অসমত ব্যৱহৃত পতংগ খাদ্য
পতংগখাদক (ইংৰাজী: Entomophagy)ৰ ৰূপত দেশৰ অন্যান্য প্ৰান্তৰ লগতে, উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত চহকী অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম; এই অঞ্চলত বাস কৰা মানুহে লিংকৰি, জেৱাংকৰি নাইবা মেজাংকৰি, উঁই, পাইন বিছা, এৰিপলু, আমৰলি পৰুৱা, মৌ-মাখি আৰু বৰলক খাদ্য হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। [1]
অসমত খাদ্যৰূপত ব্যৱহৃত কিছুমান পতংগ প্ৰজাতি[সম্পাদনা কৰক]
আমৰলি পৰুৱা[সম্পাদনা কৰক]
আমৰলি পৰুৱা (Oecophyla smaragdina): আমৰলি পৰুৱাৰ কণী আৰু অপত্য পলুবোৰ সংগ্ৰহ কৰি তেলত দি পিয়াঁজৰ সৈতে ভাঁজি পৰিবেশন কৰা হয়। জনবিশ্বাসমতে, গৰু বিহুৰ দিনাখন আমৰলি পৰুৱা খালে বছৰটোলৈ মানুহে সু-স্বাস্থ্য পোৱাৰ উপৰিও সৰুআইকে ধৰি অন্যান্য ৰোগৰ প্ৰতিৰোধ ক্ষমতা লাভ কৰে।[1]
উঁইচিৰিঙা[সম্পাদনা কৰক]
উঁইচিৰিঙা (Acheta domestica): মাটিত থকা উঁইচিৰিঙাৰ গাতবোৰ চিনাক্ত কৰি খান্দি উলিওৱা হয়। সংগ্ৰহ কৰা উঁইচিৰিঙাৰ পাখি গুচাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।[1]
জেবাংকৰি নাইবা মেজাংকৰি[সম্পাদনা কৰক]
জেৱাংকৰ(Lethocerus grandis): এই পতংগবিধ অসমৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত খুবেই জনপ্ৰিয়। ইঁহতক জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।[1]
উঁই[সম্পাদনা কৰক]
উঁই (Odontotermes obesus): পাখিহীন আৰু পাখিযুক্ত উভয়ধৰণৰ উঁইক প্ৰয়োজন সাপেক্ষে পাখি গুছাই পৰিবেশন কৰা হয়।
মৌ-মাখি আৰু বৰল[সম্পাদনা কৰক]
মৌ-মাখি আৰু বৰল (Apis indica) আৰু বৰল (Vespa sp.) : মৌৰ চাক বা বৰলৰ বাঁহ সংগ্ৰহ কৰি কেঁচাই বা পগাই উভয়ধৰণে পৰিবেশন কৰিব পাৰি। ইহঁতৰ অপত্যস্তৰবোৰ, যেনে:-পলু আৰু লেটাক বাঁহটো পুৰি তাৰ পৰা পৃথক কৰি কেঁচাই খাব পাৰি। লোকবিশ্বাসমতে, মৌ আৰু বৰলৰ কিছুমান ঔষধি গুণ আছে। প্লীহাৰোগ নাশক, বাত বিষ নাশক আৰু দৃষ্টি শক্তি বৃদ্ধিকাৰক হিছাপে এইবোৰৰ গুৰুত্ব আছে।[1]
লিংকৰি[সম্পাদনা কৰক]
লিংকৰ(Agabetes acuductus) আৰু (Hydrochera rickseckeri): অসমৰ বড়ো আৰু মিচিং সম্প্ৰদায়ৰ মাজত লিংকৰি বিশেষভাবে জনপ্ৰিয়। পুখুৰী আৰু খালৰ পৰা লিংকৰি সংগ্ৰহ কৰি জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়।
ফৰিং[সম্পাদনা কৰক]
ফৰিং (Heiroglyphus banian) আৰু (Neoconocephalus paustris): ফৰিঙৰ পাখি গুছাই জুইত সেকি বা তেলত ভাঁজি পৰিবেশন কৰা হয়। তিৱা সম্প্ৰদায়ৰ মাজত ফৰিং বহুলভাৱে সমাদৃত।
এৰী পলু[সম্পাদনা কৰক]
এৰী পলু (Philosomia ricini): আহোম আৰু মিচিঙকে ধৰি অসমৰ বহুকেইটা সম্প্ৰদায়ৰ মাজত এৰিৰ পলু আৰু লেটা খাদ্যৰূপত বহুলভাৱে সমাদৃত। এৰিৰ পলু আৰু লেটাক কেঁচাই, সিজাই বা তেলত ভাঁজি পৰিবেশন কৰা হয়।
কেইবিধমান পতংগৰ পুষ্টিগত মান[2][সম্পাদনা কৰক]
পতংগ | প্ৰ’টিন (গ্ৰাম) | চৰ্বি (গ্ৰাম) | শৰ্কৰা (গ্ৰাম) | কেলছিয়াম (মি.গ্ৰা.) | লোহা (মি.গ্ৰা.) |
---|---|---|---|---|---|
জেৱাংকৰি | ১৯.৮ | ৮.৩ | ২.১ | ৪৩.৫ | ১৩.৬ |
আমৰলি পৰুৱা | ১৩.৮ | ৩.৫ | ২.৯ | ৪৭.৮ | ৫.৭ |
এৰিপলুৰ লেটা | ৯.৬ | ৫.৬ | ২.৩ | ৪১.৭ | ১.৮ |
উঁইচিৰিঙা | ১২.৯ | ৫.৫ | ৫.১ | ৭৫.৮ | ৯.৫ |
উঁই | ১৪.২ | 0 | 0 | 0 | ৩৫.৫ |
সৰু ফৰিং | ২০.৬ | ৬.১ | ৩.৯ | ৩৫.২ | ৫.০ |
ডাঙৰ ফৰিং | ১৪.৩ | ৩.৩ | ২.২ | ২৭.৫ | ৩.০ |
উৰহ | ১৪.২ | ০ | ০ | ০ | ০ |
গুবৰুৱা | ১৭.২ | ৪.৩ | ২.০ | ৩০.৯ | ৭.৭ |
(প্ৰতি ১০০ গ্ৰাম ওজনত)
উপসংহাৰ[3][সম্পাদনা কৰক]
পৃথিৱীৰ জনসংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে, যদিও সেই অনুপাতে উচ্চগুণ সম্পন্ন প্ৰ’টিনযুক্ত খাদ্যৰ উৎপাদন বৃদ্ধি হোৱা নাই, যাৰ ফলত এদিন হয়তো এমুঠিমান মানুহৰ খাদ্যস্বৰূপ পতংগ, মানুহৰ দৈনন্দিন আহাৰৰ তালিকাৰ ভিতৰত সোমাই পৰিব। যিহেতু, সকলো বৰ্গৰ পতংগই অধিক গুণজাত প্ৰ’টিনৰ ভঁৰাল, সেয়ে এইবোৰক খাদ্যৰূপত ব্যৱহাৰ কৰাত কোনো সমস্যাৰ সৃষ্টি নহ’ব। কিন্তু এইখিনিতে মন কৰিবলগা কথা হ’ল,- কিছুমান পতংগই বিষাক্ত ৰেচন দ্ৰব্য বৰ্জন কৰে, কিছুমানে এলাৰ্জিকাৰক পদাৰ্থ সৃষ্টি কৰে, আনহাতে কিছুমানে ৰোগৰ বাহক হিচাপেও ক্ৰিয়া কৰে। সেই পতংগক খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ আগতে সতৰ্কতা অৱলম্বণ কৰা প্ৰয়োজন। তদুপৰি পতংগ খাদ্যৰ সংখ্যা বঢ়াবলৈ এই দিশত গৱেষণা আৰু গৱেষণালব্ধ তথ্য সাধাৰণ মানুহৰ মাজত সম্প্ৰসাৰণৰ দিহা কৰা প্ৰয়োজন। কিন্তু এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথাৰ প্ৰতি দৃষ্টি দিয়াৰ প্ৰয়োজন; সেয়া হ’ল, - জৈৱবৈচিত্ৰ্য্যৰ অন্যতম কিছুমান পতংগ, বিশেষকৈ আমৰলি পৰুৱা আৰু বৰলৰ বাহ আদিৰ নিৰ্বিচাৰ ধ্বংসৰ ফলত এনে প্ৰজাতি বিলুপ্ত হোৱাৰ সম্ভাৱনাও নথকা নহয়, এনে পতংগ সহজে ঘৰুৱাভাবে উৎপাদন আৰু বংশ বিস্তাৰৰ বাবে উন্নত প্ৰযুক্তিৰ বিকাশ কৰা উচিত।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 1.4 প্ৰবন্ধ: উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ প্ৰিয় খাদ্য: পতংগ; প্ৰকাশ প্ৰান্তিক , ২০০৫,(পৃষ্ঠা ৩৩-৩৫) লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি
- ↑ Dunkel, F. V. 1996. Nutritional Value of various insects per 100 grams. The Food Insects Newsletter. 8: (2) pp.4-5
- ↑ Srivastava, K. P. (1996). A Textbook of Applied Entomology (Volume II). Kalyani Publishers, NewDelhi, India
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত অসমত ব্যৱহৃত পতংগ খাদ্য সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- http://en.wikipedia.org/wiki/Entomophagy
- Staff writer (2007). "Edible insects". New Scientist খণ্ড 2595: 56. http://www.newscientist.com/channel/opinion/mg19325952.600-the-word-edible-insects.html.
- Gene R. DeFoliart (2002-09-29). "The Human Use of Insects as a Food Resource: A Bibliographic Account in Progress". University of Wisconsin–Madison. http://www.food-insects.com/book7_31/The%20Human%20Use%20of%20Insects%20as%20a%20Food%20Resource.htm.
- Jeff Stewart. "Understanding the Role of Insects in Foods and Foodways". Creepy Crawly Cooking. http://www.creepycrawlycooking.com/.
- Ian Frazier (1997). "It's Hard to Eat Just One". Outside. http://outside.away.com/magazine/0497/9704feeat.html.
- Lana Unger (1999-01-20). "Insect Snacks from Around the World". University of Kentucky. http://www.uky.edu/Agriculture/Entomology/ythfacts/bugfood/yf813.htm.
- Gene DeFoliart. "Insects as Food". http://www.food-insects.com/.
- "How many insect parts and rodent hairs are allowed in your food?". Sixwise.com. http://www.sixwise.com/newsletters/05/06/29/how_many_insect_parts_and_rodent_hairs_are_allowed_in_your_food.htm.
- Rob Toms & Mashudu Thagwana (2003). "Eat your bugs - harvesting edible stink-bugs". Science in Africa. http://www.scienceinafrica.co.za/2003/october/stinkbug.htm.
- Peter Menzel & Faith D'Aluisio (1998). "Man Eating Bugs: The Art and Science of Eating Insects". Ten Speed Press ISBN 1580080227. http://weeklywire.com/ww/04-05-99/austin_food_feature1.html.
- "Man Bites Insect" by Sam Nejame New York Times Sunday Magazine February 10, 2008:
- "Food Insects Newsletter". hollowtop.com. http://www.hollowtop.com/finl_html/finl.html.
- "Girl Meets Bug" - Daniella Martin
- Marcel Dicke. "Why not eat insects?", TEDxAmsterdam. Retrieved 12 March 2011.