জীৱনৰ বাটত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীৱনৰ বাটত  
লেখক বীণা বৰুৱা (বিৰিঞ্চি কুমাৰ বৰুৱা)
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সামাজিক উপন্যাস
প্ৰকাশ ১৯৪৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ

জীৱনৰ বাটত উপন্যাসখনৰ লেখক হৈছে বীণা বৰুৱা।[1] বীণা বৰুৱাৰ প্ৰকৃত নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা৷ জীৱনৰ বাটত উপন্যাসখনক অসমীয়া সাহিত্যৰ প্ৰথমখন সৰ্বাংগ সুন্দৰ উপন্যাস হিচাপে স্বীকৃতি দিয়া হয়। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৪ চনত৷

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

এদিন মৌজাদাৰৰ পুতেকৰ সৈতে কমলাকান্ত নামৰ এজন কলেজীয়া ল'ৰা মৌজাদাৰৰ ঘৰৰ বিয়ালৈ আহিছিল। সেই দিনাই তেওঁ তগৰ নামৰ এজনী ছোৱালীৰ লগত পৰিচয় ঘটে। সেই সময়তে দুয়োজনৰ মনত ভাল পোৱা ভাৱ গঢ়ি উঠে। পিছে কমলাকান্ত পুনৰ চহৰলৈ উভতি যায়। চহৰত এখন উচ্চ পদত চাকৰি পোৱাত তেওঁ চহৰৰ সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী সুপ্ৰভাক বিয়া কৰায় আঙঠি পিন্ধাই অহা তগৰক উপেক্ষা কৰিছে। আনহাতে তগৰকো তেওঁৰ দেউতাকে গাঁৱৰে ধৰণী নামৰ এজন শিক্ষকৰ লগত জোৰকৈ একেৰাতিৰ ভিতৰতে বন্দোবস্ত কৰি বিয়া দিয়ে। এহাতে ৰোগত ধৰণীৰ মৃত্যু হৈছে আনহাতে কমলাকান্তৰ জীৱনলৈ চৰম দুৰ্দশা নামি আহিছে। এনে চৰম দুৰ্দশাৰ সময়তে কমলাকান্ত আৰু তগৰৰ পুনৰ চহৰত দেখা দেখি হৈছে |

চৰিত্ৰসমূহ[সম্পাদনা কৰক]

তগৰ,কমলাকান্ত,ধৰণী,সুপ্ৰভা,মহীকান্ত,আহিনী, ভোগদত্ত মৌজাদাৰ, ৰায়বাহাদুৰ মাণিক হাজৰিকা, বাপুৰাম বৰা, দাৰোগা মাধৱ মহন্ত, গোলাপ ডাক্টৰ, সুনদ, নাদুকী ইত্যাদি। ইয়াৰ প্ৰধান তিনিটা চৰিত্ৰ - তগৰ, কমলাকান্ত আৰু ধৰণী। উপন্যাসখনৰ কাহিনী গঠিত হৈছে তগৰৰ জীৱনৰ কাহিনীক লৈ আৰু তগৰক কেন্দ্ৰ কৰিয়ে কাহিনীৰ প্ৰয়োজনত আন আন চৰিত্ৰসমূহ সৃষ্টি কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Book Database". এনাজৰী.কম. Archived from the original on 7 November 2019. https://web.archive.org/web/20191107101741/http://www.enajori.com/?page_id=451। আহৰণ কৰা হৈছে: 15 August 2019.