লাংখুন পূজা
’লাংখুন পূজা’ (’লাংখুন ফূজা’ বা ’লাংখুন মিছাৱা’) তিৱাসকলৰ এক লোক-উৎসৱ। ছেপ্টেম্বৰ-অক্টোবৰ বা আঘোণ মাহত এই পূজা অনুষ্ঠিত কৰা হয়।[1] সাধাৰণতে সোমবাৰৰ ভাটিবেলাৰ পৰা বৃহস্পতিবাৰলৈকে চাৰিদিন এই পূজা চলে।
তাৎপৰ্য
[সম্পাদনা কৰক]বিজুলী বাঁহক গুৰিৰ পৰা এক বা ডেৰ মিটাৰমান বাদ দি সিফালৰ আগলৈকে প্ৰত্যেকটো পাবৰ গাঁঠিলৈকে মিহি মিহি চাঁচি থোপা থোপাকৈ চোঁচ উলিওৱা বাঁহডালকে লাংখুন বুলি কোৱা হয়। প্ৰবাদমতে অভাৱ-অনাটন, আলৈ-আহুকালৰ পৰা ৰক্ষা পাবলৈ বুঢ়া ৰামছা দেৱতাক সন্তুষ্ট কৰিবলৈ কৰা পূজাকেই লাংখুন মিছাৱা বুলি কোৱা হয়। লাংখুন মিছাৱাক বনদেৱতাৰ পূজা বুলিও তিৱাসকলে কয়।[2] উক্ত পূজা বা উৎসৱ অনুষ্ঠিত কৰাৰ পিছতহে তেওঁলোকে জলকীয়া, হালধি, বাঁহ গাজৰ শুকান খৰিছা কৰিব পাৰে। পূজাৰ পাছতহে তিৱাসকলে ঘৰৰ লগাবলৈ খেৰ কাটে। তামোলো পূজাত ব্যৱহাৰ হোৱাৰ পাছতহে খায়।
নীতি-নিয়ম
[সম্পাদনা কৰক]আঘোণ মাহত সাধাৰণতে সোমবাৰৰ ভাটিবেলাৰ পৰা বৃহস্পতিবাৰলৈকে চাৰিদিন এই পূজা চলে। সোমবাৰৰ আগৰ শনিবাৰে মুখিয়াল লোকসকল দেউৰীৰ ঘৰত গোট খায়। উপস্থিত ৰাইজৰ সন্মুখত দেউৰীয়ে ডেকাচাঙৰ মূল বিষয়া চাংদলৈ আৰু চাংমাজিত হাতত তামোল-পাণ আৰু মদৰ লাউ এটা দিয়ে। তেতিয়া চাংদলৈ আৰু চাংমাজিয়ে সকলোকে লৈ পাহাৰত লাংখুন কাটিবলৈ যায়। পাহাৰত ধুনীয়া বিজুলী বাঁহ এজোপা নিৰ্বাচন কৰি তাৰ তলখিনি পৰিষ্কাৰ কৰা হয়। তাত কলপাত পাৰি লগত নিয়া সাতখন তামোল-পাণ আৰু মদৰ লাউটোৰ পৰা মদ অলপ ঢালি বাঁহ সৃষ্টি কৰা দেওচাল্জা ৰজাক আৰু পৃথিৱীক বাঁহ কটাৰ অনুমতি বিচাৰি স্তুতি কৰে।[1] ইয়াৰ পাছত হাতেৰে খামুছি ধৰিব পৰা ১৮ ডাল বিজুলী বাঁহ কাটে। সেইজোপা বাঁহত ইমানবোৰ গছ নোলালে ওচৰৰ অন্য বাঁহৰ পৰা ১৮ ডাল কাটি লোৱা হয়। ৰং-ধেমালি কৰি বাঁহ কাটি আনি সেয়া গাঁৱৰ পৰা কিছু দূৰৰ হাবিত থকা দেওশালত থয়হি। দেওবাৰৰ দিনা সকলোৱে পূজাৰ বাবে ঠাই পৰিষ্কাৰ কৰেগৈ। তাত খেৰ, খৰি আৰু মদ-পানী খাবৰ বাবে বাঁহৰ চুঙা সজাই থৈ আহে।
প্ৰথম দিন
[সম্পাদনা কৰক]সোমবাৰে পুৱাতেই ডেকাসকল গৈ দেওশালৰ পৰা বাঁহবোৰ লৈ আনে। লগতে প্ৰায় ৬ ফুট মান দীঘল হাতেৰে খামুচি পোৱা মদাৰ গছৰ পুলিৰ গা-গছ আৰু ডাল-পাত লৈ আনে। সেই গা-গছবোৰক মালবাৰী বোলে। লাংখুন পূজাৰ দ্বিতীয় পৰ্যায় মাল পূজাত সেয়া ব্যৱহাৰ কৰা হয়।[3] ডেকাচাঙত লাংখুৰ চোঁচবিলাক গুচাই পাববোৰৰ তলে তলে চোঁচবিলাক জুটিয়াই ফুলাই লোৱা হয় আৰু বিভিন্ন ৰং বুলোৱা হয়। সেইবোৰ ডেকাচাঙত চ'তিত থিয়কৈ থোৱা হয়। মালবাৰীবোৰকো চাঁচি, ফুলাই, মূৰত চৰাই কাটি দি ৰং বুলোৱাৰ পাছত ছাই আৰু হালধিৰ ৰস সানি ডেকাচাঙৰ পূব দিশে পুতি থয়। ভাটিবেলা সকলো ৰাইজ আহি ডেকাচাঙত গোট খায়। ৰাইজে মদৰ লাউ দুটা আৰু তামোল-পাণ লৈ দেউৰীৰ ঘৰলৈ যায় আৰু পূজাৰ বাবে খ্ৰাম (ঢোল), খ্ৰামবাৰ, দগৰা আৰু থোৰাং (বাঁহীৰ দৰে বাদ্য) খুজিবলৈ যায়। দেউৰীয়ে সোধ-পোছ কৰি বস্তুকেইপদ উলিয়াই দিয়ে। তেতিয়া ৰাইজে সেয়া লৈ গৈ বজাই ওৰে-ৰাই চামাদিত নাচ-গান কৰে।
দ্বিতীয় দিন
[সম্পাদনা কৰক]মঙ্গলবাৰৰ দিনা পুৱাতে সকলোৱে পুতি থোৱা মালবাৰীবোৰ হাতে-হাতে লয় আৰু প্ৰতিঘৰ গৃহস্থৰ ঘৰলৈ গৈ মালবাৰীৰে ঘৰৰ চাল-বেৰত টঙনিয়াই অদৃশ্য প্ৰাণী খেদি নিয়াৰ নিচিনা কৰে। তাৰ পাছত মালবাৰীবোৰ আগেৰে নিৰ্দিষ্ট কৰি থোৱা ঠাইত পেলাইগৈ। এনেকৈ চালে-বেৰে কোবাই লৈ খেদি গ'লে ভূত-প্ৰেত আঁতৰে বুলি তেওঁলোকে বিশ্বাস কৰে।[1] মালবাৰীবিলাক পেলোৱাৰ সময়তো স্তুতিগীত জুৰে। সেয়া কৰি আহি সকলোৱে চামাদিত আহি ৰং-ধেমালি কৰে বা ভাগৰ পলুৱায়। দিনৰ দহমান বজাত দেউৰী, হাতাৰী, লৰ' আদি বিষয়ববীয়াসকলে প্ৰতিঘৰ গৃহস্থৰ পৰা চৰাই এটা আৰু মদৰ লাউ এটা লৈ পূজাৰ স্থলীত উপস্থিত হয়। তাত অৰ্দ্ধচন্দ্ৰৰ আকৃতিৰে ২০ জাপ আগলি কলাপাত পাৰে। প্ৰতিজাপ কলপাতৰ ওপৰৰ খেৰৰ মুঠি এটা ৰাখি লাংখুনবোৰ দীঘলে দীঘলে তাত পাৰি দিয়ে। আলৈ চাউল, পাঁচটা তামোল আৰু পাঁচখিলা পাণ দি দেৱতাৰ স্তুতি কৰি চৰাই কাটি উছৰ্গা কৰে।[3] বলিকটা চৰাইৰ তেজবোৰ পাতৰ ওপৰত ছটিয়াই মদ ঢালি দিয়ে। ডেকাসকলে খাংখুনবোৰ হাতত লৈ বাদ্য বজোৱাসকলক মাজত লৈ বৃত্তাকাৰে নৃত্য কৰে। গধূলি ছয়-সাতমান বজাত লাংখুনবোৰ লৈ ৰাইজে গাঁৱৰ বিষয়ববীয়াসকলৰ ঘৰত নাচেগৈ। গৃহস্থই নাচনীয়াৰ ৰাইজক আপ্যায়িত কৰে। চামাদিলৈ ঘূৰি গৈ সকলোৱে কিছুসময় নৃত্য-গীত কৰে আৰু মালবাৰী বিসৰ্জন দিয়া ঠাইলৈ আগবাঢ়ে। মালবাৰী পেলোৱাৰ দৰেই লাংখুনবোৰো বিসৰ্জন দি ঘূৰি আহে।
তৃতীয় দিন
[সম্পাদনা কৰক]বুধবাৰৰ দিনা ভাটিবেলা ৰাইজ পুনৰ ডেকাচঙত গোট খায় আৰু বিভিন্ন জনৰ ঘৰত গীত-মাত গাই ফূৰ্তি কৰে আৰু গৃহস্থই মদ আৰু মাছেৰে সকলোকে আপ্যায়িত কৰে। ডেকাচাঙলৈ ঘূৰি যোৱাৰ পাছতো ৰং-ৰহইছ চলি থাকে।
চতুৰ্থ দিন
[সম্পাদনা কৰক]বৃহস্পতিবাৰে পুৱাতে সকলোৱে দেউৰীৰ ঘৰলৈ গৈ বাদ্যবিলাক চমজাই দিয়ে আৰু দেউৰীয়ে দিয়া পানীয় গ্ৰহণ কৰি উৎসৱৰ সামৰণি মাৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 সেনাপতি, বলাইৰাম (২০০৮). তিৱাসকলৰ লাংখুন পূজাৰ গীত-মাত (জনজাতি সমাজ সংস্কৃতি). ৰিংচাং প্ৰকাশন. পৃষ্ঠা. ২৩২-২৪০.
- ↑ আম্ফি মান্তা, মুংচাজ’ বৰ্ণালী (1 Oct 2017). "লাংখুন ফূজা". ফটাঢোল. Archived from the original on 30 March 2024. https://web.archive.org/web/20240330112648/https://fotadhol.com/?p=1377। আহৰণ কৰা হৈছে: 30 March 2024.
- ↑ 3.0 3.1 3.2 দেউৰী, মনেশ্বৰ (১৯৮৩). তিৱা-সমাজ. প্ৰকাশক যোৰহাট: নগেন শইকীয়া. পৃষ্ঠা. ৮৮-৯২.