনা কৰাৰ লগতে মঞ্চ-নাট পৰিচালনাও কৰিছিল। ‘সম্ভ্ৰান্ত অতিথি’, ‘মাটিৰ তলৰ ধন’ আৰু ‘মানৱ ৰক্ষী’(চুবেদাৰ ফুকন) তেখেতৰ ৰচিত পূৰ্ণাংগ নাটক। 'সম্ভ্ৰান্ত অতিথি' নাটকখন ১৯৬৯ চনত ড. ভূপেন হাজৰিকাৰদ্বাৰা সম্পাদিত ‘আমাৰ প্ৰতিনিধি’ আলোচনীত প্ৰকাশ হৈছিল। এই নাটকখন আছিল প্ৰহসনমূলক। তেখেতে ৰচনা কৰা একাংক নাটসমূহ হৈছে ‘সোণ নালাগে ৰূপ নালাগে’, ‘তেজ, মাটি আৰু মানুহ’, ‘ৰাজপথৰ সাধু’ আৰু ‘অমৃত যাত্ৰা’৷ ইয়াৰ ভিতৰত ‘তেজ, মাটি আৰু মানুহ’ আৰু ‘ৰাজপথৰ সাধু’ এই দুখন একাংক নাট ‘দেৰগাঁও ইউনাইটেড ষ্টেজ আৰ্টিষ্ট’ৰ শিল্পী সকলে এলাহাবাদত অনুষ্ঠিত ‘নিখিল ভাৰত চুটি নাটক প্ৰতিযোগীতা’ত পৰিবেশন কৰি সৰ্বভাৰতীয় ভিত্তিত দুবাৰকৈ পুৰস্কৃত হৈছিল। এই দুয়োখনৰে পৰিচালক আছিল উপেন কাকতি[1]

উপেন কাকতি অভিনেতা হিচাপেও মঞ্চজগতৰ লগত জড়িত আছিল। সম্ভৱত ১৯৬৯ চনৰ দুৰ্গাপূজাত দেৰগাঁও টাউন ক্লাব ভৱনত মঞ্চস্থ হোৱা বিশ্ববিখ্যাত নাট্যকাৰ ছেক্সপীয়েৰনাটক ‘অথেল’’ত ডাঃ কাকতিয়ে নাম ভূমিকাত অভিনয় কৰিছিল। দেৰগাঁও টাউন চৰাই নামঘৰৰ ভাওনাত গাঁৱৰ ভাৱৰীয়া সকলৰ লগত তেৱোঁ ভাওনাত অভিনয় কৰিছিল।

সাহিত্য জগতত[সম্পাদনা কৰক]

সংগীত আৰু নাটকৰ লগতে ডাঃ উপেন কাকতিয়ে উপন্যাসো লিখিবলৈ লৈছিল। উপেন কাকতিৰ প্ৰকাশিত উপন্যাস মুঠতে সাতখন। ‘মিঠা জেংৰাই’ উপন্যাসখন পুথি আকাৰে প্ৰকাশ পাইছিল। আনকেইখন ‘প্ৰাণ গংগাৰ পাৰ’, ‘পদুমৰে পানচৈ’, ‘দিল্লীঘাট’, ‘মন দুৰাচাৰ’, ‘সিপাৰে চিনাকী ঘাট’ আৰু ‘মাতৃ’ আলোচনীৰ পাতত প্ৰকাশ হৈছিল। ১৯৬৫ চনত ‘আমাৰ প্ৰতিনিধি’ত প্ৰকাশিত উপন্যাস ‘সিপাৰে চিনাকী ঘাট’ৰ পটভূমি আছিল মাজুলীৰ এখন বৈষ্ণৱ সত্ৰ আৰু বিশাল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ গ্ৰাম্য জীৱন। উপন্যাসৰ বিষয়বস্তু আধ্যাত্মিক ভাৱ চিন্তাৰে ভৰপূৰ। তেখেতৰ ‘মন দুৰাচাৰ’ উপন্যাসখন প্ৰকাশ পাইছিল ১৯৭১ চনত ‘আমাৰ প্ৰতিনিধি’ৰ পাততে। উপন্যাসৰ পটভূমি গোলাঘাটৰ দৈয়াং বনাঞ্চলৰ এখনি গাঁও। ঔপন্যাসিকৰ মূল লক্ষ্য মানুহৰ জটিল মানসিকতাৰ সূক্ষ্ম বিশ্লেষণ। ১৯৭৩ চনত ‘আমাৰ প্ৰতিনিধি’তে তেখেতৰ ‘মাতৃ’ উপন্যাস প্ৰকাশ পায়। অসমীয়া চলচিত্ৰ জগতৰ ইতিহাস ৰচোতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ বোলছবিৰ নায়িকা আইদেউ সন্দিকৈ আছিল এই উপন্যাসৰ নায়িকা। এই উপন্যাস ৰচনাৰ কালছোৱাতে তেখেতে ‘মন ক্ষণে ক্ষণে বিনায়’ গীতটি ৰচনা কৰিছিল বুলি অনুমান কৰা হয়। তেখেতৰ আৰু এখন উপন্যাস ‘মৰম ইয়াতে শুইছে’ অসমাপ্ত হৈ ৰয়। কাকতি ৰচিত একমাত্ৰ গল্প সংকলনখন হৈছে ‘মন মেঘৰ অশ্ৰু’[1]। ডাঃ উপেন কাকতিয়ে তেখেতৰ উপন্যাস ‘মিঠা জেংৰাই’ৰ দ্বিতীয় সংস্কৰণ কৰাৰ কথা ভাবি সমল গোটাবলৈ মাজুলীৰ জেংৰাইমুখলৈ গৈছিল। এই যাত্ৰাতে দূৰ্ঘটনাগ্ৰস্ত হৈ তেখেতৰ মৃত্যু হয়।

কৰ্ম-পঞ্জী[সম্পাদনা কৰক]

সংগীত পৰিচালনা[সম্পাদনা কৰক]

ৰচিত নাটক[সম্পাদনা কৰক]

পূৰ্ণাংগ নাটক[সম্পাদনা কৰক]

  • সম্ভ্ৰান্ত অতিথি (১৯৬৯ ‘আমাৰ প্ৰতিনিধি’ ত প্ৰকাশিত)
  • মাটিৰ তলৰ ধন
  • মানৱ ৰক্ষী (চুবেদাৰ ফুকন)

একাংকিকা নাটক[সম্পাদনা কৰক]

  • সোণ নালাগে ৰূপ নালাগে
  • তেজ, মাটি আৰু মানুহ
  • ৰাজপথৰ সাধু
  • অমৃত যাত্ৰা

উপন্যাস[সম্পাদনা কৰক]

  • সিপাৰে চিনাকি ঘাট (১৯৬৫, প্ৰকাশঃ আমাৰ প্ৰতিনিধি)
  • মন দুৰাচাৰ (১৯৭১, প্ৰকাশঃ আমাৰ প্ৰতিনিধি)
  • মাতৃ (১৯৭৩, প্ৰকাশঃ আমাৰ প্ৰতিনিধি)
  • মিঠা জেংৰাই
  • প্ৰাণ গঙ্গাৰ পাৰ
  • দিল্লীঘাট
  • পদুমৰে পানচৈ
  • মৰম ইয়াতে শুইছে (অসমাপ্ত)

গল্প সংকলন[সম্পাদনা কৰক]

  • মন মেঘৰ অশ্ৰু

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 *ত্ৰিনয়ন বৰা, ডাঃ উপেন কাকতি, সাহিত্য.অৰ্গ, আহৰণ কৰা তাৰিখঃ ২৫-০২-২০১৩
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃষ্ঠা: ৩১-৩১

সহায়ক গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • ডাঃ উপেন কাকতিৰ আদ্যশ্ৰাদ্ধত উন্মোচিত স্মৃতিগ্ৰন্থত প্ৰকাশিত প্ৰবন্ধ ৺ৰবীন্দ্ৰ নাথ হাজৰিকাৰ ‘ডাঃ উপেন কাকতি’
  • ডাঃ উপেন কাকতিৰ আদ্যশ্ৰাদ্ধত উন্মোচিত স্মৃতিগ্ৰন্থত প্ৰকাশিত প্ৰবন্ধ ডঃ লক্ষ্মীনন্দন বৰাৰ ‘ডাঃ উপেন কাকতিঃ অশ্ৰু অঞ্জলিৰে’
  • ডাঃ উপেন কাকতিৰ আদ্যশ্ৰাদ্ধত উন্মোচিত স্মৃতিগ্ৰন্থত প্ৰকাশিত প্ৰবন্ধ ৺লক্ষীকান্ত মহন্তৰ ‘ডাঃ উপেন কাকতিৰ স্মৃতিত’
  • ডাঃ উপেন কাকতিৰ আদ্যশ্ৰাদ্ধত উন্মোচিত স্মৃতিগ্ৰন্থত প্ৰকাশিত প্ৰবন্ধ ৺দুলাল বৰদলৈৰ ‘এডাল ধূপ জ্বলিছিল’
  • ডাঃ উপেন কাকতিৰ আদ্যশ্ৰাদ্ধত উন্মোচিত স্মৃতিগ্ৰন্থত প্ৰকাশিত প্ৰবন্ধ অতুল গোস্বামীৰ ‘ডাঃ উপেন কাকতি প্ৰেৰণাৰ উৎস হওক’
  • ডাঃ উপেন কাকতিৰ আদ্যশ্ৰাদ্ধত উন্মোচিত স্মৃতিগ্ৰন্থত প্ৰকাশিত প্ৰবন্ধ ৺অজিত কুমাৰ বৰঠাকুৰৰ ‘অশ্ৰু অঞ্জলি’
  • ‘অসমীয়া সা ৰে গা মা’ত প্ৰকাশিত সপোনজ্যোতি ঠাকুৰৰ প্ৰবন্ধ ‘মন ক্ষণে ক্ষণে’