গুণমালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেঙেনাআটী সত্ৰৰ যাদুঘৰত সংৰক্ষিত আটাইতকৈ সৰু (আনুমানিক) হাতৰ মুঠিতে লুকুৱাব পৰা সাঁচিপাতত লিখিত গুণমালা পুথি

গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা গুণমালা পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয়। কোঁচৰজা নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষজনাৰ ভাগৱত কথা শুনি থাকোঁতে বিচাৰ কথাত বিদ্যামান ব্ৰাহ্মণ পণ্ডিতক মহাভাগৱতৰ শাস্ত্ৰভাগ একেদিনাই পঢ়িব পৰাকৈ লিখি দিবলৈ দিয়া নিৰ্দেশনা ব্ৰাহ্মণ পণ্ডিতসকলে একেমুখে অসম্ভৱ বুলি কোৱাৰ বিপৰীতে শঙ্কৰদেৱ গুৰুজনাই ১ ইঞ্চি x ২ ইঞ্চি সাঁচি পাতত কুষম মালা স্তম্বত কৃষ্ণস্তৱ বা ব্ৰহ্মস্ততি অথবা গুণমালা পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা কৰি ৰজাক প্ৰদান কৰিছিল।[1][2] ভাগৱৎ প্ৰেমময় গ্ৰন্থ গুণমালা পুথিখন ভক্তিৰ মাধ্যমৰে এখন তত্ত্বমূলক গ্ৰন্থ। এই পুথিখন কলেৱৰত সৰু হ’লেও শ্ৰীকৃষ্ণৰ মাহাত্ম্য লীলা বিষয়ক কথা চমুকৈ কিন্তু বৈশিষ্ট্য পূৰ্ণ ভাৱে ব্যক্ত হোৱা বাবে পুথিখন সাহিত্যৰ এক মূল্যবান গ্ৰন্থ হিচাপে মান্যতা প্ৰদান কৰা হয়। ইয়াত নাৰায়নৰ পূৰ্ণৰূপ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহত্বময় গুণ বৰ্ণোৱা হৈছে।

মাত্ৰ ৬ টি অধ্যয়ত সমাপ্তি হোৱা গুণমালা পুথিখনৰ প্ৰতিটো অধ্যায়ত পদ সমূহৰ আৰম্ভনিতে দিয়া ৬ টা ঘোষাৰ মূল কথাৰ তথ্যই পুথিখনৰ আধ্যাত্মিক তাৎপৰ্য্য সহজে বোধগম্য হোৱাত সহায় কৰিছে। প্ৰসংগক্ৰমে তলত উল্লেখিত এই ঘোষা ৬ টি অতিকৈ গুৰুত্বপূৰ্ণ :-

(১) ৰাম নিৰঞ্জন ।
        পাতক ভঞ্জন।।

(২) হৰি ৰাম ৰাম।
        হৰি ৰাম ৰাম।।

(৩) কহ হৰি ৰাম।
       নকৰা বিৰাম।।

(৪) ত্ৰাহি ত্ৰাহি ৰাম।
          নকৰা বিৰাম।।
    
(৫) ত্ৰাহি ত্ৰাহি ৰাম।
      কৰিলো প্ৰণাম।।

(৬) বোলা ৰাম বোলা ৰাম।
      চাড়ি আন কাম।।

ভাগৱতৰ সাৰ্ৰমম সংগ্ৰহ কৰি মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা পুথিখনৰ সাৰাংশ এনেধৰণৰ :-

প্ৰথম অধ্যায়
- গুণমালা পুথিখনৰ প্ৰথম অধ্যায়ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ শিশুলীলাৰ বৰ্ণনাৰ উপৰি শ্ৰীকৃষ্ণৰ ক্ৰমে মৎস্য, কুৰ্ম, নৰসিংহ, বামণ, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি, নামে দশৱতাৰৰ কথাও চমুকৈ উল্লেখ কৰিছে।
দ্বিতীয় অধ্যায়
- পুথি খনৰ দ্বিতীয় অধ্যায়ত শ্ৰীকৃষ্ণৰ জন্মৰ চমু বৰ্ণনা দিয়া হৈছে. দ্বিতীয় অধ্যায়ৰ শেষৰ ফালে বাসুদেৱে শিশুকৃষ্ণৰ যমুনা পাৰ কৰি গকুলক থৈ অহা ঘটনাৰ লগতে গোপী সকলৰ বস্ত্ৰ হৰণ লীলাৰ পৰা পত্নীপ্ৰসাদলৈকে চমুকৈ কৃষ্ণ লীলাৰ কথা উল্লেখ কৰিছে।
তৃতীয় অধ্যায়
- গুণমালা পুথিত তৃতীয় অধ্যায় কিছু দীঘলীয়া । এই অধ্যায়ত শ্ৰীকৃষ্ণ আৰু বলোৰামৰ লীলা, ইন্দ্ৰৰ যজ্ঞ ভংগৰ ঘটনাৰ পৰা চানুৰ-মুস্তিক বধৰ কথালৈকে ব্যক্ত কৰিছে।
চতুৰ্থ অধ্যায়
- চতুৰ্থ অধ্যায়ত শ্ৰীকৃষ্ণৰ কেইবাটাও বাল্য লীলাৰ কথা কংস বধলৈকে সাঙুৰি সংক্ষিপ্ত বৰ্ণণা কৰিছে।
পঞ্চম অধ্যায়
- গুণমালা পুথিৰ পঞ্চম অধ্যায়ত ভাগৱতৰ দশম স্কন্ধৰ বৰ্ণণা সুন্দৰকৈ প্ৰতিফলিত হৈছে। আৰু তাৰ লগতে শংকৰদেৱ গুৰুজনাই ক্ৰমিকভাৱে কৃষ্ণলীলা চমুকৈ উল্লেখ কৰিছে।
ষষ্ঠ অধ্যায়
- ষষ্ঠ অধ্যায়ত শংকৰদেৱ গুৰুজনাই ভগৱন্ত একাদশ স্কন্ধৰ কথা ভক্তিৰ ধাৰণাৰে পদবদ্ধ কৰোঁতে শ্ৰীকৃষ্ণই পৰম বান্ধৱ উদ্ধৱক ভক্তি তত্ত্ব আৰু মহত্ব আৰু কথায়ে দিয়া উপদেশ, ভগৱন্ত কৃষ্ণৰ ইচ্ছা অনুসৰিয়েই যদুকুল ধ্বংসৰ কথা, ভগৱন্ত কৃষ্ণৰ বৈকুন্ঠ প্ৰয়াণৰ কথা চমুকৈ ব্যক্ত কৰিছে।

ভাৰতীয় সংস্কৃতিৰ পূৰ্ণ মানৱ শ্ৰীকৃষ্ণৰ জীৱন আৰু কৰ্মৰাজিৰ গুণ-গান কৰি পুথিখন ৰচনা কৰা হৈছিল। বিশাল ভাগৱত খনক ক্ষুদ্ৰতম সংস্কৰণ গুণমালালৈ ৰূপান্তৰ কৰাটো মহাপুৰুষ গুৰুজনাৰ সাহিত্য প্ৰতিভাৰ অন্যতম নিদৰ্শন বুলি কোৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুণমালা পুথি খনৰ ৰচনা কৰা কাৰ্যক হাতী মাৰি ভুৰুকাত ভৰোৱাৰ বুলি আখ্যা দিয়া হয়। ভক্তিতত্ত্বমূলক সাহিত্যত গুণমালা পুথিৰ স্থান সকলোৰে উৰ্দ্ধত বুলি গণ্য কৰা হয়। একশৰণ নাম ধৰ্মৰ অনুগামীসকলে গুণমালা পুথিখনক অতি পৱিত্ৰ জ্ঞান কৰি গুৰু আসনত প্ৰতিষ্ঠা কৰে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Gunamala". atributetosankaradeva. 2008-04-16. http://www.atributetosankaradeva.org/gunamala.htm। আহৰণ কৰা হৈছে: 2013-05-26. 
  2. Neg Maheswar (1980). Early History of the Vaiṣṇava Faith and Movement in Assam: Śaṅkaradeva and His Times. Motilal Banarsidass. পৃষ্ঠা. 182–. ISBN 978-81-208-0007-6. https://books.google.com/books?id=DcReZM-rI0MC&pg=PA182। আহৰণ কৰা হৈছে: 26 May 2013. 
  3. "English translation of Gunamâlâ released". Assam Times. http://www.assamtimes.org/node/8151। আহৰণ কৰা হৈছে: 2013-05-26. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]