বিশ্বকৰ্মা পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্বকৰ্মা পূজা
বিশ্বকৰ্মা পূজা
অন্য নাম বিশ্বকৰ্মা পূজা,
বিশ্বকৰ্মা জয়ন্তী
পালন কৰে কৰ্ণাটক,
অসম,
পশ্চিম বংগ,
বিহাৰ,
ঝাৰখণ্ড,
উৰিষ্যা
ত্ৰিপুৰা
প্ৰকাৰ ধৰ্মীয়
তাৰিখ ভাদ মাহৰ সংক্ৰান্তি
(১৬-১৯ ছেপ্তেম্বৰ)
উদযাপন বিশ্বকৰ্মা পূজা
সংঘটন বাৰ্ষিক

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতকৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।[1][2] এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়।

কিছুমান অঞ্চলত অক্টোবৰ - নবেম্বৰ মাহত দেৱালীৰ এদিন পিছত, গোৱৰ্দ্ধন পূজাৰ সৈতেও বিশ্বকৰ্মা পূজা পালন কৰা হয়।[3] বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন সেইদৰে পূব ভাৰতত ডেকা ৰূপ আৰু হাতী বাহন[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]