সমললৈ যাওক

অজিত কুমাৰ ভূঞা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অজিত কুমাৰ ভূঞা
ৰাজ্যসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১০ এপ্ৰিল,২০২০
সমষ্টি অসম
ব্যক্তিগত তথ্য
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল নিৰ্দলীয়

অজিত কুমাৰ ভূঞা (ইংৰাজী: Ajit Kumar Bhuyan) হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু ৰাজ্যসভাৰ সাংসদ। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু দীৰ্ঘ সময়ৰ কাৰণে প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ ১৮ মাৰ্চ তাৰিখে তেওঁ বিনাপ্ৰতিদ্বন্দিতাৰে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।[1]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০২০ চনৰ জুন মাহত অজিত কুমাৰ ভূঞাই মুখ্য আহ্বায়ক হিচাপে আঞ্চলিক গণ মৰ্চা(Regional People's Front) নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰে।[2]

তেওঁ নিৰ্বাচনৰ পিছত এখন সংবাদমেলত কয় যে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (কা) তেওঁৰ ৰাজনীতিত যোগদান কৰাৰ আঁৰৰ কাৰণ আছিল। ৰাজ্যসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা ভূঞাক সমৰ্থন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফে। মনোনয়নৰ সময়ত উপস্থিত আছিল তৰুণ গগৈ আৰু বদৰুদ্দিন আজমল[3] ভূঞা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰে প্ৰৱৰ্তন কৰি উভয় সংসদত গৃহীত কৰা নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ তীব্ৰ সমালোচক আছিল ।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Shri Ajit Kumar Bhuyan". National Portal of India. https://www.india.gov.in/my-government/indian-parliament/shri-ajit-kumar-bhuyan. 
  2. "Regional People's Front formed in Assam with eye on next year's state polls". United News India. 19 June 2020. http://www.uniindia.com/news/east/politics-assam-new-party/2044962.html। আহৰণ কৰা হৈছে: 19 January 2021. 
  3. "Tarun Gogoi and Badruddin Ajmal bless Ajit Bhuyan nomination for 2021 Rajya Sabha election". telegraph India. 13.03.20. https://www.telegraphindia.com/amp/north-east/tarun-gogoi-and-badruddin-ajmal-bless-ajit-bhuyan-nomination-for-2021-rajya-sabha-election/cid/1753506। আহৰণ কৰা হৈছে: 21-05-2022. 
  4. "Assam: All three Rajya Sabha candidates set to be elected unopposed". Hemanta Kumar Nath. India Today. 14 March 2020. https://www.indiatoday.in/india/story/assam-all-three-rajya-sabha-candidates-set-to-be-elected-unopposed-1655352-2020-03-14। আহৰণ কৰা হৈছে: 14 March 2020.