ইটাখুলিৰ ৰণ
ইটাখুলিৰ ৰণ | |||||||
---|---|---|---|---|---|---|---|
আহোম-মোগলৰ সংঘৰ্ষৰ অংশৰ অংশ | |||||||
|
|||||||
যুজাৰু | |||||||
আহোম ৰাজ্য | মোগল সম্ৰাজ্য | ||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
দিহিঙীয়া আলোণ বৰবৰুৱা | মনচুৰ খান, আলি অকবৰ |
ইটাখুলিৰ ৰণ ১৬৮২ চনত আহোম ৰাজ্য আৰু মোগল সম্ৰাজ্যৰ মাজত গুৱাহাটীত সংঘটিত হৈছিল। আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয় লাভ কৰে। আহোম সৈন্যয়ে মোগল সকলক পিছ হুহুকাই পশ্চিমৰ মানস নদীৰ পৰ্যন্ত খেদি দিয়ে।[1] ইটাখুলিৰ ৰণৰ ফলত মানস নদী আহোম আৰু মোগলৰ সীমাত পৰিগণিত হয় আৰু ব্ৰিটিছ সকলে অধিকাৰ কৰাৰ আগলৈকে এই সীমা অব্যাহত থাকে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত এই যুদ্ধ সংঘটিত হৈছিল। ইয়াত মোগল ফৌজদাৰ মনচুৰ খানে পৰাজয় বৰণ কৰে আৰু সৈন্যসকলক মানস নদীলৈ পিছ হুহুকাৰ আদেশ দিয়ে। ইয়াৰ ফলত আহোম সকলে কামৰূপক মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আহোম সকলৰ প্ৰস্তুতি
[সম্পাদনা কৰক]১৬৮১ চনত স্বৰ্গদেউ গদাধৰ সিংহ আহোম ৰাজপাটত বহে। তেওঁৰ সিংহাসন আৰোহণৰ পিছতেই গুৱাহাটীৰ পৰা মোগলক খেদিবলৈ ১৬৮২ চনৰ মাৰ্চ মাহৰ পৰায়ে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। তাৰপিছত দিহিঙীয়া আলন বৰবৰুৱাৰ নেতৃত্বত আহোম সৈন্যৰ এটা দল মোগলৰ লগত যুঁজ কৰিবলৈ অগ্ৰসৰ হয়। ইটাখুলিৰ ৰণত আহোম সৈন্য তিনিটা দলত বিভক্ত হয়। প্ৰথমটো দল আছিল ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত আৰু নেতৃত্ব দিছিল হলৌ ডেকা ফুকন আৰু নামদঙীয়া ফুকনে। দ্বিতীয়টো দলক গড়গঞা চেনিকণি নেওগ ফুকন আৰু খামৰাক চাৰিঙিয়া ফুকনে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে নেতৃত্ব দিছিল। তৃতীয়টো দল নৌসেনাৰ আছিল আৰু ব্ৰহ্মপুত্ৰৰ মাজেত বান্দৰ বৰফুকন আৰু চম্পা পানীফুকনে নেতৃত্ব দিছিল।[2]
মোগলৰ প্ৰতিৰক্ষা
[সম্পাদনা কৰক]ইটাখুলিৰ ৰণৰ সময়ত মোগলৰ ফৌজদাৰ মনচুৰ আলি খান নৰিয়াত আছিল। সেয়ে মোগল সৈন্যসকলৰ মাজত নেতৃত্বৰ অভাৱ দেখা দিয়ে।[3] সেই সময়ত মোগল সম্ৰাট ঔৰংগজেৱ মোগল-মাৰাঠা যুদ্ধৰ (১৬৮০-১৭০৭) বাবে দক্ষিণ ভাৰতত ব্যস্ত আছিল। সেইদৰে বংগ অঞ্চলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মতানৈক্যৰ বাবে ব্যস্ত আছিল।[4]
যুদ্ধৰ বিৱৰণি
[সম্পাদনা কৰক]আহোম সৈন্যৰ অগ্ৰসনৰ বাতৰি পোৱাৰ পিছত মোগল সকলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বাঁহবাৰী আৰু কুৰুৱা, দক্ষিণ পাৰে কাজলী আৰু পানীখাইটিৰ পৰা ইটাখুলি গড়লৈ আহে। আহোম সেনাৰ সলাল বৰগোঁহাই, বন্দৰ বৰফুকন, শদিয়াখোৱা গোহাঁই, মৰঙিখোৱা গোহাঁই আৰু অন্যান্যয়ে উত্তৰ পাৰৰ শ্বাহ বুৰুজৰ ইটাখুলি গড়ক লক্ষ্য কৰে। সেইদৰে দক্ষিণ পাৰত দিহিঙীয়া বৰবৰুৱা, চাৰিং ফুকন আৰু অন্যান্যয়ে শৰণীয়া গড়ক আক্ৰমণ কৰে। নৌসেনাক নেতৃত্ব দিয়া পানী বৰুৱায়ে বৰনদীৰ মুখত সৈন্যসকলক ৰাখিছিল।[5]
আহোমৰ আক্ৰমণত মোগল সৈন্যসকল বিবুদ্ধিত পৰে। তেতিয়া ইটাখুলিৰ সেনাপতি আলি অকবৰে শৰণীয়া গড়ত আহোমৰ বিৰুদ্ধে যুঁজ লাগে যদিও শোচনীয় পৰাজয় বৰণ কৰাৰ বাবে পিছুৱাবলৈ বাধ্য হয়। ইয়াৰ ফলত ফৌজদাৰে ১৬৮২ চনৰ ১৭ জুলাই তাৰিখে ইটাখুলি এৰিবলৈ বাধ্য হয় আৰু আহোম সৈন্যয়ে ইটাখুলি অধিকাৰ কৰে।[6] ১৬৮২ চনৰ ১৫ আগষ্ট তাৰিখে পানীদুৱাৰৰ মোগল আৰু আহোমৰ পানীত যুদ্ধ হয়। যুদ্ধত মোগল নৌসেনাৰ নেতৃত্বত জয়ন্ত সিংহ আৰু আহোমৰ দিহিঙীয়া ৰাজখোৱা আছিল। যুদ্ধত জয়ন্ত সিংহৰ বাহিনীৰ পৰাজয় হয় আৰু তেওঁ আহোমৰ ওচৰত আত্মসমৰ্পণ কৰে।[7]
নিজৰ পদবী ৰাখিব নোৱাৰি আলি অকবৰে সসৈন্যে ধল-পুৱাতে ইটাখুলি এৰি গুৱাহাটীত বাহৰ পতা মনচুৰ খানক লগ কৰে। তেওঁলোকে মনে মনে নাৱেৰে ৰঙামাটিলৈ পলায়ন কৰে। তাৰপিছত ইন্দ্ৰদামন, ডালন সিং আৰু কবিৰ খানৰ স্থলসেনাক আহোম বৰবৰুৱাৰ জল-স্থলসেনাক পৰাজিত কৰি মানস নদীলৈ খেদি পঠায়। তাৰপিছত চেতিয়া বৰফুকনে ইটাখুলি গড় অধিগ্ৰহণ কৰে।[8]
যুদ্ধৰ ক্ষয়-ক্ষতি
[সম্পাদনা কৰক]ইটাখুলিৰ ৰণত দুয়ো পক্ষৰ ধন-জনৰ বিস্তৰ ক্ষতি হয়। মণি-মুকুতা, সোণ-ৰূপ, তাম, কাঁহ, সীহ, অস্ত্ৰ-শস্ত্ৰ, জীৱ-জন্তুৰ বিস্তৰ ক্ষতি হয়। কাৰাবাসত থকা ৰামসিংহক এৰি দিয়া হয়। কিন্তু গুৱাহাটী এৰি যোৱা লালোকসোলা বৰফুকনৰ ভাতৃ ভাতধৰা বৰফুকনক মৃত্যুদণ্ড দিয়া হয়।[9]
ইটাখুলিৰ ৰণৰ পিছত আহোমে মানস নদীলৈকে অধিকাৰ কৰে। এই গোটেই অঞ্চলৰ শাসনৰ বাবে বৰফুকনক দায়িত্বভাৰ অৰ্পণ কৰা হয় আৰু তেওঁ গুৱাহাটীৰ পৰা শাসন কাৰ্য চলায়। [10]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "In the Battle of Itakhuli in September 1682, the Ahom forces chased the defeated Mughals nearly one hundred kilometers back to the Manas river. The Manas then became the Ahom-Mughal boundary until the British occupation." (Richards 1995, পৃষ্ঠা 247)
- ↑ (Sarkar 1992, পৃষ্ঠা 253)
- ↑ (Sarkar 1992, পৃষ্ঠা 254)
- ↑ (Sarkar 1992, পৃষ্ঠা 256)
- ↑ (Sarkar 1992, পৃষ্ঠা 254)
- ↑ (Sarkar 1992, পৃষ্ঠা 254)
- ↑ (Sarkar 1992, পৃষ্ঠা 255)
- ↑ (Sarkar 1992, পৃষ্ঠা 255)
- ↑ তেওঁক প্ৰথমে নিজ পুত্ৰৰ মঙহ খাবলৈ বাধ্য কৰোৱা হৈছিল তাৰপিছত তেওঁক বধ কৰা হয়। (Sarkar 1992, পৃষ্ঠা 255ff)
- ↑ (Sarkar 1992, পৃষ্ঠা 256)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Richards, John F. (1995). The Mughal Empire. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 0521566037. https://books.google.com/books?id=HHyVh29gy4QC। আহৰণ কৰা হৈছে: 26 January 2013.
- Sarkar, J N (1992). "Assam-Mughal Relations". In Barpujari, H K. The Comprehensive History of Assam. 2. প্ৰকাশক Guwahati: Publication Board Assam. পৃষ্ঠা. 148–256.