আমৰলি টোপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমৰলি টোপ
আমৰলি টোপৰ ভাজিৰ সতে অসমীয়া পানীয় সাঁজ-পানী

অসমৰ জনজাতি লোকসকলৰ মাজত দেখা পোৱা খাদ্যৰাজিৰ ভিতৰত এবিধ প্ৰিয় খাদ্য হ’ল আমৰলি টোপআমৰলি পৰুৱাই গছত বাহ বান্ধি থাকে৷ এইবিধ পৰুৱাৰ ৰং ৰঙা আৰু ইয়াৰ পিছৰ অংশত এবিধ এচিড জাতীয় পানীয় জমা থাকে৷ শত্ৰুৰ আক্ৰমণ এইবিধ পৰুৱাই নিজে প্ৰাণ দিও প্ৰতিহত কৰিবলৈ চেষ্টা কৰে৷ পৰুৱা বিধে মুখেৰে কামুৰি নিজৰ গাৰ পিছ অংশৰ পৰা এচিড জাতীয় পানী অকণমান কামোৰা ঠাইত বাকি দিয়ে৷ লগে লগে অসহ্য বিষ অনুভৱ হয়৷ চ’ত-ব’হাগ মাহত এইবিধ পৰুৱাৰ বাহত যথেষ্ট কণী থাকে৷ ইয়াক টোপ বুলিও কয়৷ এই টোপ খোৱা মানুহে আমৰলি পৰুৱাৰ বাহৰ পৰা টোপবোৰ কৌশলেৰে সংগ্ৰহ কৰি আনি পৰিষ্কাৰ কৰি সিবোৰ তেলত ভাজি লয় আৰু মদ বা নিচাজাতীয় পানীয়ৰ লগত পৰিবেশন কৰে৷ টোপটোৰ সোৱাদ কিছু টেঙেচি হয়৷ এই ভজা টোপ কোনো কোনোৱে ভাতৰ লগতো ভাজি হিচাপে খায়৷ বড়ো, চাহ জনজাতি, আহোম আৰু টাই লোকৰ ই বৰ প্ৰিয় খাদ্য৷ তদুপৰি এড়ী পলুৱে বাহ সজাৰ এসপ্তাহ বা দহ দিনৰ পিছত বাহটোৰ ভিতৰৰ পৰা লেটাবোৰ উলিয়াই তাক ভাজি কৰি পৰিৱেশন কৰাও দেখা যায়৷ উজনি অসমত আহোমসকল আৰু অসমৰ অন্যান্য জনজাতীয় লোকৰ মাজত এইবিধ খাদ্য বৰ প্ৰিয়৷[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদনা- ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী, পৃষ্ঠা নং- ৪৫-৪৬