সমললৈ যাওক

আইটন জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(টাই-আইটনৰ পৰা পুনঃনিৰ্দেশিত)
টাই-আইটন জনগোষ্ঠী
মুঠ জনসংখ্যা
৮,০০০ (আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম
ভাষাসমূহ

আইটন ভাষা

সম্পৰ্কীয় জাতি-জনগোষ্ঠী

টাই জাতি, টাই-আহোম, টাই-খামটি, টাই-খাময়াং, টাই-ফাকে, টাই-টুৰুং

টাই-আইটন জনগোষ্ঠী (থাই ভাষা: ชาวไทอ่ายตน চাও টাই আই টন) হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল।[1] [2]তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয় (যিটো সম্ভৱতঃ চি-য়াং চীনা শব্দৰ পৰা আহিছে যাক টাই সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়)।তেওঁলোকে টাই আইটন ভাষা কয়।[3] অসম চৰকাৰে তেওঁলোকক অনুসূচিত জনজাতি (পাহাৰ) হিচাপে স্বীকৃতি দিয়াৰ লগতে মান-টাই ভাষী লোক হিচাপে তালিকাভুক্ত কৰিছে।[4]

বৰ্তমান

[সম্পাদনা কৰক]

আইটনসকলৰ মাজত ১৪টা ফৈদ আছে।[5] তেওঁলোকে নিজৰ নিজৰ বংশৰ নাম উপাধি হিচাপে ব্যৱহাৰ কৰে।[5] তেওঁলোকৰ জনসংখ্যা জানিব পৰা হোৱা নাই যদিও ৮ হাজাৰতকৈও কম হ’ব বুলি আশা কৰা হৈছে। আন খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহে সাধাৰণতে তেওঁলোকক শ্যাম বা চিয়াম অৰ্থাৎ টাই মানুহ বুলি অভিহিত কৰে।

আইটন জনগোষ্ঠীৰ মৌখিক আৰু লিখিত তথ্য অনুসৰি চীন-মান সীমান্তৰ ওচৰৰ মু'ঙ মাওৰ পৰা তেওঁলোক আহিছিল।[6] আহোম বুৰঞ্জীত তেওঁলোকৰ কথা উল্লেখ আছে।[7] চাওফা চুডাংফাৰ দিনত তেওঁলোকে আহোম ৰাজ্যক কৰ প্ৰদান কৰা নাছিল।[7] সাধাৰণতে বিশ্বাস কৰা হয় যে তেওঁলোকে প্ৰায় দুই-তিনিশ বছৰ আগতে অত্যাচাৰৰ পৰা আশ্ৰয় বিচাৰি পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল।[8] তেওঁলোক থেৰাবাদী বৌদ্ধ ধৰ্মালম্বী আৰু তেওঁলোকৰ ভাষা উত্তৰ-পূব থাইলেণ্ডৰ ভাষাৰ সৈতে মিলে।[5] বয়সীয়াল বহু আইটন মানুহে অসমীয়া ভাষা সলসলীয়াকৈ কব নোৱাৰে।[9]

ভৌগোলিক বিস্তৃতি

[সম্পাদনা কৰক]

আইটন ভাষা টাই পৰিয়ালৰ ভাষাৰ দক্ষিণ-পশ্চিম শাখাৰ এটা অংশ।[10] ইয়াক ধনশিৰি উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কোৱা হয়।[11] বৰ্তমান ইয়াক ভাবুকিৰ সন্মুখীন হোৱা ভাষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, বিশ্বজুৰি ইয়াৰ ভাষী ২০০০ তকৈও কম।[11] ইয়াৰ আন নামসমূহ হল আইটনিয়া, চাম আৰু দুৱানিয়া।[11] ইয়াৰ লগত ছান ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু কেতিয়াবা ইয়াৰ উপভাষা বুলিও গণ্য কৰা হয়।[10] অসমত এই শাখাৰ আন তিনিটা সক্ৰিয়ভাৱে কথিত ভাষা আছে: খামতী, ফাকে, আৰু খাময়াং।[10]

আইটন লিপি

[সম্পাদনা কৰক]

টাই আইটনসকলৰ নিজা নিজা লিপি আছে যাক 'লিক-টাই' বুলি কোৱা হয়, যিটো তেওঁলোকে খামটি মানুহ আৰু টাই ফাকে ভাষাটো ব্যবহাৰ হয়।[6] ই উত্তৰ ছান লিপিৰ সৈতে নিবিড়ভাৱে মিল খায়, যিটো বাৰ্মিজ লিপিৰ সৈতেও মিলে, যদিও কিছুমান আখৰে পৃথক আকৃতি লয়।[12]

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. Kakoty, Deepmoni (2020-07-31). "Tai Aiton (Assam, India) – Language Snapshot" Archived 2023-10-29 at the Wayback Machine. 17: 76. doi:10.25894/ldd98.
  2. Ghosh 2019, page 16, General Knowledge of Northeast India
  3. Mukherjee, Anushka (8 June 2021). "This Historical Language Spoken in Assam's Remote Pockets May Vanish Soon". Homegrown. Retrieved 2023-04-30.
  4. Saikia 2005, page 246 Fragmented Memories, Cultural Identity, and the Tai-Ahom Struggle
  5. 1 2 3 "Aiton in India"
  6. 1 2 Diller, A. (1992). Tai languages in Assam: daughters or ghosts? In C.J. Compton and J.F. Hartmann (Ed.), Papers on Tai languages, Linguistics, and Literatures, 5-43. Center for Southeast Asian Studies, Northern Illinois University.
  7. 1 2 বৰুৱা, গোলাপ চন্দ্ৰ (১৯৩০). "চাওঁফা চুদাং" (টাই আহোম ভাষা, ইংৰাজী ভাষা ভাষাত). আহোম বুৰঞ্জী. বেপ্টিষ্ট মিছন প্ৰেছ, কলকাতা
  8. Burgohain, Joya. "The Aitons: Some aspects of their life and culture." (2013)
  9. Morey, S. (2008). North East Indian Linguistics. New Delhi: Cambridge University Press India
  10. 1 2 3 Morey, Stephen. "Tonal change in the Tai languages of Northeast India." Linguistics of the Tibeto-Burman Area 28.2 (2005): 139-202.
  11. 1 2 3 "Did you know Aiton is threatened?" Archived 2022-02-18 at the Wayback Machine Endangered Languages
  12. Inglis, Douglas (2017). "Myanmar-based Khamti Shan Orthography". Journal of the Southeast Asian Linguistics Society.