অসমৰ মুখা শিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মাজুলীচামগুৰি সত্ৰত সংৰক্ষিত মুখাসমূহ

মুখাশিল্প (ইংৰাজী: Mask) অসমৰ এবিধ প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখা শিল্পৰ জনক বুলি গণ্য কৰা হয়। শ্ৰীৰামচৰণ ঠাকুৰৰ 'চৰিত পুথি'ত কৰা বৰ্ণনা অনুসৰি মহাপুৰুষজনাই ভাৱৰীয়াসকলৰ বাবে নিজ হাতে মুখা সজাতে সীমাবদ্ধ নাথাকি বিভিন্ন চৰিত্ৰৰ বাহনৰ মুখাসমূহো (যেনে-বিষ্ণুৰ বাহন গৰুড়, ব্ৰহ্মাৰ বাহন হংস) নিজহাতে তৈয়াৰ কৰি ভাওনাত ব্যৱহাৰ কৰিছিল। মুখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাস আদি উংসৱ সমূহত দেখিবলৈ পোৱা যায়৷ মুখা সাজিবলৈ বাহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰা হয়৷ প্ৰথমে বাহৰ মিহি তমালেৰে জঁকাটো সাজি লোৱাৰ পিচত তাত খেৰ মেৰিয়াই জঁকাটো থিৰ কৰি লোৱা হয়৷ ইয়াৰ পিচত বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰি নিদিষ্ট ৰূপ দিয়া হয়৷ শেষত বিভিন্ন ৰং সানি দেখনিয়াৰ কৰা হয়৷ অসমৰ মাজুলী আৰু গোলাঘাটৰ কেতবোৰ ঠাই মুখাশিল্পৰ বাবে জনাজাত৷

মুখা মূলতঃ তিনিপ্ৰকাৰৰ। বৰ মুখা বা ছোঁ মুখা,চুটি মুখা বা লোটোকাই মুখা আৰু মূৰ মুখা বা মুখ মুখা। মাজুলী চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কোষকান্ত দেৱ গোস্বামীদেৱে মাজুলীৰ মুখা শিল্পক প্ৰথমে বিশ্ব দৰবাৰলৈ উলিয়াই আনে। তেখেতে অসমৰ বিভিন্ন ঠাইত, লগতে বহিঃৰাজ্যতো মুখা শিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তোলে। তেখেতৰ এই একক প্ৰচেষ্টাৰ শলাগ ৰূপে তেখেতলৈ ২০০৩ তেখেতলৈ সংগীত নাটক একাডেমি বঁটা আগবঢ়োৱা হয়। তেখেতৰ প্ৰয়াণৰ পিছতো তেখেতৰ উত্তৰসুৰীয়ে এই শিল্প প্ৰতিষ্ঠাৰ হকে কাম কৰি আছে। মাজুলীৰ চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত আৰু দেশ-বিদেশৰ পৰ্যটক এই শিল্প দৰ্শনৰ হেতু ইয়ালৈ আহে।

চিত্ৰ সম্ভাৰ[সম্পাদনা কৰক]