সমললৈ যাওক

আহোম-মোগলৰ সংঘৰ্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আহোম-মোগল যুদ্ধৰ পৰা পুনঃনিৰ্দেশিত)

আহোম-মোগলৰ সংঘৰ্ষ বুলিলে আহোম ৰাজ্যত প্ৰথমবাৰ ১৬১৫ চনত হোৱা মোগলৰ আক্ৰমণৰ পৰা ১৬৮২ চনৰ শেষ ৰণ অৰ্থাৎ ইটাখুলিৰ যুদ্ধলৈকে গোটেই সময়ছোৱাকে সামৰি লোৱা হয়। এই সময়ছোৱাত দুয়োপক্ষৰে সলনা-সলনিকৈ ক্ষমতা লাভৰ লগতে কোচ হাজোৰ পতন দেখা যায়। সংঘৰ্ষৰ শেষ কালছোৱাত মানাহ নদীলৈকে আহোমসকলৰ প্ৰভাৱ বিস্তাৰিত হয় আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমনৰ আগলৈকে ই ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰিত হয়।

চমু আলোকপাত

[সম্পাদনা কৰক]

১৩শ শতিকাত আহোমসকলে বৰ্তমানৰ ম্যানমাৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰি আহে। থলুৱা লোকসকলক সামৰি নতুন এখন ৰাজ্য গঠন কৰাৰ পিছত তেওঁলোকে উজনি অসমচুতীয়া ৰাজ্যৰ লগতে দৰং আৰু নগাঁৱৰ বাৰভূঞাসকলক দমন কৰি ডিমাচাসকলকো দক্ষিণলৈ ঠেলি ৰাজ্যৰ সীমা সম্প্ৰসাৰণ কৰে। পশ্চিমলৈ সীমা বৃদ্ধি হোৱাৰ লগে লগেই ৰাজ্যখন তুৰ্কী আৰু আফগান শাসকসকলৰ আক্ৰমণৰ বলি হয়। এসময়ত তন খাম বৰগোহাঁয়ে আক্ৰমণকাৰীসকলক কোচ ৰাজ্যৰ মাজেৰে খেদি নি কৰতোয়া নদী পোৱায়গৈ আৰু তেতিয়াৰে পৰা তেওঁলোকে নিজকে পূৰ্বৰ কামৰূপ ৰাজ্যৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰিবলৈ লয়। আৰম্ভণিৰেপৰাই পশ্চিমৰ শত্ৰুৰাজ্য কোচ বিহাৰৰ সৈতে থকা মোগলৰ মিত্ৰতা আদিৰ বাবে আহোম আৰু মোগলৰ সম্পৰ্ক শত্ৰুতাপূৰ্ণ আছিল আৰু উত্তৰ-পূবৰ দিশত মোগলৰ বৰ্ধিত আগ্ৰাসনে মোগলক শংকিত কৰি তুলিছিল। এহাতে মোগলে নৰনাৰায়ণৰ পুত্ৰ কোচবেহাৰৰ লক্ষ্মীনাৰায়নৰ প্ৰতি সমৰ্থন জনোৱাৰ বিপৰীতে আহোম ৰজা চুখাম্‌ফাই (১৫৫২-১৬০৩) লক্ষ্মীনাৰায়ণৰ সম্পৰ্কীয় ভ্ৰাতৃ তথা চিলাৰায়ৰ পুত্ৰ কোচ হাজো ৰ (অৰ্থাৎ বৰ্তমানৰ গোৱালপাৰা জিলা, কামৰূপ জিলা, দৰং জিলা আৰু ভৰলীলৈকে শোণিতপুৰ জিলাৰ কিছু অংশ) ৰজা ৰঘূদেৱৰ জীয়ৰীক বিয়া কৰাই মিত্ৰতা গঢ়িছিল। দুই সাম্ৰাজ্যৰ এই মিত্ৰতা পৰৱৰ্তী ৰজা চুচেংফা বা প্ৰতাপ সিংহই (১৬০৩-১৬৪১) ৰজা পৰীক্ষিতৰ দুহিতাক বিবাহ কৰোৱাৰ যোগেদি কটকটীয়া কৰি তোলে।

সংঘৰ্ষৰ সূত্ৰপাত

[সম্পাদনা কৰক]

উত্তৰ-পূবৰ সীমান্তত মোগলৰ আৱিৰ্ভাৱৰ লগে লগেই আহোম আৰু মোগলৰ মাজত আওপকীয়াকৈ শত্ৰুতাৰ উদ্ভৱ হয়। পৰীক্ষিতৰ শেষ পৰাজয়ৰ (১৬১৩) পিছতেই মোগলে প্ৰথমবাৰৰ বাবে এক সংগঠিত ৰূপত অসম আক্ৰমণ কৰি ৰাজ্যখন জয় কৰাৰ লক্ষ্য বান্ধি লয়। এয়া মোগলৰ আগ্ৰাসী সাম্ৰাজ্যবাদৰে পৰিণতি বুলি অভিহিত কৰা হয়- ‘ৰাজনৈতিক প্ৰভুত্ব আৰু ৰাজ্য বিস্তাৰ মোগলসকলৰ মাৰ্গদৰ্শক প্ৰেৰণা যেন প্ৰতীয়মান হয়। ’ সীমা বিবাদ আৰু বাণিজ্যিক শত্ৰুতাই পৰিস্থিতি অধিক জটিল কৰি তোলাৰ লগতে ৰাজনৈতিক বিষয়সমূহেও এই সংঘাতত অৰিহণা যোগায়। কামৰূপ ৰাজ্যৰ পতনৰ পিছত মোগলে বৰনদীৰ পূব অংশৰ পৰা সিংগিৰিলৈকে নিজৰ শাসনাধীন অঞ্চল হিচাপে দাবী কৰি ৰাজনৈতিক প্ৰভুত্ব জাহিৰ কৰিবলৈ আহে। আহোমে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। ইয়াৰোপৰি অসমৰ প্ৰাকৃতিক সম্পদ আৰু নামনি ব্ৰহ্মপুত্ৰৰ ঐশ্বৰ্যশালী কামৰূপ ৰাজ্যৰ লগতে হাতী আৰু সুগন্ধি উদ্ভিদসমূহে মোগলৰ অৰ্থলিপ্সা জগাই তোলে আৰু তেওঁলোকে অসমৰ দুৱাৰ বলপূৰ্বক অতিক্ৰম কৰিবলৈ বদ্ধপৰিকৰ হয়।[1]

মোগলশাসিত ভাৰতৰ পৰা অহা ৰতন সিং নামৰ এজন অবৈধ বণিকৰ বয়-বস্তু জব্দ কৰি আহোম ৰাজ্যৰ পৰা বহিষ্কাৰ কৰাৰ ঘটনাৰ পৰাই দুয়োপক্ষৰ মাজত সংগঠিত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। মোগলে যুদ্ধৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰে আৰু ১৬১৫ চনত আবু বাকৰ্ আৰু ভূষনাৰ ৰজা সত্ৰজিতৰ নেতৃত্বত এক ৰাজকীয় সৈন্যবাহিনী মকৰল কৰে। বাহিনীটো ক্ৰমান্বয়ে বৰনগৰ, কামৰূপৰ পুৰণি ৰাজধানী আৰু হাজো অভিমুখে আগবাঢ়ে। তেওঁলোকে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত কেইবাটাও ছাউনী স্থাপন কৰে। সেই বছৰৰে নৱেম্বৰ মাহত হঠাতে আবু বাকৰে কাজলী চকীত আক্ৰমণ চলায়। ক্ষন্তেকীয়া যুঁজত আহোম সৈন্য পৰাস্ত হৈ নাও আৰু দুৰ্গ এৰি পলায়ন কৰে। কম আয়াসতে জয়লাভ কৰি মোগলে আহোমৰ বিপক্ষে কিছু আগ্ৰাসী ব্যৱস্থা গ্ৰহণ কৰিবলৈ যো-জা কৰে। মোগলৰ অগ্ৰগতিৰ ওপৰত নজৰ ৰাখিবলৈ আহোম ৰজাই চামধৰাৰ দুৰ্গ সুসজ্জিত কৰি তোলে। ইফালে মোগল আহি ব্ৰহ্মপুত্ৰ আৰু কামেং নদীৰ সংগমস্থল পায়হি। এমাহৰ পিছত ভৰলী নদীৰে ঘোঁৰাসমূহ চেঁকুৰাই আনি বাওঁহাতৰ পাৰটোত থকা ৰেচন-পাতিৰ ভঁৰালৰ আহোম সৈন্যৰ ওপৰত ভয়ানক আক্ৰমণ চলায় আৰু আহোমে পুনৰ পৰাজয় স্বীকাৰ কৰিবলগা হয়। আহোম ৰজাই চামধৰাৰ সেনাপতিসকলক মোগল সৈন্যৰ ওপৰত জঁপিয়াই পৰিবলৈ কাঢ়া নিৰ্দেশ দিয়ে। আহোম সৈন্যই জয়লাভ কৰি ভৰলুৰ মুখত ৰেচন-পাতিৰ ভঁৰাল পুনৰাই দখল কৰে। আকস্মিকভাৱে চলোৱা এই আক্ৰমণত মোগলৰ বহু ধন-জন হানি হয়। প্ৰথমাৱস্থাত সফলতা লাভ কৰিলেও মোগলৰ প্ৰথমবাৰৰ অসম আক্ৰমণৰ এনেদৰেই অন্ত পৰে। এই যুঁজত সৈন্য-সামন্ত আৰু অৰ্থৰ লগতে মোগলে সামৰিক ক্ষেত্ৰখনত থকা নিজৰ সুনামো হেৰুৱায়। [2]

সংঘৰ্ষৰ বৰ্দ্ধিত পৰ্যায়

[সম্পাদনা কৰক]

প্ৰথমবাৰ অসমৰ মাটিত হোৱা শোচনীয় পৰাজয়ৰ পিছত অসমৰ প্ৰতি মোগলে এক পতিৰক্ষাত্মক আৰু মিত্ৰভাৱ ৰাখি চলিবলৈ ধৰে আৰু সদ্যহতে আহোমক অসন্তুষ্ট কৰি তুলিব পৰা কাৰ্য নকৰিবলৈ যত্নপৰ হয়। কিন্তু যুঁজত আশাতীতভাৱে জয়লাভ কৰি আহোমসকল উৎসাহী হৈ পৰে আৰু কামৰূপত বিৰাজ কৰা দোধোৰ-মোধোৰ পৰিস্থিতিৰ সুযোগ ল’বলৈ আগবাঢ়ি আহে। অসমত হোৱা পৰাজয়ৰ ফলত মোগল অধিকৃত কামৰূপত বিদ্ৰোহ আৰু প্ৰতিবাদে দেখা দিয়ে। আহোমসকলে এই বিদ্ৰোহত উচটনি দি মোগলৰ বাবে পৰিস্থিতি কঠিন কৰি তুলিছিল যদিও দুয়োপক্ষৰ মাজত মুখামুখি সংঘৰ্ষ হোৱা নাছিল। ১৬১৮ চনত আহোম ৰজা প্ৰতাপ সিংহই পৰীক্ষিতৰ পুত্ৰ বলিনাৰায়ণক দৰঙৰ ৰজা পাতে আৰু কামৰূপ পুনৰুদ্ধাৰ কৰিবলৈ সহায় আগবঢ়ায়। কিন্তু আহোম ৰজাৰ সহায়ৰ পিছতো বলিনাৰায়ণে কামৰূপ উদ্ধাৰ কৰিবলৈ অসমৰ্থ হয়। ১৬১৯ চনত তৃতীয়বাৰৰ কাৰণে পাহাৰীয়া ধনিকালৰ মুখিয়ালসকলৰ হৈ কামৰূপোৰ কাৰ্যকলাপত হস্তক্ষেপ কৰে। মোগলৰ শাসনত অতিষ্ঠ হৈ তেওঁলোকে ৰাণীহাটৰ দুৰ্গ দখল কৰিবলৈ সিদ্ধান্ত লয় আৰু ইয়াৰ বাবে আহোম ৰজাৰ সহায় বিচাৰে। আহোম ৰজাই এক বিশাল সেনাবাহিনী তেওঁলোকৰ সাহায্যৰ বাবে প্ৰেৰণ কৰে। তয়াময়া যুদ্ধৰ পিছত মোগলে পৰাজয়বৰণ কৰে আৰু ৰাণীহাট এৰি যাবলৈ বাধ্য হয় আৰু আহোম সৈন্যই তেওঁলোকৰ পিছ লয়। কিন্তু অচিৰেই মোগলে নিজৰ শক্তি ঘূৰাই পায় আৰু আহোমৰ তীব্ৰ প্ৰতিৰোধৰ পিছতো ধনিকাল পুনৰ দখল কৰে। ইয়াৰ পিছত লাহে লাহে আহোম ৰজাই বলিনাৰায়ণক এৰি কামৰূপৰ পৰা নিজৰ সৈন্যবল আঁতৰাই নিয়ে।

শ্বাহ জাহানৰ শাসনকাল

[সম্পাদনা কৰক]

শ্বাহজাহানৰ (১৬২৮-১৬৫৫) শাসনকালত আহোম আৰু মোগলৰ সম্পৰ্কৰ এত্ৰত এক নতুন যুগৰ সূচনা হয়। এটা দশকৰ পৰোক্ষ শত্ৰুতাৰ পিছত পৰিস্থিতিয়ে দুয়োপক্ষৰে মাজত মুখামুখি সংঘৰ্ষৰ বাট মুকলি কৰে। ধনিকালৰ পাহাৰী-মুখিয়ালসকলে বংগৰ চুবেদাৰ কাছিম খান খিষ্টিৰ দুৰ্ব্যৱহাৰৰ বিপক্ষে আহোম ৰজাৰ পৰা সুৰক্ষা বিচাৰি আহে। আনহাতে পাণ্ডুৰ থানাদাৰ সত্ৰজিতে মোগলৰ সৈতে বিশ্বাসঘাটকতা কৰি বলিনাৰায়ণ সৈতে লগ লাগে আৰু বংগৰ শাসক সলনি হোৱাৰ সুযোগ গ্ৰহণ কৰি কামৰূপ আক্ৰমণ কৰিবলৈ বলিনাৰায়ণক উচটনি দিয়ে। সেইমতে বলিনাৰায়ণে তয়াময়া যুদ্ধৰ অন্তত মোগলক শোচনীভাৱে হৰুৱাই হাজোৰ ছাউনীলৈ পিছুৱাই যাবলৈ বাধ্য কৰে। আহোম সৈন্যই হাজোত আক্ৰমণ চলায় যদিও কেইবাদিন ধৰি চলা যুদ্ধত দুয়োপক্ষ ভাগৰি পৰাত যুদ্ধ সাময়িকভাৱে স্থগিত হয়।[3] ১৬৩৬ চনৰ ডিচেম্বৰ মাহত দুয়োপক্ষৰ মাজত পুনৰ সংঘৰ্ষৰ সূত্ৰপাত হয়। মোগল কামৰূপৰ মূল অংশলৈ সোমাই আহে। ১৬৩৭ চনৰ নৱেম্বৰত মোগলবাহিনীয়ে বলীনাৰায়ণ আৰু আহোমসকলৰ বিৰুদ্ধে জয়লাভ কৰি সমগ্ৰ কামৰূপ নিজৰ অধীনলৈ নিয়ে। ১৬৩৮ চনত মোগলবাহিনী উজনিলৈ আগুৱাই আহি অক্টোবৰ মাহত চামধৰাত ৰয়হি। ইয়াৰ পিছতে হোৱা তয়াময়া ৰণত আহোম সৈন্যই মুকলি ৰণক্ষেত্ৰ এৰি পলায়ন কৰে যদিও চামধৰাৰ দুৰ্গ ইমানেই সুসজ্জিত আছিল যে মোগলৰ বহু ধন-জন হানি হয় আৰু তেওঁলোকে জয়ৰ আশা বাদ দিবলগা হয়।[3]

১৬৩৯ চনৰ ফেব্ৰুৱাৰীত আহোম সেনাপতি মোমাই তামুলী বৰবৰুৱা আৰু মোগল সেনাপতি আল্লাহ ইয়াৰ খানৰ মাজত অসুৰৰ আলিৰ সন্ধি স্বাক্ষৰিত হয় আৰু সন্ধিৰ চৰ্ত অনুযায়ী গুৱাহাটীৰ পৰা আৰম্ভ কৰি পশ্চিম অসম মোগলৰ অধীনলৈ যায়।[4] ইয়াৰ ফলত প্ৰথমবাৰৰ বাবে আহোম ৰজাই কামৰূপত মোগলৰ প্ৰভুত্ব স্বীকাৰ কৰি লয় আৰু মোগলে আহোমৰ স্বতন্ত্ৰতা মানি লৈ উত্তৰে বৰনদীৰ পূব অংশৰ পৰা দক্ষিণে কলঙলৈকে হস্তক্ষেপ নকৰিবলৈ কথা দিয়ে। ইয়াৰ লগতে বাণিজ্যিক সম্পৰ্কও পুনৰ আৰম্ভ কৰা হয়।[5][6] ইয়াৰ পিছৰ সময়ছোৱাতো দুয়োপক্ষৰ মাজত সৰু-সুৰা বিবাদ চলি থাকে যদিও তুলনামূলকভাৱে এই সময়ছোৱা শান্তিপূৰ্ণ আছিল।

১৬৪৮ চনত গুৱাহাটীৰ মোগল ফৌজদাৰে স্বৰ্গদেৱ চুতাম্লা ওৰফে জয়ধ্বজ সিংহৰ (১৬৪৮-১৬৬৩) সিংহাৰোহনৰ বাবে অভিনন্দন জনাই পত্ৰ প্ৰেৰণ কৰে। কিন্তু সম্ৰাট শ্বাহজাহানৰ অসুস্থতাৰ সুযোগ লৈ চুতাম্লাই মোগলক গুৱাহাটীৰ পৰা বিতাৰণ কৰি মানাহ নদী পাৰ কৰাই থৈ আহে। তেওঁ আনকি ঢাকাৰ কাষৰীয়া অঞ্চলত ধংসযজ্ঞ চলাই বহুসংখ্যক মোগলক বন্দী কৰি অসমলৈ আনে।[7][8]

ঔৰংজেৱৰ শাসনকাল

[সম্পাদনা কৰক]

ঔৰংজেৱে দিল্লীৰ ৰাজপাটত উঠিয়েই মীৰ জুমলাক কোচ বিহাৰ আৰু অসম আক্ৰমণ কৰি পূব ভাৰতত মোগলৰ গৌৰৱ পুনৰাই প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যে কোচবিহাৰেও নিজকে স্বতন্ত্ৰ ৰাজ্য হিচাপে ঘোষণা কৰিছিল। ১৬৬২ চনত মীৰ জুমলাই অসমত প্ৰৱেশ কৰে। তেওঁ মানাহ আৰু গুৱাহাটীৰ মাজৰ গড় অতি সহজেই দখল কৰে। ইয়াৰ পিছতেই মোগলে পাণ্ডু, গুৱাহাটী আৰু কাজলীৰ গড় প্ৰকৃতাৰ্থত কোনো প্ৰতিৰোধ অবিহনেই এটা এটাকৈ দখল কৰি যায়।

মীৰ জুমলাৰ সহজ জয়ৰ কাৰণ হিচাপে অসমীয়া শিবিৰসমূহত বিৰাজ কৰা অসন্তুষ্টি বুলি গণ্য কৰা হয়। অসমীয়া সেনাবাহিনীৰ শীৰ্ষ বিষয়াৰ পদবীসমূহ কেৱলমাত্ৰ টাই-আহোম লোকৰ দখলত আছিল। ৰজা জয়ধ্বজ সিংহই মনথিৰ ভঁৰালী বৰুৱা (পিছলৈ পৰ্বতীয়া ফুকনৰ পদবী) নামৰ বেজদলৈ পৰিয়ালৰ এগৰাকী কায়স্থ লোকক পশ্চিম অসমৰ ৰাজদূত হিচাপে নিয়োগ কৰে। এই কথাই বিষয়াসকলৰ মাজত অসন্তুষ্টিৰ সৃটি কৰে আৰু মীৰ জুমলাৰ আগ্ৰাসন ৰোধিবলৈ তেওঁলোকে কোনো উল্লেখযোগ্য প্ৰচেষ্টা হাতত নলয়। অৱশ্যে শত্ৰুবাহিনী আহি কলিয়াবৰ পোৱাৰ পিছত তেওঁলোকে শিমলুগড় আৰু চামধৰাত প্ৰতিৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলে। ১৬৬২ চনৰ ফেব্ৰুৱাৰীত মীৰ জুমলাই শিমলুগড়ত প্ৰচণ্ড আক্ৰমণ চলায় আৰু আহোমে পৰাজয়বৰণ কৰি দুৰ্গ পৰিত্যাগ কৰে। শিমলুগড়ৰ দুৰৱস্থা দেখি নদীৰ সিপাৰে থকা চামধৰাৰ সৈন্যদলেও বিনাযুদ্ধে দুৰ্গ এৰি পলাই যায়। এই বিজয়ৰ পিছতেই ১৭ মাৰ্চত মীৰ জুমলাই ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰে। ৰজা জয়ধ্বজ সিংহই ৰাজধানী এৰি পাহাৰত আশ্ৰয় লয়। ৮২টা হাতী, প্ৰায় ৩ লাখ সোণ-ৰূপৰ মুদ্ৰা, ৬৭৫টা বৰটোপ, ৪৭৫০টা বাৰুদৰ বাকচ, ৭৮২৮খন ঢাল, ১০০০খন নাও আৰু ১৭৩টা চাউলৰ টোপোলা মোগলে হাত কৰে।

ইতিমধ্যে বাৰিষা কাল আৰম্ভ হয় আৰু মীৰ জুমলাই দখলীকৃত অঞ্চলটো অধিকাৰ কৰি ৰাখিবলৈ যাৱতীয় প্ৰস্তুতি চলায়। লখৌ আৰু ঢাকাৰ ৰাজকীয় সৈন্যদলৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰা হয়। কিন্তু নেৰোনেপেৰা বৰষুণ আৰু নদীসমূহৰ সংহাৰী ৰূপে যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি মোগলৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰে। আহোমসকলে পূৰ্ণৰূপত মোগলৰ এই অৱস্থাৰ সুবিধা লয়। বাৰিষাকাল বৃদ্ধি হোৱাৰ লগতে লখৌৰ পৰা পূবলৈ ৰাজ্যখনৰ সমগ্ৰ অংশ পুনৰুদ্ধাৰ কৰে। কেৱল গড়গাঁও আৰু মথুৰাপুৰ মোগলৰ দখলত থাকে। জয়ধ্বজ সিংহ পাহাৰৰ পৰা নামি আহি সেনাপতিসকলক অনুপ্ৰৱেশকাৰী মোগলক ৰাজ্যৰ পৰা বহিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। এই সময়তে মথুৰাপুৰত হোৱা এক মহামাৰীত শতাধিক মোগল সৈন্যৰ প্ৰাণ যায়। তেওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণে খাদ্য বা পথ্য নোহোৱাৰ বাবে মোগলে মথুৰাপুৰ পৰিত্যাগ কৰিবলগা হয়।[9]

ছেপ্টেম্বৰ মাহলৈ বাৰিষাকাল প্ৰায় শেষ হয় আৰু মোগলে সকাহ পায়। জয়ধ্বজ সিংহই পুনৰাই পাহাৰত আশ্ৰয় লয়গৈ। ডিচেম্বৰত মীৰ জুমলা নৰিয়াত পৰে আৰু মোগল সেনা দেৱলগাঁৱৰ পৰা আগলৈ যাবলৈ অনিচ্ছুক হয়। ইফালে আহোম ৰজাও শান্তি প্ৰতিষ্ঠাৰ বাবে ব্যাকুল হৈ পৰে। ১৬৬৩ চনৰ জানুৱাৰী মাহত দুয়োপক্ষৰ মাজত ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হয়। সন্ধিমতে আহোম ৰজাই পশ্চিম অসম মোগলক এৰি দিয়ে আৰু ৯০টা হাতীৰ লগতে ৩ লাখ টকাৰ যুদ্ধৰ ক্ষতিপূৰণ দিবলৈ কথা দিবলগা হয়। ইয়াৰ উপৰিও তেওঁ নিজৰ একমাত্ৰ সন্তান ৰমণী গাভৰু আৰু ভতিজী তথা তিপাম ৰজাৰ জীয়ৰীক মোগল সম্ৰাটৰ হাৰেমলৈ প্ৰেৰণ কৰিবলগা হয়।[10][11] ক্ষতিপূৰণৰ প্ৰথম ভাগটো জয়ধ্বজ সিংহই তাৎক্ষণিকভাৱে আদায় দিয়ে যদিওমীৰ জুমলাই অসম এৰি যোৱাৰ লগে লগে বাকী অংশ পৰিশোধ কৰাত অনীহা প্ৰদৰ্শন কৰে। পৰৱৰ্তী ৰজা চুপাংমুং ওৰফে চক্ৰধ্বজ সিংহ (১৬৬৩-১৬৭০) মোগলক কোনোধৰণৰ ধন-সোণ আদায় দিয়াৰ পক্ষপাতী নাছিল। তেওঁ ঘোষণা কৰে যে বিদেশীৰ কৰতলীয়া হোৱাতকৈ মৃত্যুৱেই শ্ৰেয়। ১৬৬৫ চনত ৰজাই ডা-ডাঙৰীয়াসকলৰ সৈতে এখন বৈঠক আহ্বান কৰে আৰু পশ্চিম অসমৰ পৰা মোগলক উৎখাত কৰিবলৈ আদেশ দিয়ে।[12][13] যুদ্ধৰ ক্ষতিপূৰণৰ এক বুজন অংশ পৰিশোধ কৰিবলৈ বাকী থকাৰ বাবে গুৱাহাটীৰ নৱনিযুক্ত ফৌজদাৰ ছৈয়দ ফিৰোজ খানৰ পৰা আহোম ৰজাই হুমকিভৰা পত্ৰ লাভ কৰে।[14][15][16][17] এই পত্ৰ পাই আহোম ৰজাই যুদ্ধৰ সংকল্প গ্ৰহণ কৰে।[18] ১৫৮৯ শকৰ ৩ ভাদ, বৃহস্পতিবাৰে (১৬৬৭ চনৰ ২০ আগষ্টৰ ওচৰাওচৰি) আহোম সৈন্য দুভাগত বিভক্ত হৈ ব্ৰহ্মপুত্ৰৰে ভটীয়াই গৈ কলিয়াবৰত বাহৰ পাতে। মোগল এনে এক পৰিস্থিতিৰ বাবে সাজু নাছিল আৰু সেয়ে তেওঁলোকে আহোমৰ বিৰুদ্ধে কেইবাখনো ৰণত পৰাস্ত হয়। ১৬৬৭ চনৰ ২ নৱেম্বৰ তাৰিখে ইটাখুলি আৰু গুৱাহাটীৰ গড় আহোমৰ হাতলৈ আহে। শত্ৰুপক্ষত আহোম আৰু মোগলৰ পুৰণি সীমা মানাহৰ মুখলৈকে খেদি পঠোৱা হয়। মোগলৰ হাতত মীৰ জুমলাৰ আক্ৰমণত বন্দী হোৱা অসমীয়া লোককো উদ্ধাৰ কৰা হয়।[19][20] এনেদৰে দুমাহৰ ভিতৰতে আহোমসকলে হেৰুৱা ঠাইসমূহ পুনৰ নিজৰ দখললৈ আনে।

ৰাম সিংহৰ অভিযান

[সম্পাদনা কৰক]
লুইতৰ বুকুত সৈন্য-সামন্তৰে সৈতে আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতিমা।

১৬৬৭ চনৰ ডিচেম্বৰ মাহত আহোমে গুৱাহাটী উদ্ধাৰ কৰাৰ খবৰ পাই অম্বৰৰ ৰজা ৰামসিংহৰ অধীনত এক বিশাল সৈন্যবাহিনী অসমলৈ প্ৰেৰণ কৰে। তেওঁৰ সৈতে গুৱাহাটীৰ ভূতপূৰ্ব ফৌজদাৰ ৰছিদ খানো আহে। ১৬৬৯ চনৰ ফেব্ৰুৱাৰীত ৰামসিংহ আহি সীমান্তৰ ৰঙামাটি গড় পায়হি। আহোম সৈন্যই মানাহত তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু গড় এৰি গুৱাহাটীলৈ উজাই যায়।[21] ৰামসিংহক বাধা দিব পৰাকৈ অসমীয়া সৈন্য সাজু নাছিল বাবে আহোমৰ প্ৰধান সেনাপতি লাচিত বৰফুকনে উপলব্ধি কৰে যে মুকলি যুদ্ধ এৰাই চলিলেহে তেওঁ নিজৰ সৈন্যদলক সাজু কৰি তুলিব পাৰিব। পূৰ্বতে আহোমে বন্দী কৰা গুৱাহাটীৰ প্ৰাক্তন ফৌজাদাৰ ফিৰোজ খানক মোকলাই দি ৰামসিংহৰ অসমলৈ অহাৰ উদ্দেশ্যে সম্পৰ্কে বাতৰি দিবলৈ লাচিতে কৈ পঠায়।[22][23][24] তেতিয়া ৰামসিংহই আলাহ ইয়াৰ খান আৰু মোমাই তামুলী বৰবৰুৱাৰ মাজত ১৬৩৯ চনত হোৱা চুক্তি অনুসৰি থিৰাং কৰা সীমাকেই মানি ল’বলৈ দাবী জনায়। বৰফুকন এই প্ৰস্তাৱত অমান্তি হয়।[25][26] ইয়াৰ পিছতেই ১৬৬৯ চনৰ এপ্ৰিল মাহত তেজপুৰৰ ওচৰত দুখনকৈ যুদ্ধ সংঘটিত হয়। দুয়োখন যুদ্ধতে আহোমৰ পৰাজয় হয় যদিও নৌ-যুদ্ধ এখনত অগ্ৰগতি পাই আহোম সৈন্যই মোগলক হাজোলৈ পিছুৱাই যাবলৈ বাধ্য কৰে।[27] ইয়াৰ পিছত শুৱালকুছিত নৌ-যুদ্ধ আৰু স্থল-যুদ্ধ উভয়তে মোগলৰ পৰাজয় হয়।

এনে সময়তে ৰামসিংহই ৰজা চক্ৰধ্বজ সিংহক দ্বন্দ্ব্বযুদ্ধলৈ আহ্বান জনায় আৰু কয় যে যদি ৰামসিংহ হাৰে তেন্তে তেওঁ বংগলৈ উলটি যাব। আহোম ৰজাই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু সেনাপতিসকলক পুনৰ আক্ৰমণৰ আদেশ দিয়ে। চেছাৰ ওচৰৰ যুদ্ধত আহোমৰ জয় হয় আৰু তেওঁলোকে আগিয়াঠুটিৰ দুৰ্গ অধিকাৰ কৰে।[27] ১৬৬৯ আৰু ১৬৭০ চনত শান্তিৰ প্ৰস্তাৱ দিয়াৰ লগতে ৰামসিংহই যুদ্ধৰ পৰা বিৰতি লয়।[28][29] ইয়াৰ পিছতে আলাবৈৰ ৰণত আহোমৰ শোচনীয় পৰাজয় ঘটে।[30] এনে এক বিপৰ্যয়ৰ সময়তে ১৬৭০ চনৰ এপ্ৰিল মাহত চক্ৰধ্বজ সিংহ পৰলোকগামী হয় আৰু তেওঁৰ ভ্ৰাতৃ উদয়াদিত্য সিংহ ৰাজপাটত বহে। ১৬৭১ চনত শৰাইঘাটত মোগল বাহিনী সম্পূৰ্ণৰূপে পৰাজিত হয় আৰু তেওঁলোকক কামৰূপৰ পৰা বিতাৰিত কৰা হয়।[31][32][33]

পৰৱৰ্ত্তী কাল

[সম্পাদনা কৰক]

১৬৭৯ চনত চাওফা চুদৈফাৰ ৰাজত্বকালত লালুকসোলা বৰফুকনে অভিসন্ধি কৰি শৰাইঘাটৰ দুৰ্গ বংগৰ নৱাব তথা ৰমণী গাভৰুৰ স্বামী আৰু ঔৰংজেৱৰ পুত্ৰ আজম শ্বাহৰ হাতত গটাই দিয়ে।[34][35] ১৬৮১ চনত গদাপানি (১৬৮১-১৬৯৬) ৰজা হৈ ইটাখুলিৰ ৰণত মোগলক সম্পূৰ্ণৰূপে পৰাজিত কৰি মানাহ নৈ পাৰ কৰাই থৈ আহে আৰু ১৮২৪ চনত ইংৰাজৰ আগমণৰ সময়লৈকে মানাহ নদীয়েই আহোম আৰু মোগল ৰাজ্যৰ সীমা হিচাপে পৰিগণিত হয়।

সংঘৰ্ষৰ সময়ৰেখা

[সম্পাদনা কৰক]
ক্ৰ.নংবছৰমোগল সেনাপতিআহোম সেনাপতিপ্ৰধান দুৰ্গফলাফল
১৬১৫আবু বাকৰ্ আৰু ৰজা সত্ৰজিৎছাউনীৰ সেনাপতিসকলবৰনগৰ, হাজো, কাজলী আৰু চামধৰাৰ দুৰ্গমোগল জয়ী হয় যদিও ছাউনীসমূহ হাতত ৰাখিবলৈ অপাৰগ হয় আৰু এইসমূহ আহোমে পুনৰুদ্ধাৰ কৰে।
১৬১৯ছাউনীৰ সেনাপতিসকলসহায়ক সেনাপতিসকলধনীকাল আৰু ৰাণীহাটৰ দুৰ্গআহোম জয়ী হয় যদিও ছাউনীসমূহ হাতত ৰাখিবলৈ অপাৰগ হয় আৰু এইসমূহ মোগলে পুনৰুদ্ধাৰ কৰে।
ছাউনীৰ সেনাপতিসকলবলীনাৰায়ণগুৱাহাটী কামৰূপ সীমান্ত, হাজোহাজোত যুদ্ধবিৰতি, মূল কামৰূপৰ পৰা মোগলক উৎখাত
১৬৩৬সহায়ক সেনাপতিসকলছাউনীৰ সেনাপতিসকলকামৰূপ সীমান্ত, গুৱাহাটীমোগলৰ জয়লাভ আৰু ছাউনীসমূহ দখল
১৬৩৭সহায়ক সেনাপতিসকলবলীনাৰায়ণমূল কামৰূপমোগলৰ মূল কামৰূপৰ সমগ্ৰ অংশ অধিকাৰ
১৬৩৮সহায়ক সেনাপতিসকলছাউনীৰ সেনাপতিসকলচামধৰা দুৰ্গআহোম দুৰ্গত অটল হৈ থাকে আৰু মোগল পিছুৱাই যায়, অসুৰৰ আলিৰ সন্ধি স্বাক্ষৰিত হয়, মোগলে কামৰূপ লাভ কৰে
১৬৪৮ছাউনীৰ সেনাপতিসকলস্বৰ্গদেৱ জয়ধ্বজ সিংহমূল কামৰূপ, ঢাকাআহোমে মোগলৰ ছাউনীসমূহ উৎখাত কৰি অসম-বংগৰ সীমালৈ পিছুৱাই যাবলৈ বাধ্য কৰে।
১৬৬২ঔৰংজেৱৰ পোনপটীয়া কৰ্তৃত্বাধীন মীৰ জুমলাছাউনীৰ সেনাপতিসকলগুৱাহাটী, কাজলী, শিমলুগড়, চামধৰা, ৰাজধানী গড়গাঁওস্বৰ্গদেৱ জয়ধ্বজ সিংহ ৰাজধানী এৰি পলাই যায়।
১৬৬২মীৰ জুমলাস্বৰ্গদেৱ জয়ধ্বজ সিংহৰাজধানী গড়গাঁও, মথুৰাপুৰআহোমৰ পুনৰ ৰাজধানী অধিকাৰ, মোগলক গুৱাহাটীলৈ বিতাৰণ
১০১৬৬৩মীৰ জুমলাস্বৰ্গদেৱ জয়ধ্বজ সিংহৰাজধানী গড়গাঁওজয়ধ্বজ সিংহই ৰাজধানী পৰিত্যাগ কৰে আৰু ঘিলাধাৰী ঘাটৰ সন্ধিমতে বুজন পৰিমাণত যুদ্ধৰ ক্ষতিপূৰণ দি ৰাজধানী ঘূৰাই পায়।
১১১৬৬৭ছাউনীৰ সেনাপতিসকলস্বৰ্গদেৱ চক্ৰধ্বজ সিংহৰ পোনপটীয়া কৰ্তৃত্বাধীন সেনাপতিসকলগুৱাহাটী, কামৰূপৰ সীমান্ত, ইটাখুলি, হাজোআহোমে মোগলৰ ছাউনীসমূহ উৎখাত কৰি অসম-বংগৰ সীমালৈ পিছুৱাই যাবলৈ বাধ্য কৰে।
১২১৬৬৭ঔৰংজেৱৰ পোনপটীয়া কৰ্তৃত্বাধীন অম্বৰৰ ৰজা ৰাম সিংহ আৰু ৰছিদ খানছাউনীৰ সেনাপতিসকলৰঙামাটিআহোমে ছাউনীসমূহ হেৰুৱাই গুৱাহাটীলৈ পিছুৱাই আহে।
১৩১৬৬৯ঔৰংজেৱৰ পোনপটীয়া কৰ্তৃত্বাধীন অম্বৰৰ ৰজা ৰাম সিংহ আৰু ৰছিদ খানছাউনীৰ সেনাপতিসকলতেজপুৰপ্ৰথমাৱস্থাত মোগলেছাউনীসমূহ দখল কৰে যদিও আহোমৰ নৌ-সেনাৰ হাতত পৰাস্ত হৈ হাজোলৈ পিছুৱাই যায়।
১৪১৬৬৯ঔৰংজেৱৰ পোনপটীয়া কৰ্তৃত্বাধীন অম্বৰৰ ৰজা ৰাম সিংহ আৰু ৰছিদ খানসহায়ক সেনাপতিসকলশুৱালকুছিছাউনীসমূহ আহোমৰ দ্বাৰা দখল
১৫১৬৭০অম্বৰৰ ৰজা ৰাম সিংছাউনীসমূহৰ সেনাপতিদলিবাৰীৰ ওচৰৰ আলাবৈ পাহাৰমোগলৰ দ্বাৰা ছাউনীসমূহ দখল
১৬১৬৭১অম্বৰৰ ৰজা ৰাম সিংলাচিত বৰফুকনশৰাইঘাটৰ যুদ্ধআহোমৰ এক নিৰ্ণয়কাৰী জয়লাভ
১৭১৬৭৯মোগল প্ৰতিনিধি বংগৰ নৱাব আৰু লালুকসোলা বৰফুকননাইনাইলালুকসোলা বৰফুকনে মোগলৰ সৈতে অভিসন্ধি কৰি গুৱাহাটী মোগলক এৰি দিয়ে।
১৮১৬৮২মনছুৰ খানদিহিঙীয়া আলুন বৰবৰুৱাইটাখুলিৰ ৰণআহোমে গুৱাহাটী পুনৰুদ্ধাৰ কৰে আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমনলৈকে মানস নদী পৰ্যন্ত সীমা বিস্তাৰ কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Abdul Hamid Lahori, Padshahanamah, vol.II, p.65
  2. S.K. Bhuyan (ed), Kamarupar Buranji, pp.24, 25
  3. 1 2 A. C. Roy, History of Bengal, pp. 162,163
  4. S.K. Bhuyan, Lachit Barphukan And His Times, p.5
  5. S.N. Bhattacharya, Mughal North-East Frontier Policy. pp. 285,286
  6. A.C. Roy, History of Bengal, p.163.
  7. Stewart Charles, History of Bengal, p.319
  8. S.K. Bhuyan, Lachit Barphukan and His Times, p.5
  9. A.C. Roy, History of Bengal, p.167
  10. MS, Assam Buranji. No.6
  11. S.K. Bhuyan, Lachit Barphukan And His Times, p.8
  12. S.K. Bhuyan, Kamarupar Buranji, p.80
  13. MS, Assam Buranji Nos. 7, 10, 15
  14. MS, Assam Buranji, No.41
  15. S.K. Bhuyan (ed), Assam Buranji, p.89
  16. S.K. Bhuyan (ed), Aton Buragohain and His Times, pp. 35, 36, 53-55
  17. H.K. Barpujari (ed), The Comprehensive History of Assam, vol. II, p.201
  18. E.A. Gait, A History of Assam, p. 153
  19. S.K. Datta, Assam Buranji, pp. 28-29
  20. S.K. Bhuyan, Lachit Barphukan And His Times, pp. 28, 29
  21. S.K. Bhuyan (ed), Assam Buranji (SM), pp. 112,113
  22. S.K. Bhuyan (ed), Assam Buranji (SM), p.114
  23. S.K. Datta, Assam Buranji, p.29
  24. S.K. Bhuyan, Lachit Barphukan And His Times, pp. 47,48
  25. S.K. Bhuyan, Lachit Barphukan And His Times, p. 48
  26. E.A. Gait, A History of Assam, p. 155
  27. 1 2 E.A. Gait, A History of Assam, p. 156
  28. MS, Assam Buranji, No. 12
  29. S.K. Bhuyan, Lachit Barphukan And His Times, pp. 55, 58
  30. S.K. Bhuyan, Lachit Barphukan And His Times, pp. 65,66,69,70.
  31. S.K. Bhuyan (ed), Assam Buranji (SM), pp. 121-24
  32. S.K. Bhuyan, Lachit Barphukan And His Times, p. 83
  33. N.K. Basu, Assam in the Ahom Age, p.49
  34. S.K. Bhuyan, Anglo-Assamese Relations, 1771-1826, p.5
  35. S.K. Bhuyan, Lachit Barphukan And His Times, p. 89