বুঢ়াগোহাঞি
অৱয়ব
বুঢ়াগোহাঞি বা চাও ফ্ৰং মূ'ঙ (আহোম ভাষা:𑜋𑜧𑜨 𑜇𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫) হৈছে আহোম ৰাজতন্ত্ৰৰ প্ৰধান পৰামৰ্শদাতা বিষয়া বা ডাঙৰীয়া। বুঢ়াগোহাঁইজনক সাতঘৰীয়া আহোম বংশৰ পৰা চাওফাই নিৰ্বাচন কৰিছিল। চুকাফাৰ দিনৰে পৰাই বৰগোহাঞিৰ লগতে বুঢ়াগোহাঞিৰ পদবীটোৰ প্ৰচলন আছিল। নাবালক বা অকৰ্মণ্য ৰজা বা শাসকবিহীন অৱস্থাত বৰগোহাঞি আৰু বৰপাত্ৰগোহাঞিকে ধৰি অন্যান্য বিষয়াসকলেৰে মিলি বুঢ়াগোহাঁয়েই প্ৰকৃতাৰ্থত শাসনভাৰ চলাইছিল। সাধাৰণ অৱস্থান ডাঙৰীয়াজনে দিখৌ নৈৰ উত্তৰপাৰৰ পৰা শদিয়া পৰ্যন্ত শাসন কৰিছিল।
বুঢ়াগোহাঞিৰ তালিকা
[সম্পাদনা কৰক]
|
|
|
|
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Gait, Edward (1905) History of Assam, Calcutta