নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
স্থাপিত ১৮৬৫
ধৰণ ৰাজহুৱা
অধ্যক্ষ দীপিকা লস্কৰ
স্থান নগাঁও, অসম,, ভাৰত

অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল। বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত। ১৮৬৫ চনৰ ১৭ নৱেম্বৰত প্ৰতিষ্ঠিত হোৱা বিদ্যালয় খন ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ নগাঁও চহৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান।

ইতিহাস[সম্পাদনা কৰক]

১৮২৬খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ অহাৰ পিছত প্ৰথদ, দ্বিতীয়খন গৱৰ্ণমেণ্ট হাইস্কুল ব্ৰিটিছ চৰকাৰে কামৰূপ আৰু শিৱসাগৰ জিলাত প্ৰতিষ্ঠা কৰাৰ পিছতে ১৮৬৫ খ্ৰীষ্টাব্দৰ মে মাহত নগাঁও জিলাৰ সদৰ ঠাই নগাঁৱত এই চৰকাৰী বিদ্যালয় খন প্ৰতিষ্ঠা কৰিবলৈ ব্ৰিটিছ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি অনুমোদন প্ৰদান কৰে। বিদ্যালয় খনৰ নাম তেওঁলোকে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় নামেৰে ৰাখিছিল। বিদ্যালয় খনৰ প্ৰথম গৰাকী প্ৰধান শিক্ষক আচি বাবু জন্মেজয় দাস।


অৱস্থান[সম্পাদনা কৰক]

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খনৰ সন্মখভাগ অৰ্থাত্ উত্তৰ দিশে আছে কলং সূতি, দক্ষিণ দিশে বৰ্তমানে থকা নুৰুল আমিন ষ্টেডিয়াম, পূৱ দিশে আছে বৰ্তমান যশোদা প্ৰেছ আৰু পশ্চিম দিশত আছে বৰ্তমান জিলা পুথিভঁৰাল আৰু জিলা পৰিষদৰ কাৰ্য্যালয়। পূৰ্বতে (বিদ্যালয় খনৰ বৰ্তমানৰ) উচ্চতৰ মাধ্যমিক শাখাৰ গৃহটোৰ মাজেদিয়েই নগাঁও মিশ্যন হাইস্কুলৰ আলিটোলৈকে পথাৰৰ মাজেদি এটা পথ আছিল। ইয়াৰ সোঁফালটোৰ নাম আছিল টাইগাৰ কেম্প আৰু ইয়াৰ বাওঁফালে খেৰী ঘৰেৰে সৈতে পি ডব্লিউ দি ৰ কাৰ্য্যালয় আছিল। পথটোৰ কাষতে এটা প্ৰকাণ্ড পুখুৰী আছিল। মহাৰাণী ভিক্টোৰীয়াই ভাৰতেশ্বৰী উপাধি গ্ৰহণৰ পৰা ৰূপালী জয়ন্তী উত্সৱ সেই টাইগাৰ কেম্পতে পতা বাবে পিছত ইয়াৰ নাম দিয় হয় জুবিলী খেল পথাৰ। পূৰ্বতে এই খেলপথাৰখনৰ এটা অংশ বিদ্যালয়ৰ নিজা খেলপথাৰ আছিল, কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত অসম চৰকাৰে গোটেই খেলপথাৰখন একেখন কৰি পেলায়।


অধ্যক্ষৰ তালিকা[সম্পাদনা কৰক]

১৮৬৫ চনৰপৰা ২০১৪ চনলৈকে মুঠ ৫০ জন অধ্যক্ষই কাৰ্য্যভাৰ গ্ৰহণ কৰিছে।

ক্ৰমিক নং অধ্যক্ষ কাৰ্য্যকাল
জন্মজয় দাস ১৮৬৫ - ১৮৭২
হৰেণ চেটাৰ্জী ১৮৭২ - ১৮৭৯
প্ৰসন্ন চন্দ্ৰ দাস ১৮৭৯ - ১৮৮৫
শৰত্ চন্দ্ৰ গাংগুলী ১৮৮৫ - ১৮৯০
ৰাম মোহন মিত্ৰ ১৮৯০-১৮৯৩
ৰামেশ্বৰ সেন ১৮৯৩ - ১১৯০১
ৰজনীকান্ত দত্ত ১৯০১ - ১৯০২
তাৰাশঙ্কৰ ভট্টাচাৰ্য্য ১৯০২-১৯০৯
গোপাল চন্দ্ৰ কাৰ ১৯০৯ - ১৯১২
১০ ৰামেশ্বৰ বৰবৰা ১৯১২ - ১৯১৮
১১ উমেশ চন্দ্ৰ দত্ত ১৯১৮-১৯২১
১২ ঘনকান্ত বৰুৱা ১৯২১ - ১৯২১
১৩ কালিৰাম দত্ত ১৯২১-১৯২২
১৪ ব্ৰজদয়াল বিদ্যা বিনোদ ১৯২২ - ১৯২৪
১৫ ভাৰত চন্দ্ৰ চলিহা ১৯২৪-১৯২৪
১৬ ৰামেশ্বৰ বৰুৱা ১৯২৪ - ১৯৩৩
১৭ ভূপেন্দ্ৰ মোহন সেন ১৯৩৩ - ১৯৪০
১৮ মূখ্যদা মোহন দাস ১৯৪০ - ১৯৪০
১৯ ইন্দ্ৰেশ্বৰ বৰঠাকুৰ ১৯৪০ - ১৯৪২
২০ গোপাল বৰবৰা ১৯৪২-১৯৪৬
২১ মৌলবী তায়াবুল্লা ১৯৪৬ - ১৯৪৭
২২ প্ৰাণনাথ শৰ্ম্মা ১৯৪৭-১৯৪৯
২৩ পূৰ্ণানন্দ গোস্বামী ১৯৪৯ - ১৯৫৩
২৪ ৰেজিবুদ্দিন আহমেদ ১৯৫৩ - ১৯৫৩
২৫ গোপীনাথ মেধি ১৯৫৩ - ১৯৫৪
২৬ হৰেন্দ্ৰ নাথ ভট্টাচাৰ্য্য ১৯৫৪ - ১৯৫৫

ক্ৰমিক নং নাম কাৰ্য্যকাল
২৭ পীৰ জাহান আলী ১৯৫৫-১৯৫৬
২৮ শ্বাৰিফুদ্দিন আহমেদ ১৯৫৬ - ১৯৬০
২৯ কৃষ্ণদাস বৰুৱা ১৯৬০-৬৮
৩০ যুগনাথ শৰ্ম্মা ১৯৬৮ - ১৯৭১
৩১ ললিত চন্দ্ৰ চৌধুৰী ১৯৭২ - ১৯৭৪
৩২ কালীনাথ শৰ্ম্মা ১৯৭৪ - ১৯৭৫
৩৩ আব্দুল হক ১৯৭৬ - ১৯৮২
৩৪ অক্ষয় চন্দ্ৰ মিশ্ৰ ১৯৮২ - ১৯৮৪
৩৫ অচ্যুতানন্দ দাস ১৯৮৪ - ১৯৮৬,
৩৬ তৰুণ শৰ্ম্মা ১৯৮৬ - ১৯৯০
৩৭ মাধৱানন্দ মহন্ত ১৯৯০ - ১৯৯০
৩৮ ক্ষীৰেশ্বৰ ভূঞা ১৯৯১ - ১৯৯১
৩৯ আলীমুদ্দিন জামান ১৯৯১ - ১৯৯৩
৪০ অতুল চন্দ্ৰ শইকীয়া ১৯৯৩ - ১৯৯৬
৪১ নিৰ্মালী হাজৰিকা ১৯৯৭ - ১৯৯৮
৪২ ভূপেন্দ্ৰনাথ শৰ্ম্মা ১৯৯৮ - ১৯৯৯,
৪৩ মুনু ৰজক ১৯৯৯ - ২০০০
৪৪ বিমল চন্দ্ৰ বৰা ২০০০ - ২০০২
৪৫ মাধৱ চন্দ্ৰ শৰ্ম্মা ২০০২ - ২০০৩
৪৬ নগেন্দ্ৰ নাথ শৰ্ম্মা (ভাৰপ্ৰাপ্ত) ২০০৩ - ২০০৪
৪৭ বিলিবালা দেৱী (ভাৰপ্ৰাপ্ত) ২০০৪ - ২০০৭
৪৮ এ.আৰ. চৌধুৰী (ভাৰপ্ৰাপ্ত) ২০০৭ - ২০০৯
৪৯ ৰাতুল কুমাৰ বৰা (ভাৰপ্ৰাপ্ত) ২০০৯ - ২০১২
৫০ দীপিকা লস্কৰ ২০১২ - বৰ্তমান

মূল্যাংকন[সম্পাদনা কৰক]

শিক্ষা[সম্পাদনা কৰক]

উচ্চতৰ মাধ্যমিক[সম্পাদনা কৰক]

কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়।

কম্পিউটাৰ বিজ্ঞান পাঠ্যক্ৰম[সম্পাদনা কৰক]

ছাত্ৰাবাস[সম্পাদনা কৰক]

নাম
নগাঁও চৰকাৰী বালক বিদ্যালয় ছাত্ৰাবাস , খ্ৰীষ্টীয়ান পট্টী । !! স্থাপন !! আসন সীমিত সংখ্যক , অনুমানিক ২৪ জন ।  !! কোঠালি